Chapter – 14

ভূ-আন্দোলন


১। পৃথিৱীৰ একেবাৰে ওপৰৰ তৰপটোক কি বুলি কোৱা হয় ?

(ক) ভূত্বক

(খ) প্ৰাবাৰ

(গ) শাহ

উত্তৰঃ (ক) ভূত্বক।


২। ভূত্বকৰ আন এটা নাম কি ?

(ক) খোলা

(খ) পানী

(গ) শাল

উত্তৰঃ (ক) খোলা।


৩। কিমান বছৰৰ আগেয়ে পৃথিৱীখন সৃষ্টি হৈছিল ?

(ক) ৩৪০ কোটি

(খ) ৪৫০ কোটি

(গ) ৫৬৬ কোটি

উত্তৰঃ (খ) ৪৫০ কোটি।


৪। গেছীয় পৃথিৱীৰপৰা আজিৰ পৃথিৱীখনলৈ যি পৰিৱৰ্তন হৈছে তাক কেইটা ভাগত ভগাব পাৰি ?

(ক) দুটা

(খ) চাৰিটা

(গ) পাঁচটা

উত্তৰঃ (ক) দুটা।


৫। বাহ্য়িক কাৰকবোৰ পৃথিৱীৰ কোনটো ভাগত সৃষ্টি হয় ?

(ক) উপৰি ভাগত

(খ) তলৰ ভাগত

(গ) মাজৰ ভাগত

উত্তৰঃ (ক) উপৰি ভাগত।


৬। তলৰ কোনটো অন্তৰ্ভাগত সৃষ্টি হোৱা কাৰক নহয় ?

(ক) ভূমিকম্প

(খ) আগ্নেয়গিৰি

(গ) ৰ’দ

উত্তৰঃ (গ) ৰ’দ।


৭। কিমান চনত মস্কোত ভূগোল বিজ্ঞানী আন্তৰ্জাতিক সন্মিলন অনুষ্ঠিত হৈছিল ?

(ক) ১৯৭১ চনত

(খ) ১৮৯৭ চনত

(গ) ১৯৮৮ চনত

উত্তৰঃ (ক) ১৯৭১ চনত।


৮। ভূ-পৃষ্ঠ কেইখন বৃহৎ ফলকদ্বাৰা গঠিত ?

(ক) পাঁচখন

(খ) সাতখন

(গ) নখন

উত্তৰঃ (খ) সাতখন।


৯। সাতখন বৃহৎ ফলকৰখলনি আৰু কেইখন সৰু – সৰু ফলক আছে ?

(ক) ১৯ খন

(খ) ১৩ খন

(গ) ৯ খন

উত্তৰঃ (খ) ১৩ খন।


১০। ফলকবোৰে গতি কৰোঁতে একে দিশত গতি –

(ক) কৰে

(খ) নকৰে

(গ) কেতিয়াবা কৰে

উত্তৰঃ (খ) নকৰে।


১১। ফলক দুখন চাপ খাই থকা গতিক কি বোলে ?

(ক) ভূমিকম্প

(খ) চ্য়ুতি

(গ) অভিসৰণ

উত্তৰঃ (গ) অভিসৰণ।


১২। কোন চনত হোৱা ছুনামীয়ে তামিলনাডু উপকৃলত বহু ধন-জনৰ ক্ষতি কৰিছিল ?

(ক) ১৮৯৭ চনত

(খ) ২০০৪ চনত

(গ) ১৯৭১ চনত

উত্তৰঃ (খ) ২০০৪ চনত।


১৩। সংবহনৰ সোঁতৰ বাবে ফলকবোৰ

(ক) গতিশীল

(খ) স্থিৰ

(গ) অভিসৰণ

উত্তৰঃ (ক) গতিশীল।


১৪। ফলকবোৰৰ বছৰি গতিৰ হাৰ কিমান ?

(ক) ২ ছে:মিৰ পৰা ১৯ ছে:মিৰ

(খ) ২ ছে:মিৰ পৰা ১৮ ছে:মিৰ

(গ) ২ ছে:মিৰ পৰা ১৭ ছে:মিৰ

উত্তৰঃ (খ) ২ ছে:মিৰ পৰা ১৮ ছে:মিৰ।


১৫। ফলক দুখনে আঁতৰি গ’লে খালী ঠাই কোনে পূৰাই ?

(ক) ভূমিকম্পই

(খ) অভিসৰণ

(গ) লাভাই

উত্তৰঃ (গ) লাভাই।


Type: Pompi Hazarika