Chapter 6

গাৰোসকল


১। গাৰোসকল প্ৰাচীন কালৰে পৰা ক’ত বসবাস কৰি আহিছে ?

(ক) অসমত

(খ) চীনত

(গ) উত্তৰ-পূৰ্বাঞ্চলত

উত্তৰঃ (ক) অসমত


২। ধাৰ্মিক দিশৰ পৰা গাৰোসকলৰ পূৰ্বপুৰুষে পূজা-অৰ্চনা কৰিছিল। এইদৰে পূজা কৰা লোকসকলক গাৰোসকলে কি বুলি কয় ?

(ক) পূজাৰী বুলি কয়

(খ) সংসাৰেক বুলি কয়

(গ) দেৱ-দেৱী বুলি কয়

উত্তৰঃ (খ) সংসাৰেক বুলি কয়


৩। গাৰোসকলৰ জাতীয় উৎসৱ কি ?

(ক) ওৱানগালাও

(খ) আসিমা

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক) ওৱানগালাও


৪। গাৰোসকলৰ অতি প্ৰিয় খাদ্য় কি ?

(ক) গাহৰি

(খ) শুকান মাছ আৰু খাৰ

(গ) গোমাংস

উত্তৰঃ (খ) শুকান মাছ আৰু খাৰ


৫। ৰামখে ওৱাথ্ৰে মোমিনে হাতে লিখা ‘কলা আৰু সংস্কৃতি’ বিষয়ক কিতাপখন মেঘালয় চৰকাৰে কিমান চনত প্ৰকাশ কৰিছিল ?

(ক) ১৮৮৩ চনত

(খ) ১৮৮১ চনত

(গ) ১৯৯০ চনত

উত্তৰঃ (গ) ১৯৯০ চনত


৬। ৰেভা. গিলবাৰ্থ কে মাৰাক কিমান চনত জন্ম হৈছিল ?

(ক) ১৮৩৮ চনত

(খ) ১৯২৫ চনত

(গ) ১৮৬৭ চনত

উত্তৰঃ (খ) ১৯২৫ চনত


৭। কোনে ‘গাৰো মানুহৰ মাত’ নামৰ গাৰো ভাষাৰ এখন আলোচনী প্ৰকাশ কৰিছিল ?

(ক) সোনাৰাম ৰংৰকগ্ৰে সাংমা

(খ) ৰেভা. গিলবাৰ্থ কে মাৰাক

(গ) হাৱাৰ্ড ডেনিচন মোমিন

উত্তৰঃ (গ) হাৱাৰ্ড ডেনিচন মোমিন


৮। হাৱাৰ্ড ডেনিচন মোমিনে কিমান চনত স্নাতক ডিগ্ৰী লাভ কৰে ?

(ক) ১৯৩৪ চনত

(খ) ১৯৪০ চনত

(গ) ১৯৩৬ চনত

উত্তৰঃ (ক) ১৯৩৪ চনত


৯। হাৱাৰ্ড ডেনিচন মোনিনে কিমান চনত গুৱাহাটীৰ কটন কলেজত ইংৰাজী বিষয়ৰ প্ৰবক্তা হিচাপে যোগদান কৰিছিল ?

(ক) ১৯৪১ চনত

(খ) ১৯৩৬ চনত

(গ) ১৯৪০ চনত

উত্তৰঃ (গ) ১৯৪০ চনত


১০। কিমান চনত সোনাৰামে ইহলীলা সম্বৰণ কৰিছিল ?

(ক) ১৯১৬ চনৰ ২৭ তাৰিখে

(খ) ২০০৭ চনত

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক) ১৯১৬ চনৰ ২৭ তাৰিখে



Type : Pompi Hazarika