Chapter 9

চুতীয়াসকল


১। চুতীয়াসকলক স্বাত সৰোবৰৰ কাষৰীয়া অঞ্চলৰ পৰা অহা বাবে তেওঁলোকক কি বুলি কোৱা হৈছিল ?

(ক) স্বাতীয়া বুলি

(খ) চুতীয়াৰলোক বুলি

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক) স্বাতীয়া বুলি


২। চুতীয়া শব্দটো ক’ৰ পৰা উৎপত্তি হ’ল ?

(ক) অসমৰ মানুহৰ পৰা

(খ) আহোমৰ পৰা

(গ) স্বাতীয়াৰ পৰা

উত্তৰঃ (গ) স্বাতীয়াৰ পৰা


৩। চুতীয়াসকলে ৰাজত্ব কৰা শদিয়া ৰাজ্য়ৰ পুৰণি নাম কি আছিল ?

(ক) ৰতনপুৰ

(খ) ভীষ্মক নগৰ

(গ) বিদৰ্ভ

উত্তৰঃ (গ) বিদৰ্ভ


৪। বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়াৰ জন্ম কিমান চনত হৈছিল ?

(ক) ১৯২৪ চনত

(খ) ১৯৩৫ চনত

(গ) ১৯১৫ চনত

উত্তৰঃ (গ) ১৯১৫ চনত


৫। ভাগৱত মাহাত্ম্য় গ্ৰন্থখন কাৰ আছিল ?

(ক) বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া

(খ) কৰ্মপ্ৰাণ হৰিপ্ৰসাদ নেওগ

(গ) চিদানন্দ শইকীয়া

উত্তৰঃ (ক) বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া


৬। কৰ্মপ্ৰাণ হৰিপ্ৰসাদ নেওগৰ জন্ম ক’ত হৈছিল ?

(ক) বোকাখাট দ গাঁৱত

(খ) কেন্দুগুৰিৰ ২নং বামুণ গাঁৱত

(গ) বৰদোৱাত

উত্তৰঃ (খ) কেন্দুগুৰিৰ ২নং বামুণ গাঁৱত


৭। চিদানন্দ শইকীয়াৰ জন্ম কেতিয়া হৈছিল ?

(ক) ১৯১৫ চনত

(খ) ১৯৩৬ চনত

(গ) ১৯২৪ চনত

উত্তৰঃ (গ) ১৯২৪ চনত


৮। চিদানন্দ শইকীয়া য়ে কিমান খন গ্ৰন্থ প্ৰণয়ন কৰিছিল ?

(ক) ৫ খন

(খ) ২৭ খন

(গ) ৯ খন

উত্তৰঃ (খ) ২৭ খন


৯। দুবৰি বনৰ কবি কোষেশ্বৰ বৰুৱায়ে কি বঁটা লাভ কৰিছিল ?

(ক) সাহিত্য় অকাডেমীৰ বঁটা

(খ) জ্ঞানপীঠ বঁটা

(গ) সতী সাধনী বঁটা

উত্তৰঃ (গ) সতী সাধনী বঁটা


১০। চুতীয়াসকলৰ আদি বাসস্থান ক’ত আছিল ?

(ক) গুহাৰ ভিতৰত

(খ) হিমালয়ৰ উত্তৰৰ মানস সৰোবৰৰ পূবত স্বাত সৰোবৰৰ কাষৰীয়া অঞ্চলত

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ) হিমালয়ৰ উত্তৰৰ মানস সৰোবৰৰ পূবত স্বাত সৰোবৰৰ কাষৰীয়া অঞ্চলত



Type : Pompi Hazarika