Chapter 1

অৰ্থনীতিৰ মৌলিক বিষয়সমূহ

১। অৰ্থবিজ্ঞান শব্দটো কি ভাষাৰ পৰা লোৱা হৈছে?

(ক) ইউৰোপীয় ভাষা

(খ) গ্ৰীক ভাষা

(গ) হিন্দী ভাষা

উত্তৰঃ (খ) গ্ৰীক ভাষা

২। “An Essay on the nature and nature and significance of Economic Science” এই গ্ৰন্থখনৰ লেখক কোন?

(ক) এডাম স্মিথ

(খ) আলফ্ৰেদ মাৰ্ছেল

(গ) লায়’নেল ৰবিন্স

উত্তৰঃ (গ) লায়’নেল ৰবিন্স

৩। অসমৰ কোনখন জিলাত বস্তু বিনিময় প্ৰথা অৰ্থাৎ ভৈয়ামৰ লগত পাহাৰীয়া বা পাহাৰীয়াৰ লগত ভৈয়ামৰ এক মহত্বপূৰ্ণ বজাৰ দেখিবলৈ পোৱা যায়? (এই বজাৰ খন প্ৰতি বছৰে দেখিবলৈ পোৱা যায়)

(ক) তিনিচুকীয়া

(খ) শিৱসাগৰ

(গ) মৰিগাঁও

উত্তৰঃ (গ) মৰিগাঁও

৪। “An Essay on the nature and significance of Economic Science” এই গ্ৰন্থখন কিমান চনত প্ৰকাশ কৰা হৈছিল?

(ক) ১৭৭৫ চনত

(খ) ১৯০৪ চনত

(গ) ১৯৩২ চনত

উত্তৰঃ (গ) ১৯৩২ চনত

৫। ‘Oikos’ শব্দটোৰ অৰ্থ কি?

(ক) অৰ্থনীতি

(খ) পৰিয়াল সমাজ

(গ) অৰ্থনৈতিক

উত্তৰঃ (খ) পৰিয়াল সমাজ

৬। অসমৰ মৰিগাঁও জিলাত অনুষ্ঠিত হোৱা জোনবিল মেলাখন কিমান শতিকাৰ পৰা অনুষ্ঠিত হৈছে?

(ক) পঞ্চদশ শতিকাৰ পৰা

(খ) খ্ৰীষ্টীয় ষষ্ঠদশ শতিকাৰ পৰা

(গ) সপ্তদশ শতিকাৰ পৰা

উত্তৰঃ (ক) পঞ্চদশ শতিকাৰ পৰা

৭। ভৌতিক আৰু অভৌতিক বস্তুবোৰক কেইটা ভাগত বিভক্ত কৰিব পাৰি?

(ক) চাৰিটা ভাগত ভিভক্ত কৰিব পাৰি

(খ) তিনিটা ভাগত বিভক্ত কৰিব পাৰি

(গ) দুটা ভাগত বিভক্ত কৰিব পাৰি

উত্তৰঃ (গ) দুটা ভাগত বিভক্ত কৰিব পাৰি

৮। অৰ্থনীতি শব্দটো কোনটো শব্দৰ পৰা লোৱা হৈছে?

(ক) Micro

(খ) Oikonomia

(গ) Macro

উত্তৰঃ (খ) Oikonomia

৯। অৰ্মত্য় সেনৰ জন্ম কিমান চনত হৈছিল?

(ক) ১৯৩২ চনত

(খ) ১৯৩৩ চনত

(গ) ১৯৩৪ চনত

উত্তৰঃ (খ) ১৯৩৩ চনত

১০। উৎপাদনৰ উৎপাদিত আহিলাক কি বুলি কোৱা হয় ?

(ক) মূলধন

(খ) প্ৰস্তুত সামগ্ৰী

(গ) অন্তৰ্ৱতী সামগ্ৰী

উত্তৰঃ (ক) মূলধন

১১) অৰ্থবিজ্ঞানৰ পিতৃস্বৰূপ কোন?

(ক) এডাম স্মিথ

(খ) আলফ্ৰেদ মাৰ্ছেল

(গ) ছেমুৱেলছন

উত্তৰঃ (ক) এডাম স্মিথ

১২) কেম্ব্ৰিজ অৰ্থনীতিবিদ কোন?

(ক) মাৰ্ছেল

(খ) এডাম স্মিথ

(গ) নৰ্দহাছ

উত্তৰঃ (ক) মাৰ্ছেল

১৩) মাৰ্ছেলে লিখা গ্ৰন্থখন কিমান চনত প্ৰকাশিত হৈছিল?

(ক) ১৮৯০চনত

(খ) ১৯৯০ চনত

(গ) ১৭৯০ চনত

উত্তৰঃ (ক) ১৮৯০চনত

১৪) লায়নেল ৰবিন্সে লিখা গ্ৰন্থখন কিমান চনত প্ৰকাশিত হৈছিল?

(ক) ১৯৩২ চনত

(খ) ১৮৩২ চনত

(গ) ১৭৩২ চনত

উত্তৰঃ (ক) ১৯৩২ চনত

১৫) দুষ্প্ৰাপ্যতাৰ ধাৰণাৰ লগত দক্ষতা ধাৰণাটো কোনে আগবঢ়াইছিল?

(ক) ছেমুৱেলছন আৰু নৰ্দহাছে

(খ) এডাম স্মিথ

(গ) এডাম স্মিথ

উত্তৰঃ (ক) ছেমুৱেলছন আৰু নৰ্দহাছে

১৬) অৰ্থবিজ্ঞানৰ পৰিসৰ কেইটা?

(ক) ১১ টা

(খ) ১০টা

(গ) ১২টা

উত্তৰঃ (খ) ১০টা

১৭) অৰ্থবিজ্ঞানৰ মৌলিক ধাৰণা কেইটা?

(ক) ১৪ টা

(খ) ১৫ টা

(গ) ১৬টা

উত্তৰঃ (ক) ১৪ টা

১৮) অৰ্থবিজ্ঞানৰ তিনিটা মৌলিক ধাৰণা কোনে আগবঢ়াইছিল?

(ক) লায়নেল ৰবিন্স

(খ) এডাম স্মিথ

(গ) মাৰ্ছেল

উত্তৰঃ (ক) লায়নেল ৰবিন্স

১৯) মৰিগাওঁ জিলাৰ জোনবিল মেলা কিমান শতিকাৰ পৰা চলি আহিছে?

(ক) পঞ্চদশ শতিকা

(খ) চতুৰ্দশ শতিকা

(গ) ত্ৰয়োদশ শতিকা

উত্তৰঃ (ক) পঞ্চদশ শতিকা

২০) ভাৰতত যেনেকৈ টকাৰ প্ৰচলন তেনেকৈ আমেৰিকাত কিহৰ প্ৰচলন?

(ক) ডলাৰ

(খ) ৰাবল

(গ) টকা

উত্তৰঃ (ক) ডলাৰ