আমাৰ প্ৰাকৃতিক সম্পদ


১। পলুৰ পৰা কি কি সূতা পোৱা যায়?

(ক) পাট আৰু মুগা

(খ) মুগা আৰু এড়ি

(গ) পাট, মুগা আৰু এড়ি

উত্তৰ- (গ) পাট, মুগা আৰু এড়ি ।


২। লোহা আৰু চিমেণ্ট কি সম্পদ?

(ক) প্ৰাকৃতিক সম্পদ

(খ) ঔদ্যোগিক সম্পদ

(গ) এটাও নহয়

উত্তৰ- (খ) ঔদ্যোগিক সম্পদ ।


৩। শিল আৰু বালি কি সম্পদ?

(ক) প্ৰাকৃতিক সম্পদ

(খ) ঔদ্যোগিক সম্পদ

(গ) এটাও নহয়

উত্তৰ- (ক) প্ৰাকৃতিক সম্পদ ।


৪। কয়লা আৰু পেট্ৰ’লিয়াম অতি মূল্যবান কি সম্পদ?

(ক) প্ৰাকৃতিক সম্পদ

(খ) মানৱ সম্পদ

(গ) বনজ সম্পদ

উত্তৰ- (ক) প্ৰাকৃতিক সম্পদ ।


৫। এবিধ মূল্যৱান খনিজ সম্পদ হ’ল?

(ক) কয়লা

(খ) পেট্ৰ’লিয়াম

(গ) এটাও নহয়

উত্তৰ- (খ) পেট্ৰ’লিয়াম ।


৬। ভেড়াৰ নোমৰ পৰা কি প্ৰস্তুত কৰা হয়?

(ক) ঊণ সূতা

(খ) এড়ি সূতা

(গ) এটাও নহয়

উত্তৰ- (ক) ঊণ সূতা ।


৭। হালধিৰ ৰস কি বেমাৰত ব্যৱহাৰ কৰা হয়?

(ক) কাঁহ-পানী লগা দূৰ কৰাত

(খ) দাঁতৰ আলুৰ চিকিৎসাত

(গ) মোছোকা খোৱা বা কটা-চিঙাৰ বিষ ৰোধ কৰাত

উত্তৰ- (গ) মোছোকা খোৱা বা কটা-চিঙাৰ বিষ ৰোধ কৰাত ।


৮। তুলসীৰ ৰস কি বেমাৰত ব্যৱহাৰ কৰা হয়?

(ক) দাঁতৰ আলুৰ চিকিৎসাত

(খ) মোছোকা খোৱা বা কটা-চিঙাৰ বিষ ৰোধ কৰাত

(গ) কাঁহ-পানী লগা দূৰ কৰাত

উত্তৰ- (গ) কাঁহ-পানী লগা দূৰ কৰাত ।


৯। লং তেল কি বেমাৰত ব্যৱহাৰ কৰা হয়?

(ক) মোছোকা খোৱা বা কটা-চিঙাৰ বিষ ৰোধ কৰাত

(খ) কাঁহ-পানী লগা দূৰ কৰাত

(গ) দাঁতৰ আলুৰ চিকিৎসাত

উত্তৰ- (গ) দাঁতৰ আলুৰ চিকিৎসাত ।


১০। মেলেৰিয়া ঔষধ  কি গছৰ পৰা তৈয়াৰ কৰা হয়?

(ক) কুইনাইন গছৰ

(খ) আঁহত গছৰ

(গ) নিম গছৰ

উত্তৰ- (ক) কুইনাইন গছৰ ।

Type Susmita Kakati