ঘোঁৰা ডাঙৰীয়া


১। আস্তাবলত থকা ঘোঁৰাটো বাটলৈ কিয় ওলাই গৈছিল ?

1) ভোক লগা বাবে

2) আমনি লগা বাবে

3) ইয়াৰ পৰা এটাও নহয়

Ans: আমনি লগা বাবে


২। ঘোঁৰাক কোনে পক্ষীৰাজ উপাধি দিছে ?

1) ইন্দ্ৰই

2) ৰাম

3) ওপৰৰ এটাও নহয়

Ans: ইন্দ্ৰই


৩। গাধ পোৱালিটো ক'লৈ  গৈছিল ?

1) খাদ্য বিচাৰি  গৈছিল

2) ফুৰিব গৈছিল

3) ইয়াৰ পৰা এটাও নহয়

Ans: ইয়াৰ পৰা এটাও নহয়


৪। ঘোঁৰা ডাঙৰীয়া কেনেকৈ খালত পৰিলে ?

1) বাছখনে খুণ্ডা মৰা বাবে

2) গাধটোৱে  ঠেলিমাৰি দিয়া বাবে

3) ইয়াৰ পৰা এটাও নহয়

Ans: বাছখনে খুণ্ডা মৰা বাবে


৫। নিধকৰ অৰ্থ কি ?

1) নিলাজ

2) লাজোকিয়া

3) ইয়াৰ পৰা এটাও নহয়

Ansনিলাজ


৬। ইমান অহঙ্কাৰ ভাল নহয় বুলি কোনে কৈছিল ?

1) ঘোঁৰাটোৱে কৈছিল

2) গাধটোৱে কৈছিল

3) ইয়াৰ পৰা এটাও নহয়

Ans: গাধটোৱে কৈছিল


৭।  গাধটোক কোনে খালত পেলাইছিল ?

1) ঘোঁৰাটোৱে

2) গাধটোৱে নিজে পৰিছিল

3) ইয়াৰ পৰা এটাও নহয়

Ans: ঘোঁৰাটোৱে


৮।  ঘোঁৰা ডাঙৰীয়া  পাঠটো কবি কোন ?

1) জ্যোতিপ্ৰসাদ আগৰৱালা

2) মিত্ৰদেৱ মহন্ত

3) নৱকান্ত বৰুৱা

Ans: জ্যোতিপ্ৰসাদ আগৰৱালা


৯। মানুহ মোৰ চাকৰ বুলি কোনে কৈছিল ?

1) গাধ

2) ঘোঁৰা

3) ইয়াৰ পৰা এটাও নহয়

Ans: ঘোঁৰা


১০। উপলুঙা অৰ্থ কি ?

1) ইতিকিং

2) ঠাট্টা

3) ওপৰৰ  দুয়োটায়ে হয়

Ans: ওপৰৰ  দুয়োটায়ে হয়


১১। অহঙ্কাৰ কোনে কৰিছিল ?

1) ঘোঁৰা ডাঙৰীয়াই

2) গাধটোৱে

3) মটৰ গাড়ীখনে

Ans: ঘোঁৰা ডাঙৰীয়াই


১২। মেটমৰা শব্দৰ অৰ্থ কি ?

1) নিলাজ

2) বৰ গধুৰ

3) পাতল

Ans: বৰ গধুৰ


১৩। বলী শব্দৰ বিপৰীত অৰ্থ কি ?

1) শক্তিশালী

2) দুৰ্বল

3) সুখ

Ans: দুৰ্বল


১৪। বহ + ইছে =

1) বহিছে

2) বাইছিল

3) বাইছে

Ans: বহিছে


১৫। ঘোঁৰা ডাঙৰীয়াক কোনে এটা ব্ৰহ্ম খুন্দা মাৰিছিল ?

1) মটৰ গাড়ীখনে

2) গাধটোৱে

3) এটাও নহয়

Ans: মটৰ গাড়ীখনে


১৬। পক্ষীৰাজ মানে কি ?

1) কিনা গোলাম

2) ইন্দ্ৰৰ ৰথখন টনা ঘোঁৰাটো

3) বহুত বুজোৱা

Ans: ইন্দ্ৰৰ ৰথখন টনা ঘোঁৰাটো


১৭। গধুৰ শব্দৰ বিপৰীত অৰ্থটো কি ?

1) পাতল

2) দুৰ্বল

3) শাস্তি

Ans: পাতল


১৮। খা + ইছিল =

1) খাইছিল

2) শুনিছিল

3) ওপৰৰ দুয়োটা

Ans: খাইছিল


১৯। খাইছে, খাব, খালোঁ এইবোৰ ক্ৰিয়াপদৰ ধাতু কি ?

1) চা

2) খা

3) বা

Ans: খা


২০। ধাতু কাক বোলে ?

1) ক্ৰিয়াপদৰ মূল শব্দটোক

2) ক্ৰিয়াপদৰ মূল প্ৰত্যয়টোক

3) ওপৰৰ দুয়োটা

Ans: ক্ৰিয়াপদৰ মূল শব্দটোক

Type Susmita Kakati