অসম আমাৰ ৰূপহী


১। ভাৰতবৰ্ষৰ একেবাৰে পূৱত থকা ৰাজ্যখনৰ নাম কি ?

1) অসম

2) ইয়াৰ পৰা এটাও নহয়

3) উত্তৰ প্ৰদেশ

Ans: অসম


২।ৰূপহী অৰ্থ কি ?

1) ধুনীয়া

2) সুন্দৰী

3) ওপৰৰ দুয়োটায়ে হয়

Ans: ওপৰৰ দুয়োটায়ে হয়


৩। মাঘত সোণৰ হাতেৰে কি আদৰে ?

1) লখিমী আদৰে

2) ভগৱানক আদৰে

3) ইয়াৰ পৰা এটাও নহয়

Ans: লখিমী আদৰে


৪। অলেখৰ অৰ্থ কি ?

1) অগণন

2) বহুত

3) ওপৰৰ দুয়োটায়ে হয়

Ans: ওপৰৰ দুয়োটায়ে হয়


৫। প্ৰথমে সূৰ্য উদয়  কোনখন ৰাজ্যত হয় ?

1) অসমত

2) দিল্লী

3) ইয়াৰ পৰা এটাও নহয়

Ans: অসমত


৬।   প্ৰণিপাত  অৰ্থ কি ?

1) সেৱা

2) প্ৰণাম

3) ওপৰৰ দুয়োটায়ে হয়

Ans:ওপৰৰ দুয়োটায়ে হয় 


৭। অসম আমাৰ ৰূপহী কবিতাটোৰ কবিজনৰ নাম কি ?

1) নৱকান্ত বৰুৱা

2) ড' ভূপেন হাজৰিকা

3) ইয়াৰ পৰা এটাও নহয়

Ans: ড' ভূপেন হাজৰিকা


৮। বিনন্দীয়া মানে কি ?

1) মনোহৰ

2) বিতোপন

3) ওপৰৰ  দুয়োটায়ে হয়

Ans: ওপৰৰ  দুয়োটায়ে হয়


৯। সমাৱেশ অৰ্থ কি ?

1) একেলগ কাৰ্য

2) অগণন

3) ইয়াৰ পৰা এটাও নহয়

Ans: একেলগ কাৰ্য


১০। প্ৰণাম  শব্দৰ  অৰ্থ কি ?

1) সেৱা

2) প্ৰণিপাত

3) ওপৰৰ দুয়োটায়ে হয়

Ans: ওপৰৰ দুয়োটায়ে হয়


১১। গোটেই জীৱন বিচাৰিলেও অসম দেশৰ দৰে কি বিচাৰি নোপোৱা বুলি কবিয়ে কৈছে ?

1) ৰসাল মাটি

2) ব'হাগৰ লখিমী

3) শৰৎ  নিশা

Ans: ৰসাল মাটি


১২। 'চিৰ বিনন্দীয়া তোমাৰ সেউজ পৰিৱেশ' বাক্যটিয়ে কি বুজাইছে ?

1) বিভিন্ন ভাষা-ভাষী লোকৰ মিলন বুজাইছে

2) অসমখন গছ-বনেৰে চিৰ সেউজীয়া বুজাইছে

3) ওপৰৰ দুয়োটা

Ans: অসমখন গছ-বনেৰে চিৰ সেউজীয়া বুজাইছে


১৩। মহুৰা শব্দৰ অৰ্থ কি ?

1) তাঁত ববৰ কাৰণে সূতা মেৰিয়াই লোৱা শলা

2) একগোট হৈ থকা

3) লেখিব নোৱাৰা

Ans: তাঁত ববৰ কাৰণে সূতা মেৰিয়াই লোৱা শলা


১৪। কাৰ কাৰ মাজত মধুৰ সম্পৰ্ক আছে বুলি কবিয়ে কৈছে ?

1) বৃটিছ আৰু আহোমৰ মাজত

2) পাহাৰ আৰু ভৈয়ামৰ মাজত

3) এটাও নহয়

Ans: পাহাৰ আৰু ভৈয়ামৰ মাজত


১৫। শৰৎ নিশা আইৰ বেশ কিহেৰে সজায় ?

1) পোহৰে

2) তৰাৰে

3) মৰমেৰে

Ans: তৰাৰে


১৬। কবিয়ে লৌহিত্যৰ বহল পাৰত কি বুলি প্ৰণিপাত কৰিছে ?

1) মাঘত সোণৰ হাতেৰে লখিমী আদৰে

2) পাহাৰ-ভৈয়াম একে কৰা ৰামধেনুৰেই দৰে

3) জন্ম ল'লো ইয়াতেই, ইয়াতে যেন মৰোঁ

Ans: জন্ম ল'লো ইয়াতেই, ইয়াতে যেন মৰোঁ


১৭। কি মাহত সকলোৰে ভঁৰাল ধানেৰে উপচি পৰে ?

1) কাতি মাহত

2) মাঘ মাহত

3) বহাগ মাহত

Ans: মাঘ মাহত


১৮। গীতটোৰ জৰিয়তে কবিৰ কি প্ৰকাশ পাইছে ?

1) কৃত্ৰিম ভালপোৱা

2) অকৃত্ৰিম ভালপোৱা

3) এটাও নহয়

Ans: অকৃত্ৰিম ভালপোৱা


১৯। কি মাহত জীয়ৰী-বোৱাৰীহঁতে তাঁতত বিহুৱান বয় ?

1) বহাগ মাহত

2) কাতি মাহত

3) মাঘ মাহত

 Ans: বহাগ মাহত


২০। অসম দেশৰ দৰে নাপাওঁ ইমান _________ মাটি ।

1) অলেখ

2) সোণৰ

3) ৰসাল

Ans: ৰসাল

Type Susmita Kakati