Chapter 7

 বনবাসলৈ যাত্ৰা


১। ৰাম কেই বছৰ বাবে বনলৈ যাত্ৰ কৰিছিল ?

(ক) ১৮ বছৰ বাবে

(খ) ১৪ বছৰ বাবে

(গ) ১২ বছৰ বাবে

উত্তৰ- (খ) ১৪ বছৰ বাবে ।


২। ৰামৰ লগত কোন কোন বনলৈ যাত্ৰা কৰিছিল ?

(ক) ভৰতৰ আৰু সীতা

(খ) ইয়াৰ পৰা এটাও নহয়

(গ) লক্ষ্মণ আৰু সীতা

উত্তৰ- (গ) লক্ষ্মণ আৰু সীতা ।


৩। কোনে গছৰ বাকলি পিন্ধিছিল ?

(ক) ৰাম, সীতা, লক্ষ্মণ

(খ) ৰাম, ভৰত, শত্ৰুঘ্ন

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰ- (ক) ৰাম, সীতা, লক্ষ্মণ ।


৪। ৰজা দশৰথৰ মন্ত্ৰী নাম কি আছিল ?

(ক) যুধাজিৎ

(খ) সুমন্ত্ৰ

(গ) নাচিকেতা

উত্তৰ- (খ) সুমন্ত্ৰ ।


৫। বনলৈ যাত্ৰা কৰেতে কি নৈ পালেগৈ ?

(ক) যমোনা নৈ

(খ) তমসা নৈ

(গ) গংগা নৈ

উত্তৰ- (খ) তমসা নৈ ।


৬। কোনে ৰথৰ পৰা নামিল ?

(ক) ৰাম, লক্ষ্মণ, সীতা

(খ) ৰাম, ভৰত, শত্ৰুঘ্ন

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰ- (ক) ৰাম, লক্ষ্মণ, সীতা ।


৭। পিছদিলাখন ৰাম ক’ত পালেগৈ ?

(ক) শৃঙ্গৱেৰপুৰ

(খ) কেকয়

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰ- (ক) শৃঙ্গৱেৰপুৰ ।


৮। খাই-বৈ ৰামহতে কি নদী পালেগৈ ?

(ক) যমোনা নদী

(খ) গঙ্গা নদী

(গ) কাৱেৰী নদী

উত্তৰ- (খ) গঙ্গা নদী ।


৯। শৃঙ্গৱেৰপুৰ ৰজাৰ নাম কি ?

(ক) দশৰথ গুহ

(খ) জনক গুহ

(গ) নিষাদৰজা গুহ

উত্তৰ- (গ) নিষাদৰজা গুহ ।


১০। গঙ্গা পাৰ হৈ ৰাম কোন মুনিৰ আশ্ৰমলৈ গৈছিল ?

(ক) ভৰদ্বাজ মুনি

(খ) বশিষ্ট মুনি

(গ) বিশ্বামিত্ৰ

উত্তৰ- (ক) ভৰদ্বাজ মুনি ।


DABP007858

Type: Pompi Hazarika