জীৱ আৰু ইয়াৰ চৌপাশ


১। শ্বাস-প্ৰশ্বাস কি?

1) জীৱৰ বিশেষ লক্ষণ

2) জীৱৰ এটা প্ৰধান বৈশিষ্ট্য

3) ওপৰৰ এটাও নহয়

Ans: জীৱৰ এটা প্ৰধান বৈশিষ্ট্য


২। অক্সিজেন গেছৰ অন্য এটা নাম কি?

1) অম্লজান

2) এঙাৰ গেছ

3) ওপৰৰ এটাও নহয়

Ans: অম্লজান


৩। কাৰ্বন-ডাই-অক্সাইড গেছৰ অন্য এটা নাম কি?

1) নাইট্ৰজেন

2) অম্লজান

3) এঙাৰ গেছ

Ans: এঙাৰ গেছ


৪। উৎপাদকৰ পৰা উপভোক্তালৈ,উপভোক্তাৰপৰা বিয়োজকলৈ আৰু বিয়োজকৰ পৰা পুনৰ উৎপাদকলৈ খাদ্যৰ যোগানকে কি বোলে?

1) খাদ্য-শৃংখল

2) শক্তি প্ৰৱাহ

3) পৰিস্থিতিতন্ত্ৰ

Ans: খাদ্য-শৃংখল


৫। খাদ্যৰ জৰিয়তে উপাদকৰ পৰা (সেউজীয়া উদ্ভিদ) বিভিন্ন উপভোক্তালৈ হোৱা শক্তিৰ চলনক কি বোলে?

1) শক্তি প্ৰৱাহ

2) পৰিস্থিতিতন্ত্ৰ

3) খাদ্য-শৃংখল

Ans: শক্তি প্ৰৱাহ


৬। যিবোৰ প্ৰাণীয়ে মাছ-মাংস,ফল-মূল,শাক-পাচলি আদি সকলো ধৰণৰ খাদ্য খায়,সেইবোৰ প্ৰাণীক কি বোলে?

1) তৃণভোজী প্ৰাণী

2) সৰ্বভক্ষী প্ৰাণী

3) ওপৰৰ এটাও নহয়

Ans: সৰ্বভক্ষী প্ৰাণী


৭। যিবোৰ জীৱই আন জীৱ-জন্তুৰ মল-মূত্ৰ,গেলা-পচা মৃতদেহ আদিৰ দেহত বাস কৰে আৰু প্ৰয়োজনীয় দ্ৰব্যসমূহ তাৰপৰাই আহৰণ কৰে,সিহঁতক কি বোলে?

1) মৃতজীৱী প্ৰাণী

2) পৰজীৱী প্ৰাণী

3) সৰ্বভক্ষী প্ৰাণী

Ans: মৃতজীৱী প্ৰাণী


৮। কিছুমান জীৱই আন জীৱদেহৰ ভিতৰত বা বাহিৰত থাকি সেই জীৱদেহৰপৰাই খাদ্য গ্ৰহণ কৰি জীৱন নিৰ্বাহ কৰে,এনে জীৱক কি বোলে?

1) সৰ্বভক্ষী

2) মৃতজীৱী

3) পৰজীৱী

Ans: পৰজীৱী


৯। মৌ-প্ৰিয়া চৰাই কি খাই জীয়াই থাকে?

1) ফুলৰ মৌ

2) মাংস

3) ওপৰৰ এটাও নহয়

Ans: ফুলৰ মৌ


১০। কি ন'হলে বীজৰ সৃষ্টি নহয়?

1) বতাহ নহলে

2) পৰাগযোগ ন'হলে

3) ওপৰৰ এটাও নহয়

Ans: পৰাগযোগ ন'হলে


১১। মানুহৰ খাদ্যৰ অধিকাংশই কি?

1) উদ্ভিদজাত

2) প্ৰাণীজাত

3) ওপৰৰ এটাও নহয়

Ans: উদ্ভিদজাত


১২। মানুহ বা অন্যান্য ঘৰচীয়া জীৱ-জন্তুৰ বাবে প্ৰয়োজনীয় ঔষধৰ প্ৰায় কিমান শতাংশ উদ্ভিদৰ পৰা প্ৰস্তুত কৰা হয়?

1) ২০ শতাংশ

2) ৭০ শতাংশ

3) ৮০ শতাংশ

Ans: ৮০ শতাংশ


১৩। জীৱসমূহ বাস কৰা চৌপাশেই কি?

1) উদ্ভিদ

2) আৱাসস্থলী

3) ওপৰৰ এটাও নহয়

Ans: আৱাসস্থলী


১৪। সেউজীয়া উদ্ভিদক কি বোলে?

1) আৱাসস্থলী

2) উদ্ভিদ

3) উৎপাদক

Ans: উৎপাদক


১৫। এটা আৱাসস্থলত সাধাৰণতে প্ৰাণী আৰু উদ্ভিদবোৰ বিভিন্ন প্ৰক্ৰিয়াৰে সাঙোৰ খাই থাকে। ইয়াক কি বোলে?

1) শক্তি প্ৰৱাহ

2) পৰিস্থিতিতন্ত্ৰ

3) খাদ্য-শৃংখল

Ans: পৰিস্থিতিতন্ত্ৰ


১৬। উদ্ভিদে কি গঠনত মূখ্য ভূমিকা গ্ৰহণ কৰে?

1) সাৰ গঠনত

2) মাটি গঠনত

3) ওপৰৰ এটাও নহয়

Ans: মাটি গঠনত


১৭। ফল-মূল,শাক-পাচলি আদিত থকা আঁহজাতীয় পদাৰ্থৰ বেছিভাগেই আমাৰ স্বাস্থ্যৰ বাবে কি?

1) উপকাৰী

2) অপকাৰী

3) ওপৰৰ এটাও নহয়

Ans: উপকাৰী


১৮। উদ্ভিদে খাদ্য প্ৰস্তুতৰ সময়ত কি গেছ গ্ৰহণ কৰে?

1) নাইট্ৰজেন

2) অক্সিজেন

3) কাৰ্বন-ডাই-অক্সাইড

Ans: কাৰ্বন-ডাই-অক্সাইড


১৯। উদ্ভিদে খাদ্য প্ৰস্তুতৰ সময়ত কি গেছ এৰি দিয়ে?

1) অক্সিজেন

2) কাৰ্বন-ডাই-অক্সাইড

3) নাইট্ৰজেন

Ans: কাৰ্বন-ডাই-অক্সাইড


২০। উদ্ভিদে প্ৰস্তুত কৰা খাদ্য প্ৰথমতে কোনে গ্ৰহণ কৰে?

1) মাংসভোজী প্ৰাণীয়ে

2) তৃণভোজী প্ৰাণীয়ে

3) ওপৰৰ এটাও নহয়

Ans: তৃণভোজী প্ৰাণীয়ে

Type Susmita Kakati