পোহৰ আৰু পোহৰৰ প্ৰতিফলন


১। পোহৰ কি?

1) শক্তি

2) ক্ষমতা

3) কাৰ্য

Ans: শক্তি


২। যিবিলাক বস্তুৰ পৰা আমি পোহৰ পাওঁ,তাক পোহৰৰ কি বোলে?

1) শক্তি

2) উৎস

3) কাৰ্য

Ans: উৎস


৩। সূৰ্য,চন্দ্ৰ,জোনাকী পৰুৱা আদি পোহৰৰ কি?

1) উৎস

2) কৃত্ৰিম উৎস

3) প্ৰাকৃতিক উৎস

Ans: প্ৰাকৃতিক উৎস


৪। বৈদ্যুতিক বাল্ব,মমবাতি,চাকি,টৰ্চ লাইট আদি পোহৰৰ কি?

1) কৃত্ৰিম উৎস

2) উৎস

3) প্ৰাকৃতিক উৎস

Ans: কৃত্ৰিম উৎস


৫। বগা পোহৰ কাক বোলে?

1) চন্দ্ৰৰ পৰা পোৱা পোহৰক

2) সূৰ্যৰ পৰা পোৱা পোহৰক

3) বাল্বৰ পোহৰক

Ans: সূৰ্যৰ পৰা পোৱা পোহৰক


৬। পোহৰৰ ৰশ্মি আচলতে কি?

1) কিছুমান কণিকাৰ সমষ্টি

2) বগা পোহৰ

3) কলা পোহৰ

Ans: কিছুমান কণিকাৰ সমষ্টি


৭। পোহৰ ৰশ্মি আচলতে কিছুমান কণিকাৰ সমষ্টি আৰু এই পোহৰৰ কণিকাক কি বোলে?

1) বগা পোহৰ

2) কৃত্ৰিম পোহৰ

3) ফ'টন

Ans: ফ'টন


৮। পোহৰে কোন দিশত গতি কৰে?

1) বেকাবেকি দিশত

2) সৰলৰৈখিক দিশত

3) ওপৰৰ এটাও নহয়

Ans: সৰলৰৈখিক দিশত


৯। উৎসৰপৰা নিৰ্গত পোহৰ ৰশ্মিৰ প্ৰকৃতি অনুসৰি ইয়াক কেইটাভাগত ভগোৱা হয়?

1) দুটা ভাগত

2) পাঁচটা ভাগত

3) তিনিটা ভাগত

Ans: তিনিটা ভাগত


১০। পোহৰ ৰশ্মিৰবোৰৰ ব্যৱধান সকলো অংশতে সমান হ'লে সেই ৰশ্মিবোৰক কি বোলে?

1) সমান্তৰাল

2) ফ'টন

3) ওপৰৰ এটাও নহয়

Ans: সমান্তৰাল


১১। পোহৰৰ ৰশ্মিবোৰ যদি ক্ৰমাৎ ওচৰ চাপি এটা নিৰ্দিষ্ট বিন্দু অভিমুধে অগ্ৰসৰ হয়,তাক কি বোলে?

1) সমান্তৰাল

2) কৃত্ৰিম পোহৰ

3) অভিসাৰী ৰশ্মি

Ans: অভিসাৰী ৰশ্মি


১২। পোহৰ ,সকলো বস্তুৰ মাজেৰে পাৰ হ'ব পাৰেনে?

1) নোৱাৰে

2) পাৰে

3) ওপৰৰ এটাও নহয়

Ans: নোৱাৰে


১৩। যিবোৰ মাধ্যমৰ মাজেৰে পোহৰ পাৰ হৈ যাব পাৰে তাক কি বোলে?

1) অস্বচ্ছ মাধ্যম

2) স্বচ্ছ মাধ্যম

3) ঈষৎ স্বচ্ছ মাধ্যম

Ans: স্বচ্ছ মাধ্যম


১৪। পোহৰ পাৰ হৈ যাব নোৱৰা মাধ্যমক কি বোলে?

1) স্বচ্ছ মাধ্যম

2) অস্বচ্ছ মাধ্যম

3) ঈষৎ স্বচ্ছ মাধ্যম

Ans: অস্বচ্ছ মাধ্যম


১৫। এবিধ স্বচ্ছ মাধ্যমৰ উদাহৰণ হ'ল।

1) মাটি

2) টিন

3) বায়ু

Ans: বায়ু


১৬। এবিধ অস্বচ্ছ মাধ্যমৰ উদাহৰণ হ'ল।

1) লো

2) কাচ

3) বায়ু

Ans: লো


১৭। সামান্য পোহৰ পাৰ হ'ব পৰা মাধ্যমক কি বোলে?

1) স্বচ্ছ মাধ্যম

2) ঈষৎ স্বচ্ছ মাধ্যম

3) অস্বচ্ছ মাধ্যম

Ans: ঈষৎ স্বচ্ছ মাধ্যম


১৮। উৎসৰপৰা আহি কোনো প্ৰতিফলকত ঠেকা খোৱা ৰশ্মিটোক কি বোলে?

1) আপতিত ৰশ্মি

2) আপতন বিন্দু

3) ওপৰৰ এটাও নহয়

Ans: আপতিত ৰশ্মি


১৯। যিটো বিন্দুত পোহৰ ৰশ্মিটো ঠেকা খায় তাক কি বোলে?

1) আপতন বিন্দু

2) আপতিত ৰশ্মি

3) ওপৰৰ এটাও নহয়

Ans: আপতন বিন্দু


২০। আপতন বিন্দুৰপৰা পূৰ্বৰ মাধ্যমলৈ উভতি যোৱা ৰশ্মিটোক কি বোলে?

1) আপতিত ৰশ্মি

2) আপতন বিন্দু

3) প্ৰতিফলিত ৰশ্মি

Ans: প্ৰতিফলিত ৰশ্মি

Type Susmita Kakati