মৌল,যৌগ আৰু মিশ্ৰ


১। পদাৰ্থৰ ক্ষুদ্ৰতম স্বতন্ত্ৰ অংশ যাক খালী চকুৰে দেখা নাযায় তাক কি বোলে?

1) অণু

2) অম্ল

3) ওপৰৰ এটাও নহয়

Ans:অণু 


২। পানীত অলপ নিমখ দিলে  কি হয়?

1) পানীখিনি নীলা হৈ যায়

2) পানীখিনি পমি যায়

3) ওপৰৰ এটাও নহয়

Ans: পানীখিনি পমি যায়


৩। কঠিন পদাৰ্থক তাপ দিলে কি হয়?

1) ঠাণ্ডা হয়

2) গৰম হয়

3) ওপৰৰ এটাও নহয়

Ans: গৰম হয়


৪। যিবিলাক পদাৰ্থক ভাঙিলে একেজাতীয় অণু বা পৰমাণু পোৱা যায় তাক কি বোলে?

1) যৌগ

2) মিশ্ৰ

3) মৌল

Ans: মৌল


৫। লো কি পদাৰ্থ?

1) মৌল

2) যৌগ

3) মিশ্ৰ

Ans: মৌল


৬। কাৰ্বন-ডাই-অক্সাইড গেছ মৌল হয়নে?

1) হয়

2) নহয়

3) ওপৰৰ এটাও নহয়

Ans: নহয়


৭। মৌলবোৰ নিৰ্দিষ্ট অনুপাতত লগ লাগি ৰাসায়নিকভাৱে নতুন বস্তুৰ সৃষ্টি কৰিলে তাক কি বোলে?

1) মিশ্ৰণ

2) মৌল

3) যৌগ

Ans: যৌগ


৮। দুটা বা তাতোধিক মৌল বা যৌগ সানমিহলি হৈ থাকিলে তাক কি বোলে?

1) মৌল

2) মিশ্ৰণ

3) যৌগ

Ans: মিশ্ৰণ


৯। মৌল যি উষ্ণতাত গলে তাক কি বোলে?

1) গলনাংক

2) মিশ্ৰণ

3) ওপৰৰ এটাও নহয়

Ans: গলনাংক


১০। যৌগ যি উষ্ণতাত উতলে তাক কি বোলে?

1) যৌগ

2) গলনাংক

3) উতলাংক

Ans: উতলাংক


১১। মৌলৰ ক্ষুদ্ৰতম অংশক কি বোলে?

1) অণু

2) যৌগ

3) ওপৰৰ এটাও নহয়

Ans: অণু


১২। অণুক বিভাজন কৰিব পাৰিনে?

1) নোৱাৰি

2) পাৰি

3) ওপৰৰ এটাও নহয়

Ans: পাৰি


১৩। অণুক ভাগ কৰিলে কি পোৱা যায়?

1) পৰমাণু

2) মৌল

3) ওপৰৰ এটাও নহয়

Ans: পৰমাণু


১৪। যৌগক পৃথক কৰিলে কি পোৱা যায়?

1) মিশ্ৰণ

2) অণু

3) মৌল

Ans: মৌল


১৫। হাইড্ৰ'জেনৰ সাংকেতিক চিহ্ন কি?

1) Ca

2) Ha

3) H

Ans: H


১৬। গোটা আৰু জুলীয়াৰ মিশ্ৰ এটা কিছু সময় থৈ দিলে গোটা বস্তুখিনি তলত জমা হয়গৈ। এনেদৰে জমা হোৱা কাৰ্যক কি বোলে?

1) পৰিস্ৰাৱণ

2) অৱক্ষেপণ

3) চালনী প্ৰক্ৰিয়া

Ans: অৱক্ষেপণ


১৭। দ্ৰৱ=দ্ৰাব্য+______= কি?

1) দ্ৰব্য

2) দ্ৰাৱক

3) ওপৰৰ এটাও নহয়

Ans: দ্ৰাৱক


১৮। ব্ৰ'মিন আৰু পাৰা কি?

1) জুলীয়া মৌল

2) জুলীয়া যৌগ

3) ওপৰৰ এটাও নহয়

Ans: জুলীয়া মৌল


১৯। মিশ্ৰণ মৌল বা যৌগৰ ধৰ্মৰ পৰিৱৰ্তন হয়নে?

1) হয়

2) নহয়

3) ওপৰৰ এটাও নহয়

 Ans: নহয়


২০। এলকহলৰ গলনাংক কিমান?

1) ১০০ ডিগ্ৰী চেলছিয়াছ

2) ৭৮.৫ ডিগ্ৰী চেলছিয়াছ

3) ওপৰৰ এটাও নহয়

Ans: ৭৮.৫ ডিগ্ৰী চেলছিয়াছ

Type Susmita Kakati