Chapter- 1

বস্তু বা পদাৰ্থ




১। পদাৰ্থৰ কি জানিলে পদাৰ্থবিধক কামত খটুৱাব পাৰি ?

(ক) ধৰ্ম

(খ) কাম

(গ) ওপৰৰ এটাও নহয়


উত্তৰ- (ক) ধৰ্ম ।


২। সহজে গলিব পৰাটো কাৰ ধৰ্ম ?

(ক) লোহাৰ

(খ) মমৰ

(গ) কাগজৰ


উত্তৰ- (খ) মমৰ।


৩। কাগজৰ কণিকাবোৰ একে ঠাইতে থাকে নে নাথাকে ?

(ক) থাকে

(খ) থাকে কিন্তু কম

(গ) নাথাকে


উত্তৰ- (ক) থাকে ।


৪। পানীৰ কণিকাবোৰ একে ঠাইতে থাকে নে নাথাকে ?

(ক) নাথাকে

(খ) থাকে

(গ) ওপৰৰ এটাও নহয়


উত্তৰ- (ক) নাথাকে ।


৫। কণিকাবোৰৰ বৈজ্ঞানিক নাম কি ?


(ক) আয়ন

(খ) অণু

(গ) ওপৰৰ এটাও নহয়


উত্তৰ- (খ) অণু ।


৬। পানীৰ কণিকাবোৰৰ মাজত কি থাকে ?

(ক) ফাঁক

(খ) ফুতা

(গ) দাগ


উত্তৰ- (ক) ফাঁক ।


৭। পানীত চেনি মিহলি হয় নে নহয় ?

(ক) নহয়

(খ) হয়

(গ) হয় কিন্তু অলপ ৰখি যায়


উত্তৰ- (খ) হয় ।


৮। ক’ত নিমখ মিহলি নহয় ?

(ক) গৰম পানীত

(খ) ঠাণ্ডা পানীত

(গ) কেৰাচিন তেলত


উত্তৰ- (গ) কেৰাচিন তেলত ।


৯। লোহাৰ বৰ কঠিন বাবে লোহাৰে কি বনোৱা হয় ?

(ক) কাঠ-পেঞ্চিল

(খ) দা-কটাৰী

(গ) ওপৰৰ এটাও নহয়


উত্তৰ- (খ) দা-কটাৰী ।


১০। সাগৰৰ পানী কেনেকুৱা ?

(ক) টেঙা

(খ) মিঠা

(গ) লুণীয়া


উত্তৰ- (গ) লুণীয়া ।


১১। পদাৰ্থৰ গুণবোৰকে পদাৰ্থৰ কি বোলে?

(ক) কণিকা

(খ) ধৰ্ম

(গ) দ্ৰৱিত


উত্তৰ- (খ) ধৰ্ম ।


১২। কি সহজে ভাঙিব পাৰি?

(ক) লোহা

(খ) চকমাটি

(গ) শিল


উত্তৰ- (খ) চকমাটি ।


১৩। চকমাটি এটুকুৰা কিহতকৈ সহজে ভাঙিব পাৰি?

(ক) কাঠপেঞ্চিলতৈ

(খ) খৰিতকৈ

(গ) ওপৰৰ এটাও নহয়


উত্তৰ- (ক) কাঠপেঞ্চিলতৈ ।


১৪। কেইডাল বাঁহৰ বা কাঠৰ খুঁটিৰে এডাল ষ্টেণ্ড সাজি লয়?

(ক) চাৰিডাল

(খ) ছয়ডাল

(গ) তিনিডাল


উত্তৰ- (গ) তিনিডাল ।


Post ID: DABP007336