কমতা ৰাজ্য বা কামৰূপ-কমতাৰ দুজন বিখ্যাত ৰজা

১) কোন শতিকাৰ সময়ছোৱাত ব্ৰহ্মপুত্ৰ উপত্যকাৰ পশ্চিম অঞ্চলটো কমতা ৰাজ্য নামেৰে জনাজাত আছিল?*

(ক) খ্ৰিষ্টীয় পোন্ধঁৰ শতিকাৰ

(খ) খ্ৰিষ্টীয় তেৰ শতিকাৰ

(গ) খ্ৰিষ্টীয় তিনি শতিকাৰ

উত্তৰ- (খ) খ্ৰিষ্টীয় তেৰ শতিকাৰ ।

২) কমতা ৰাজ্য পূবে বৰনদীৰ পৰা পশ্চিমে কোনখন নদীলৈ বিয়পি আছে?*

(ক) কৰতোৱা

(খ) তুঘ্ৰিল

(গ) চণ্ডী

উত্তৰ- (ক) কৰতোৱা ।

৩) কিমান খ্ৰিষ্টাব্দত বংগৰ শাসনকৰ্তা ইখতিয়াৰ উদ্দিন মালিকে কামৰূপ ৰাজ্য আক্ৰমণ কৰিছিল?*

(ক) ১৫৬৫ খ্ৰিষ্টাব্দত

(খ) ১২৫৭ খ্ৰিষ্টাব্দত

(গ) ১৪৫৭ খ্ৰিষ্টাব্দত

উত্তৰ- (খ) ১২৫৭ খ্ৰিষ্টাব্দত ।

৪) সন্ধ্যা ৰজাৰ ৰাজত্ব কালত কামৰূপ ৰাজ্য আক্ৰমণ কৰা বংগৰ শাসনকৰ্তাজনৰ নাম কি ?*

(ক) কমতেশ্বৰ

(খ) উদ্দিন মালিক

(গ) দুৰ্ল্লভ

উত্তৰ- (খ) উদ্দিন মালিক ।

৫) কিমান খ্ৰিষ্টাব্দত সন্ধ্যা ৰজাই নিজ ৰাজ্যৰ ৰাজধানী কামৰূপ নগৰৰ পৰা পশ্চিমৰ কমতাপুৰলৈ তুলি নিছিল?*

(ক) ১২৬৯ খ্ৰি.ত

(খ) ১২৫৭ খ্ৰি.ত

(গ) ১২৬০ খ্ৰি.ত

উত্তৰ- (গ) ১২৬০ খ্ৰি.ত ।

৬) কামতা  ৰাজ্য সন্ধ্যা ৰজাৰ পিছত কেইজন ৰজাই ৰাজত্ব কৰিছিল?*

(ক) তিনিজনক

(খ) দুইজন

(গ) পাচঁজন

উত্তৰ- (ক) তিনিজনক ।

৭) ৰ্ধমনাৰায়নে কোন ঠাইত নিজ ৰাজধানী পাতিছিল?*

(ক) গড়িয়াত

(খ) ৰংপুৰৰ ডিম্লা

(গ) গৌড়

উত্তৰ- (খ) ৰংপুৰৰ ডিম্লা ।

৮) কমতা ৰাজ্য সন্ধ্যা ৰজাৰ পিছত ৰাজত্ব কৰা ৰজা কেইজনৰ নাম কি?*

(ক) চণ্ডী,ডিম্লা, দুৰ্লভ, শিৰোমণি, ৰূপক

(খ) দুৰ্লভ, নাৰায়ণ

(গ) সিন্ধুৰায়, ৰূপ, সিংহধ্বজ

উত্তৰ- (গ) সিন্ধুৰায়, ৰূপ, সিংহধ্বজ ।

৯) কমতা ৰাজ্যৰ বিখ্যাত ৰজাজনৰ নাম কি?*

(ক) সিন্ধুৰায়

(খ) দুৰ্লভনাৰায়ণ

(গ) সিংহধ্বজ

উত্তৰ- (খ) দুৰ্লভনাৰায়ণ ।

১০) গৌড় দেশৰ পৰা উঠি অহা চৈধ্যটাৰ পৰিয়ালৰ আচল ঘৰ ক’ত আছিল?*

(ক) ৰংপুৰৰ

(খ) কনৌজত

(গ) ডিম্লা

উত্তৰ- (খ) কনৌজত ।

১১) দুৰ্লভনাৰায়ণে নিজ ৰজধানী পাতিছিল?*

(ক) চণ্ডীগড়

(খ) ৰংপুৰ

(গ) গড়িয়াত

উত্তৰ- (গ) গড়িয়াত ।

১২) কায়স্থ পৰিয়ালকেইটাৰ এজন লোকৰ নাম কি?*

(ক) শিৰোমণি

(খ) চণ্ডীবৰ

(গ) দুৰ্লভনাৰায়ণ

উত্তৰ- (খ) চণ্ডীবৰ ।

১৩)  কনৌজৰ পৰা অহা পৰিয়ালকেইটাৰ মুখিয়াল হিচাপে কাক পাতিছিল?*

(ক) শিৰোমণি ভূঞা’

(খ) দুৰ্লভনাৰায়ণ

(গ) সিন্ধুৰায়

উত্তৰ- (ক) শিৰোমণি ভূঞা’ ।

১৪) চণ্ডীবৰ ভূঞাৰ বংশতেই কোনজন মহাপুৰুষৰ জন্ম হৈছিল?*

(ক) মাধৱকন্দলী

(খ) মহাপুৰুষ মাধৱদেৱ

(গ) মহাপুৰুষ শংকৰদেৱ

উত্তৰ- (গ) মহাপুৰুষ শংকৰদেৱ ।

১৫) দুৰ্লভনাৰায়ণ এগৰাকী কি ৰজা আছিল?*

(ক) অস্ত্ৰনুৰাগী

(খ) বিদ্যানুৰাগী

(গ) যুদ্ধনুৰাগী

উত্তৰ- (খ) বিদ্যানুৰাগী ।

১৬) দুৰ্লভনাৰায়ণৰ দিনৰ কেইজন বিখ্যাত সাহিত্যিক আছিল?*

(ক) তিনিজন

(খ) দুজন

(গ) চাৰিজন

উত্তৰ- (ক) তিনিজন ।

১৭) দুৰ্লভনাৰায়ণৰ দিনৰ সাহিত্যিক কেইজনৰ নাম কি?*

(ক) হেম সৰস্বতী, কবিৰত্ন সৰস্বতী, হৰিহৰ বিপ্ৰ

(খ) হেম গোস্বামী, চন্দ্ৰপ্ৰভা,

(গ) চন্দকুমাৰ , হেমপ্ৰভা, চন্দ্ৰপ্ৰভা, হৰিহৰ বিপ্ৰ

উত্তৰ- (ক) হেম সৰস্বতী, কবিৰত্ন সৰস্বতী, হৰিহৰ বিপ্ৰ ।

১৮) হেম সৰস্বতীয়ে কেইখন পুথি অসমীয়ালৈ অনুবাদ কৰিছিল?*

(ক) এখন

(খ) দুখন

(গ) তিনিখন

উত্তৰ- (খ) দুখন ।

১৯) অসমৰ কথিত ভাষাক সাহিত্যৰ ভাষা হিচাবে প্ৰতিষ্টা কৰা ব্যক্তিজনৰ নাম কি?*

(ক) দুৰ্লভনাৰায়ণ

(খ) হৰিহৰ

(গ) হেম

উত্তৰ- (ক) দুৰ্লভনাৰায়ণ ।

২০) হেম সৰস্বতীয়ে অসমীয়ালৈ অনুবাদ কৰা পুথি খনৰ নাম কি?*

(ক) আপোন দেশ

(খ) প্ৰহ্লাদ-চৰিত্ৰ, হৰগৌৰী-সংবাদ

(গ) হৰিহৰ , হৰগৌৰী

উত্তৰ- (খ) প্ৰহ্লাদ-চৰিত্ৰ, হৰগৌৰী-সংবাদ ।

Type - Boby Bora