বাথৌ

১। বাথৌ কোন?

(ক) বড়ো জনগোষ্ঠীৰ ঘাই দেৱতা

(খ) মিছিং জনগোষ্ঠীৰ ঘাই দেৱতা

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) বড়ো জনগোষ্ঠীৰ ঘাই দেৱতা ।

২। বড়ো ভাষাত ‘বড়ো’ শব্দৰ অৰ্থ কি?

(ক) দেৱতা

(খ) মানুহ

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) মানুহ ।

৩। বড়োসকলৰ সংস্কৃতিৰ এটি উল্লেখযোগ্য দিশ কি?

(ক) বিহু

(খ) পূজা

(গ) তেওঁলোকৰ ধৰ্মীয় সংস্কৃতি

উত্তৰ- (গ) তেওঁলোকৰ ধৰ্মীয় সংস্কৃতি ।

৪। বাথৌক কাৰ লগত তুলনা কৰিব পাৰি?

(ক) হিন্দুসকলৰ দেৱতা শিৱৰ লগত

(খ) ভগৱান শ্ৰী কৃষ্ণৰ লগত

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) হিন্দুসকলৰ দেৱতা শিৱৰ লগত ।

৫। বাথৌক প্ৰতিনিধিত্ব কৰা বুলিভাবি বড়োসকলে কি গছক অতি পৱিত্ৰ জ্ঞান কৰে?

(ক) আম গছক

(খ) সিজু গছক

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) সিজু গছক ।

৬। বড়োসকল প্ৰধানত: কি?

(ক) কৃষিজীৱী

(খ) পশুপালক

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) কৃষিজীৱী ।

৭। বড়োসকলৰ প্ৰধান আহাৰ কি?

(ক) গাখীৰ

(খ) ৰুটি

(গ) ভাত

উত্তৰ- (গ) ভাত ।

৮। বড়ো মহিলাসকল কি কৰাত বৰ কাজী?

(ক) বোৱা-কটা কৰাত

(খ) ৰন্ধা-বঢ়া কৰাত

(গ) বাঁহ-বেতৰ সামগ্ৰী প্ৰস্তুত কৰাত

উত্তৰ- (ক) বোৱা-কটা কৰাত ।

৯। কাপোৰ ব’ব নজনা ছোৱালীক তেওঁলোকে কি বুলি কয়?

(ক) নজনা

(খ) আলুৰি

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) আলুৰি ।

১০। বড়ো মহিলাসকলে নাকত পিন্ধা অলংকাৰ বিধ কি?

(ক) জাপখ্ৰিং

(খ) তালিংলৰা

(গ) গণ্ঠংনি বালি

উত্তৰ- (গ) গণ্ঠংনি বালি ।

১১। বড়ো মহিলাসকলে কাণত পিন্ধা অলংকাৰ বিধ কি?

(ক) খেৰা

(খ) গণ্ঠংনি বালি

(গ) বৌলা

উত্তৰ- (ক) খেৰা ।

১২। বড়ো মহিলাসকলে হাতত পিন্ধা খাৰুক কি বুলি কয়?

(ক) জাপখ্ৰিং

(খ) বৌলা

(গ) আছান

উত্তৰ- (গ) আছান ।

১৩। উৎসৱ-পাৰ্বণৰ ভিতৰত কি উৎসৱ বড়ো-কছাৰীৰ মাজত প্ৰচলিত এক প্ৰধান জনপ্ৰিয় উৎসৱ?

(ক) দূৰ্গাপূজা

(খ) খেৰায়

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) খেৰায় ।

১৪। এই পূজা প্ৰধানত: কেইটা কাৰণত কৰা হয়?

(ক) তিনিটা

(খ) দুটা

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) তিনিটা ।

১৫। ‘দখনা’ কোনে পিন্ধে?

(ক) হিন্দু মহিলাসকলে

(খ) মুছলিম মহিলা সকলে

(গ) বড়ো-কছাৰী মহিলা সকলে

উত্তৰ- (গ) বড়ো-কছাৰী মহিলা সকলে ।

১৬। ৰাজহুৱাভাৱে কৰা খেৰায় পূজা ক’ত কৰা হয়?

(ক) পথাৰৰ মাজত

(খ) চোতালত

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) পথাৰৰ মাজত ।

১৭। গছ শব্দৰ সমাৰ্থক শব্দ কি?

(ক) বন

(খ) বৃক্ষ

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) বৃক্ষ ।

১৮। বড়োসকলৰ জাতীয় পানীয় বিধৰ নাম কি?

(ক) জৌ

(খ) আছান

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) জৌ ।

১৯। জুমায়ৰ ৰস কৰ পৰা তৈয়াৰ কৰা হয়?

(ক) গাখীৰৰ পৰা

(খ) ধানৰ পৰা

(গ) বৰা চাউলৰ পৰা

উত্তৰ- (গ) বৰা চাউলৰ পৰা ।

২০। অপ+মান= কি?

(ক) অপমান

(খ) অধিকাৰ

(গ) অভিবাদন

উত্তৰ- (ক) অপমান ।

Type - Boby Bora