বুদ্ধিয়ক টেটোন

১। ধনে-জনে টেটোন চহকী নহ’লেও বুদ্ধিত তেওঁ কি আছিল?

(ক) বৃহস্পতি

(খ) শনি

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) বৃহস্পতি ।

২। টেটোনক ঘৰৰখীয়া কৰি টেটোনৰ দেউতাক ক’লৈ গৈছিল?

(ক) মাছ মাৰিবলৈ

(খ) ভূঁই ৰুবলৈ

(গ) হাল বাবলৈ

উত্তৰ- (গ) হাল বাবলৈ ।

৩। টেটোনক ঘৰৰখীয়া কৰি টেটোনৰ মাক ক’লৈ গৈছিল?

(ক) মাছ মাৰিবলৈ

(খ) হাল বাবলৈ

(গ) ভূঁই ৰুবলৈ

উত্তৰ- (গ) ভূঁই ৰুবলৈ ।

৪। টেটোনক ঘৰৰখীয়া কৰি টেটোনৰ বায়েক ক’লৈ গৈছিল?

(ক) মাছ মাৰিবলৈ

(খ) ভূঁই ৰুবলৈ

(গ) হাল বাবলৈ

উত্তৰ- (ক) মাছ মাৰিবলৈ ।

৫। টেটোনক কিয় ঘৰৰ পৰা খেদি পঠিওৱা হৈছিল?

(ক) সি ভাত ৰন্ধা নাছিল বাবে

(খ) সি ভিনিয়েকক অনাদৰ কৰাৰ বাবে

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) সি ভিনিয়েকক অনাদৰ কৰাৰ বাবে ।

৬। তগৰ কোন?

(ক) ৰজাৰ জীয়ৰী

(খ) মন্ত্ৰীৰ জীয়ৰী

(গ) ন্যায়সোধা ফুকনৰ জীয়ৰী

উত্তৰ- (গ) ন্যায়সোধা ফুকনৰ জীয়ৰী ।

৭। বুদ্ধি+অক= কি?

(ক) বুদ্ধিয়ক

(খ) বুদ্ধিঅক

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) বুদ্ধিয়ক ।

৮। প্ৰত্যয় মূলত কেই প্ৰকাৰৰ?

(ক) পাঁচপ্ৰকাৰৰ

(খ) তিনিপ্ৰকাৰৰ

(গ) দুই প্ৰকাৰৰ

উত্তৰ- (গ) দুই প্ৰকাৰৰ ।

৯। কপাল ফুল শব্দৰ অৰ্থ কি?

(ক) এবিধ ফুল

(খ) সৌভাগ্যৰ উদয় হোৱা

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) সৌভাগ্যৰ উদয় হোৱা ।

১০। ৰগৰ শব্দৰ অৰ্থ কি?

(ক) ধেমালি

(খ) দোষ

(গ) সুখ

উত্তৰ- (ক) ধেমালি ।

১১। টেটোন ল’ৰাটি কেনেকুৱা আছিল ?

(ক) বুদ্ধিয়ক

(খ) মৰমিয়াল

(গ) চেঙেলীয়া

উত্তৰ- (গ) চেঙেলীয়া ।

১২। টেটোনক ঘৰৰখীয়া কৰি থৈ যাওঁতে টেটোন হঁতৰ ঘৰলৈ কোন আহিছিল ?

(ক) বায়েক

(খ) ভিনিহিয়েক

(গ) পেহীয়েক

উত্তৰ- (খ) ভিনিহিয়েক ।

১৩। টেটোনক ঘৰৰ পৰা ওলাই দিয়াৰ পিছত সি বাটে বাটে গৈ থাকোঁতে সন্ধিয়া তাক কোনে লগ পালে ?

(ক) গোটাচেৰেক চোৰে

(খ) ভূতে

(গ) ভগৱানে

উত্তৰ- (ক) গোটাচেৰেক চোৰে ।

১৪। পিছত গোটাচেৰেক কেইটাই টেটোনক কি কৰিবলৈ দিলে ?

(ক) কাম কৰিবলৈ দিলে

(খ) চুৰ কৰিবলৈ দিলে

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) চুৰ কৰিবলৈ দিলে ।

১৫। শেষত টেটোনৰ জগৰ কেইটা হ’ল ?

(ক) ২ টা

(খ) ৩ টা

(গ) ৫ টা

উত্তৰ- (খ) ৩ টা ।

১৬। টেটোনে বুঢ়ীক কি কৰিলে ?

(ক) মূৰ ভাঙিলে

(খ) বুকুত গুৰিয়ালে

(গ) ভৰি ভাঙিলে

উত্তৰ- (খ) বুকুত গুৰিয়ালে।

১৭। টেটোনৰ  চিঞৰ কোনে শুনি তাক ভাত খাবলৈ মাতিলে ?

(ক) তগৰে

(খ) লিগিৰীয়ে

(গ) মালতীয়ে

উত্তৰ- (ক) তগৰে ।

১৮। ৰজাৰ কথাত ন্য়ায়সোধাত কাৰ খং উঠিল ?

(ক) ফুকনৰ

(খ) তামুলী বৰুৱাৰ

(গ) ওপৰৰ দুয়োটা

উত্তৰ- (খ) তামুলী বৰুৱাৰ ।

১৯। জগৰ শব্দৰ অৰ্থ কি ?

(ক) দোষ

(খ) আন উপায়

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) দোষ ।

২০। উপায়ন্তৰ শব্দৰ অৰ্থ ক

(ক) যিয়ে গোচৰ দিয়ে

(খ) নিৰুপায়

(গ) আন উপায়

উত্তৰ- (গ) আন উপায় ।

Type - Boby Bora 


Post ID: DABP006854