পুতলা নাচ

১। কোন গাঁৱৰ গাওঁবাসীৰ মনবোৰ আজি আনন্দত উত্ৰাৱল হৈ আছে?

(ক) কমলপুৰ গাঁৱৰ

(খ) তামোলপুৰ গাঁৱৰ

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) কমলপুৰ গাঁৱৰ ।

২। কিমান বছৰৰ মূৰত গাঁওখনত পুতলা নাচৰ অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে?

(ক) প্ৰায় পাঁছ বছৰৰ মূৰত

(খ) প্ৰায় দহ বছৰৰ মূৰত

(গ) প্ৰায় পোন্ধৰ বছৰৰ মূৰত

উত্তৰ- (খ) প্ৰায় দহ বছৰৰ মূৰত ।

৩। সেই গাঁৱৰ গাওঁ বুঢ়া জনৰ নাম কি আছিল?

(ক) হৰিধন

(খ) ৰাম মহন্ত

(গ) নোমল বৰা

উত্তৰ- (গ) নোমল বৰা ।

৪। গাওঁবুঢ়াৰ নাতিয়েকৰ নাম কি?

(ক) ৰতন

(খ) ৰিকি

(গ) ৰহিম

উত্তৰ- (ক) ৰতন ।

৫। পুতলাক সংস্কৃত ভাষাত কি বোলা হয়?

(ক) কাঠৰ পুতলা

(খ) পাঞ্চালিকা

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) পাঞ্চালিকা ।

৬। পুতলাৰ বিভিন্ন অংগ-ভংগিৰ লগত সংগতি ৰাখি কোনে পেঁপাৰে মাত উলিয়াই থাকে?

(ক) সূত্ৰধাৰে

(খ) অভিনেতাই

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) সূত্ৰধাৰে ।

৭। পুতলা নাচৰ পুতলাক মূলত: কেইটা ভাগত ভগাব পাৰি?

(ক) চাৰিভাগত

(খ) ছয়ভাগত

(গ) দুইভাগত

উত্তৰ- (ক) চাৰিভাগত ।

৮।অসমত প্ৰচলিত কাঠ পুতলাবোৰ কিহৰ সহায়ত গঢ়া হয়?

(ক) কাঠৰ সহায়ত

(খ) কুঁহিলাৰ সহায়ত

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) কুঁহিলাৰ সহায়ত ।

৯। একোটা পুতলা নাচৰ দলত কিমানজনকৈ মানুহ থাকে?

(ক) ছয়-সাতজনকৈ

(খ) চাৰি-পাঁছজনকৈ

(গ) দুই-তিনিজনকৈ

উত্তৰ- (ক) ছয়-সাতজনকৈ ।

১০। যিয়ে নৃত্য কৰে,তেওঁক কি বোলে?

(ক) গীতিকাৰ

(খ) পৰিচালক

(গ) নৃত্যকাৰ

উত্তৰ- (গ) নৃত্যকাৰ ।

১১। জন্ম শব্দৰ বিপৰীত অৰ্থ কি?

(ক) মৃত্যু

(খ) পুনৰ জনম

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) মৃত্যু ।

১২। ক’লা শব্দৰ বিপৰীত অৰ্থ কি?

(ক) নীলা

(খ) হালধীয়া

(গ) বগা

উত্তৰ- (গ) বগা ।

১৩। যিয়ে অভিনয় কৰে,তেওঁক কি বোলে?

(ক) অভিনেতা

(খ) গীতিকাৰ

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) অভিনেতা ।

১৪। নাচ শব্দৰ সমাৰ্থক শব্দ কি?

(ক) গান

(খ) নৃত্য

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) নৃত্য ।

১৫। উত্ৰাৱল শব্দৰ অৰ্থ কি?

(ক) কি কৰোঁ কি নকৰোঁ অৱস্থা

(খ) আন কোনো ফালে মন নকৰাকৈ

(গ) জনা-বুজা

উত্তৰ- (ক) কি কৰোঁ কি নকৰোঁ অৱস্থা ।

১৬। বিশাৰদ শব্দৰ অৰ্থ কি?

(ক) পাৰ্গত

(খ) মুৰব্বী

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) পাৰ্গত ।

১৭। কোনে অংকীয়া নাটৰ সৃষ্টি কৰিছিল?

(ক) মাধৱদেৱে

(খ) শংকৰদেৱে

(গ) ভট্টদেৱে

উত্তৰ- (খ) শংকৰদেৱে ।

১৮। পুতলাবোৰ কি?

(ক) জীৱ

(খ) জড়

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) জড় ।

১৯। একান্তমনে শব্দৰ অৰ্থ কি?

(ক) আন কোনো ফালে মন নকৰাকৈ

(খ) মুৰব্বী

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) আন কোনো ফালে মন নকৰাকৈ ।

২০। মুখিয়াল শব্দৰ অৰ্থ কি?

(ক) পাৰ্গত

(খ) মুৰব্বী

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) মুৰব্বী ।

Type - Boby Bora



Post ID: DABP006823