পানী

১। পানী কি?

(ক) এবিধ প্ৰাকৃতিক সম্পদ

(খ) এবিধ ৰাসায়নিক সম্পদ

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) এবিধ প্ৰাকৃতিক সম্পদ ।

২। সত্তৰ কিল’গ্ৰাম ওজনৰ মানুহ এজনৰ দেহত প্ৰায় কিমান কিল’গ্ৰাম পানী থাকে?

(ক) ৬০ কিল’গ্ৰাম

(খ) ২০ কিল’গ্ৰাম

(গ) ৫০ কিল’গ্ৰাম

উত্তৰ- (গ) ৫০ কিল’গ্ৰাম ।

৩। পানী আমি কৰ পৰা পাওঁ?

(ক) ৰাসায়নিক দ্ৰব্যৰ পৰা

(খ) প্ৰকৃতিৰ পৰা

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) প্ৰকৃতিৰ পৰা ।

৪। পৃথিৱীৰ উপৰিভাগৰ প্ৰায় চাৰিভাগৰ কিমানভাগ পানীৰে আৱৰি আছে?

(ক) তিনিভাগ

(খ) চাৰিভাগ

(গ) একভাগ

উত্তৰ- (ক) তিনিভাগ ।

৫। সাধাৰণতে পানীৰ উৎস কিমান ধৰণৰ?

(ক) দুই ধৰণৰ

(খ) তিনি ধৰণৰ

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) তিনি ধৰণৰ ।

৬। খোৱাপানী কেনে হোৱা উচিত?

(ক) পৰিস্কাৰ

(খ) লেতেৰা

(গ) জীৱাণুমুক্ত

উত্তৰ- (গ) জীৱাণুমুক্ত ।

৭। পানীৰ নাটনিৰ এটা অন্যতম কাৰণ কি?

(ক) বৰষুণ

(খ) প্ৰদূষণ

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) প্ৰদূষণ ।

৮। পানী অৱিহনে কোনো প্ৰাণী জীয়াই থাকিব পাৰেনে?

(ক) পাৰে

(খ) কিছুমান প্ৰাণী পাৰে

(গ) নোৱাৰে

উত্তৰ- (গ) নোৱাৰে ।

৯। খৰচী শব্দৰ বিপৰীত অৰ্থ কি?

(ক) মৃতব্যয়ী

(খ) নখৰচী

(গ) কৃপন

উত্তৰ- (ক) মৃতব্যয়ী ।

১০। অপকাৰী শব্দৰ বিপৰীত অৰ্থ কি?

(ক) অপকাৰ

(খ) উপকাৰী

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) উপকাৰী ।

১১। শৰীৰৰ পানীৰ ভাৰসাম্য় __________?

(ক) অতি প্ৰয়োজন

(খ) অতি নিখুঁত

(গ) অপ্ৰয়োজনীয়

উত্তৰ- (খ) অতি নিখুঁত ।

১২। উদ্ভিদে কেনেকৈ পানী শুহি ল’ব পাৰে ?

(ক) গা-গছেৰে

(খ) পাতেৰে

(গ) শিপাৰে

উত্তৰ- (গ) শিপাৰে ।

১৩। এক টন কাগজ উৎপাদন কৰিবলৈ কিমান টন পানীৰ আৱশ্য়ক ?

(ক) বিশ টন

(খ) ত্ৰিশ টন

(গ) পঞ্চাছ টন

উত্তৰ- (গ) পঞ্চাছ টন ।

১৪। পানীৰ যি চকৰি অনবৰতে চলি থাকে তাক কি বোলে ?

(ক) জলচক্ৰ

(খ) বৃত্ত চকৰি

(গ) এটাও নহয়

উত্তৰ- (ক) জলচক্ৰ ।

১৫। পৃথিৱীৰ মানুহক যদি পানী বিলাই দিয়া হয় গাইপতি কিমানকৈ পৰিব ?

(ক) পাঁচ নিযুত লিটাৰিকৈ

(খ) পাঁচশ নিযুত লিটাৰিকৈ

(গ) দুশ নিযুত লিটাৰিকৈ

উত্তৰ- (খ) পাঁচশ নিযুত লিটাৰিকৈ ।

১৬। এই পানীৰ শতকৰা কিমান ভাগ লুণীয়া ?

(ক) ষাঠি শতকৰা

(খ) পঞ্চাছ শতকৰা

(গ) সাতান্নবৈ শতকৰা

উত্তৰ- (গ) সাতান্নবৈ শতকৰা ।

১৭। গাঁৱৰ মানুহে সাধাৰণতে কিহৰ পানী ব্য়ৱহাৰ কৰে ?

(ক) মটৰৰ পানী

(খ) দমকলৰ পানী

(গ) নদীৰ পানী

উত্তৰ- (খ) দমকলৰ পানী ।

১৮। নাটনি শব্দৰ অৰ্থ কি ?

(ক) অভাৱ হোৱা

(খ) কমি যোৱা

(গ) এটাও নহয়

উত্তৰ- (ক) অভাৱ হোৱা ।

১৯। সচৰাচৰ শব্দৰ অৰ্থ কি ?

(ক) ওলাই যোৱা

(খ) মাটিৰ তল

(গ) সাধাৰণতে

উত্তৰ- (গ) সাধাৰণতে ।

২০। নিৰ্গত শব্দৰ অৰ্থ কি ?

(ক) বিলাই দিয়া

(খ) ওলাই যোৱা

(গ) প্ৰকৃতি

উত্তৰ- (খ) ওলাই যোৱা ।

Type - Boby Bora 

 

Post ID: DABP006820