মহোহো

১। লোক-উৎসৱত অসম কি?

(ক) অতি চহকী

(খ) অতি দুখীয়া

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) অতি চহকী ।

২। নামনি অসমত পালন কৰা এটি জনপ্ৰিয় লোক-উৎসৱ কি?

(ক) বিহু উৎসৱ

(খ) মহোহো উৎসৱ

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) মহোহো উৎসৱ ।

৩। বড়ো ভাষাত হো মানে কি?

(ক) কোনো এটা বস্তু বিচৰা

(খ) উৎসৱ

(গ) খেদি দিয়া

উত্তৰ- (গ) খেদি দিয়া ।

৪। এই উৎসৱ কেতিয়া পালন কৰা হয়?

(ক) আঘোণ মাহৰ পূৰ্ণিমা তিথিত

(খ) পুহ মাহত

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) আঘোণ মাহৰ পূৰ্ণিমা তিথিত ।

৫। টোকোন লৈ মহ মৰাটো সম্ভৱ নে?

(ক) সম্ভৱ হয়

(খ) সম্ভৱ নহয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) সম্ভৱ নহয় ।

৬। লোক-বিশ্বাস মতে কোন জন্তুৱে মহ খায়?

(ক) বাঘে

(খ) সিংহই

(গ) ভালুকে

উত্তৰ- (গ) ভালুকে ।

৭। মহোহোৰ দল কি হৈ উভতি গলে ঘৰখনলৈ অমংগল আহে বুলি বিশ্বাস কৰা হয়?

(ক) অসস্তুষ্ট হৈ উভতি গলে

(খ) সন্তুষ্ট হৈ উভতি গলে

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) অসস্তুষ্ট হৈ উভতি গলে ।

৮। নামনি অসমৰ কোনো কোনো অঞ্চলত পালন কৰা কি উৎসৱৰ লগত মহোহো গীতৰ সামঞ্জস্য দেখা যায়?

(ক) এউৰি মাগা উৎসৱৰ লগ

(খ) বাম্বোল পিটা উৎসৱৰ লগত

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) বাম্বোল পিটা উৎসৱৰ লগত ।

৯। গোৱালপাৰা জিলাত পালন কৰা কি উৎসৱৰ লগত মহোহো গীতৰ সামঞ্জস্য দেখা যায়?

(ক) এউৰি মাগা উৎসৱৰ লগত

(খ) বাম্বোল পিটা উৎসৱৰ লগত

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) এউৰি মাগা উৎসৱৰ লগত ।

১০। লোকবিশ্বাস শব্দৰ অৰ্থ কি?

(ক) পৰস্পৰ মিল

(খ) সাজ-পাৰ

(গ) জনসাধাৰণৰ মাজত প্ৰচলিত বিশ্বাস

উত্তৰ- (গ) জনসাধাৰণৰ মাজত প্ৰচলিত বিশ্বাস ।

১১। সামঞ্জস্য শব্দৰ অৰ্থ?

(ক) সাজ-পাৰ

(খ) মান বা ভক্তি ভাৱেৰে দিয়া বস্তু

(গ) পৰস্পৰ মিল

উত্তৰ- (গ) পৰস্পৰ মিল ।

১২। বেশ শব্দৰ অৰ্থ কি?

(ক) মাননি

(খ) সাজ-পাৰ

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) সাজ-পাৰ ।

১৩। মাননি শব্দৰ অৰ্থ কি?

(ক) পৰস্পৰ মিল

(খ) মান বা ভক্তি ভাৱেৰে দিয়া বস্তু

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) মান বা ভক্তি ভাৱেৰে দিয়া বস্তু ।

১৪। অবিচ্ছেদ্য শব্দৰ অৰ্থ কি?

(ক) এৰিব নোৱৰা

(খ) পৰস্পৰ মিল

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) এৰিব নোৱৰা ।

১৫। গৃহস্থ শব্দৰ বিপৰীত অৰ্থ কি?

(ক) ওচৰ-চুবুৰীয়া

(খ) অতিথি

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) অতিথি ।

১৬। মংগল শব্দৰ বিপৰীত অৰ্থ কি?

(ক) মংগল কামনা কৰা

(খ) ভাল

(গ) অমংগল

উত্তৰ- (গ) অমংগল ।

১৭। আৰ্শীবাদ শব্দৰ বিপৰীত অৰ্থ কি?

(ক) অভিশাপ

(খ) সন্তুষ্ট

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) অভিশাপ ।

১৮। আনন্দ শব্দৰ বিপৰীত অৰ্থ কি?

(ক) দুখ

(খ) সুখ

(গ) বিষাদ

উত্তৰ- (গ) বিষাদ ।

১৯। বিশ্বাস শব্দৰ বিপৰীত অৰ্থ কি?

(ক) বিশ্বাসী

(খ) অবিশ্বাস

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) অবিশ্বাস ।

২০। মানুহৰ মনৰ ভাব প্ৰকাশ কৰা এটা মাধ্যম কি?

(ক) ভাষা

(খ) শব্দ

(গ) বাক্য

উত্তৰ- (ক) ভাষা ।

Type - Boby Bora 


Post ID: DABP006864