মঙলতিৰ মঙল

১। মঙলতিৰ মঙল কবিতাটোৰ কবিজনৰ নাম কি?

(ক) মিত্ৰদেৱ মহন্ত

(খ) নৱকান্ত বৰুৱা

(গ) লক্ষ্মীনাথ বেজবৰুৱা

উত্তৰ- (ক) মিত্ৰদেৱ মহন্ত ।

২। ভাত-পানী নহ’লেও বুঢ়াক কি লাগিছিল?

(ক) চাহ

(খ) জুইকুৰা

(গ) বাদাম ভজা

উত্তৰ- (খ) জুইকুৰা ।

৩। জুই ধৰা দেখি বুঢ়াক কোনে হুই মাৰি ধৰেহি?

(ক) বুঢ়াৰ পুতেকে

(খ) বুঢ়াৰ লগৰ মানুহবোৰে

(গ) বুঢ়াৰ নাতি-পুতি সোপাই

উত্তৰ- (গ) বুঢ়াৰ নাতি-পুতি সোপাই ।

৪। মঙলতিয়ে বুঢ়াক কি বুলি বুদ্ধি দিছিল?

(ক) খৰি সৰহাই দিবলৈ বুদ্ধি দিছিল

(খ) জুই নধৰিবলৈ কৈছিল

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) খৰি সৰহাই দিবলৈ বুদ্ধি দিছিল ।

৫। জুই শব্দটোৰ সমাৰ্থক শব্দ কি?

(ক) পানী

(খ) অগ্নি

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) অগ্নি ।

৬। পানী শব্দটোৰ সমাৰ্থক শব্দ কি?

(ক) জল

(খ) জুই

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) জল ।

৭। টোপনি শব্দটোৰ সমাৰ্থক শব্দ কি?

(ক) জাগ্ৰত

(খ) সাৰ পোৱা

(গ) নিদ্ৰা

উত্তৰ- (গ) নিদ্ৰা ।

৮। কোনবোৰ দিনত জুই পুৱায়?

(ক) ঠাণ্ডা দিনত

(খ) গৰমৰ দিনত

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) ঠাণ্ডা দিনত ।

৯। চল+ অচল= কি?

(ক) হিমাচল

(খ) চলাচল

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) চলাচল ।

১০। হিম+ অচল= কি?

(ক) হিমাচল

(খ) চলাচল

(গ) হিমালয়

উত্তৰ- (ক) হিমাচল ।

১১। নিতৌ বৃঢ়া-বুঢ়ীয়ে কি কৰে ?

(ক) কাম কৰে

(খ) জুই ধৰে

(গ) ওপৰৰ দুয়োটা

উত্তৰ- (খ) জুই ধৰে ।

১২। শিয়ান শব্দৰ অৰ্থ কি ?

(ক) টেঙৰ

(খ) সৰহকৈ

(গ) বেছিকৈ

উত্তৰ- (ক) টেঙৰ ।

১৩। সৰহাই শব্দৰ অৰ্থ কি ?

(ক) জুই

(খ) টোপনি

(গ) বেছিকৈ

উত্তৰ- (গ) বেছিকৈ ।

১৪। বুঢ়াই কিয় মঙলতিৰ কাষ চাপিছিল ?

(ক) জুই ধৰাৰ কথা কব

(খ) দুখৰ কথা কব

(গ) সুখৰ কথা কব

উত্তৰ- (খ) দুখৰ কথা কব ।

১৫। ‘পৰীক্ষা’ শব্দটোৰ সন্ধি ভাঙিলে হ’ব—

(ক) পৰি-ঈক্ষা

(খ) পৰী-ইক্ষা

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) পৰি-ঈক্ষা ।

১৬। পৃথিৱীৰ সমাৰ্থক শব্দৰ কি ?

(ক) ধৰা

(খ) ধৰিত্ৰী

(গ) ওপৰৰ দুয়োটা

উত্তৰ- (গ) ওপৰৰ দুয়োটা ।

১৭। পৰিস্কাৰ শব্দটো বিসৰ্গ সন্ধি কৰিলে কৰি হ’ব ?

(ক) পৰিঃ + কাৰ

(খ) পৰি + কাৰ

(গ) পৰী + কাৰ

উত্তৰ- (ক) পৰিঃ + কাৰ ।

১৮। সংগীত শব্দটো সন্ধি ভাঙিলে কি হ’ব ? 

(ক) সং + গীত

(খ) সম্ + গীত

(গ) এটাও নহয়

উত্তৰ- (খ) সম্ + গীত ।

১৯। ৰজা শব্দৰ বিপৰীত অৰ্থ কি ?

(ক) বুঢ়া

(খ) প্ৰজা

(গ) ৰাণী

উত্তৰ- (গ) ৰাণী ।

২০। ককা শব্দৰ বিপৰীত শব্দ কি ?

(ক) মা

(খ) আইতা

(গ) দেউতা

উত্তৰ- (খ) আইতা ।

Type - Boby Bora 


Post ID: DABP006863