Chapter 15

কাগজ-কলমৰ ৰণ

১। কাৰ বুকুত ডাঙৰ ডাঙৰ কথা লিখা থাকে?

(ক) কাগজৰ বুকুত

(খ) কলমৰ বুকুত

(গ) বেগৰ বুকুত

উত্তৰ- (ক) কাগজৰ বুকুত ।


২। সোণটি কাগজ-কলমৰ জঙ্ক পঙ্ক দেখি কাক মাতিছিল?

(ক) মাকক

(খ) দেউতাকক

(গ) ককাকক

উত্তৰ- (খ) দেউতাকক ।


৩। ভাল মন হ’লে ভাল কাম হয় বেয়া কৰে বেয়া মনে এই কথা সাৰ কোনে কৈছিল?

(ক) দেউতাই

(খ) আইতাই

(গ) সোণটিই

উত্তৰ- (খ) আইতাই ।


৪। এই নাটিকাখন কোনে ৰচনা কৰিছিল?

(ক) নৱকান্ত বৰুৱাই

(খ) লক্ষ্মীনাথ বেজবৰুৱাই

(গ) জ্য়োতিপ্ৰসাদ আগৱালা

উত্তৰ- (ক) নৱকান্ত বৰুৱাই ।


৫। নৱকান্ত বৰুৱা কিমান চনত জন্ম হৈছিল?

(ক) ১৯২৬ চনত

(খ) ১৯২৭ চনত

(গ) ১৯২৮ চনত

উত্তৰ- (ক) ১৯২৬ চনত ।


৬। বাঃ বাঃ মহাপুৰুষ ক’লা পানী খায় এই কথাষাৰ কোনে কৈছিল?

(ক) কাগজে

(খ) কলমে

(গ) সোণটি

উত্তৰ- (ক) কাগজে ।


৭। আইতাই সোণটিক বাহিৰত জুৰ বতাহত কি খেলিব দিছে?

(ক) ছেং গুটি

(খ) টাং গুটি

(গ) লুডু

উত্তৰ- (খ) টাং গুটি ।


৮। কলম আৰু কাগজে কিহৰ ছেওত যুদ্ধ কৰে?

(ক) নাটকৰ ছেওত

(খ) ভাওনা ছেওত

(গ) থিয়েতাৰ ছেওত

উত্তৰ- (খ) ভাওনা ছেওত ।


৯। ১৯৪৩ চনত নৱকান্ত বৰুৱাই উচ্চ শিক্ষাৰ বাবে  কলৈ ঢাপলি মেলে?

(ক) কলকতালৈ

(খ) দিল্লীলৈ

(গ) আমেৰিকালৈ

উত্তৰ- (ক) কলকতালৈ ।


১০। নৱকান্ত বৰুৱা কিমান চনত আৰু কিমান তাৰিখে মৃত্য়ু হৈছিল?

(ক) ১৪ জুলাই, ২০০২

(খ) ১৮ জানুৱাৰিত, ২০০৩ চনত

(গ) ৭ নৱেম্বৰ, ১৯৯৯ চনত

উত্তৰ- (ক) ১৪ জুলাই, ২০০২ ।


১১। ৰণচালি ধৰি মেজখনকেই কি কৰিছে?

(ক) কাৰখানা

(খ) শৰাইঘাট

(গ) যুদ্ধ

উত্তৰ- (খ) শৰাইঘাট ।


১২। আনে যদি নচলায় এখোজ নাযায়। এই কথাষাৰ কোনে কৈছিল?

(ক) কাগজে

(খ) কলমে

(গ) সোণটিয়ে

উত্তৰ- (ক) কাগজে ।


১৩। বেচ কথা ভাই তোৰতো বহুত কাম। এই বুলি কোনে কৈছিল?

(ক) কাগজে

(খ) কলমে

(গ) আইতাকে

উত্তৰ- (গ) আইতাকে ।


১৪। গপ শব্দৰ  অৰ্থ কি?

(ক) অহংকাৰ

(খ) সহজ-সৰল

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) অহংকাৰ ।


১৫। লেঠা শব্দৰ অৰ্থ কি?

(ক) সুবিধা

(খ) অসুবিধা

(গ) আপদ

উত্তৰ- (খ) অসুবিধা ।


১৬। খৰিয়াল শব্দৰ অৰ্থ কি?

(ক) শিয়াল

(খ) এবিধ সৰু গছ

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) এবিধ সৰু গছ ।


১৭। ৰণৰ চালি=?

(ক) ৰণৰ চালি

(খ) ৰণচালি

(গ) ৰণৰচালি

উত্তৰ- (খ) ৰণচালি ।


১৮। ঢেঁকীৰ থোৰা =?

(ক) ঢেঁকীৰ থোৰা

(খ) ঢেঁকীথোৰা

(গ) ওপৰৰ দুয়োটাই শুদ্ধ

উত্তৰ- (খ) ঢেঁকীথোৰা ।


১৯। চিয়াঁহী শব্দৰ অৰ্থ কি?

(ক) মহি

(খ) মিহি

(গ) মহী

উত্তৰ- (গ) মহী ।


২০। কাগজে কাক মহাপুৰুষ বুলি কৈছে?

(ক) আইতাকক

(খ) কলমক

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) কলমক


 Type: Pompi Hazarika


Post ID: DABP006993