TRANSFER OF HEAT NATURE
প্ৰকৃতিত তাপৰ সঞ্চালন
CHAPTER 9
EXERCISE (অনুশীলনী)
Q. 1. State whether True or False. (শুদ্ধ নে অশুদ্ধ কোৱা-)
(a) In solids, heat is transferred mainly
through the process of convection. [T/F] (কঠিন পদাৰ্থত পৰিচলন প্ৰক্ৰিয়াৰ জৰিয়তে তাপ সঞ্চালন হয়।)
(শুদ্ধ/অশুদ্ধ)
Ans. False (অশুদ্ধ)
(b) Air gets heated by the process of
convection. [T/F] (পৰিচলন
প্ৰক্ৰিয়াৰ দ্বাৰা বায়ুৰ উষ্ণতা বৃদ্ধি হয়।) (শুদ্ধ/অশুদ্ধ)
Ans. True (শুদ্ধ)
(c) Radiation is a method of heat transfer
that requires a medium. [T/F] (তাপ বিকিৰণ প্ৰক্ৰিয়াত তাপ সঞ্চালনৰ বাবে এটা মাধ্যমৰ প্ৰয়োজন হয়।) (শুদ্ধ/অশুদ্ধ)
Ans. False (অশুদ্ধ)
(d) Water seeps through clay faster than
through gravel. [T/F]
(শিলতকৈ বোকা-মাটিৰ মাজেৰে সোনকালে পানী নিগৰি ওলাই যায়।)
(শুদ্ধ/অশুদ্ধ)
Ans. False (অশুদ্ধ)
(e) A sea breeze is the movement of cooler
air from the sea towards the land during the day. [T/F] (জল বতাহ হ'ল দিনৰ ভাগত সাগৰৰ পৃষ্ঠৰপৰা স্থলভাগলৈ বৈ অহা ঠাণ্ডা
বতাহ।) (শুদ্ধ/অশুদ্ধ)
Ans. True (শুদ্ধ)
Q. 2. Darken the circle of the correct
answer (শুদ্ধ উত্তৰৰ গোলটো
সম্পূৰ্ণকৈ পূৰ কৰা।)
(i) A hot metal pan is removed from a
flame and placed on a pan counter. It eventually cools down to room
temperature. How does it primarily lose its heat?
(ধাতুৰে তৈয়াৰী এটা গৰম কেৰাহী জুইৰ পৰা নমাই কোনো এক
ধাৰকত থোৱা হ'ল। লাহে লাহে কেৰাহীটো ঠাণ্ডা হৈ কোঠাৰ সাধাৰণ উষ্ণতাৰ
সমান হৈ পৰিল। মূলতঃ কি প্ৰক্ৰিয়াৰ দ্বাৰা কেৰাহীটোৰে তাপ হ্রাস হ'ল?)
(a) Through convection. (পৰিচলন প্ৰক্ৰিয়াৰ জৰিয়তে)
(b) Through conduction. (পৰিবহণ প্ৰক্ৰিয়াৰ জৰিয়তে)
(c) Through radiation. (বিকিৰণ প্ৰক্ৰিয়াৰ জৰিয়তে)
(d) Through a combination of
conduction and convection. (পৰিচলন
আৰু পৰিবহণ প্ৰক্ৰিয়াৰ জৰিয়তে।)
Ans. (c)
(ii) What is the primary reason why water
seeps much more slowly through clay than through gravel?
(বোকা মাটিতকৈ শিলৰ মাজেৰে পানী কিয় ক্ষিপ্ৰতাৰে নিগৰি
ওলাই যায়?)
(a) Clay is found deeper
underground than gravel. (ভূ-গর্ভত
বোকা মাটি শিলতকৈ তলত পোৱা যায়।)
(b) Gravel particles are
smaller and remain packed together more tightly. (শিলৰ কণিকাবোৰ ক্ষুদ্ৰ আৰু একেলগে লাগি থাকে।)
(c) The spaces between clay
particles are much smaller and loosely bound. (মাটিৰ কণিকাবোৰৰ মাজৰ ঠাইবোৰ সৰু আৰু একেলগে লাগি
নাথাকে।)
(d) The chemical composition
of clay repels water. (মাটিৰ
ৰাসায়নিক গঠনে পানীক বিকৰ্ষণ কৰে।)
Ans. (c)
(iii) Which of the following processes
primarily transfer heat through a solid metal rod and water?
(কোন কোন প্ৰক্ৰিয়াৰ জৰিয়তে মূলতঃ কঠিন ধাতুৰ দণ্ড আৰু
পানীৰ মাজেৰে তাপ সঞ্চালন হয়?)
(a) Radiation and convection
(পৰিচলন আৰু বিকিৰণ)
(b) Conduction and
convection (পৰিবহণ আৰু পৰিচলন)
(c) Convection and
radiation (বিকিৰণ আৰু পৰিচলন)
(d) Radiation and
conduction (বিকিৰণ আৰু পৰিবহণ)
Ans. (b)
(iv) A pressure cooker is made of steel or
aluminium, while its andle is made of plastic or wood. Why are different
materials used?
(প্ৰেচাৰ কুকাৰ তীখা বা এলুমিনিয়ামৰদ্বাৰা প্ৰস্তুত কৰা
হয়। কিন্তু ইয়াৰ নালডাল ষ্টিক বা কাঠেৰে তৈয়াৰ কৰা হয়। কিয়?)
(a) Steel or aluminium is a
poor conductor of heat, and plastic is a good conductor. (তীখা বা এলুমিনিয়াম তাপৰ কুপৰিবাহী আৰু প্লাষ্টিক তাপৰ
সুপৰিবাহী।)
(b) Steel or aluminium is a
good conductor of heat, and plastic is a poor conductor. (তীখা বা এলুমিনিয়াম তাপৰ সুপৰিবাহী আৰু প্লাষ্টিক তাপৰ
কুপৰিবাহী।)
(c) Steel or aluminium
transfers heat by convection, while plastic transfers heat by conduction. (তীখা বা এলুমিনিয়ামত পৰিবহণ প্ৰক্ৰিয়াৰে আৰু প্লাষ্টিকত
পৰিচলন প্ৰক্ৰিয়াৰে তাপ সঞ্চালন হয়।)
(d) Steel or aluminium
transfers heat by conduction, while plastic transfers heat by convection. (তীখা বা এলুমিনিয়ামত পৰিচলন প্ৰক্ৰিয়াৰে আৰু প্লাষ্টিকত
পৰিবহণ প্ৰক্ৰিয়াৰে তাপ সঞ্চালন হয়।
Ans. (b)
Q. 3. Read the following two statements
carefully. One of them is given as the 'Assertion' and the other as the
'Reason'. (তলৰ বাক্য
দুটা ভালদৰে পঢ়া। ইয়াৰ এটা বাক্য উক্তি আৰু আনটো যুক্তি হিচাপে দিয়া আছে।)
Assertion : Sea
breeze blows from the sea toward the land during day time. (উক্তি: জলবতাহ দিনৰ ভাগত সাগৰৰপৰা স্থললৈ প্ৰবাহিত হয়।)
Reason: Land gets heated
up faster than water under sunlight, so warm air over land rises and is
replaced by cooler air from the sea.
(যুক্তি:
সূৰ্যৰ তাপত স্থলভাগ সাগৰতকৈ
সোনকালে গৰম হয়, সেইবাবে
ভূ-পৃষ্ঠৰ বায়ু গৰম হৈ ওপৰলৈ উঠি যায় আৰু সেই খালী ঠাই সাগৰৰপৰা অহা ঠাণ্ডা বতাহে
পূৰ কৰে।)
Choose the correct answer from the
available options (তলৰ
বিকল্পবোৰৰ পৰা শুদ্ধ উত্তৰ বাছি উলিওৱা—)
(a) Both Assertion and Reason are true,
and Reason is the correct explanation of Assertion. (উক্তি আৰু যুক্তি দুয়োটা সত্য আৰু যুক্তি
উক্তিৰ সঠিক ব্যাখ্যা।)
(b)
Both Assertion and Reason are true, but Reason is not the correct explanation
of Assertion. (উক্তি আৰু
যুক্তি দুয়োটা শুদ্ধ কিন্তু যুক্তিক্ত উক্তিৰ সঠিক ব্যাখ্যা নহয়।
(c) Assertion is true, but Reason is
false. (উক্তি সত্য কিন্তু
যুক্তি অসত্য।)
(d) Assertion is false, but Reason is
true. (উক্তি অসত্য কিন্তু
যুক্তি সত্য।)
Ans. (a).
Q. 4. Fill up the blanks (খালী ঠাই পূৰ কৰা।)
(a) The process of heat transfer from the
hotter part of an object to à colder part without changing the position of its
particles is called_______. (কণিকাৰ
স্থান পৰিৱৰ্তন নোহোৱাকৈ বস্তুৰ গৰম অংশৰপৰা ঠাণ্ডা অংশলৈ তাপ সঞ্চালন প্রক্রিয়াক _____
বোলে।
Ans. conduction (পৰিবহণ)
(b) Materials that do not allow heat to
pass through them easily are called _______ of heat. (যিবোৰ সামগ্ৰীৰ মাজেৰে তাপ সহজে পাৰ হৈ যাব নোৱাৰে
সেইবোৰক তাপৰ ______ বোলা হয়।)
Ans. poor conductor (কুপৰিবাহী)
(c) In liquids and gases, heat is
transferred mainly by the process of ______. (জুলীয়া আৰু গেছীয় পদার্থত তাপ মূলতঃ ______প্ৰক্ৰিয়াৰে সঞ্চালন হয়।)
Ans. convection (পৰিচলন)
(d) All kind of objects exchange heat with
their surroundings through the process of____ . (সকলো বস্তুয়ে নিজৰ চৌপাশৰ সৈতে ________
প্ৰক্ৰিয়াৰ জৰিয়তে
তাপ বিনিময় কৰে।)
Ans. radiation (বিকিৰণ)
Q. 5. A stainless-steel spoon kept in a
cup of hot water becomes hot within a few minutes. Explain how heat is
transferred along the spoon and predict which part becomes hot first and which
part gets heated up last?
(গৰম পানীত এখন ষ্টীলৰ চামুচ ৰাখিলে কেইমিনিটমানৰ পাছত গোটেই
চামুচখন গৰম হৈ পৰে। চামুচখনৰ মাজেৰে তাপ কিদৰে সঞ্চালন হ'ল
আৰু চামুচখনৰ কোনটো অংশ প্রথমে আৰু কোনটো অংশ শেষত গৰম হ'ব
ব্যাখ্যা কৰা।)
Ans. Heat travels
through the spoon by the process of conduction because steel is a good
conductor of heat. The heat passes from the hot water to the spoon and then
spreads throughout it.
The end of the spoon dipped in
hot water becomes hot first, while the handle or the farthest end of the spoon
becomes hot last.
(ষ্টীল তাপৰ ভাল পৰিবাহী হোৱা বাবে চামুচখনৰ মাজেৰে পৰিবহণ
প্ৰক্ৰিয়াৰে তাপ সঞ্চালিত হয়। গৰম পানীৰ পৰা চামুচখনলৈ তাপ গৈ লাহে লাহে গোটেই
চামুচখনত বিস্তাৰ হয়।
গৰম পানীত ডুবাই
থোৱা চামুচৰ অংশটো প্ৰথমে গৰম হয় আৰু হাতল বা আটাইতকৈ দূৰৰ অংশটো শেষত গৰম হয়।)
Q. 7. On sunny days in coastal areas,
houses often have windows open facing towards the sea. Explain how this design
helps keep the indoors comfortable, with reference to the mechanism of sea
breeze.
(ফৰকাল দিনত উপকূলীয় অঞ্চলৰ ঘৰবোৰৰ সাগৰৰ ফালে মুখ কৰি থকা
খিৰিকীবোৰ প্রায়েই খুলি ৰখা হয়। এই ব্যৱস্থাপনাই ঘৰৰ ভিতৰখন আৰামদায়ক কৰি ৰখাত
কেনেদৰে সহায় কৰে তাক জলবতাহৰ প্ৰসঙ্গত ব্যাখ্যা কৰা।)
Ans. During daytime, land
gets heated more quickly than sea water. As a result, the air above the land
becomes hot and rises upward. Cooler air from the sea then moves towards the
land to occupy the empty space. This cool air coming from the sea is known as
sea breeze. Therefore, windows facing the sea are kept open so that the cool
sea breeze can enter the house and keep the indoors comfortable.
(দিনৰ সময়ত স্থলভাগ সাগৰৰ পানীতকৈ বেছি সোনকালে গৰম হয়। ফলত মাটিৰ
ওপৰৰ বায়ু গৰম হৈ ওপৰলৈ উঠি যায়। তেতিয়া সেই খালী ঠাই পূৰণ কৰিবলৈ সাগৰৰ পৰা শীতল
বায়ু স্থলভাগলৈ আহে। সাগৰৰ পৰা অহা এই শীতল বতাহক জলবতাহ বোলে। সেয়েহে সাগৰৰ ফালে
থকা খিৰিকী খুলি ৰখা হয় যাতে শীতল জলবতাহ ঘৰৰ ভিতৰলৈ সোমাই ঘৰখন আৰামদায়ক কৰি
ৰাখে।)
Q. 8. People sitting around a fireplace
feel warm even if the air between them is cool. Explain the actual mode of heat
transfer involved in this process. (জুইৰ চাৰিওফালে বহি থকা মানুহবোৰে কাষৰ ঠাইখিনিৰ বায়ু
ঠাণ্ডা হ'লেও গৰম অনুভৱ কৰে। এই প্ৰক্ৰিয়াৰ লগত জড়িত তাপ সঞ্চালনৰ
প্ৰধান প্রক্রিয়াটো ব্যাখ্যা কৰা।)
Ans. The mode of heat
transfer involved in this process is radiation. In this process heat is
transferred from an object to the other without any medium. (এই প্ৰক্ৰিয়াৰ লগত জড়িত তাপৰ সঞ্চালনৰ প্ৰধান
প্ৰক্ৰিয়াটো হ'ল
বিকিৰণ। এই প্রক্রিয়াত কোনো মাধ্যমৰ প্ৰয়োজন নোহোৱাকৈ এটা বস্তুৰ পৰা আন এটা
বস্তুলৈ তাপৰ সঞ্চালন হয়।
Q. 9. List the major causes of groundwater
depletion, highlighting the specific factors in rural, urban, and industrial
areas. (গাঁও,
চহৰ আৰু ঔদ্যোগিক
অঞ্চলবোৰৰ ভূগর্ভস্থ পানীৰ অভাৱ হোৱাৰ প্ৰধান কাৰণসমূহৰ এটি তালিকা প্রস্তুত কৰা।)
Ans.
(a) Causes of groundwater
depletion in rural areas (গাঁও
অঞ্চলত ভূগর্ভস্থ পানীৰ অভাৱ হোৱাৰ কাৰণ-)
(i) Cultivation of high
water demanding crops. (অধিক
পানীৰ প্ৰয়োজন হোৱা শস্যৰ খেতি।)
(ii) Wastage of water
by inefficient irrigation system. (কম
দক্ষতাপূর্ণ জলসিঞ্চন ব্যৱস্থাৰ দ্বাৰা পানীৰ অপচয়।)
(b) Causes of groundwater
depletion in urban areas (চহৰ
অঞ্চলত ভূগর্ভস্থ পানীৰ অভাৱ হোৱাৰ কাৰণ-)
(i) Over-extraction of
groundwater by a large population for daily consumption and industrial use. (এক বৃহৎ আবাদীৰ মানুহৰ দ্বাৰা দৈনন্দিন কাম-কাজ আৰু উদ্যোগত ব্যৱহাৰৰ বাবে ভূগর্ভস্থ
পানীৰ অত্যধিক আহৰণ।)
(ii) Loss of
vegetation cover and wetlands. (উদ্ভিদ
আৰু আর্দ্রভূমি নোহোৱা হোৱা।)
(iii) Reduced
infiltration of rainwater due to structures made of concrete. (কংক্রিটৰ দ্বাৰা নিৰ্মিত গঠনবোৰৰ বাবে বৰষুণৰ পানীৰ
মাটিলৈ শোষণ হ্রাস পোৱা।)
(c) Causes of groundwater
depletion in industrial areas (ঔদ্যোগিক
অঞ্চলত ভূগর্ভস্থ পানীৰ অভাৱ হোৱাৰ কাৰণ-)
(i) Excessive and
unregulated extraction of groundwater for use in various industrial processes.
(বিভিন্ন ঔদ্যোগিক প্রক্রিয়াত
ব্যৱহাৰৰ বাবে ভূগর্ভস্থ পানীৰ অত্যধিক আৰু অনিয়ন্ত্ৰিত আহৰণ।)
(ii) Pollution of
groundwater by industrial effluents. (ঔদ্যোগিক বর্জিত পদাৰ্থৰ দ্বাৰা হোৱা ভূগর্ভস্থ পানীৰ প্ৰদূষণ।)
Q. 10. Two identical cups are filled with
equally hot tea—one porcelain and one stainless steel. Predict which cup of tea
will remain hot for a longer time, and explain the reason. (এটা চীনামাটি আৰু এটা ষ্টীলৰ কাপত সমপৰিমাণৰ গৰম চাহ
লোৱা হ'ল।
কোনটো কাপত চাহ দেৰিলৈকে গৰম হৈ থাকিব' বুলি ভাবা? কাৰণ ব্যাখ্যা কৰা।)
Ans. The porcelain cup
will remain hot for a longer time. Because porcelain is a poor conductor of
heat and hence it does not allow heat from the tea to pass through it. On the
other hand, stainless steel is à good conductor of heat and it allows heat from
the tea to pass through it. Then the heat is radiated from its surface.
(চীনামাটিৰ
কাপত চাহ দেৰিলৈকে গৰম হৈ থাকিব। কাৰণ চীনামাটি তাপৰ কুপৰিবাহী আৰু সেয়ে ই চাহৰ
পৰা তাপ ইয়াৰ মাজেৰে পাৰ হৈ যাবলৈ নিদিয়ে। আনহাতে, ষ্টীল তাপৰ সুপৰিবাহী হোৱা বাবে ইয়াৰ মাজেৰে চাহৰ পৰা
তাপ সহজে পাৰ হৈ যায় আৰু পিছত ইয়াৰ পৃষ্ঠৰ পৰা এই তাপ পৰিৱেশলৈ বিকিৰিত হয়।
Q. 11. The temperatures of three
substances were recorded after being heated to the same temperature and then
allowed to cool under the same conditions. The data are shown below: (কেইবিধমান পদার্থ একে উষ্ণতালৈ গৰম কৰি একেই পৰিস্থিতিত
ঠাণ্ডা হ'বলৈ দিয়া হ'ল। ইয়াৰ তথ্যখিনি তলত দিয়া হৈছে।)
|
SI. No (ক্ৰ.নং) |
Time (minutes) (সময়) (মিনিট) |
Temperature of Substance A (°C) (পদাৰ্থ
A
ৰ উষ্ণতা) (°C) |
Temperature of Substance B (°C) (পদাৰ্থ
B
ৰ উষ্ণতা) (°C) |
Temperature of Substance C(°C) (°C) (পদাৰ্থ
C
ৰ উষ্ণতা) (°C) |
|
1. |
0 |
80 |
80 |
80 |
|
2. |
10 |
72 |
65 |
55 |
|
3. |
20 |
66 |
58 |
40 |
|
4. |
40 |
62 |
46 |
32 |
Answer the following: (তলত দিয়াবোৰৰ যথাযথ উত্তৰ দিয়াঃ)
(a)
Which substance cools fastest? (কোনবিধ পদার্থ আটাইতকৈ সোনকালে ঠাণ্ডা হৈছে?)
Ans. Substance C (পদার্থ
C)
(b) Which substance retains heat for the
longest time? (কোনবিধ পদার্থ
দীর্ঘ সময়লৈকে গৰম হৈ আছে?)
Ans. Substance A (পদার্থ A)
(c) Based on the above data, which
substance would you prefer to use for making a tea cup? (ওপৰৰ তথ্যবোেৰ চাই কোনটো বস্তুৰে চাহৰ কাপ নিৰ্মাণ
কৰিবলৈ অগ্ৰাধিকাৰ দিবা।)
Ans.
Substance A (পদার্থ A)
Q. 12. A hot water bag gradually cools
down after being used for some time. Through which process does it lose heat?
Explain.
(ৰোগীয়ে গৰম পানীৰ বেগ ব্যৱহাৰ কৰাৰ কিছু সময়ৰ পাছত লাহে লাহে
ঠাণ্ডা হৈ যায়। কি কি প্ৰক্ৰিয়াৰ জৰিয়তে তাপ হ্রাস হ'ল
ব্যাখ্যা কৰা।)
Ans. A hot water bag
mainly loses heat through conduction. Heat passes from the hot water to the
rubber bag and then from the bag to the body by direct contact. Some heat is
also lost to the surroundings through radiation.
(গৰম পানীৰ বেগ এটাৰ পৰা মূলতঃ পৰিবহণ প্ৰক্ৰিয়াৰে তাপ হ্ৰাস পায়।
গৰম পানীৰ পৰা তাপ ৰবৰৰ বেগলৈ আৰু বেগৰ পৰা সংস্পৰ্শৰ জৰিয়তে শৰীৰলৈ সঞ্চালিত হয়।
কিছু পৰিমাণৰ তাপ বিকিৰণ প্ৰক্ৰিয়াৰে চৌপাশলৈও ওলাই যায়।)
Q. 13. Explain why do thin blankets used
together provide more warmth in winter than a single thick blanket?
(শীতকালত এখন গধুৰ কম্বলতকৈ দুখন একেলগে জাপি লোৱা পাতল কম্বলে কিয়
বেছি উম দিয়ে ব্যাখ্যা কৰা।)
Ans. Two thin blankets trap
a layer of air between them. Since air is a poor conductor of heat, it prevents
heat from escaping from our body to the surroundings. Therefore, two thin
blankets together give more warmth than a single thick blanket.
(দুখন পাতল কম্বলৰ মাজত এবিধ বায়ুৰ তৰপ আবদ্ধ হৈ থাকে। বায়ু তাপৰ
কুপৰিবাহী হোৱা বাবে ই আমাৰ শৰীৰৰ তাপ বাহিৰলৈ যাবলৈ বাধা দিয়ে। সেইবাবে দুখন পাতল
কম্বলে এখন ডাঠ কম্বলতকৈ বেছি উম দিয়ে।)
Q. 14. Why is it advised to paint the
outer walls of buildings white in hot regions?
(গ্রীষ্ম প্রধান অঞ্চলত ঘৰৰ বাহিৰৰ দেৱালবোৰত কিয় বগা ৰং লগাবলৈ
পৰামৰ্শ দিয়া হয়, যুক্তি সহকাৰে ব্যাখ্যা কৰা।)
Ans. White colour reflects
most of the heat falling on it and absorbs very little heat. As a result,
buildings painted white remain cooler in hot regions during summer.
(বগা ৰঙে আপতিত তাপৰ অধিকাংশ প্ৰতিফলিত কৰে আৰু খুব কম তাপ শোষণ
কৰে। সেইবাবে গৰম অঞ্চলত বগা ৰং লগোৱা ঘৰবোৰ গ্ৰীষ্মকালত তুলনামূলকভাৱে ঠাণ্ডা
থাকে।)