ভাৰতৰ স্বাধীনতা সংগ্ৰাম আৰু অসম

Chapter 12

১। ইংৰাজসকলে ভাৰতবৰ্ষত শাসন কৰিবলৈ লোৱাৰে পৰা ভাৰতীয়সকলৰ কি নোহোৱা হ'ল?

উত্তৰ- ইংৰাজসকলে ভাৰতবৰ্ষত শাসন কৰিবলৈ লোৱাৰে পৰা ভাৰতীয়সকলৰ আলৈ-আহুকালৰ অন্ত নোহোৱা হ'ল।


২। ইংৰাজসকলে ভাৰতৰ সকলো কি নিজ দেশলৈ লুটি নিয়াৰ ব্য়ৱস্থা কৰিছিল ?

উত্তৰ-ইংৰাজসকলে ভাৰতৰ সকলো ধন-সম্পদ নিজ দেশলৈ লুটি নিয়াৰ ব্য়ৱস্থা কৰিছিল।


৩। কি শাসনৰ অন্ত পেলাবৰ বাবে এক দীঘলীয়া সংগ্ৰাম আৰম্ভ কৰিছিল ?

উত্তৰ-  ইংৰাজৰ শাসনৰ অন্ত পেলাবৰ বাবে এক দীঘলীয়া সংগ্ৰাম আৰম্ভ কৰিছিল ।


৪। কিমানত ভাৰতবৰ্ষই  স্বাধীনতা লাভ কৰিছিল ?

উত্তৰ- ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰতবৰ্ষই  স্বাধীনতা লাভ কৰিছিল ।


৫। কিমান চনত অসমত ইংৰাজসকলৰ শাসন আৰম্ভ হৈছিল ?

উত্তৰ- ১৮২৬  চনত অসমত ইংৰাজসকলৰ শাসন আৰম্ভ হৈছিল ।


৬।  ইংৰাজসকলৰ পূৰ্বে কিমান বছৰ অসমত আহোমসকলে শাসন কৰিছিল ? 

উত্তৰ- ইংৰাজসকলৰ পূৰ্বে প্ৰায় ছশ বছৰ অসমত আহোমসকলে শাসন কৰিছিল ।


৭। কিমান খ্ৰীষ্টাব্দত প্ৰথম মহাবিদ্ৰোহ হৈছিল ? 

উত্তৰ- ১৮৫৭  খ্ৰীষ্টাব্দত প্ৰথম মহাবিদ্ৰোহ হৈছিল।


৮।  কাৰ ৰচিত 'দলিপুৰাণ'ত পথৰুঘাটৰ ৰণৰ বিস্তৃত বিৱৰণ পোৱা যায় ?

উত্তৰ- নৰোত্তম দাসৰ ৰচিত 'দলিপুৰাণ'ত পথৰুঘাটৰ ৰণৰ বিস্তৃত বিৱৰণ পোৱা যায়।


৯। শিক্ষিত অসমীয়া লোকৰ কি বৃদ্ধিৰ লগে লগে অসমত এক নতুন চিন্তাধাৰাৰ আৰম্ভ হয় ?

উত্তৰ- শিক্ষিত অসমীয়া লোকৰ সংখ্য়া বৃদ্ধিৰ লগে লগে অসমত এক নতুন চিন্তাধাৰাৰ আৰম্ভ হয় ।


১০। কিমান চনত গান্ধীজীয়ে আন্দোলনৰ কামত অসম ভ্ৰমণ কৰিছিল ?

উত্তৰ- ১৯২১  চনত গান্ধীজীয়ে আন্দোলনৰ কামত অসম ভ্ৰমণ কৰিছিল।