অসমৰ যাতায়ত ব্য়ৱস্থা

Chapter 5

১। অসমৰ ৰে'ল পথসমূহ কি পথৰ অন্তৰ্গত ?

উত্তৰ- অসমৰ ৰে'ল পথসমূহ উত্তৰ-পূব সীমান্ত ৰে'ল পথৰ অন্তৰ্গত।


২। অসমত কেই প্ৰকাৰৰ আৰু কি কি যাতায়াত ব্য়ৱস্থা আছে ?

উত্তৰ- অসমত ৪ প্ৰকাৰৰ যাতায়াত ব্য়ৱস্থা আছে। সেইকেইটা হ'ল - স্থল পথ , জল পথ , ৰে'ল পথ আৰু বিমান পথ।


৩। উত্তৰ- পূব সীমান্ত ৰে'লৰ প্ৰধান কাৰ্যালয় ক'ত আছে ?

উত্তৰ- উত্তৰ-পূব সীমান্ত ৰে'লৰ প্ৰধান কাৰ্যালয় মালিগাৱঁত আছে।


৪। অসমৰ একমাত্ৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ কি ?

উত্তৰ- অসমৰ একমাত্ৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ হ'ল লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ।

৫। অসমত কি ৰে'ল পথৰ ব্য়ৱস্থা আছে ?

উত্তৰ- অসমত ব্ৰড গেজ আৰু মিটাৰ গেজ ৰে'ল পথৰ ব্য়ৱস্থা আছে।


৬। অসমৰ একমাত্ৰ পৌৰ নিগম কোনখন ?

উত্তৰ-অসমৰ একমাত্ৰ পৌৰ নিগম হ'ল গুৱাহাতী পৌৰ নিগম।