মাকণৰ চিঠি 

১।  স্কুলৰ চৌহদত কাঠ মিস্ত্ৰিজনে কি কৰি আছিল ?

(ক) প্ৰধান শিক্ষকৰ লগত কথা পাতি আছিল

(খ) কাঠৰ আচবাৱ সাজি আছিল

(গ) এটাও নহয়

উত্তৰঃ (খ) কাঠৰ আচ্বাব্ সাজি আছিল

২।  কেতিয়া মাকণে মিস্ত্ৰিজনৰ ওচৰত থিয় হৈছিল ?

(ক) পানী খোৱা ছুটীৰ পৰত

(খ) বিদ্যালয় ছুটীৰ পৰত

(গ) এটাও নহয়

উত্তৰঃ (ক) পানী খোৱা ছুটীৰ পৰত

৩।  কাক দেখি মিস্ত্ৰিজনে এখিলা কাগজ উলিয়াই দিছিল ?

(ক) প্ৰধান শিক্ষকক

(খ) মাকণক

(গ) এটাও নহয়

উত্তৰঃ (ক) প্ৰধান শিক্ষকক

৪।  মাকণে বাচন ধোৱাৰ বাবে মাকৰপৰা কিমান টকা ল’লে ?

(ক) দুটকা

(খ) এটকা

(গ) এটাও নহয়

উত্তৰঃ (খ) এটকা

৫।  মাকণে মাকৰ পৰা মুঠ কিমান টকা ল’লে ?

(ক) দুটকা

(খ) তিনি টকা

(গ) এটাও নহয়

উত্তৰঃ (খ) তিনি টকা

৬।  মাকণৰ ভায়েকৰ নাম কি আছিল ?

(ক) বিপ্লৱ

(খ) বিকাশ

(গ) এটাও নহয়

উত্তৰঃ (ক) বিপ্লৱ

৭।  যদি চিঠি দেউতাকলৈ লিখা হয় তেন্তে কি সম্বোধন কৰিব লাগে ?

(ক) পূজনীয়া বা শ্ৰদ্ধেয়া

(খ) পূজনীয় বা শ্ৰদ্ধেয়

(গ) এটাও নহয়

উত্তৰঃ (খ) পূজনীয় বা শ্ৰদ্ধেয়

৮।  যদি চিঠি বন্ধুলৈ লিখা হয় তেন্তে কি বুলি লিখিব লাগে ?

(ক) প্ৰিয়

(খ) মৰমৰ

(গ) এটাও নহয়

উত্তৰঃ (ক) প্ৰিয়

৯।  ‘প্ল’ এই যুক্তাক্ষৰটো ভাঙিলে হ’ব

(ক) প + ল + ল

(খ) প + ল

(গ) এটাও নহয়

উত্তৰঃ (খ) প + ল

১০।  নিজৰ মনৰ ভাব প্ৰকাশ কৰি লিখা বা কোৱা কথাক কি বোলে ?

(ক) ভাষা

(খ) ব্য়াকৰণ

(গ) এটাও নহয়

উত্তৰঃ (ক) ভাষা

Type - Boby Bora