Class1 Assamese
পাঠ - ১২
লগে ভাগে গাওঁ আহাঁ
👉Text Books PDF
👉MCQ Online Exam
👉MCQs Answer
তৰাৰ ৰভা
নিতৌ ৰাতি আকাশত
দিয়ে এখন ৰভা
ভাওনা আখৰা পাতে
পাতে তাতে সভা।
তিৰবিৰ তৰাবোৰ
আৰু জোনবাই
জিলমিল জালীকটা
থৈছে সজাই।
মাজে মাজে জোনবাইৰ
লাগে হেনো ভেম
তৰাবোৰেই সভা পাতে
নাই হেম - গেম।
হয় যদি ডাৱৰীয়া
নাই কোনো ভাৱৰীয়া।
নাই ৰভা, নাই সভা, নাই উম - ঘাম
গধূলিতে খাই - বৈ শুই থকাই কাম।
Sri Mampi Kakati
Check By - Mukesh Borah