GU BA 1st Sem Assamese Chapter 5 Question Answer | ভাষা জ্ঞান পাঠটোৰ উত্তৰ
ভাষা জ্ঞান
অনুশীলনী
১) এডৱাৰ্ড ছাপিৰৰ ভাষা সম্পৰ্কীয় সংজ্ঞাটো কি?
উত্তৰঃ- এডৱাৰ্ড ছাপিৰৰ মতে, "ভাষা হৈছে স্বেচ্ছাই উৎপাদিত প্ৰতীকৰ ব্যৱস্থাৰ দ্বাৰা ধাৰণা, আৱেগ আৰু ইচ্ছাৰ যোগাযোগৰ এক বিশুদ্ধ মানৱীয় আৰু অপ্ৰবৃত্তিগত পদ্ধতি।"
২) "ভাষা স্বাভাৱিক বৃত্তি নহয়, ই এটা আয়ত্ত কৰা সাংস্কৃতিক কাৰ্যহে।" 一 কথাষাৰৰ বক্তা কোন?
উত্তৰঃ-
৩) ভাষা মানুহে জন্মতে শিকি আহেনে?
উত্তৰঃ- ভাষা মানুহে জন্মতে শিকি নাহে।
৪) অসমীয়া ভাষাত বিশিষ্ট স্বৰধ্বনি কেইটা আৰু কি কি?
উত্তৰঃ- অসমীয়া ভাষাত বিশিষ্ট স্বৰধ্বনি ৮ টা। সেইকেইটা হ'ল - অ, অ', আ, ই, উ, এ, এ', ও ।
৫) অসমীয়া ভাষাত বিশিষ্ট ব্য়ঞ্জনধ্বনি কেইটা আৰু কি কি?
উত্তৰঃ- অসমীয়া ভাষাত বিশিষ্ট ব্য়ঞ্জনধ্বনি ২১ টা। সেইকেইটা হ'ল 一 ক, খ, গ, ঘ, ঙ, চ, ছ, ত, থ, দ, ধ, ন, প, ফ, ব, ভ, ম, ৰ, ল, স আৰু হ।
৬) ম, ন, ঙ 一 এই ধ্বনি তিনিটাৰ নাম কি?
উত্তৰঃ- ম, ন, ঙ 一 এই ধ্বনি তিনিটা নাসিক্য় ব্য়ঞ্জনধ্বনি।
৭) চন্দ্ৰবিন্দু অসমীয়া ভাষাত বিশিষ্ট ধ্বনি হয়নে?
উত্তৰঃ- নহয়।
৮) বিভাজ্য় ধ্বনি বুলিলে কি বুজা?
উত্তৰঃ- যিবোৰ ধ্বনিক বৰ্ণ বা ধ্বনিৰ ক্ৰম অনুসৰি বিভাজন কৰি দেখুৱাব পাৰি, সেইবোৰকে বিভাজ্য় ধ্বনি বোলে।
৯) এটা অ-কাৰান্ত শব্দ লিখা।
উত্তৰঃ- গৃহস্থ।
১০) 'বাৰমাহত তেৰটা পূজা' 一 ইয়াত 'বাৰ' শব্দটো কি কাৰান্ত শব্দ?
উত্তৰঃ- অ-কাৰান্ত শব্দ।
১১) উচ্চাৰণ বুলিলে কি বুজা?
উত্তৰঃ- উচ্চাৰণ হ'ল শব্দ ফুটাই মতা কাৰ্য। অসমীয়া ভাষাৰ বৰ্ণবিন্য়াসৰ ক্ষেত্ৰত উচ্চাৰণৰ স্থান প্ৰথম।
১২) পাৰ চৰাই 一 ইয়াত 'পাৰ' শব্দটো স্বৰান্ত নে ব্য়ঞ্জনান্ত?
উত্তৰঃ- স্বৰান্ত।
১৩) আখৰ-জোঁটনি বুলিলে কি বুজা?
উত্তৰঃ- আখৰ-জোঁটনি হ'ল আখৰ জোঁটাই বা লগ লগাই শব্দ লিখা কাৰ্য। আখৰ জোঁটনিক বৰ্ণবিন্য়াস বুলিও কোৱা হয়।
১৪) যতি শব্দৰ অৰ্থ কি?
উত্তৰঃ- যতি শব্দৰ অৰ্থ বিৰাম। ছন্দৰ ক্ষেত্ৰত ধ্বনি প্রবাহৰ পৰ্যায়ক্ৰম তৰঙ্গ নিৰ্দেশক বিৰতিকে যতি বোলা হয় ।
১৫) প্ৰত্য়য় বুলিলে কি বুজা?
উত্তৰঃ- আধুনিক ভাষাবিজ্ঞানত যাক বদ্ধৰূপ বুলি কোৱা হয় ব্য়াকৰণত তাকেই প্ৰত্য়য় বোলা হয়।
১৬) কৃৎ প্ৰত্য়য়ৰ এটা উদাহৰণ দিয়া।
উত্তৰঃ- চল্ + অন্ত = চলন্ত, ভুজ + অনীয়া = ভােজনীয়া, বাচ + অনি =বাচনি, কৰ্ + ওঁতা = কৰোঁতা, বিচ্ + অনী = বিচনী, ইত্যাদি।
১৭) বিভক্তি বুলিলে কি বুজা?
উত্তৰঃ- প্ৰতিপাদিক আৰু ধাতুৰ পিছত যিবোৰ চিন সংযুক্ত কৰি পদ গঠন কৰা হয় আৰু বাক্য়ত পদবোৰৰ স্থান নিৰ্ণিত হয়, সেই চিনবোৰকেই বিভক্তি বুলি কোৱা হয়।
১৮) ভাষাজ্ঞান আয়ত্ত কৰাৰ এবিধ উপাদান উল্লেখ কৰা।
উত্তৰঃ- ভাষাজ্ঞান আয়ত্ত কৰাৰ এবিধ উপাদান হ'ল নিৰ্ভুলতা।
১৯) ইস্কুল, ইস্কেল 一 ইয়াৰ উচ্চাৰণ শুদ্ধনে?
উত্তৰঃ- ইয়াৰ উচ্চাৰণ শুদ্ধ নহয়।
২০) যিকোনো দুটা যতিচিহ্নৰ নাম লিখা।
উত্তৰঃ- দুটা যতিচিহ্নৰ নাম হ'ল 一 দাৰি (।) আৰু প্ৰশ্নবোধক চিহ্ন (?)।
অতিৰিক্ত প্ৰশ্নোত্তৰঃ
১) ভাষা শব্দটো ক'ৰ পৰা আহিছে আৰু ইয়াৰ অৰ্থ কি?
উত্তৰঃ- 'ভাষা' শব্দটো 'ভাষ্' ধাতুৰ পৰা নিষ্পন্ন হৈছে। ইয়াৰ অৰ্থ হ'ল 'ব্য়ক্ত বাণী'।
২) ব্য়ক্তিৰ মাজত ভাব বিনিময় কৰিবৰ বাবে কিহৰ প্ৰয়োজন হয়?
উত্তৰঃ- ব্য়ক্তিৰ মাজত ভাব বিনিময় কৰিবৰ বাবে তিনিটা বস্তুৰ প্ৰয়োজন হয়। সেইকেইটা হ'ল - প্ৰেৰক, বাৰ্তা আৰু গ্ৰাহক।
৩) ষ্টুৰ্টভেণ্টৰ ভাষা সম্পৰ্কীয় সংজ্ঞাটো লিখা?
উত্তৰঃ- ষ্টুৰ্টভেণ্টৰ মতে, "ভাষা হ'ল যাদৃচ্ছিক বাগধ্বনি প্ৰতীকৰ এটা পদ্ধতি যাৰ যোগেদি এটা জনসমষ্টিৰ লোকে সহযোগিতা কৰে আৰু পাৰস্পৰিক কাৰ্য চলায়।
৪) বাৰ্নাৰ্ড ব্লখ আৰু ট্ৰেগাৰৰ ভাষা সম্পৰ্কীয় সংজ্ঞাটো লিখা?
উত্তৰঃ- বাৰ্নাৰ্ড ব্লখ আৰু ট্ৰেগাৰৰ মতে, "ভাষা হ'ল বাক্-ধ্বনি প্ৰতীকৰ এটা পদ্ধতি যাৰ সহায়ত এটা জন-সমষ্টিয়ে সহযোগ কৰে"।
৫) ভাষা-সম্প্ৰদায় কাক বোলে?
উত্তৰঃ- একে বাগধ্বনি প্ৰতীকেৰে ভাবৰ আদান-প্ৰদান কৰি কাৰ্য-নিৰ্বাহ কৰা জন-সমষ্টিক ভাষা-সম্প্ৰদায় বোলে।
৬) ভাষা অধ্য়য়নক কেতিয়া বিজ্ঞানসন্মত ৰূপ প্ৰদান কৰা হয়?
উত্তৰঃ- ভাষা অধ্য়য়নক ঊনবিংশ শতিকাত বিজ্ঞানসন্মত ৰূপ প্ৰদান কৰা হয়।
৭) হুইটনিৰ দ্বিতীয় গ্ৰন্থখনৰ নাম কি আৰু কিমান চনত প্ৰকাশ পাইছিল?
উত্তৰঃ- হুইটনিৰ দ্বিতীয় গ্ৰন্থখনৰ নাম হ'ল "Life and Growth of Language: An Outline of Linguistic Science. এই গ্ৰন্থখন ১৮৭৫ চনত প্ৰকাশ পাইছিল।
৮) ভাষাক কেইটা ভাগত ভাগ কৰিব পাৰি আৰু কি কি?
উত্তৰঃ- ভাষাক দুটা ভাগত ভাগ কৰিব পাৰি 一 (i) মৌখিক ভাষা আৰু (ii) লিখিত ভাষা।
৯) ভাষা-শিক্ষাৰ কৌশল কেইটা লিখা।
উত্তৰঃ- ভাষা-শিক্ষাৰ কৌশল কেইটা হ'ল 一
(i) শ্ৰৱণঃ- সেই ভাষাত কোৱা কথা বুজাৰ দক্ষতা
(ii) কথনঃ- শুদ্ধ উচ্চাৰণ (ধ্বনি, সুৰ, শ্বাসাঘাতসহ) ভাব-বিনিময় কৰিব পৰা।
(iii) পঠনঃ- সেই ভাষাত পঢ়িব পৰা আৰু অৰ্থ বুজি পোৱা।
(iv) লিখনঃ- সেই ভাষাত লিখি নিজৰ মনোভাব প্ৰকাশ কৰিব।
১০) ব্য়ক্তিয়ে মাতৃভাষাত সম্পূৰ্ণ দক্ষতা অৰ্জন কৰিবলৈ কি কি গুণৰ অধিকাৰী হ'ব লাগিব?
উত্তৰঃ- ব্য়ক্তিয়ে মাতৃভাষাত সম্পূৰ্ণ দক্ষতা অৰ্জন কৰিবৰ বাবে থাকিবলগীয়া গুণবোৰ তলত উল্লেখ কৰা হ'ল 一
(i) ভাষাবোধ অৰ্থাৎ সেই ভাষাত আনে কোৱা কথা ভালকৈ বুজাৰ দক্ষতা থাকিব লাগিব।
(ii) সেই ভাষাৰ বিশিষ্ট ধ্বনি আৰু উপধ্বনিবোৰৰ জ্ঞান অৰ্থাৎ অকলে আৰু শব্দত তাৰ স্থান অনুসৰি হোৱা উচ্চাৰণৰ পাৰ্থক্য় সম্পৰ্কে জানিব লাগিব।
(iii) ভাষাটোৰ ব্য়াকৰণগত গাঁথনি, বিভক্তি, পদাশ্ৰিত নিৰ্দেশক আদিৰ ব্য়ৱহাৰ আৰু বাক্য়-গাঁথনি সম্পৰ্কত সামগ্ৰিক ধাৰণা।
(iv) লিখিত ভাষা হ'লে আখৰ, আখৰ জোঁটনি আদি সম্পৰ্কে সম্য়ক ধাৰণা থাকিব লাগিব।
(v) ভাষাটো শুদ্ধভাৱে কোৱা আৰু লিখিত ভাষা হ'লে পঢ়িব আৰু লিখিব পৰা হ'ব লাগিব।
(vi) ভাষাটোৰ জঁতুৱা ঠাঁচ আৰু খণ্ডবাক্য়ৰ ওপৰত দখল থাকিব লাগিব।
১১) ধ্বন্য়াত্মক ধ্বনিবিজ্ঞান কাক বোলে?
উত্তৰঃ- ধ্বনি উচ্চাৰণৰ সময়ত শ্ৰৱণেন্দ্ৰিয়ত ঠেকা খাই মগজুত কেনে ধৰণৰ প্ৰতিক্ৰিয়া কৰে, তেনে ধৰণৰ অধ্য়য়নেই হ'ল ধ্বন্য়াত্মক ধ্বনিবিজ্ঞান।
১২) "ফ'ন'গ্ৰাফ" কোনে আৰু কেতিয়া আৱিষ্কাৰ কৰিছিল?
উত্তৰঃ- "ফ'ন'গ্ৰাফ" টমাচ আলভা এডিচনে ১৮৭৭ চনত আৱিষ্কাৰ কৰিছিল।
১৩) আখৰ জোঁটনি কি?
উত্তৰঃ- আখৰ জোঁটনি হ'ল আখৰ জোঁটাই বা লগ লগাই লিখা কাৰ্য। আখৰ জোঁটনিক বৰ্ণবিন্য়াস বুলিও কোৱা হয়।
১৪) বিশিষ্ট ধ্বনি কাক বোলে?
উত্তৰঃ- অভিন্ন পৰিৱেশত ধ্বনি এটাৰ অদল-বদলে যদি শব্দটোৰ অৰ্থ পৃথক কৰিব পাৰে, তেনেহ'লে তাক বিশিষ্ট ধ্বনি বোলে।
১৫) অসমীয়া মান্য় ভাষাৰ বিশিষ্ট স্বৰধ্বনি কেইটা আৰু কি কি?
উত্তৰঃ- অসমীয়া মান্য় ভাষাৰ বিশিষ্ট স্বৰধ্বনি ৮ টা। সেইকেইটা হ'ল 一 অ, আ, ই, উ, এ, এ', অ' আৰু ও।
১৬) অসমীয়া ভাষাৰ বিশিষ্ট ব্য়ঞ্জনধ্বনি কেইটা আৰু কি কি?
উত্তৰঃ- অসমীয়া ভাষাৰ বিশিষ্ট ব্য়ঞ্জনধ্বনি ২১ টা। সেইকেইটা হ'ল ㅡ ক, খ, গ, ঘ, ঙ, চ, ছ, ত, থ, দ, ধ, ন, প, ফ, ব, ভ, ম, ৰ, ল, স আৰু হ।
১৭) অবিভাজ্য় ধ্বনি কাক বোলে? উদাহৰণ দিয়া।
উত্তৰঃ- যিবোৰ ধ্বনিক ক্ৰমানুসৰি বিভাজন কৰি দেখুৱাব নোৱাৰি অথচ যিবোৰৰ অস্তিত্ব অনুভৱযোগ্য়, সেইবোৰকে অবিভাজ্য় ধ্বনি বোলে। যেনে 一 দাঁত।
১৮) চাৰিবিধ যতিচিহ্নৰ নাম লিখা।
উত্তৰঃ- কমা, দাৰি, প্ৰশ্নবোধক চিন, ভাৱবোধক চিন।
১৯) বন্ধনী চিন কেইটা আৰু কি কি?
উত্তৰঃ- বন্ধনী চিন তিনিটা। সেইকেইটা হ'ল 一 চন্দ্ৰ বন্ধনী, কুটিল বন্ধনী আৰু বৰ বন্ধনী।
২০) যতি চিনবোৰৰ নাম লিখি পৰিচয় দিয়া।
উত্তৰঃ- যতি চিনবোৰ হ'ল 一
কমা 一 ,
ছেমিক'ল'ন 一 ;
প্ৰশ্নবোধক 一 ?
ভাৱবোধক 一 !
দাৰি 一 ।
উদ্ধৃতি 一 ".................."
ক'ল'ন 一 ঃ
ডেছ 一
হাইফেন 一 ー
বৰ্জন 一 ........
বন্ধনী 一 ( ) চন্দ্ৰ বন্ধনী
{ } কুটিল বন্ধনী
[ ] বৰ বন্ধনী
তাৰকা 一 ✽
ফুলষ্টপ 一 .
বিকল্প 一 /
২১) কথন দক্ষতাৰ আন এটি উপাদান কি?
উত্তৰঃ- যতিজ্ঞান।
(For Paid User)
(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)
Answered byー Sri Mampi Kakati
**********
DABP007473