GU BA 1st SemAssamese Chapter 6 Question Answer | কৰ্মক্ষেত্ৰৰ অসমীয়া পাঠটোৰ উত্তৰ

কৰ্মক্ষেত্ৰৰ অসমীয়া

অনুশীলনী

১) আৱেদন বুলিলে কি বুজা?

উত্তৰঃআৱেদন বুলিলে কোনো এটা বিষয়ৰ ওপৰত ঊৰ্ধ্বতন কৰ্তৃপক্ষক অৱগত কৰা ।

২) আৱেদন শব্দৰ অৰ্থ কি?

উত্তৰঃ- আৱেদন শব্দৰ অৰ্থ হ'ল লিখিত প্ৰাৰ্থনা। 

৩) আৱেদনৰ দুটা প্ৰকাৰ উল্লেখ কৰা।

উত্তৰঃ- আৱেদনৰ দুটা প্ৰকাৰ হ'ল 一 

(ক) ৰাজহুৱা আৱেদন পত্ৰ,

(খ) ব্য়ক্তিগত আৱেদন পত্ৰ। 

৪) বিজ্ঞাপন মানে কি?

উত্তৰঃ- কোনো সামগ্ৰী, সেৱা আদিৰ চাহিদা বৃদ্ধিৰ বাবে জনসাধাৰণৰ মাজত তাৰ প্ৰচাৰৰ বাবে আকৰ্ষণীয়ভাৱে প্ৰস্তুত কৰা পৰিচয়সূচক জাননীক সহজ অৰ্থত বিজ্ঞাপন বুলি কোৱা হয়। 

৫) বিজ্ঞাপনৰ ইংৰাজী প্ৰতিশব্দটো লিখা। 

উত্তৰঃ- বিজ্ঞাপনৰ ইংৰাজী প্ৰতিশব্দটো হ'ল 'Advertising'। 

৬) ৰিপোৰ্টাৰৰ অসমীয়া প্ৰতিশব্দটো লিখা।

উত্তৰঃ- ৰিপোৰ্টাৰৰ অসমীয়া প্ৰতিশব্দ হ'ল সাংবাদিক। 

৭) প্ৰতিবেদন কাক বোলে?

উত্তৰঃ- কোনো এটা সংবাদ বা খবৰ সহজ-সৰল তথা আকৰ্ষণীয় ভাষাৰে পৰিৱেশন কৰাকে প্ৰতিবেদন বোলে। 

৮) প্ৰতিবেদন আৰু আৱেদনৰ মাজত সম্পৰ্ক আছেনে?

উত্তৰঃপ্ৰতিবেদন আৰু আৱেদনৰ মাজত সম্পৰ্ক নাই।

৯) সংবাদ শব্দৰ অৰ্থ কি?

উত্তৰঃ- সংবাদ শব্দৰ অৰ্থ হ'ল খবৰ। 

১০) বাতৰিৰ ইংৰাজী প্ৰতিশব্দটো কি?

উত্তৰঃ- বাতৰিৰ ইংৰাজী প্ৰতিশব্দটো হ'ল 'News'। 

১১) সংবাদৰ দুটা প্ৰকাৰ উল্লেখ কৰা।

উত্তৰঃ- সংবাদৰ দুটা প্ৰকাৰ হ'ল 一 পৰিঘটনামূলক সংবাদ আৰু কোমল সংবাদ। 

১২) নিবিদাৰ আভিধানিক অৰ্থ কি?

উত্তৰঃ- চৰকাৰৰ বিভিন্ন বিভাগ, বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে কোনো সামগ্ৰী যোগান ধৰাৰ বাবে অথবা কোনো নিৰ্মাণ কাৰ্যৰ বাবে ৰাজহুৱা মাধ্য়ম (বাতৰি-কাকত বা চৰকাৰী-বেচৰকাৰী সংস্থাৰ ৱেবচাইট) যোগে উপযুক্ত সংস্থা, ব্য়ক্তি, যোগানকাৰী আদিক আহ্বান জনোৱা জাননীকে সাধাৰণ অৰ্থত নিবিদা বুলি কোৱা হয়। 

১৩) আৱেদনৰ যিকোনো দুটা প্ৰকাৰ উল্লেখ কৰা।

উত্তৰঃ- আৱেদনৰ যিকোনো দুটা প্ৰকাৰ তলত উল্লেখ কৰা হ'ল ㅡ

(ক) ৰাজহুৱা আৱেদন পত্ৰ,

(খ) ব্য়ক্তিগত আৱেদন পত্ৰ। 

১৪) বাতৰি কাকত এখনত কি কি বিষয়ক বাতৰি থাকে?

উত্তৰঃ- বাতৰি কাকত এখনত বিভিন্ন বিষয়ক বাতৰি থাকে। যেনে 一 বিভিন্ন ধৰণৰ চাকৰীৰ খবৰ, প্ৰাকৃতিত দূৰ্যোগৰ বাতৰি, বিভিন্ন ধৰণৰ সংঘাতৰ বাতৰি আদি। 

১৫) মৌখিক আৰু লিখিত আৱেদনৰ ভিতৰত কোনটোৰ স্থায়িত্ব অধিক?

উত্তৰঃ- লিখিত আৱেদনৰ স্থায়িত্ব অধিক। 

১৬) আঞ্চলিক বিজ্ঞাপনত কি থাকে?

উত্তৰঃ- আঞ্চলিক বিজ্ঞাপনত এটা অঞ্চলৰ বিষয়ে বাতৰি বা খবৰ থাকে।

১৭) স্বচ্ছ ভাৰত অভিযান 一 এইটো কি বিষয়ক বিজ্ঞাপন?

উত্তৰঃ- এইটো এটা ৰাষ্ট্ৰীয় বিজ্ঞাপন। 


অতিৰিক্ত প্ৰশ্নোত্তৰঃ


১) চিঠি / আৱেদন লিখোতে কি কি নিয়ম মানি চলিব লাগে?

উত্তৰঃ- চিঠি / আৱেদন লিখোতে মানি চলিবলগীয়া নিয়মসমূহ তলত উল্লেখ কৰা হ'ল 一

(i) চিঠি / আৱেদনত মূল কথাখিনিহে লিখিব লাগে।

(ii) অনাৱশ্য়কভাৱে দীঘল কৰিব নালাগে।

(iii) চিঠি / আৱেদনৰ ভাষাত বিনয়ী ভাৱ প্ৰকাশ পাব লাগে।

(iv) চিঠি / আৱেদনৰ মূল বৈশিষ্ট্য় হৈছে স্পষ্টতা।

(v) ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত চিঠি / আৱেদন পত্ৰত নিজৰ নাম, ৰোল নম্বৰ উল্লেখ কৰিব নালাগে। 

(vi) প্ৰকাৰভেদে চিঠিৰ সম্বন্ধ আৰু সম্বোধনৰ শব্দ বেলেগ হ'ব লাগে।

(vii) ছাত্ৰ-ছাত্ৰীয়ে চিঠি / আৱেদনত 'বিষয়', 'তাৰিখ' স্পষ্টকৈ লিখিব লাগিব। 

(viii) চিঠিত অভিপ্ৰেত কৰা সকলো কথা ফুটি উঠিব লাগিব।

(ix) চিঠি লিখোঁতে ছাত্ৰ-ছাত্ৰীৰ শৃংখলা প্ৰকাশ পাব লাগে।

(x) এটা কথাৰে পুনৰাবৃত্তি হ'ব নালাগে। 

২) ৰাজহুৱা আৱেদন পত্ৰ কাক বোলে?

উত্তৰঃ- কোনো দল, সংগঠন বা কোনো অঞ্চলৰ ৰাইজে সমূহীয়াকৈ কোনো সমস্য়া সন্দৰ্ভত সংশ্লিষ্ট পক্ষলৈ আৱেদন কৰিবলৈ ব্য়ৱহাৰ কৰা পত্ৰই হৈছে ৰাজহুৱা আৱেদন পত্ৰ। 

৩) ব্য়ক্তিগত আৱেদন পত্ৰ বুলিলে কি বুজা?

উত্তৰঃ- যেতিয়া কোনো এজন ব্য়ক্তিয়ে নিজা প্ৰয়োজনত কোনো আৱেদন পত্ৰ প্ৰেৰণ কৰে, তেনেহ'লে তাক ব্য়ক্তিগত আৱেদন পত্ৰ বোলে। 

৪) বিজ্ঞাপনৰ প্ৰকাৰসমূহ লিখা।

উত্তৰঃ- বিজ্ঞাপনৰ বিভিন্ন প্ৰকাৰসমূহ তলত উল্লেখ কৰা হ'ল 一

(i)  চৰকাৰী বিজ্ঞাপন

(ii) বেচৰকাৰী বিজ্ঞাপন

(iii) পণ্য় সামগ্ৰীৰ বিজ্ঞাপন

(iv) অনুষ্ঠানগত বিজ্ঞাপন

(v) ৰাষ্ট্ৰীয় বিজ্ঞাপন

(vi) আঞ্চলিক বিজ্ঞাপন

(vii) খুচুৰা বিজ্ঞাপন

(viii) বৃত্তিগত বিজ্ঞাপন

(ix) শ্ৰেণীবদ্ধ বিজ্ঞাপন

৫) বিজ্ঞাপন প্ৰস্তুতিৰ প্ৰধান দিশসমূহ কি কি?

উত্তৰঃ- বিজ্ঞাপন প্ৰস্তুতিৰ প্ৰধান দিশসমূহ তলত উল্লেখ কৰা হ'ল 一

(i) বিজ্ঞাপন যথাসম্ভৱ চুটি হোৱা বাঞ্ছনীয়। দীঘল বিজ্ঞাপন পঢ়াৰ আগ্ৰহ বেছি সংখ্য়ক লোকৰে নাথাকে। 

(ii) উৎপাদিত সামগ্ৰী বা সেৱাৰ যোগাত্মক দিশবোৰ সংক্ষিপ্ত ৰূপত উল্লেখ কৰিব লাগে।

(iii) সকলোৱে বুজি পোৱা ভাষা ব্য়ৱহাৰ কৰিব লাগে। 

৬) প্ৰতিবেদনৰ ইংৰাজী প্ৰতিশব্দ কি?

উত্তৰঃ- প্ৰতিবেদনৰ ইৰাজী প্ৰতিশব্দ হ'ল "Report" (ৰিপ'ৰ্ট)।

৭) প্ৰতিবেদন লেখনৰ ক্ষেত্ৰত মনোযোগ দিবলগীয়া দিশ কেইটা কি কি?

উত্তৰঃ- প্ৰতিবেদন লেখনৰ ক্ষেত্ৰত মনোযোগ দিবলগীয়া দিশ কেইটা তলত উল্লেখ কৰা  হ'ল 一

(i) শুদ্ধ বা নিৰ্ভুল তথ্য় সংযোগ,

(ii) মূল বিষয় বা বক্তব্য়ৰ সুস্পষ্টতা,

(iii) সহজ-সৰল ভাষাৰে বক্তব্য় বিষয় উপস্থাপন,

(iv) ঘটনাৰ বাস্তৱ প্ৰতিফলন,

(v) তথ্য়ৰ পৰিপূৰ্ণতা আৰু তথ্য়সূত্ৰৰ পূৰ্ণ উল্লেখ,

(vi) প্ৰত্য়ক্ষভাৱে ঘটনাৰ বিৱৰণ উপস্থাপন,

(vii) আকৰ্ষণীয় উপস্থাপনশৈলী। 

৮) 'বাতৰি'ৰ ইংৰাজী প্ৰতিশব্দটো কি?

উত্তৰঃ- 'বাতৰি'ৰ ইংৰাজী প্ৰতিশব্দটো হ'ল "News".

৯) বাতৰি কেই প্ৰকাৰৰ আৰু কি কি?

উত্তৰঃ- বাতৰি তিনি প্ৰকাৰৰ। সেইয়া হ'ল 一 পৰিঘটনামূলক বাতৰি, কোমল বাতৰি আৰু উৰাবাতৰি। 

১০) TRP (টি.আৰ. পি.) ৰ সম্পূৰ্ণ ৰূপটো লিখা।

উত্তৰঃ- Target Rating Point অথবা Television Rating Point। 

১১) 'নিবিদা' শব্দৰ ইংৰাজী প্ৰতিশব্দ কি?

উত্তৰঃ- 'নিবিদা' শব্দৰ ইংৰাজী প্ৰতিশব্দ হ'ল "Tender".

১২) নিবিদা লেখনৰ প্ৰধান দিশসমূহ কি কি?

উত্তৰঃ- নিবিদা লেখনৰ প্ৰধান দিশসমূহ তলত উল্লেখ কৰা হ'ল 一

(i) নিবিদাত আহ্বানকাৰী সংস্থাৰ সম্পূৰ্ণ নাম-ঠিকনা উল্লেখ থাকিব লাগে। 

(ii) নিবিদাৰ নম্বৰ আৰু তাৰিখ উল্লেখ থাকিব লাগে।

(iii) যি কামৰ বাবে নিবিদা আহ্বান কৰা হয়, তাৰ সবিশেষ স্পষ্টকৈ উল্লেখ কৰিব লাগিব।

(iv) নিবিদা দাখিল কৰাৰ অন্তিম দিন উল্লেখ কৰিব লাগিব। 



Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)




Answered by 一 Sri Mampi Kakati 


**********

 DABP007472