Chapter 3

পানী


১। ভূ-পৃষ্ঠৰ চাৰিভাগৰ কিমান ভাগ পানীয়ে আগুৰি আছে?

(ক) প্ৰায় এক ভাগ

(খ) প্ৰায় দুই ভাগ

(গ) প্ৰায় তিনি ভাগ

উত্তৰঃ (গ) প্ৰায় তিনি ভাগ


২। ওখ পৰ্বতৰ শীতল অঞ্চলত পানী কি হিচাপে আছে?

(ক) শিল হিচাপে আছে

(খ) বৰফ হিচাপে আছে

(গ) পানী হিচাপে আছে

উত্তৰঃ (খ) বৰফ হিচাপে আছে


৩। তলত দিয়া কোনটো  ভূ-পৃষ্ঠত থকা পানীৰ উৎস?

(ক) সাগৰ-মহাসাগৰ

(খ) ঘৰ-দুৱাৰ

(গ) নলা-নৰ্দমা

উত্তৰঃ (ক) সাগৰ-মহাসাগৰ


৪। পানী ক’ত জমা হৈ থাকে?

(ক) ভূ-গৰ্ভত

(খ) আকাশত

(গ) মেঘত

উত্তৰঃ (ক) ভূ-গৰ্ভত


৫। সাগৰৰ পানী কিহৰ পানী ?

(ক) আকাশৰ পানী

(খ) ভূ-পৃষ্ঠৰ পানী

(গ) বৰষুণৰ পানী

উত্তৰঃ (খ) ভূ-পৃষ্ঠৰ পানী


৬। ৰ’দৰ তাপত পানী কিহলৈ ৰূপান্তৰ হয়?

(ক) বৰফলৈ

(খ) ভাপলৈ

(গ) এটাও নহয়

উত্তৰঃ (খ) ভাপলৈ


৭। পানীৰ কণিকাবোৰ লগ লাগি কি সৃষ্টি হয়?

(ক) ডাৱৰ সৃষ্টি হয়

(খ) বৰষুণৰ সৃষ্টি হয়

(গ) মেঘৰ সৃষ্টি হয়

উত্তৰঃ (ক) ডাৱৰ সৃষ্টি হয়


৮। পানীৰ ভাপ চেঁচা কৰিলে ই পুণৰ পানী হয় এই প্ৰক্ৰিয়াটো কি?

(ক) বাষ্পীভৱন

(খ) ঘনীভৱন

(গ) জলচক্ৰ

উত্তৰঃ (খ) ঘনীভৱন


৯। এবাৰ ব্য়ৱহাৰ কৰা পানী পাছত পুণৰ পৰিশোধন কৰি ব্য়ৱহাৰ কৰা পদ্ধতিটোক কি বোলে?

(ক) পুনৰাৱৰ্তন

(খ) পৰিশোধন

(গ) পৰিস্কাকৰন

উত্তৰঃ (ক) পুনৰাৱৰ্তন


১০। পানী জলীয় ভাপত পৰিণিত হোৱা পদ্ধতিটোক কি বোলে?

(ক) বাষ্পীভৱন

(খ) ঘনীভৱন

(গ) পুনৰাৱৰ্তন

উত্তৰঃ (ক) বাষ্পীভৱন


১১। ভূ-গৰ্ভৰ পানী ঘৰুৱা কামৰ বাহিৰে আৰু কিহত ব্য়ৱহাৰ হয়?

(ক) উদ্য়োগ,জলসিঞ্চন

(খ) খাবলৈ

(গ) কাপোৰ ধুবলৈ

উত্তৰঃ (ক) উদ্য়োগ,জলসিঞ্চন


১২। ডাৱৰ পৰা কি হয়?

(ক) বৰষুণ হয়

(খ) ৰ’দ হয়

(গ) এটাও শুদ্ধ নহয়

উত্তৰঃ (ক) বৰষুণ হয়


১৩। সাগৰ-মহাসাগৰৰ পানী বা অন্য় পানী ভাপ হৈ ওপৰলৈ যোৱা আৰু বৰষুণ আকাৰে তললৈ নামি অহা প্ৰক্ৰিয়াটোক কি কয়?

(ক) জলচক্ৰ

(খ) ঘনীভৱন

(গ) বাষ্পীভৱন

উত্তৰঃ (ক) জলচক্ৰ


১৪। মীনাহঁতৰ চোতালত কি আছিল?

(ক) এটা ফিল্টাৰ আছিল

(খ) এদাল গছ আছিল

(গ) মাক ৰৈ আছিল

উত্তৰঃ (ক) এটা ফিল্টাৰ আছিল


১৫। মীনা আৰু গীতা দুয়োজনী কোন আছিল?

(ক) বাইক ভনীয়েক

(খ) বান্ধৱী

(গ) এদিনৰ চিনাকি

উত্তৰঃ (খ) বান্ধৱী


১৬। পানীত কোন বিধ বস্তু পমে ?

(ক) মাটি

(খ) চেনি

(গ) বালি

উত্তৰঃ (খ) চেনি


১৭। কোন বিধ বস্তু পানীত পমি নাযায় ? 

(ক) গুৰ

(খ) চেনি

(গ) বালি

উত্তৰঃ (গ) বালি


১৮। পানী পাঠটিৰ গীতা বান্ধৱী কোন আছিল ? 

(ক) টিনা

(খ) মীনা

(গ) জুৰি

উত্তৰঃ (খ) মীনা


১৯। পানী উতলাই খালে বেমাৰ আজাৰ ? 

(ক) হয়

(খ) নহয়

(গ) এটাও শুদ্ধ নহয়

উত্তৰঃ (খ) নহয়


২০। তাপ পালে পানী জলীয় ভাপত পৰিণত হয় এই প্ৰক্ৰিয়াটোক কি ভৱন বোলে ?

(ক) বাষ্পীভৱন

(খ) ঘনীভৱন

(গ) জলচক্ৰ

উত্তৰঃ (ক) বাষ্পীভৱন


Type by : jyotishna Hazarika