Chapter 3

অসমৰ জিলাসমূহ (দ্বিতীয় খণ্ড)


1. ক'ত তাপবিদ্য়ুৎ প্ৰকল্প আছে?

(ক) চন্দ্ৰপুৰত

(খ) মৰিগাঁও

(গ) তেজপুৰ

উত্তৰঃ (ক) চন্দ্ৰপুৰত


2. ক'ত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰটো আছে?

(ক) বৰঝাৰত

(খ) মৰিগাঁও

(গ) নগাঁও

উত্তৰঃ (ক) বৰঝাৰত


3. কিমান চনত কামৰূপ (গ্ৰাম্য়) জিলা গঠন কৰা হয়?

(ক) ২০০৫

(খ) ২০০৩

(গ) ২০০৪

উত্তৰঃ (খ) ২০০৩


4. শুৱালকুছি কিহৰ বাবে সমগ্ৰ অসমৰ লগতে ভাৰত বিখ্য়াত?

(ক) চাহ খেতিৰ বাবে

(খ) কপাহ খেতিৰ বাবে

(গ) পাট-মুগা কাপোৰৰ বাবে

উত্তৰঃ (গ) পাট-মুগা কাপোৰৰ বাবে


5. বাইহাটা চাৰিআলি ওচৰতেই কি মন্দিৰ অৱস্থিত?

(ক) শিৱ মন্দিৰ

(খ) মদন কামদেৱ মন্দিৰ

(গ) শিৱদৌল

উত্তৰঃ (খ) মদন কামদেৱ মন্দিৰ


6. নলবাৰী জিলা নামনি ক'ত অৱস্থিত?

(ক) অসমত

(খ) অৰুণাচলত

(গ) গুজৰাটৰ

উত্তৰঃ (ক) অসমত


7. অসমৰ ভিতৰত কোনখন জিলাত জনবসতি অতিকে ঘন?

(ক) তেজপুৰ

(খ) মৰিগাঁও

(গ) নলবাৰী

উত্তৰঃ (গ) নলবাৰী


8. বিল্বেশ্বৰ মন্দিৰ ক'ত  আছে?

(ক) নলবাৰী

(খ) গোলাঘাট

(গ) যোৰহাট

উত্তৰঃ (ক) নলবাৰী


9. বৰপেটা জিলাৰ মহকুমা দুটা কি কি?

(ক) দন্দুৱা আৰু মৰিগাঁও

(খ) বৰপেটা আৰু বজালী

(গ) গোলাঘাট আৰু যোৰঘাট

উত্তৰঃ (খ) বৰপেটা আৰু বজালী


10. উত্তৰ-পূব ভাৰতৰ একমাত্ৰ এলুমিনিয়াম কাৰখানা ক'ত আছে?

(ক) বঙাইগাঁৱত

(খ) গোৱালপাৰা

(গ) গোলাঘাট

উত্তৰঃ (ক) বঙাইগাঁৱত



Type: Pompi Hazarika