Chapter 5

আকাশৰ কথা


1. কোনজন বিজ্ঞানীয়ে পোনপ্ৰথমে আমাৰ পৃথিৱীখন সূৰ্য্য়ৰ চাৰিওফালে ঘূৰি থাকে বুলি কৈছিল?

(ক) গুৰুপ্ৰসাদ দাস

(খ) মহাত্মা গান্ধী

(গ) ক'পাৰ্নিকাছ

উত্তৰঃ (গ) ক'পাৰ্নিকাছ


2. য'ত আকাশখনে মাটি চুই থকা যেন লাগে তাক কি বোলে?

(ক) দিগবলয় বা দিগন্ত

(খ) বনজ সম্পদ

(গ) জনজ সম্পদ

উত্তৰঃ (ক) দিগবলয় বা দিগন্ত


3. ডাৱৰ কম থাকিলে দিনৰ আকাশখন কেনেকুৱা দেখি?

(ক) ৰঙা

(খ) নীলা

(গ) সেউজীয়া

উত্তৰঃ (খ) নীলা


4. সূৰ্য্য়ৰ পোহৰ প্ৰকৃততে কেইটা ৰঙৰ সমষ্টি?

(ক) ৭ টা

(খ) ৪ টা

(গ) ৫ টা

উত্তৰঃ (ক) ৭ টা


5. ৰাতিৰ আকাশত  থকা সকলোবোৰ উজ্জ্বল বস্তুক কি বোলে?

(ক) জ্য়োতিষ্ক

(খ) গ্ৰহ

(গ) নক্ষত্ৰ

উত্তৰঃ (ক) জ্য়োতিষ্ক


6. আমি দিনৰ আকাশত দেখা সূৰ্যটো এটা কি?

(ক) গ্ৰহ

(খ) নক্ষত্ৰ

(গ) জোতিষ্ক

উত্তৰঃ (খ) নক্ষত্ৰ


7. নিজা পোহৰ নথকা জ্য়োতিষ্কবোৰক কি বোলে?

(ক) গ্ৰহ বা উপগ্ৰহ

(খ) নক্ষত্ৰ

(গ) পপীয়া তৰা

উত্তৰঃ (ক) গ্ৰহ বা উপগ্ৰহ


8. সূৰ্য্য় আৰু ইয়াৰ আঠটা গ্ৰহ আৰু ইহঁতৰ উপগ্ৰহবোৰৰ পৰিয়ালটোক কি বোলে?

(ক) সৌৰজগত

(খ) তৰা

(গ) জ্য়োতিষ্ক

উত্তৰঃ (ক) সৌৰজগত


9. কোনটো গ্ৰহক পৃথিৱীৰ পৰা আটাইতকৈ উজ্জ্বল দেখা যায়?

(ক) শুক্ৰ গ্ৰহ

(খ) বুধ গ্ৰহ

(গ) মংগল গ্ৰহ

উত্তৰঃ (ক) শুক্ৰ গ্ৰহ


10. সৌৰজগতৰ আঠটা গ্ৰহৰ ভিতৰত কোনটো আটাইতকৈ সৰু গ্ৰহ?

(ক) বুধ

(খ) বৃহস্পতি

(গ) শনি

উত্তৰঃ (ক) বুধ


11. সৌৰজগতৰ আঠটা গ্ৰহৰ ভিতৰত কোনটো আটাইতকৈ ডাঙৰ গ্ৰহ?

(ক) বৃহস্পতি

(খ) শুক্ৰ

(গ) শনি

উত্তৰঃ (ক) বৃহস্পতি


12. হাতীপটি কি?

(ক) অসংখ্য় তৰাৰ সমষ্টি

(খ) অসংখ্য় গ্ৰহৰ সমষ্টি

(গ) অসংখ্য় নক্ষত্ৰ সমষ্টি

উত্তৰঃ (ক) অসংখ্য় তৰাৰ সমষ্টি


13. উল্কাৰ আন এটা নাম কি?

(ক) পপীয়া তৰা

(খ) জ্য়োতিষ্ক

(গ) নক্ষত্ৰ

উত্তৰঃ (ক) পপীয়া তৰা


14. ধূমকেতুৰ আন এটা নাম কি?

(ক) নেজাল তৰা

(খ) পপীয়া তৰা

(গ) পৃথিৱী

উত্তৰঃ (ক) নেজাল তৰা


15. এটা বিখ্য়াত ধুমকেতু হ'ল __________ ধুমকেতু।

(ক) হেলিৰ

(খ) উল্কা

(গ) নক্ষত্ৰ

উত্তৰঃ (ক) হেলিৰ


16. সম্পূৰ্ণ গোলাকাৰ ৰূপ লাভ কৰা জোনক কি বোল?

(ক) পূৰ্ণিমা

(খ) অমাৱস্য়া

(গ) নক্ষত্ৰ

উত্তৰঃ (ক) পূৰ্ণিমা



Type: Pompi Hazarika