GU BA 2nd Sem

Assamese

Chapter 2 Question Answer

আনন্দৰাম ঢেকিয়াল ফুকনঃ 'ইংলেণ্ডৰ বিৱৰণ'


▶▶ অতি চমু প্রশ্নোত্তৰঃ

১। 'ইংলণ্ডৰ বিৱৰণ' (১৮৪৭) কাৰ ৰচনা?

উত্তৰঃ আনন্দৰাম ঢেকিয়াল ফুকনৰ

২। আধুনিক যুগৰ অসমীয়া ভাষাৰ আদি লিখক বুলি কাক কোৱা হয়?

উত্তৰঃ আনন্দৰাম ঢেকিয়াল ফুকনক

৩। প্রথম অসমীয়া পাঠ্যপুথি ৰচক অসমীয়া ব্যক্তি কোন?

উত্তৰঃ আনন্দৰাম ঢেকিয়াল ফুকন

৪। কিমান চনত আনন্দৰাম ঢেকিয়াল ফুকনৰ মৃত্যু হয়?

উত্তৰঃ ১৮৫৯ চনত

৫। আনন্দৰাম ঢেকিয়াল ফুকনৰ পিতৃ কোন?

উত্তৰঃ হলিৰাম ঢেকিয়াল ফুকন

৬। বঙলা ভাষাত গ্রন্থ প্রণয়ন কৰা প্ৰাকৰুণোদয় সাহিত্যিকগৰাকী কোন আছিল?

উত্তৰঃ হলিৰাম ঢেকিয়াল ফুকন

৭। 'অসমৰ ৰাজা ৰামমোহন ৰায়' বুলি কাক কোৱা হয়?

উত্তৰঃ আনন্দৰাম ঢেকিয়াল ফুকনক

৮। ঢেকিয়াল ফুকনৰ প্রথম প্রকাশিত সৃষ্টি কি?

উত্তৰঃ 'ইংলেণ্ডৰ বিৱৰণ' ৰচনাখনেই ঢেকিয়াল ফুকনৰ প্ৰথম প্ৰকাশিত সৃষ্টি

৯। এখন দেশৰ উন্নতি হোৱাৰ আঁৰত কি কি চাৰিটা বিষয়ৰ গুৰুত্ব আছে?

উত্তৰঃ এখন দেশৰ উন্নতি হোৱাৰ আঁৰত চাৰিটা বিষয়ৰ গুৰুত্ব প্রণিধানযোগ্য। সেইকেইটা হ'ল- জ্ঞান, কৃষি, বাণিজ্য আৰু শিল্পকর্ম

১০। আনন্দৰাম ঢেকিয়াল ফুকনৰ মতে ইংলেণ্ড দেশখনৰ তুলনাত অসম ৰাজ্যখন পিছ পৰি থকাৰ প্ৰথম কাৰণটো কি?

উত্তৰঃ ইংলেণ্ড দেশখনৰ তুলনাত অসম ৰাজ্যখন পিছ পৰি থকাৰ প্ৰথম কাৰণটো হৈছে জ্ঞান

▶▶ চমু প্রশ্নোত্তৰঃ

১। আনন্দৰাম ঢেকিয়াল ফুকনৰ সাহিত্য কৃতিৰ এটি আলোচনা কৰা

উত্তৰঃ মিছনেৰীসকলৰ সাহিত্যিক প্রচেষ্টাত যিসকল অসমীয়াই আন্তৰিকভাৱে যোগ দিছিল, সেইসকলৰ ভিতৰত আনন্দৰাম ঢেকিয়াল ফুকনৰ নাম উল্লেখযোগ্য। ফুকনে ওঠৰ বছৰ বয়সৰ পৰা মৃত্যুৰ আগমুহূৰ্তলৈকে সাহিত্য সেৱা আগবঢ়ায়। ১৮৪৭ চনত অৰুণোদইত 'ইংলেণ্ডৰ বিৱৰণ' প্রকাশ পায়। ১৮৪৯ চনত প্রায় চাৰিশ পৃষ্ঠাজোৰা 'অসমীয়া ল'ৰাৰ মিত্র' প্রকাশ পায়। তেওঁৰ অসমীয়া ল'ৰাৰ মিত্ৰত ভূগোল, বিজ্ঞান, নীতি-শিক্ষা, ইতিহাস আদি বিভিন্ন তথ্যমূলক বিৱৰণী পোৱা যায়। ১৮৫৩ চনত অসমৰ অৱস্থা সম্পর্কে অনুসন্ধান কৰিবলৈ অহা মোফাট্ মিল্ছ চাহাবৰ আগত ফুকনে অসমৰ অৰ্থনৈতিক অৱস্থা সম্পর্কে সুন্দৰ বিবৃতি দিয়ে। মাত্র চৌব্বিশ বছৰ বয়সত এই স্মাৰকপত্র লিখি তেওঁ সকলোৰে দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছিল। স্মাৰকপত্ৰখনত অসমৰ ৰাজনৈতিক, প্রশাসনিক অৱস্থা আৰু সমস্যাৱলীৰ গভীৰ উপলব্ধি, সমালোচনা কৰাৰ লগতে অসমৰ ভাষা আৰু শিক্ষা সমস্যাৰ বিশ্লেষণ, অসমীয়া মানুহৰ অৰ্থনৈতিক দুৰৱস্থাৰ কাৰণ নির্ণয় আৰু তাৰ প্ৰতিকাৰৰ উপায়, অসমৰ ৰাজস্ব উৎপন্ন বস্তু আৰু তাৰ উন্নতিৰ বিশ্লেষণ- এই সকলোবোৰ কথা নিখুঁত ইংৰাজীত সাহসিকতাবে উপস্থাপন কৰিছে। ১৮৫৫ চনত তেখেতে 'A Few Remarks of Assamese Language নামৰ ইংৰাজীত লিখা পুস্তিকা এখন প্রকাশ কৰে। সেই পুস্তিকাত অসমীয়া ভাষাৰ স্বতন্ত্রতা, বঙলা ভাষা জাপি দিয়াৰ বিষময় ফল আদিৰ বিষয়ে আলোচনা আগবঢ়াইছে। সেই পুস্তিকাখনত ঢেকিয়াল ফুকনে ৬২ খন পদপুথি আৰু ৪০ খন নাটৰ উল্লেখ কৰিছে। ইয়াৰ বাহিৰেও ফুকনে ইংৰাজী-অসমীয়া আৰু অসমীয়া-ইংৰাজী দুখনকৈ অভিধান প্রণয়নৰ কাম হাতত লৈছিল। কিন্তু অকালতে তেওঁ আমাৰ মাজৰ পৰা হেৰাই যাবলগীয়া হোৱাত সেই কাম সম্পূর্ণ হৈ নুঠিল। আনন্দৰাম ঢেকিয়াল ফুকনৰ অকাল বিয়োগত অসমীয়া জাতিৰ এক পূৰাব নোৱাৰা ক্ষতি হ'ল। তেওঁৰ চমু জীৱনকালত অসমীয়া ভাষা-সাহিত্যলৈ যি সেৱা আগবঢ়াই থৈ গ'ল তাৰ তুলনা নাই

২। আনন্দৰাম ঢেকিয়াল ফুকনৰ 'ইংলেণ্ডৰ বিৱৰণ' ৰচনাৰ মুখ্য উদ্দেশ্য কি?

উত্তৰঃ 'ইংলেণ্ডৰ বিৱৰণ' বোলা ৰচনাখনেই ঢেকিয়াল ফুকনৰ প্ৰথম প্ৰকাশিত সৃষ্টি। এই ৰচনাখন তেওঁৰ জাতীয়তাবোধৰ এক সুন্দৰ নিদর্শন। নানা ইংৰাজী গ্রন্থ অধ্যয়নেৰে লাভ কৰা ধাৰণাৰ ভিত্তিত ৰচিত এই ৰচনাখনত সমৃদ্ধিশালী দেশ ইংলেণ্ডৰ বিষয়ে সম্যক আভাস দিবৰ প্ৰয়াস কৰিছে। ঢেকিয়াল ফুকনৰ ইংলেণ্ডৰ দৰে অসমখনকো সমৃদ্ধিশালী ৰূপে গঢ়ি তুলিবলৈ অসমীয়া লোকসকলক অনুপ্রাণিত কৰাই হৈছে 'ইংলেণ্ডৰ বিৱৰণ' ৰচনাৰ মুখ্য উদ্দেশ্য

৩। আনন্দৰাম ঢেকিয়াল ফুকনৰ দ্বাৰা লিখিত গ্রন্থবোৰৰ নাম উল্লেখ কৰা

উত্তৰঃ আনন্দৰাম ঢেকিয়াল ফুকনৰ দ্বাৰা লিখিত গ্রন্থবোৰ হ'ল-

(ক) অসমীয়া লৰাৰ মিত্র-২য় আৰু ৩য় খণ্ড (১৮৪৯ চন)

(খ) ফুকন দেৱান কায়দা বন্দী (১৮৪৯-৫০)

(গ) সদব দেবানী নিষ্পত্তি (১৮৫৩)

(ঘ) Observation on the Administration of the Province of Assam (1854)

(ঙ) A Few Remarks on the Assamese Language and Vernacular Education in Assam (1857).

৪। আনন্দৰাম ঢেকিয়াল ফুকনৰ 'ইংলেণ্ডৰ বিৱৰণ' পাঠটিৰ মূল বিষয়বস্তু কি?

উত্তৰঃ আনন্দৰাম ঢেকিয়াল ফুকনে ইংলেণ্ড দেশৰ ৰাজনৈতিক, অর্থনৈতিক, প্রশাসন, ঔদ্যোগিক অৱস্থাৰ লগত আমাৰ ৰাজ্যৰ ৰাজনৈতিক, অর্থনৈতিক, প্রশাসন, ঔদ্যোগিক অৱস্থাৰ কথা তুলনা কৰি কৈছে যে, আমাৰ ৰাজ্য এইবোৰ দিশত পিছ পৰি আছে। অসমীয়া ডেকাসকলক সকলোবোৰ দিশত আগৰণুৱা হ'লেহে যে ৰাজ্য উন্নত হ'ব সেই কথা সদৰি কৰিছে। এখন দেশ উন্নতি হোৱাৰ আঁৰত চাৰিটা বিষয় গুৰুত্ব প্রণিধানযোগ্য। সেইকেইটা হ'ল- জ্ঞান, কৃষি, বাণিজ্য আৰু শিল্পকর্ম। এই চাৰিটা দিশত পিছপৰি পৰি থকাৰ বাবে অসমখন আন দেশৰ তুলনাত পিছপৰি আছে। এই পাঠটিত আনন্দৰাম ঢেকিয়াল ফুকনে ইংৰাজসকলতকৈ অসমীয়া সকল অনগ্ৰসৰ হৈ থকাৰ চাৰিটা কাৰণ সুন্দৰকৈ বৰ্ণনা কৰি লগতে অসমদেশৰ ডেকাসলকলক সেইবোৰ দিশত কেনেকৈ আগবাঢ়িব পাৰি তাকো উপদেশমূলক বাণী ব্যক্ত কৰিছে। তলত সেইবোৰৰ আলোচনা কৰিবলৈ প্ৰয়াস কৰিলোঁ

            ইংলেণ্ড দেশখনৰ তুলনাত অসম ৰাজ্যখন পিছ পৰি থকাৰ প্রথম কাৰণটো হৈছে জ্ঞান। ই আমাৰ জীৱনৰ মূল মন্ত্র। আনন্দৰাম ঢেকিয়াল ফুকনে দুখ প্রকাশ কৰি কৈছে সন্তানক ধন আর্জিব নিদি বিদ্যাহে অর্জন কৰিবলৈ দিব লাগে। কিয়নো বিদ্যাইহে এজন ব্যক্তিক জীবনত আগুৱাই লৈ যোৱাত বহুখিনি সহায় কৰে। এই জ্ঞানৰ অভাবৰ বাবেই আজি ইংলেণ্ড দেশৰ তুলনাত আমাৰ দেশ বহুখিনি পিছপৰি আছে বুলি ফুকনে দুখ প্রকাশ কৰিছে। আমাৰ দেশখন পিছপৰি আন এটা কাৰণ হৈছে কৃষি উৎপাদন। অসম দেশ উন্নতি হ'বলৈ হ'লে অসমীয়া ডেকাই কৃষিকর্মত নিজকে মনযোগেৰে নিয়োজিত কৰিবলৈ লাগিব। এখন দেশৰ লোক নিৰ্ভৰ কৰে কৃষিত। ইংলেণ্ড দেশ চহকী হোৱাৰ ইও এটা কাবণ। কাৰণ তেওঁলোক যিমান জ্ঞানৰ ক্ষেত্রত আগবঢ়া, সমানেই কৃষিকর্মতো আগবণুরা। তেওঁলোকৰ কৃষকসকল চতুৰ আৰু দূৰদৰ্শী। কাৰণ তেওঁলোকে জানে যে এখন দেশৰ মেৰুদণ্ড হৈছে কৃষকসকল। তেওঁলোকে উৎপাদন কৰা কৃষিৰ জৰিয়তেহে দেশবাসী জীয়াই থাকিব। গতিকে তেওঁলোকে উচিত মূল্যত বিক্রী কৰে। কিন্তু আমাৰ ৰাজ্য কৃষি ওপৰতে নিৰ্ভৰশীল যদিও কৃষকসকল কৃষিকর্মত মন নিদিয়া হৈছে। সহজতে কেনেকৈ টকা উপার্জন কৰিব পাৰি সেই কাম বিচাৰে। অসমীয়াসকল ইংৰাজসকলৰ তুলনাত পিছপৰি থকাৰ আন এটা কাৰণ দর্শোইছে আনন্দবাম ঢেকিয়াল ফুকনে, সেইটো হৈছে- ব্যৱসায় বাণিজ্যত। উৎপাদন কৰা বস্তু ব্যবসায় কৰিবলৈ পাৰিলেহে তাৰ উচিত প্রয়োগ হ'ব। অসমদেশ আটাইতকৈ পিছপৰি থকা কাৰণটোৱে হৈছে ব্যবসায়-বাণিজ্য। অসমৰ ডেকাসকল ব্যবসায়ত মন নিদিয়ে। ধনবোৰ সাঁচি ৰাখি ভাল পায়। কিন্তু তেওঁলোকে নাজানে যে সেই ধন কামত খটোৱালে তাৰ পৰা আৰু দুগুণ ধন পাব পাৰি। ব্যৱসায় বাণিজ্যত ভালদৰে মন দিলে যে অসম ৰাজ্য ইংৰাজসকলৰ দেশৰ দৰে হাবি গুছি ফুলবাৰি হ'ব বুলি ঢেকিয়াল ফুকনে ট কৰিছে। আনন্দৰাম ঢেকিয়াল ফুকনে অসম দেশ পিছপৰি থকাৰ আন এটা কাবণ উল্লেখ কৰিছে, সেইটো হৈছে- শিল্পকর্ম। শিল্পকর্মই বিভিন্ন দিশত দেশ এখনক উন্নতি কৰাত সহায় কৰে। তেওঁ উপদেশ দিছে যে আমাৰ দেশৰ ধনৱন্ত লোকসকলে যদি ভাপৰ ৰথ, ভাপৰ কল আদিৰ ব্যৱস্থা কৰি দিলে হয়, তাকে দেখি আমাৰ দেশৰ এচাম মানুহ আর্থিক দিশত স্বাবলম্বী হ'বলৈ পাৰিলে হয়। পাৰ্গতসকলে ইয়াৰ ব্যৱহাৰ দেখুওৱাই দিলে নজনাসকলে শিকিবলৈ পাৰিলে হয়। এইবোৰ দিশত ইংৰাজসকল বৰ চহকী। কাৰণ ইংলেণ্ডৰ লোকসকলে এজনে আনজনক যথেষ্ট সহায় কৰে। কিন্তু আমাৰ দেশৰ ধনৱন্ত লোকসকলে টকা ভাঙি খৰছ নকৰে বুলি কৈ আক্ষেপ প্রকাশ কৰিছে

 ▶▶ ৰচনাধর্মী প্রশ্নোত্তৰঃ

১। আনন্দৰাম ঢেকিয়াল ফুকনৰ সাহিত্য কৃতিৰ বিষয়ে এটি আলোচনা যুগুত কৰা

উত্তৰঃ আধুনিক অসমীয়া ভাষা-সাহিত্যৰ প্ৰাণ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত যিকেইগৰাকী দেশহিতৈষী অসমীয়া ব্যক্তিয়ে অৰিহণা যোগাইছিল, তাৰ ভিতৰত আনন্দৰাম ঢেকিয়াল ফুকন অন্যতম। উজনি অসমৰ টিয়কীয়া অধ্যাপক বংশৰ প্রভাৱশালী পুৰুষ হলিৰাম ঢেকিয়াল ফুকনৰ ঔৰসত আৰু প্ৰসূতিদেৱীৰ গৰ্ভত ১৮২৯ চনৰ ২৪ ছেপ্টেম্বৰ তাৰিখে আনন্দৰাম ঢেকিয়াল ফুকনার জন্ম হয়। গুৱাহাটী 'চেমিনাৰী'ৰ পৰা ইংৰাজী শিক্ষা গ্রহণ কৰা ঢেকিয়াল ফুকনে পৰৱর্তী সময়ত কলিকতাৰ হিন্দু কলেজত নাম ভর্তি কৰে যদিও ঘৰুৱা বেমেজালিৰ বাবে কলেজীয়া শিক্ষা আধৰুৱাকৈ এৰি ঘৰলৈ উভতি আহে। অৱশ্যে তেওঁ ঘৰতে ইংৰাজী শিক্ষা গ্রহণ কৰে। ঢেকিয়াল ফুকনে উর্দু, ফাচী আৰু সংস্কৃত ভাষাও অধ্যয়ন কৰিছিল। ১৮৪৬ চনত বিয়া পাতি ১৮৪৭ চনত চৰকাৰী চাকৰিত সোমাই কৰ্ম জীৱনৰ পাতনি মেলে। পিছলৈ তেওঁ দেৱান, মুন্সিফ, এছিষ্টেণ্ট কমিছনাৰ আদি পদ অলংকৃত কৰি ১৮৫৯ চনৰ জুন মাহত অকাল মৃত্যুবৰণ কৰে

            ওঠৰ বছৰ বয়সতে 'অকনোদই'ত প্রকাশিত 'ইংলেণ্ডৰ বিৱৰণ' নামৰ ৰচনাখনেৰে সাহিত্যিক জীৱনৰ আৰম্ভ কৰা ঢেকিয়াল ফুকনে সাহিত্য চর্চাক এক ঐতিহাসিক তথা জাতীয় কর্তব্যৰূপে গ্ৰহণ কৰিছিল। তেওঁৰ ৰচনাসমূহে এহাতে যেনেদৰে সময়ত চাহিদা পূৰণত সহায়তা কৰিছিল, আনহাতে তেনেদৰে তাৰ মাজেদি প্রকাশ পাইছিল তেওঁৰ গভীৰ স্বদেশানুৰাগ, ভাষা-প্রীতি আৰু অধ্যয়নলব্ধ গভীৰ জ্ঞান। অসমত উপজি, অসমীয়াভাষী হৈও বঙালী ভাষাৰ মাধ্যমত স্কুলীয়া শিক্ষা ল'ব লগীয়া হোৱাটোৱে ঢেকিয়াল ফুকনক মর্মাহত কৰি তুলিছিল। সেয়ে অসমীয়া ভাষাক পুনৰ প্ৰতিষ্ঠা কৰাৰ সংগ্ৰামত মিছানেৰিসকলৰ লগত সক্রিয় সহযোগ কৰাৰ লগতে পুথি প্রণয়নতো তেওঁ মনোনিৱেশ কৰিছিল। চৰকাৰী চাকৰিৰ দায়িত্ব বহন কৰিও তেওঁ সাহিত্য-চর্চাক জীৱনৰ ব্ৰত হিচাপে গ্রহণ কৰিছিল

               ঢেকিয়াল ফুকনে যিখিনি গ্রন্থ প্রণয়ন কৰি অসমীয়া ভাষা-সাহিত্যৰ সেৱা কৰি গ'ল সেইবোৰ হ'ল-

 (ক) অসমীয়া ল'ৰাৰ মিত্ৰ- দ্বিতীয় আৰু তৃতীয় খণ্ড

 (খ) ফুকন দেৱান কায়দা বন্দি

 (গ) সদৰ দেৱানী নিষ্পত্তি

 (ঘ) Observation on the Administration of the Province of Assam.

 (ঙ) A few Remarks on the Assamese Language and Vernacular Education in Assam.

              এইবোৰৰ উপৰিও ঢেকিয়াল ফুকনে অসমীয়া-ইংৰাজী আৰু ইংৰাজী-অসমীয়া দুখন অভিধান ৰচনা কৰিবলৈ আৰম্ভ কৰিছিল আৰু ইয়াৰ অংশ বিশেষ 'অৰুনোদই'ত ছপা হৈ ওলাইছিল। পিছে অভিধান দুখন তেওঁ সম্পূর্ণ কৰিলেনে নাই সেই কথা জনা নাযায়

             ঢেকিয়াল ফুকনৰ 'Observation on the Administration of the Province of Assam' মোফাত মিলচ্ চাহাবে ১৯৫৩ চনত অসম ভ্ৰমণ কৰিবলৈ আহোতে তেওঁৰ ওচৰত দাখিল কৰা স্মাৰকপত্র। ইংৰাজী ভাষাত ৰচিত এই স্মাৰকপত্ৰখনত তেওঁ সেই সময়ৰ অসমৰ অর্থনৈতিক, ৰাজনৈতিক, সামাজিক, প্রশাসনিক আদি অৱস্থাৰ লগতে অসমৰ ভাষা আৰু শিক্ষা সমস্যা দাঙি ধৰি যিবোৰৰ নিৰাময়ৰ বাবে স্পষ্ট পৰামৰ্শ আগবঢ়াইছে। স্মাৰক পত্ৰখন তেওঁৰ সমাজ চেতনা আৰু জ্ঞানৰ বিস্তৃতি তথা গভীৰতাৰ এক সুন্দৰ স্বাক্ষৰ

             A. Native ছদ্মনামত ইংৰাজীত লিখা আৰু শিৱসাগৰৰ মিছন প্ৰেছত ছপাই উলিওৱা 'A few Remarks on the Assamese Language and Vernacular Education in Assam’ শীর্ষক গ্রন্থত আনন্দৰামে অসমীয়া ভাষাৰ ঐতিহ্য আৰু স্বতন্ত্রতাৰ বিষয়ে বিস্তৃত বিশ্লেষণ আগবঢ়োৱাৰ উপৰিও অসমৰ পঢ়াশালি আৰু চৰকাৰী কাম-কাজত অসমীয়া ভাষা প্রচলন কৰাৰ সপক্ষে সুচিন্তিত আৰু অকাট্য যুক্তি দাঙি ধৰিছে। 'ফুকন দেৱান কায়দা বন্দী', 'সদৰ দেৱান নিষ্পত্তি' আৰু 'আইন ও ব্যৱস্থা সংগ্রহ' এই তিনিখন গ্রন্থ শাসন, আইন, নীতি আৰু ব্যৱস্থা সম্বন্ধীয়। গ্রন্থ তিনিখনত প্রশাসক হিচাপে আনন্দৰাম ঢেকিয়াল ফুকনৰ জ্ঞানৰ বিস্তৃতি, বাস্তব অভিজ্ঞতা আৰু অধ্যয়নৰ গভীৰতাৰ প্ৰমাণ পোৱা যায়। 'সদৰ দেৱান নিষ্পত্তি' ইংৰাজীৰ পৰা বঙলালৈ অনুবাদ কৰা গ্ৰন্থ। ঢেকিয়াল ফুকনৰ 'আইন ও ব্যৱস্থা সংগ্রহ' ঊনবিংশ শতিকাৰ বঙলা ভাষাৰ মনোৰম নিদর্শন। বিষয়বস্তু উপস্থাপন, প্রকাশভংগী আৰু ভাষা- সকলো দিশৰ পৰাই গ্ৰন্থখন উৎকৃষ্ট

             ১৮৪৯ চনত ঢেকিয়াল ফুকনৰ 'অসমীয়া ল'ৰাৰ মিত্র' দ্বিতীয় আৰু তৃতীয় খণ্ড প্রকাশ পায়। গ্রন্থখন প্রকৃত অৰ্থতেই অসমীয়া ল'ৰাৰ মিত্র। Murray'Encyclopaedeia' আৰু অন্যান্য ইংৰাজী গ্রন্থ অধ্যয়ন কৰি, যিবোৰৰ সাৰ সংগ্ৰহেৰে অসমীয়া ল'ৰাৰ হিত সাধনৰ উদ্দেশ্যে তেওঁ গ্রন্থখন ৰচনা কৰিছিল। ১৮৭৩ চনত অসমীয়া ভাষাই শিক্ষাৰ মাধ্যম ৰূপে স্বীকৃতি পোৱাৰ পিছৰ পৰা এই গ্ৰন্থৰ সমাদৰ বাঢ়ে আৰু পঢ়াশলীয়া শিক্ষাৰ্থীৰ উপযোগীকে গুণাভিৰাম বৰুৱাই ইয়াৰ সংক্ষিপ্ত সংস্কৰণ সম্পাদনা কৰি উলিয়ায়

            বিষয়বস্তু অনুসৰি আনন্দৰাম ঢেকিয়াল ফুকনৰ ৰচনাৰাজিক- (ক) নীতি-উপদেশ মূলক, (খ) ইতিহাস সম্বন্ধীয়, (গ) ভূগোল সম্বন্ধীয় আৰু (ঘ) ঈশ্বৰ সম্বন্ধীয় -এই চাৰি ভাগত আলোচনা কৰিব পাৰি। 'উপদেশ বাক্য', 'সদানন্দ হোৱাৰ সংকেত', 'সন্তানসকলৰ পিতৃ- মাতৃৰ প্রতি কর্তব্য কর্ম, 'ছাত্ৰৰ অধ্যাপকৰ প্ৰতি কর্তব্য-কর্ম' আদি ৰচনা প্রধানকৈ নীতি উপদেশমূলক। এইবোৰৰ যোগেদি লেখকে অসমীয়া ছাত্ৰসকলক জ্ঞানী-গুণীৰূপে গঢ়ি তোলাৰ উদ্দেশ্যে নানান নীতি-উপদেশ আগবঢ়াইছিল

              'ভাৰতবৰ্ষৰ সংক্ষেপ বুৰঞ্জী', 'অসম দেশৰ সংক্ষেপ বুৰঞ্জী', 'অসম দেশ শত্রুৱে আক্রমণ কৰা কথা' আদি প্ৰধানকৈ বুৰঞ্জীমূলক ৰচনা। 'ভাৰতবৰ্ষৰ সংক্ষেপ বুৰঞ্জী'ত মুছলমানৰ ৰাজত্বকালৰ পৰা ইংৰাজে দেশৰ শাসনভাৰ দখল কৰালৈকে কালছোৱাৰ সংক্ষিপ্ত বিৱৰণ পোৱা যায়। 'অসম দেশৰ সংক্ষেপ বুৰঞ্জী'ত পৌৰাণিক ৰজা মহীৰংগ দানৱ, নৰকাসুৰ, ভগদত্ত আদি ৰজাসকলৰ ৰাজত্বকালৰ পৰা ইংৰাজে এই দেশৰ শাসনভাৰ লোৱালৈকে এই কালছোৱাৰ বিৱৰণ আছে। আহোম ৰাজসকলৰ ৰাজত্বকালৰ বৰ্ণনা ইয়াত বিস্তৃত ৰূপত দিয়া হৈছে

               'অসম দেশৰ বিৱৰণ', 'হিন্দুস্থানৰ নানা প্রদেশ' আৰু 'কলিকতাৰ বিৱৰণ' ভূগোল সম্বন্ধীয় গ্রন্থ। 'অসম দেশৰ বিৱৰণ'ত লেখকে তদনীন্তন অসমৰ জিলাসমূহৰ চাৰিসীমা, মাটিকালি, জনসংখ্যা আদিৰ বিৱৰণ দিয়াৰ উপৰিও বিবিধ শাক-পাচলি, প্রাকৃতিক দৃশ্য আৰু লোক সমাজৰ খাদ্যাখাদ্য, ব্যৱসায়, বাণিজ্য আদিৰো আভাস দিছে। 'হিন্দুস্থানৰ নানা প্রদেশ' শীর্ষক ৰচনাত বঙ্গাল দেশ, বেহাৰ, এলাহাবাদ, অযোধ্যা, আগ্রা, দিল্লী, আজমেৰ, গুজৰাট, মালৱাৰ আদি তেতিয়াৰ ভাৰতবৰ্ষৰ বিভিন্ন প্রদেশৰ বৰ্ণনা কৰিছে। 'কলিকতাৰ বিৱৰণত তেওঁ ইংৰাজৰ স্পর্শত পূৰ্বৰ ক্লেশদায়ক কলিকতা' কেনেকৈ সুন্দৰ চহৰত পৰিণত হ'ল আৰু মাটি-কালি, জনসংখ্যা, বাট-পথ আদিৰ বিৱৰণ দিছে। 

        'ইংলেণ্ডৰ বিৱৰণ' ঢেকিয়াল ফুকনৰ প্রথম প্রকাশিত সৃষ্টি। ৰচনাখনৰ যোগেদি লেখকৰ জাতীয়তাবোধৰ সুন্দৰ প্রকাশ ঘটিছে। অসমীয়া জাতীয় জীৱন তথা ভাষা-সাহিত্যৰ এক গভীৰ সংকটপূর্ণ অৱস্থাত ঢেকিয়াল ফুকনে কলম হাতত লৈ সাহিত্য চর্চাত মনোনিরেশ। কৰিছিল। তেওঁ আছিল ইংৰাজী শিক্ষাৰে শিক্ষিত প্রথমজন অসমীয়া। ইংৰাজী শিক্ষাৰ সংস্পৰ্শত লাভ কৰা নতুন দৃষ্টিভংগীয়ে তেওঁক নৈতিকতাৰ ভিত্তিত জাতীয় ইতিহাস আৰু ভূগোলৰ সম্যক ধাৰণাৰে অসমীয়া ল'ৰাবিলাকৰ মনত জাতীয় চেতনাবোধ জগাই তুলিবৰ চেষ্টা কৰিছিল

 ২। আনন্দৰাম ঢেকিয়াল ফুকনৰ 'ইংলেণ্ডৰ বিবৰণ' শীর্ষক পাঠটিৰ গদ্যৰীতি আলোচনা কৰা। 

উত্তৰঃ কোনো এজন লেখকৰ গদ্যৰীতিৰ আলোচনাত তেওঁৰ গদ্যৰ শব্দ চয়ন, বাক্যৰীতি, অনুচ্ছেদ ৰচনা, অলঙ্কাৰ, খণ্ডবাক্য, জতুৱা ঠাঁচ, প্রবাদ-প্রবচন আদিৰ প্ৰয়োগ, লয় আদি দিশসমূহ বিশ্লেষণ কৰা হয়। ইয়াৰ আধাৰতে আনন্দৰাম ঢেকিয়াল ফুকনৰ 'ইংলেণ্ডৰ বিবৰণ' পাঠটোৰ গদ্যৰীতি আলোচনা আগবঢ়োৱা হ'ল-

 (ক) শব্দ চয়নঃ এজন দক্ষ লেখক হ'বলৈ হ'লে লেখকজন চহকী শব্দ ভাণ্ডাৰৰ গৰাকী হোৱা প্রয়োজন। উপযুক্ত স্থানত উপযুক্ত শব্দ প্ৰয়োগৰ দক্ষতাইহে গদ্যক নিটোল ৰূপ প্রদান কৰিব পাৰে। আনন্দৰাম ঢেকিয়াল ফুকনৰ গদ্যত তৎসম, অর্ধতৎসম, ইংৰাজী, বঙলা-হিন্দী, আৰবী-ফাচী, টাই আদি ভাষাৰ শব্দৰ প্রয়োগ দেখা যায়

                'ইংলেণ্ডৰ বিবৰণ' শীর্ষক পাঠটোৰ শব্দ চয়ন এনে ধৰণৰ-

 তৎসম শব্দঃ মৃগয়া, জ্ঞান, শস্য, পৰ্ব্বত, মূর্ত্তি, কৰ্ম্ম, পুৰুষার্থ, বিদ্যা, পূর্ব্ব, বিদ্যোৎসাহি ধৰ্ম্ম ইত্যাদি

 অর্ধ তৎসম শব্দঃ বুৰঞ্জী

ইংৰাজী শব্দঃ ইংলেণ্ড, লিৱৰপুল, ব্রিস্টল, লণ্ডন, ইউৰোপ, বিচপ, পার্লিয়ামেন্ট, বেলৰদ, থেমচ্ ইত্যাদি। ইংৰাজীৰ পৰা স্ব-অনূদিত শব্দঃ ভাপৰ ৰথ, ভাপ কল, ভাপ নাও, ইংৰাজী যন্ত্র ইত্যাদি। 

                মন কৰিবলগীয়া যে, আনন্দৰাম ঢেকিয়াল ফুকনৰ গদ্যত সংস্কৃত তৎসম শব্দৰ বহুল প্রয়োগ পৰিলক্ষিত হয়

(খ) বাক্যৰীতিঃ আনন্দৰাম ঢেকিয়াল ফুকনৰ গদ্যত ক'মা, চেমিক'লন আদি যতিচিহ্নৰ সহায়ত দুই বা ততোধিক চুটি চুটি বাক্য লগ লগাই একোটা দীঘলীয়া বাক্য ৰচনা কৰাৰ প্ৰৱণতা দেখা যায়। উদাহৰণ স্বৰূপে, "এই অসম দেশে নিবাসী লোকসকলে স্বদেশত বাজে পৃথিৱীত আন আন যিসকল বৰ বৰ দেশ আচে তাৰ একো কথাৰ ভূ নেপাই, সেই হেতুকে সিবিলাকে আপোনাৰ দেশ অতি দূৰ অৱস্থাত আচে বুলি নেজানে; এতেকে সম্প্রতি পৃথিৱীৰ ভিতৰত অতি আচৰিত যে ইংলেণ্ড দেশ তাৰে সংক্ষেপ বিবৰণ তলত লেখিলোঁ, তাক পঢ়ি মানিলে অনেক উপকাৰ দৰ্শিব।' (ইংলেণ্ডৰ বিবৰণ)

           আনন্দৰাম ঢেকিয়াল ফুকনৰ সমগ্ৰ ৰচনাৰাজিৰ লক্ষ্যই আছিল অসম আৰু অসমীয়াৰ উন্নতি। সেয়েহে তেওঁ গদ্যত আহ্বানসূচক বা অনুজ্ঞাবোধক বাক্যৰ প্ৰয়োগ সততে দেখা যায়। উদাহৰণ স্বৰূপে, “ধনৱন্ত লোকসকল, তোমালোকেও আজিৰ পৰা উঠা, পূৰ্ব্বৰ প্ৰতিজ্ঞা এৰা, তোমালোকৰ ধন মাটিৰ তলত মামৰে নষ্ট কৰিব নিদিবা, কিন্তু দেশৰ বিদ্যা বুদ্ধিলৈ ধন ভাঙ্গা এই উপায় দেশ অৱশ্যে সভ্য আৰু জ্ঞানী হব।"

               এনে ধৰণৰ আহ্বানসূচক বা অনুজ্ঞাবোধক বাক্যৰ আৰম্ভণিও 'হে' সম্বোধনাত্মক অব্যয়ৰ প্রয়োগ ফুকনৰ পদ্যৰ আন এক বিশেষত্ব। উদাহৰণ স্বৰূপে, “হে প্রিয় মিত্রসকল, যদি সভ্য আৰু সুখ হ'বৰ বাঞ্চা কৰা তেন্তে টোপনিৰ পৰা উঠা।"

             আনন্দৰাম ঢেকিয়াল ফুকনে তেওঁৰ গদ্যত ভাববোধক বাক্য প্রয়োগেৰে নিজৰ আৱেগ- অনুভূতিৰ বহিপ্রকাশ ঘটোৱাও দেখা যায়। উদাহৰণ স্বৰূপে, "হায় হায়। কি আক্ষেপৰ কথা।”

(গ) অনুচ্ছেদঃ বাক্যৰ সমষ্টিয়েই অনুচ্ছেদ। ঠিক একেদৰে অনুচ্ছেদৰ সমষ্টিয়ে একোখন ৰচনা বা প্রবন্ধ। ৰচনা বা প্রবন্ধ একো একোটা একোটা দিশ অনুচ্ছেদে দাঙি ধৰে। সেয়েহে অনুচ্ছেদ এটা একোটা একোটা দিশ বা ভাববস্তুৰে স্বয়ংসম্পূর্ণ হোৱাটো বাঞ্ছনীয়। আনন্দৰাম ঢেকিয়াল ফুকনৰ গদ্যতো এনে ধৰণৰ অনুচ্ছেদৰ সফল প্রয়োগ পৰিলক্ষিত হয়

                আনন্দৰাম ঢেকিয়াল ফুকনৰ 'ইংলেণ্ডৰ বিবৰণ' পাঠটিত পঢ়ুৱৈক আকৰ্ষণ কৰিব পৰা লয়যুক্ত আলঙ্কাৰিক গদ্যৰ সুন্দৰ প্রয়োগ ঘটা দেখা যায়। এনে ধৰণৰ গদ্যই ফুকনৰ কাব্যিক গদ্য সৃষ্টি প্রতিভা দাঙি ধৰিছে। উদাহৰণ স্বৰূপে, "যি সময়ত অসম হাবি গুচি, ফুলবাৰী হ', নৈত ডোঙ্গা গুচি জাহাজ হ', ঘৰ বাঁহৰ গুচি সিল ইটাৰ হ', গাঁবে গাঁৱে হেজাৰে হেজাবে পঢ়াশালি, জ্ঞানৰ সভা, চিকিৎসালই, দুখিয় দৰিদ্ৰ পৰিত্ৰানৰ আলয় হ', আৰু যি কালত লোকসকলে পৰস্পৰ হিংসা নকৰি আটাইয়ে আটাইক ভাতৃবৎ চেনেহ কৰিব, কেৱে দুটকাৰ কানিৰ সলনি মিচা সাক্ষি নিদি, লাখ টকাকো কাতি কৰি থব, কোটি টকা ভেটি পাইও কাবো অন্যায় নকৰিব, বেশ্যা, কানি আৰু সুৰা দেশী লোকে ভূ নোপোৱা হ', সেই সময়, হে পৰম পিতা জগদ্বীশ্বৰ শীঘ্ৰে ঘটোৱা "


Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)