GU BA 2nd Sem
Assamese
Chapter 3 Question Answer
হেমচন্দ্ৰ বৰুৱাঃ 'অসমত স্ত্ৰী শিক্ষা'
▶▶অতি চমু প্রশ্নোত্তৰঃ
১। 'অসমীয়া সাহিত্যৰ ওজা' কাক আখ্যা দিয়া হয়?
উত্তৰঃ হেমচন্দ্ৰ বৰুৱাক।
২। হেমচন্দ্ৰ বৰুৱাৰ সাহিত্যিক জীৱনৰ কীৰ্ত্তিস্তম্ভ কি?
উত্তৰঃ হেমকোষ।
৩। 'হেমকোষ (১৯০০) ৰ প্ৰকাশৰ সময়ত কোনে হেমচন্দ্ৰ বৰুৱাক সহায় কৰিছিল?
উত্তৰঃ গর্ডন চাহাবে।
৪। হেমচন্দ্ৰ বৰুৱাৰ কোনখন গ্রন্থ আধুনিক কালৰ প্ৰথম পুথিৰ আকাৰত প্ৰকাশিত নাটক?
উত্তৰঃ ১৮৬১ চনত প্রকাশিত 'কানীয়াৰ কীৰ্তন'।
৫। অসমীয়া ভাষাৰ প্ৰথম ব্যাকৰণখন কোনে ৰচনা কৰে?
উত্তৰঃ হেমচন্দ্ৰ বৰুৱাই।
৬। হেমচন্দ্ৰ বৰুৱাৰ কোন দুখন গ্রন্থই সমাজ সচেতনতা আৰু সংস্কাৰবাদী দৃষ্টিভংগীৰ পৰিচয় দিয়ে?
উত্তৰঃ 'কানীয়াৰ কীৰ্তন' আৰু 'বাহিৰে ৰংচং ভিতৰি কোৱা ভাতুৰি' নামৰ গ্ৰন্থ দুখনে।
৭। হেমচন্দ্ৰ বৰুৱা কোনখন সাপ্তাহিক বাতৰি কাকতৰ সম্পাদক আছিল
উত্তৰঃ "আসাম নিউচ” নামৰ ইংৰাজী অসমীয়া বাতৰিকাকতৰ।
৮। পণ্ডিত হেমচন্দ্ৰ বৰুৱাৰ পিতৃৰ নাম কি আছিল?
উত্তৰঃ মুক্তাৰাম বৰুৱা।
৯। 'কানীয়া-কীর্তন' (১৮৬১) কাৰ ৰচনা?
উত্তৰঃ হেমচন্দ্ৰ বৰুৱাৰ ডেকাবয়সৰ ৰচনা।
১০। হেমচন্দ্ৰ বৰুৱাই সম্পাদনা কৰা বাতৰি কাকতখনৰ নাম কি আৰু কিমান চনত প্রকাশ পাইছিল?
উত্তৰঃ 'আসাম নিউচ', ১৮৮২ চনত প্রকাশ পাইছিল।
১১। হেমচন্দ্ৰ বৰুৱাৰ দুখন পুথিৰ নাম লিখা?
উত্তৰঃ আদিপাঠ (১৮৭৩) আৰু পঢ়াশলীয়া অভিধান (১৮৯২)।
১২। 'সংক্ষিপ্ত হেমকোষ'ব স্রষ্টা কোন?
উত্তৰঃ হেমচন্দ্ৰ বৰুৱা। ইয়াৰ প্ৰকাশৰ চন (১৮৯৪)।
১৩। হেমচন্দ্ৰ বৰুৱাৰ ব্যংগ সাহিত্যমূলক পুথি দুখনৰ নাম কি কি?
উত্তৰঃ 'কানীয়া কীর্তন' (১৮৬১) আৰু 'বাহিৰে ৰং চং ভিতবে কোৱাভাতুৰী'।
▶▶ চমু প্রশ্নোত্তৰঃ
১। 'অসমীয়া সাহিত্যৰ ওজা' হেমচন্দ্ৰ বৰুৱাৰ সাহিত্যৰাজি কি কি?
উত্তৰঃ অসমীয়া সাহিত্যৰ স্বৰ্ণ সৌধ নির্মাণ কৰোঁতা হেমচন্দ্ৰ বৰুৱাৰ ৰচনা ৰাজি হ'ল- (ক) কানীয়াৰ কীৰ্তন (খ) বাহিৰে ৰং চং ভিতৰে কোৱাভাতুৰী (গ) অসমীয়া ভাষাৰ ব্যাকৰণ, (ঘ) অসমীয়া ব্যাকৰণ (ঙ) অসমীয়া ল'ৰাৰ ব্যাকৰণ (চ) অসমীয়া ল'ৰাৰ আদিপাঠ আগছোৱা, মাজছোৱা, শেহছোৱা (ছ) পাঠমালা (জ) গা ভালে ৰাখিবৰ উপায় (ঝ) Notes on marriage system of the people of Assam, (ঞ) সংক্ষিপ্ত হেমকোষ, (ট) অসমীয়া হেমকোষ (ঠ) পঢ়াশলীয়া অভিধান।
২। স্ত্রী শিক্ষাৰ ক্ষেত্ৰত হেমচন্দ্র বৰুৱাৰ ভূমিকা কি আছিল?
উত্তৰঃ নাৰী শিক্ষাৰ ক্ষেত্ৰত হেমচন্দ্ৰ বৰুৱাই সেই সময়ৰ ৰক্ষণশীলতাৰ বিৰুদ্ধে যুঁজ দিছিল। তেওঁ দৃঢ়তাৰে কৈছিল- "তোমালোকেও তোমালোকৰ তিৰোতাৰ অহিতে যি কুসংস্কার আছে তাক এৰি পেলাই তেওঁলোকক জ্ঞান বিদ্যা শিকাই উত্তম সংগী জ্ঞান কৰা, কাৰণ তেওঁলোক তোমালোকৰ শৰীৰৰ এফাল আৰু উত্তম বন্ধু।" স্ত্রী শিক্ষাৰ গুৰুত্ব সম্পর্কে হেমচন্দ্র বৰুৱাই 'অৰুণোদয়'ত 'স্ত্রী শিক্ষা' শীর্ষক এটি নিবন্ধ লিখিছিল। উক্ত নিবন্ধটি লিখিছিল তলত দিয়া মনুৰ এটি শ্লোক হৃদয়ঙ্গম কবি। শ্লোকটি হ'ল-
'যত্র নার্ঘস্তু পুজ্যন্তে নন্দন্তে
তত্র দেৱতা
যত্রে তাস্তু ন পূজ্যন্তে সর্বাস্থ
সকলা ক্রিয়া।'
অর্থাৎ 'যিসকলৰ য'ত আদৰ নাই, য'ত স্ত্রীসকলে দুখেৰে দিন কটায়, সেই সংসাৰত, সেই দেশত কেতিয়াও উন্নতিৰ আশা কৰিব নোৱাৰি'।
▶▶ ৰচনাধর্মী প্রশ্নোত্তৰঃ
১। অসমীয়া ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাই অসমীয়া ভাষা আৰু সাহিত্যৰ ভেটি কিদৰে দৃঢ়তৰ কৰিছিল, আলোচনা কৰা।
উত্তৰঃ অসমীয়া ভাষা উদ্ধাৰ কৰোঁতা, ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ জন্ম হৈছিল ১৮৩৫ চনৰ অবিভক্ত শিৱসাগৰ জিলাৰ ৰজাবাহৰ গাঁৱত। দেউতাক মিছামৰা মৌজাৰ মৌজাদাৰ মুক্তাৰাম বৰুৱা। সৰুতেই পিতৃ বিয়োগ ঘটাত খুৰাক লক্ষ্মীকান্ত বৰুৱাৰ তত্ত্বাৱধানত শিৱসাগৰত সংস্কৃত শিক্ষা গ্রহণ কৰে আৰু নিজৰ চেষ্টাৰে সংস্কৃতত পাৰ্গত হৈ উঠে। চৰকাৰী কাম শিকিবৰ বাবে খুৰাকে তেওঁক কাছাৰীত শিক্ষা নবিচ পদত নিয়োগ কৰা বাবে তেওঁ সেই সুবিধাতে বঙলা শিকাৰ উপৰিও কেপ্তেইন ব্রোডী চাহাবৰ উৎসাহ আৰু সহায়ত খুৰাকে নজনাকৈ ইংৰাজী শিকিছিল। নিজৰ চেষ্টাৰে ইংৰাজীত ব্যুৎপত্তি লাভ কৰি তেওঁ চৰকাৰী কামতো দোপত দোপে উন্নতি কৰিছিল। ১৮৮১ চনত তেওঁ চাকৰিৰ পৰা অৱসৰ লয় আৰু ১৮৯৬ চনত এইজনা মহান মনীষীৰ মৃত্যু হয়।
হেমচন্দ্ৰ বৰুৱাৰ সাহিত্যিক জীৱনে অৰুণোদয়ৰ বুকুতে পাতনি মেলে। হেমচন্দ্ৰ বৰুৱাৰ মিছনেৰীৰ অসমীয়া বৰ্ণ বিন্যাস পদ্ধতি মনঃপুত হোৱা নাছিল। হেমচন্দ্ৰ বৰুৱাই সংস্কৃতীয়া ৰূপটোক নিজৰ ভংগীৰে সংস্কাৰ কৰি প্রতিষ্ঠা কৰে। আৰু বৰ্তমানলৈকে সেয়া প্রচলিত।
অসমীয়া সাহিত্যৰ স্বৰ্ণ সৌধ নির্মাণ কৰোঁতা হেমচন্দ্ৰ বৰুৱাৰ ৰচনা ৰাজি হ'ল- (ক) কানীয়াৰ কীৰ্তন (খ) বাহিৰে ৰং চং ভিতৰে কোৱাভাতুৰী (গ) অসমীয়া ভাষাৰ ব্যাকৰণ, (ঘ) অসমীয়া ব্যাকৰণ (ঙ) অসমীয়া ল'ৰাৰ ব্যাকৰণ (চ) অসমীয়া ল'ৰাৰ আদিপাঠ আগছোৱা, মাজছোৱা, শেহছোৱা (ছ) পাঠমালা (জ) গা ভালে ৰাখিবৰ উপায় (ঝ) Notes on Marriage System of the People of Assam, (ঞ) সংক্ষিপ্ত হেমকোষ, (ট) অসমীয়া হেমকোষ (ঠ) পঢ়াশলীয়া অভিধান।
তেওঁ সম্পূর্ণ বাস্তৱ অভিজ্ঞতাৰে লিখা বিদ্রূপাত্মক ধেমেলীয়া নাট 'কানীয়াৰ কীৰ্তন'। কানি বৰবিহে অসমৰ জাতীয় জীৱনলৈ যি বিপর্যয় কঢ়িয়াই আনিছিল তাৰ অৱসান ঘটোৱাৰ উদ্দেশ্যে কানীয়াৰ কীৰ্তন ৰচনা কৰা হৈছিল। নাটখন উদ্দেশ্য ধর্মী, কিন্তু কানি খোলাৰ হাস্যস্পদ ব্যংগচিত্রই আৰু নাটখনৰ প্রভাবশীলতাই নাট্য সাহিত্যৰ বুৰঞ্জীত ইয়াক বিশেষ স্থান দিছে। 'বাহিৰে ৰং চং, ভিতৰে কোৱাভাতুৰী'ত অসমীয়া সমাজৰ বাহ্যিক নৈষ্ঠিকতা আৰু আচাৰ-ব্যৱহাৰৰ অন্তৰালত থকা ব্যভিচাৰ, ভণ্ডামি, দুর্নীতিৰ বিকট ৰূপটো প্রকাশ কৰিছে। নির্মম তীব্র ব্যংগ ৰচনাত হেমচন্দ্ৰক পৰৱৰ্তী কোনো লেখকে অতিক্রম কৰি যাব পৰা নাই।
ভাষা শিকিবলৈ আৰু শুদ্ধভাৱে লিখিবলৈ ছাত্ৰৰ কাৰণে উপযুক্ত সাহিত্য পাঠ ব্যাকৰণ পুথি আৰু অভিধানৰ প্ৰয়োজন। হেমচন্দ্ৰ বৰুৱাই ছাত্ৰৰ এই অভাব দূৰ কৰি অসমীয়া সাহিত্যৰ ভৱিষ্যৎ ৰচনা কৰি গ'ল। তেওঁৰ 'হেমকোষ' কেৱল ছাত্ৰৰেই নহয় সকলো সাহিত্যসেৱীৰ কাৰণেই অপৰিহাৰ্য। এই 'হেমকোষ'এ হেমচন্দ্ৰ বৰুৱাৰ পাণ্ডিত্য; ভাষাজ্ঞান, অপৰিসীম পৰিশ্ৰমৰ আদর্শ দাঙি ধৰে।
'আসাম নিউচ' কাকতৰ সম্পাদক ৰূপেও হেমচন্দ্ৰ বৰুৱাই কৃতিত্বৰ পৰিচয় দি গৈছে। এই কাকতেই বর্তমান অসমীয়া বর্ণবিন্যাস পদ্ধতিৰ মান স্থিৰ কৰি দিয়ে।
ব্যক্তিগতভাবে হেমচন্দ্ৰ বৰুৱাই ভণ্ডামিক ঘিনাইছিল আৰু নিজৰ জীৱনত সেই কাৰণে কোনো প্রকাৰ ভণ্ডামিক প্রশ্রয় নিদিছিল। পশ্চিমীয়া ভাবধাৰাই বহন কৰি অনা যুক্তিবাদ আৰু উদাৰতাবাদত তেওঁৰ আস্থা আছিল।
বৈজ্ঞানিক পদ্ধতিত প্রথম অভিধান প্রণয়নকাৰী ৰূপে, অসমীয়া আখৰ জোঁটনিক সুস্থিৰ ৰূপ দিওঁতা হিচাপে প্রথম আৰু অদ্বিতীয় ব্যংগ লেখকৰূপে আৰু আদর্শ গদ্য লেখকৰূপে হেমচন্দ্ৰ বৰুৱাই বিশিষ্ট স্থান লাভ কৰি থাকিব।
উত্তৰঃ বৃটিছে অসম অধিকাৰ কৰাৰ পিছত চুবুৰীয়া বংগদেশীয় সংস্কাৰবাদী আন্দোলনৰ ঢৌৱে অসমকো স্পর্শ কৰিছিল। তাৰ দ্বাৰা প্ৰভাৱান্বিত হৈ যিসকল অসমীয়া বুদ্ধিজীৱীয়ে অসমতো সেই সংস্কাৰবাদী আন্দোলন গঢ়ি তুলিব বিচাৰিছিল সেই সকলৰ ভিতৰত যজ্ঞবাম খাৰঘৰীয়া ফুকন, আনন্দৰাম ঢেকিয়াল ফুকন, গুণাভিৰাম বৰুৱা আৰু হেমচন্দ্ৰ গোস্বামীৰ নাম প্রণিধানযোগ্য। হেমচন্দ্র বৰুৱা আছিল উজনি অসমৰ ৰক্ষণশীল ব্রাহ্মণ পৰিয়ালৰ সন্তান। সৰুৰে পৰা অতি তীক্ষ্ণবুদ্ধিসম্পন্ন আৰু অধ্যয়নশীল হেমচন্দ্ৰ বৰুৱাই ইংৰাজী, অসমীয়া আৰু হিন্দী তিনিওটা ভাষাতেই ব্যুৎপত্তি লাভ কৰি পাছলৈ অসমীয়া ভাষা-সাহিত্যৰ সেৱাত ব্ৰতী হৈছিল।
উত্তৰঃ হেমচন্দ্ৰ বৰুৱাই নিজস্ব সৃষ্টি ক্ষমতাৰ প্রভাৱত অৰুণোদয় যুগৰ শেষৰ ফালে অসমীয়া গদ্য জাতীয় সম্প্রীতি জাতীয়তাবোধ আৰু মানরোচিত আৰু সংস্কাৰাত্মক বহু গুণৰ ফলশ্রুতি সুচক ভাৱেৰে আত্মিক দিশত, আপেক্ষিক ভারে সুস্থ-সবল হৈ উঠে। লগতে, ক্রমশঃ - ভাষাই সংস্কৃতীয়া বর্ণ বিন্যাস ৰূপ লৈ উঠাত ই কায়িক দিশতো নতুনত্ব লাভ কৰে।
(For Paid User)
(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)