GU BA 2nd Sem

Assamese

Chapter 1 Question Answer

চৈয়দ আব্দুল মালিকঃ 'কাঠফুলা' (গল্প) 

▶▶ অতি চমু প্রশ্নোত্তৰঃ

১। অসমীয়া সাহিত্যৰ প্ৰথম জীৱনীমূলক উপন্যাসখন কি

উত্তৰঃ চৈয়দ আব্দুল মালিকৰ 'ৰূপতীৰ্থৰ যাত্রী'

২। চৈয়দ আব্দুল মালিকে কোনখন গ্রন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল

উত্তৰঃ "অঘৰী আত্মাৰ কাহিনী" নামৰ উপন্যাসখনৰ বাবে

৩। চৈয়দ আব্দুল মালিকৰ 'কাঠফুলা' গল্পটোৰ মূল চৰিত্ৰ কিকি

উত্তৰঃ 'কাঠফুলা' গল্পটোৰ মূল চৰিত্ৰ হ'ল মমতাজ আৰু বেদানা

৪। চৈয়দ আব্দুল মালিকৰ 'কাঠফুলা' গল্পটোৰ নায়িকা বেদানা কাৰ সৈতে পলাই যায়?

উত্তৰঃ বেদানাই মমতাজক এৰি তাইক চাবলৈ অহা ডাক্তৰজনৰ লগত পলাই যায়

৫। চৈয়দ আব্দুল মালিকৰ আত্মজীৱনীমূলক গ্রন্থখনৰ নাম কি

উত্তৰঃ 'মোৰ জীৱনৰ নহ'লবোৰ'


▶▶ চমু প্রশ্নোত্তৰঃ

১। কবি-সাহিত্যিক চৈয়দ আব্দুল মালিকৰ চমু পৰিচয় দিয়া।”

উত্তৰঃ চৈয়দ আব্দুল মালিকৰ জন্ম হয় ১৯১৯ চনত গোলাঘাট জিলাৰ নাহৰণিত। তেখেতে অসমীয়া গল্প আৰু উপন্যাস সাহিত্যলৈ এক নতুন তৰংগ কঢ়িয়াই আনিছিল। তেখেতক গল্প সম্রাট বুলি কোৱা হয়। গল্পকাৰ আৰু ঔপন্যাসিক হোৱা বাবে তেখেত কবি হিচাপে অল্পচর্চিত। কিন্তু তেখেতৰ কবিতায়ো আমাৰ সাহিত্য বাৰুকৈয়ে সমৃদ্ধ কৰিছে। তেখেতৰ একমাত্র কবিতা পুথিখনৰ নাম হৈছে 'বেদুইন'অসমীয়া আধুনিক কবিসকলৰ প্ৰথম পর্বত তেখেতে গুরুত্বপূর্ণ বৰঙণি যোগাইছে। তেখেতৰ কবিতাত শব্দৰ সুষম আৰু অৰ্থৱহ ব্যৱহাৰ দেখা যায়। তেখেতে "অঘৰী আত্মাৰ কাহিনী" নামৰ উপন্যাসখনৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰে। 'সূৰুযমুখী স্বপ্ন' তেখেতৰ আন এখন বিখ্যাত উপন্যাস। তেখেতৰ গল্প উপন্যাসৰ ভাষাতো এক কাব্যিক আয়তন দেখা যায়। তেখেতৰ গল্প-উপন্যাসৰপৰা 'জেতুকা পাতৰ দৰে', 'মমতাজ' আদি চলচ্চিত্র নির্মিত হৈছে। মুঠতে কবি, গল্পকাৰ আৰু ঔপন্যাসিক চৈয়দ আব্দুল মালিকে অসমীয়া সাহিত্যলৈ যাউতিযুগীয়া অৱদান আগবঢ়াইছে। তেখেতৰ আন আন ৰচনাৰাজি হ'ল- পৰশমণি, আধাৰশিলা, মৰহা ফুল, ৰূপতীৰ্থৰ যাত্রী, ধন্য নৰতনু ভাল, স্বাক্ষৰ, ছবিঘৰ, ৰঙাগৰা, ৰজনীগন্ধাৰ চকুলো ইত্যাদি। তেখেতে ১৯৭৭ চনৰ অসম সাহিত্য সভাৰ অভয়াপুৰী অধিৱেশনৰ সভাপতি আসনো অলংকৃত কৰিছিল। এইজনা বিখ্যাত সাহিত্যিকৰ ২০০০ চনত দেহান্তৰ ঘটে

২। চৈয়দ আব্দুল মালিকৰ 'কাঠফুলা' গল্পটোত উল্লেখ কৰা মমতাজ কোন?

উত্তৰঃ 'কাঠফুলা' গল্পটোৰ নায়ক মমতাজ সমাজৰ একেবাৰে সাধাৰণ আৰু সমাজৰ পৰা অৱহেলিত, উপেক্ষিত হৈ একেবাৰে প্ৰান্তত বসবাস কৰা এক চফল ডেকা। মমতাজৰ আপোন বুলিবলৈ কোনো নাই। অকলশৰীয়া জীৱন বাবে সি সামান্য বেপৰোৱা স্বভাৱৰ। বেপৰোৱা স্বভাৱৰ হ'লেও সি সৎ, স্বার্থহীন আৰু পবিত্র হৃদয়ৰ গৰাকী

           চহৰৰ গলিত এদিন হঠাৎ নাটকীয়ভারে মমতাজ আৰু বেদানাৰ সাক্ষাৎ হয় আৰু দৰদী মমতাজে তাইৰ দুখ চাব নোৱাৰি নিজৰ জুপুৰিলৈ লৈ আনে। এনেদৰে দুয়োটাৰ মাজত এক ভালপোৱা আৰু মানৱীয় সম্পর্ক গঢ় লৈ উঠে। কিন্তু মমতাজৰ বেদানাৰ প্ৰতি থকা মৰম সম্পূর্ণ কামগন্ধহীন আৰু পবিত্র। তাৰ বিপৰীতে একেখন ঘৰতে স্বামী-স্ত্ৰীৰ দৰে বসবাস কৰা বেদানাৰ মনত যৌন বাসনাৰ সৃষ্টি হয় আৰু তাই সেয়া প্রকাশো কৰিব বিচাৰে। কিন্তু এই ক্ষেত্ৰত মমতাজ নির্বিকাৰ। এক সৰল মানৱতাবোধ মমতাজৰ চৰিত্ৰত দেখা পোৱা যায়


▶▶ ৰচনাধর্মী প্রশ্নোত্তৰঃ


১। ছৈয়দ আব্দুল মালিকৰ গল্পৰ বৈশিষ্ট্যসমূহৰ পৰ্যালোচনা আগবঢ়োৱা

উত্তৰঃ ১৯৩৫ চনত জেউতি আলোচনীত প্রকাশিত 'বন্ধ কোঠা' নামৰ গল্পৰে অসমীয়া গল্প সাহিত্যত আত্মপ্রকাশ কৰা ছৈয়দ আব্দুল মালিক কুৰি শতিকাৰ পঞ্চম দশকৰ এগৰাকী প্রথিতযশা গল্পকাৰ তথা ঔপন্যাসিক। 'আৱাহন'ৰ পাততে গল্পকাৰ হিচাপে প্রতিষ্ঠা লাভ কৰি 'ৰামধেনু' যুগলৈ আৰু তাৰ পৰৱৰ্তী কালছোৱাত, সুদীর্ঘ প্রায় ছয় দশক জুৰি চুটিগল্প ৰচনা কৰা ছৈয়দ আব্দুল মালিকে অসমীয়া গল্প সাহিত্যৰ সুবিস্তৃত দিকবলয়ত এজন অদ্বিতীয় গল্প লেখকৰূপে সুপ্রতিষ্ঠিত হৈছে; যাৰ বাবে তেওঁক গল্প সম্রাট আখ্যা দিবৰ যোগ্য। সেয়েহে হেম বৰুৱাই 'Assamese Literature' গ্রন্থত ছৈয়দ আব্দুল মালিক সম্পর্কত মন্তব্য কৰিছে 'Abdul Malik, a link between the two generations, reflects in a nutshel the passions and characteristics of both the Awahan and the post-war period.'

            ছৈয়দ আব্দুল মালিকৰ গল্পৰ বিষয়বস্তু বৰ ব্যাপক আৰু বর্ণাঢ্য। ৰোমাণ্টিক প্রেম, ৰাজনৈতিক, সামাজিক, অর্থনৈতিক আদি জীৱনৰ বিভিন্ন চিত্ৰবোৰ গল্পৰ মাজেৰে তেওঁ সুন্দৰকৈ পাঠকৰৈ আগত দাঙি ধৰিছে। সমাজৰ পৰম্পৰাগত সংস্কাৰৰ অন্তৰালত লুকাই থকা মানৱীয় অভিব্যক্তিক আকর্ষণীয় ৰূপত উন্মোচন কৰাৰ ক্ষেত্ৰত তেওঁ পাৰদর্শী। মালিকৰ গল্পই যেন পাঠকৰ মাজলৈ এটি অর্থবহ ইংগিত বা বার্তাহে কঢ়িয়াই আনে। বিষয়বস্তু নিৰ্বাচন, উপস্থাপনৰ কৌশল, বৰ্ণনাৰ পুঙ্খানুপুঙ্খতা, ভাৱৰ অগতানুগতিকতা, ভাষাৰ লালিত্য, চমৎকাৰিতা, মানৱ চৰিত্ৰৰ সূক্ষ্ম বিশ্লেষণ তেওঁৰ গল্পৰ মূল উপাদান। সমাজ সচেতনতা মালিক গল্পৰ প্ৰধান বৈশিষ্ট্য। সমাজৰ অৱহেলিত, নিপীড়িত-শোষিত, দৰিদ্ৰজনৰ প্ৰতি এক সহানুভূতিৰ মনোভাৱ তেওঁৰ গল্পত প্রতিভাত হৈ উঠিছে। মানুহৰ জীৱনৰ জ্বালা-যন্ত্রণা, সুখ-দুখ, আশা-আকাংক্ষা, হুমুনিয়াহবোৰ তেওঁ গল্পত তাৎপর্যপূর্ণ আৰু গুৰুত্বপূৰ্ণভাৱে অংকন কৰিছে। নাৰীৰ প্ৰেম, নৰ-নাৰীৰ সম্পৰ্কৰ বিভিন্ন সমস্যা, সাম্প্রদায়িক অশান্তি আদিও তেওঁৰ গল্পত স্পষ্ট। 'আৱাহন' যুগতে গল্প লেখকৰূপে প্রতিষ্ঠিত হ'লেও তেওঁৰ সেই সময়ৰ গল্পসমূহে অনাবশ্যকীয় বর্ণনাৰ বাহুল্য, বিষয়বস্তুৰ শিথিলতা, ৰোমাণ্টিক ভাবানুভূতি, ফ্রয়েডীয় যৌন মনস্তত্বৰ প্রভাৱ আদি 'আৱাহন' যুগৰ গল্পৰ গণ্ডীৰ পৰা আঁতৰি আহিব পৰা নাছিল যদিও পৰৱৰ্তী সময়ত লিখা অর্থাৎ পঞ্চাশৰ দশকৰ পৰাহে তেওঁৰ গল্পত বৰ্ণনাৰ সংযম, বিষয়বস্তুৰ আঁটিলতা, বাস্তৱবাদিতা, সাম্যবাদী ভাৱধাৰা বহু পৰিমাণে পৰিলক্ষিত হয়। বিশেষকৈ ষাঠিৰ দশকৰ পাছৰ পৰা সাম্প্ৰতিক কাললৈকে এই সমগ্ৰছোৱাৰ চুটিগল্পসমূহ তেওঁৰ উল্লেখযোগ্য সৃষ্টি। বিষয়বস্তু, ৰূপবস্তু আৰু ভাৱবস্তুৰ এক বিৱৰ্তন লক্ষ্য কৰা যায় মালিকৰ এই সময়ছোৱাৰ গল্পসমূহত। কলা-কৌশলৰ ফালৰ পৰা চাবলৈ গ'লে তেওঁৰ প্ৰথম স্তৰৰ গল্পসমূহ সম্পূর্ণ ত্রুটিমুক্ত নহয়। কিন্তু তেওঁৰ শ্রেষ্ঠ গল্পসমূহত কোনো অপ্রাসংগিক বর্ণনা-বাহুল্য দেখা নাযায়। ভাব, লক্ষ্য আৰু উদ্দেশ্যৰ একমুখিতা, ভাষাৰ ব্যঞ্জনা-ধর্মিতা, বর্ণনাৰ ইংগিতময়তা, শুৱলা শব্দ আৰু উৎকৃষ্ট ভাষাৰ মাধ্যমেৰে মানৱ জীৱনৰ বৰ্ণবহুল চিত্ৰ ৰূপায়ণত মালিকৰ মহত্ব ফুটি উঠিছে। মানুহৰ বাস্তৱ জীৱনৰ চিত্ৰ পৰিস্ফুট কৰিবলৈ মালিকে ঠায়ে ঠায়ে চিত্ৰ আৰু প্রতীকৰ ব্যৱহাৰ কৰি বৰ্ণনীয় বিষয়ক অধিক মনোগ্রাহী কৰি তুলিছে। কাবিকতা তেওঁৰ গল্পৰ আন এটি বৈশিষ্ট্য। সংযত বাস্তৱধর্মী চৰিত্ৰ ৰূপায়ণৰ দ্বাৰা মালিকে মানৱ জীৱনৰ গভীৰতাক ফটফটীয়াকৈ এনেদৰে প্ৰকাশ কৰি তোলে, 'ত পাঠকে বিচাৰি পায় এক অনাবিল আনন্দানুভূতিৰ সঞ্চাৰ। ছৈয়দ আব্দুল মালিকৰ গল্পৰ কথনভংগীতো বিচিত্রতা আছে। তেওঁৰ গল্পৰ সামৰণিও তাৎপর্যপূর্ণ। ডঃ বিৰিঞ্চি কুমাৰ বৰুৱাই মালিকৰ গল্প সম্পর্কে এনেদৰে অভিমত দিছে- 'Malik has brough into the Assamese short story a powerful, and new technique. All that he wrote is impregs nated with a fine, candid and charitable spirit and marked by a subtle distinction in workmanship.'


Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)