GU BA 2nd Sem

Education

Chapter 1 Question Answer

মনোবিজ্ঞান আৰু শিক্ষা

অতি চমু প্রশ্নোত্তৰ:

১। মনোবিজ্ঞানৰ ওপৰত লিখা প্ৰথমখন গ্ৰন্থৰ নাম কি?

উত্তৰ: মনোবিজ্ঞানৰ ওপৰত লিখা প্রথমখন গ্রন্থ হ'ল- চাইকোলোজীয়া (Psychologia)

২। কিমান চনত চাইকোলোজীয়া গ্রন্থখন প্রণয়ন কৰা হৈছিল?

উত্তৰঃ ১৫৯০ চনত চাইকোলোজীয়া গ্রন্থখন প্রণয়ন কৰা হৈছিল

৩। অন্তঃদর্শন শব্দৰ অৰ্থ লিখা

উত্তৰঃ ব্যক্তিয়ে নিজে নিজৰ মনৰ ভাৱ, চিন্তা আদিক পৰীক্ষা কৰি চোৱাই হৈছে অন্তঃদর্শন

৪। অন্তঃদর্শন পদ্ধতিৰ এটা সুবিধা উল্লেখ কৰা

উত্তৰঃ অন্তঃদর্শন হ'ল সবাতোকৈ সহজ-সৰল আৰু সহজলভ্য প্রণালী

৫। পৰীক্ষণ পদ্ধতি কি?

'উত্তৰ: পৰীক্ষণ পদ্ধতিত গৱেষণাগাৰৰ নিয়ন্ত্রিত পৰিৱেশৰ মাজত আচৰণ অথবা মানসিক শক্তিসমূহৰ পর্যবেক্ষণ আৰু অধ্যয়ন কৰা হয়

৬। পৰীক্ষণ পদ্ধতিৰ এটা সুফল উল্লেখ কৰা

উত্তৰঃ এই পদ্ধতিত পৰীক্ষাসমূহ এটা নিয়ন্ত্রিত পৰিৱেশত সম্পাদন কৰা হয়, সেয়ে প্রাপ্ত ফল নিৰ্ভৰযোগ্য বুলি বিবেচিত হয়

৭। কোন দুটা গ্রীক শব্দৰ পৰা 'Psychology' শব্দটো উৎপত্তি হৈছে?

উত্তৰ: 'Psyche' আৰু 'Logos' শব্দৰ পৰা Psychology শব্দটোৰ উৎপত্তি হৈছে

৮। মনোবিজ্ঞানৰ 'Psyche' শব্দৰ অৰ্থ কি

উত্তৰঃ মনোবিজ্ঞানৰ 'Psyche' শব্দৰ অৰ্থ হ'ল আত্মা

৯। শিক্ষা মনোবিজ্ঞানৰ পিতৃ কোন?

উত্তৰঃ শিক্ষা মনোবিজ্ঞানৰ পিতৃ হ'ল পেষ্টালজি

১০। পর্যবেক্ষণ দুই প্ৰকাৰৰ কি কি?

উত্তৰঃ পর্যবেক্ষণ দুই প্ৰকাৰৰ হ'ল- সহযোগী পর্যবেক্ষণ আৰু অসহযোগী পর্যবেক্ষণ

১১। শিক্ষা মনোবিজ্ঞানৰ পৰিসৰৰ অন্তর্ভুক্ত দুটা ক্ষেত্র উল্লেখ কৰা

উত্তৰঃ শিক্ষা মনোবিজ্ঞানৰ পৰিসৰৰ অন্তর্ভুক্ত দুটা ক্ষেত্র হ'ল-

 (১) শিক্ষার্থী আৰু

 (২) ব্যক্তি পার্থক্য

১২। খালী ঠাঁই পূৰণ কৰাঃ

(ক) Psychology শব্দটো — ভাষাৰ পৰা উৎপত্তি হৈছে

উত্তব: গ্রীক

(খ) 'Psyche' মানে— আৰু 'Logos' মানে—

উত্তৰঃ 'Psyche' মানে আত্মা আৰু 'Logos' মানে অধ্যয়ন

(গ) মনোবিজ্ঞানে মানৱ — অধ্যয়ন কৰে

উত্তৰ: আচৰণ

(ঘ) কছোৰ শিক্ষা বিষয়ক প্রসিদ্ধ গ্রন্থখনৰ নাম —

উত্তৰঃ এমিল

(ঙ) শৈক্ষিক মনোবিজ্ঞান — মনোবিজ্ঞানৰ এটা শাখা। 

উত্তৰঃ সাধাৰণ

১৩। যথাযোগ্য শব্দটি বাচি লৈ প্রত্যেকটো বাক্য শুদ্ধকৈ লিখা

(ক) মনোবিজ্ঞান হৈছে শৰীৰৰ / ধর্ম / আচৰণ / বিজ্ঞান

উত্তৰ: মনোবিজ্ঞান হৈছে আচৰণৰ বিজ্ঞান

(খ) মনোবিজ্ঞানসম্মত শিক্ষা পোন প্রথমতে চক্রেটিছ / পেষ্টালজি / গান্ধীজী নামৰ শিক্ষাবিদজনে প্ৰৱৰ্তন কৰিছিল

উত্তৰঃ মনোবিজ্ঞানসন্মত শিক্ষা পোন প্রথমে পেষ্টালজি নামৰ শিক্ষাবিদজনে প্রৱর্তন কৰিছিল

(গ) “মনোবিজ্ঞানে প্রথমে হেৰুৱালে ইয়াৰ আত্মাক, তাৰ পাছত হেৰুৱালে ইয়াৰ মনক, তাৰ পাছত হেৰুৱালে সজ্ঞানতা, কিন্তু এতিয়াও ইয়াৰ আচৰণ বিদ্যমান"- এই উক্তিটো দিছিল পেষ্টালজিয়ে / উডৱৰ্থে / স্কীনাৰে

উত্তৰঃ উডবৰ্থে

১৪। তলত দিয়া উক্তিকেইটাৰ শুদ্ধ আৰু অশুদ্ধ নির্ণয় কৰাঃ

 (ক) কছো শিক্ষা মনোবিজ্ঞানৰ পিতৃ আছিল

 উত্তৰঃ অশুদ্ধ

(খ) মনোবিজ্ঞানৰ অধ্যয়ন পদ্ধতি হৈছে সংশ্লেষণাত্মক। 

উত্তৰঃ অশুদ্ধ

(গ) পৰীক্ষণ পদ্ধতিৰদ্বাৰা সামাজিক যোগ্যতা বিচাৰ কৰিব পাৰি

উত্তৰঃ অশুদ্ধ

(ঘ) মেকডুগেলে সংজ্ঞা দিছে 'আচৰণৰ বিজ্ঞানেই হ'ল মনোবিজ্ঞান' 

উত্তৰঃ শুদ্ধ

(ঙ) শিক্ষা মনোবিজ্ঞানে ঘাইকৈ শিক্ষাৰ্থীৰ আচৰণ অধ্যয়ন কৰে। 

উত্তৰঃ শুদ্ধ

▶▶ চমু প্রশ্নোত্তৰ:

১। মনোবিজ্ঞানৰ ব্যুৎপত্তিগত অর্থ লিখা। 

উত্তৰ: মনোবিজ্ঞান অর্থাৎ ইংৰ জী 'Psychology' শব্দটো গ্রীক ভাষাৰ 'Psyche' অর্থাৎ 'আত্মা' আৰু 'logos' অর্থাৎ 'বিজ্ঞান' এই শব্দ দুটা লৈ গঠিত হৈছে। গতিকে ইংৰাজী 'Psychology' শব্দৰ ব্যুৎপত্তিগত অর্থ হ'ল আত্মাৰ শাস্ত্র বা বিজ্ঞান।"

২। শিক্ষা মনোবিজ্ঞানৰ লক্ষ্য কি?

উত্তৰঃ বৰ্তমান শিক্ষাদান আৰু শিক্ষাগ্রহণ কার্যত লিপ্ত থকা ব্যক্তিসকলৰ আচৰণ অধ্যয়ন কৰি শিক্ষা ব্যৱস্থাত থকা সমস্যাসমূহ সমাধান কৰা আৰু ইয়াৰ বাবে নতুন নতুন। শিক্ষা পদ্ধতি উদ্ভাৱন কৰা বিষয়েই হৈছে শিক্ষা মনোবিজ্ঞান। মনোবিজ্ঞানৰ বিভিন্ন তথ্য, সূত্র, ধাৰণা আদি শিক্ষাৰ ক্ষেত্ৰত প্ৰয়োগ কৰা বিভাগেই হ'ল শিক্ষা মনোবিজ্ঞান। শৈক্ষিক পৰিৱেশত ছাত্ৰ-ছাত্ৰীৰ ওপৰত মনোবিজ্ঞানসন্মত তথ্য-পাতি প্ৰয়োগ কৰি তেওঁলোকৰ উন্নতি সাধন কৰিবলৈ চেষ্টা কৰাই হৈছে মনোবিজ্ঞানৰ লক্ষ্য

৩। শিক্ষামূলক মনোবিজ্ঞানৰ প্ৰকৃতি কি?

উত্তৰঃ শিক্ষা মনোবিজ্ঞানৰ প্রকৃতি সম্পর্কে তলত আলোচনা কৰা হ'ল-

(ক) শিক্ষা বিজ্ঞান: শিক্ষা সম্পর্কীয় সমস্যাৰ বিষয়ে আলোচনা কৰে

(খ) প্রমাণী বিজ্ঞান: প্রমাণী বিজ্ঞানে সাধাৰণ মনোবিজ্ঞানৰ বিশাল পৰিসৰৰ পৰা শিকা আৰু শিকোৱা প্ৰণালীৰ সৈতে সম্পর্ক থকা আৰু ব্যৱহাৰ উপযোগিতা থকা যথার্থ ঘটনা আৰু নীতি নিৰ্বাচন কৰি লয়

(গ) বৃদ্ধি আৰু বিকাশৰ বিজ্ঞান: শিক্ষা মনোবিজ্ঞানে মানৱ প্ৰকৃতিৰ ওপৰত আলোচনা কৰে বাবেই এই বিজ্ঞান চিৰবৃদ্ধিশীল আৰু বিকাশশীল

(ঘ) প্রায়োগিক বিজ্ঞান: শিক্ষা মনোবিজ্ঞানে মনোবিজ্ঞানৰ নীতিসমূহ শিক্ষাৰ ক্ষেত্ৰত প্রয়োগ কৰে। সেয়ে ই এক প্রায়োগিক বিজ্ঞান

(ঙ) শৈক্ষিক অনুশাসন: শিক্ষা মনোবিজ্ঞান মানুহৰ আচৰণৰ ওপৰত আলোকপাত কৰে বাবেই ই এক শৈক্ষিক অনুশাসন হিচাপে কাম কৰে

(চ) প্রত্যক্ষ বিজ্ঞান: শিক্ষা মনোবিজ্ঞান প্রত্যক্ষ বিজ্ঞান, আদর্শনিষ্ঠ নহয়। কিয়নো ই শিক্ষা সম্পর্কীয় যথার্থ ঘটনা, শিশু প্রকৃতি যেনেকৈ আছে তেনেকৈয়ে অধ্যয়ন কৰে

(ছ) সমাজ বিজ্ঞান: শিক্ষা মনোবিজ্ঞানৰ সামাজিক দায়বদ্ধতা আছে। সেয়ে ইয়াক সমাজ বিজ্ঞানো বোলা হয়

(জ) কার্যমূলক বিজ্ঞান: শিক্ষা মনোবিজ্ঞানৰ প্রকৃতি ব্যৱহাৰোপযোগী আৰু কার্যমূলক। শিক্ষাবিদ আৰু শিক্ষকসকলে শিক্ষণৰ প্ৰতিটো স্তৰতে মনোবিজ্ঞানৰ জ্ঞান ব্যৱহাৰ কৰে। প্ৰকৃতাৰ্থত মনোবিজ্ঞানৰ জ্ঞান অবিহনে ফলপ্রসূ শিক্ষণ সম্ভৱ হ'ব নোৱাৰে

৪। পৰীক্ষণ পদ্ধতিৰ দুটা সুবিধা আৰু দুটা অসুবিধা লিখা

উত্তৰঃ পৰীক্ষণ পদ্ধতিৰ দুটা সুবিধা হ'

(ক) এই পদ্ধতিৰদ্বাৰা নিৰীক্ষকে অধিক নিৰ্ভৰযোগ্য তথ্য লাভ কৰিব পাৰে

(খ) শিক্ষার্থীৰ সমস্যাসমূহ এই পদ্ধতিৰ দ্বাৰা সংযত আৰু সুপৰিকল্পিতভাবে সমাধান কৰিব পাৰি

পৰীক্ষণ পদ্ধতিৰ দুটা অসুবিধা হ'ল-

(ক) নিৰীক্ষকৰ নিজস্বভাবে বিস্তৃত অভিজ্ঞতা নাথাকিলে পৰীক্ষণ কাৰ্য সঠিক আৰু নির্ভুল হৈ উঠিব নোৱাৰে

(খ) মানৰ আচৰণ অধিক পৰিৱর্তনশীল বাবে পৰীক্ষণ পদ্ধতিৰ দ্বাৰা ইয়াক সঠিকভাবে নির্ণয় কৰিব নোৱাৰি

৫। অন্তঃনিৰীক্ষণ পদ্ধতিৰ বৈশিষ্ট্যসমূহ কি কি?

উত্তৰ: অন্তঃনিৰীক্ষণ পদ্ধতিৰ বৈশিষ্ট্যসমূহ হ'ল-

(ক) শিক্ষার্থীয়ে সমস্যাটো বা পৰিস্থিতিটো সামগ্রিকভাবে প্রত্যক্ষ কৰে

(খ) বিষয় বা পৰিস্থিতিৰ অন্তনির্হিত মৌলিক তত্ত্ব শিক্ষার্থীয়ে বিশ্লেষণ আৰু সামগ্রীকৰণ প্রক্রিয়াৰ সহায়ত বুজিবলৈ সক্ষম হয়

(গ) পৰিস্থিতিৰ বিভিন্ন অংশৰ পাৰস্পৰিক সম্পৰ্কৰ বিষয়ে অন্তনিৰীক্ষণৰ সহায়ত সমাধান সূত্র বাহিৰ কৰা হয়

(ঘ) আকস্মিকভাবে সমস্যা সমাধানৰ উপায় উদ্ভাবন কৰা হয়

(ঙ) পৰিস্থিতিৰ অভ্যন্তৰৰ বিভিন্ন অংশৰ মাজত সংযোগ স্থাপন কৰে।

(চ) যান্ত্রিক প্রচেষ্টা পৰিত্যাগ কৰি পৰিস্থিতিৰ এক সম্যক ধাৰণা লোৱা হয়

৬। শিক্ষণ পদ্ধতিত শিক্ষক এজনক শিক্ষা মনোবিজ্ঞানৰ জ্ঞানে কেনেকৈ সহায় কৰে?

উত্তৰ: শিক্ষণ পদ্ধতিত শিক্ষক এজনক শিক্ষা মনোবিজ্ঞানৰ জানে তলত দিয় লবণে সহায় কৰে-

(ক) শিশু সম্বন্ধে জ্ঞান: শিক্ষা মনোবিজ্ঞানে শিক্ষক এজনক শিশু এটাৰ বিকাশদ চেনে বিভিন্ন স্তৰসমূহৰ স্বৰূপ সম্বন্ধে জনাত সহায় কৰে

(খ) ব্যক্তি পার্থক্যৰ জ্ঞান: শিক্ষা মনোবিজ্ঞানৰ জ্ঞানে শিক্ষকক প্রতিজন শিক্ষার্থীদ উ ব্যক্তিগত প্রয়োজন, সম্ভাবনীয়তা আদি বুজি উঠাত সহায় কৰে

(গ) উপযুক্ত শিক্ষণ পদ্ধতিৰ নির্ধাৰণঃ শিক্ষা মনোবিজ্ঞানৰ জ্ঞানে শিক্ষকক বিষয়বস্তুর গভীৰতা আৰু ছাত্ৰ-ছাত্ৰীৰ দেহ-মানসিক প্রয়োজনীয়তাৰ ভিত্তিত উপযুক্ত শিক্ষলর সা নীতি আৰু পদ্ধতিসমূহ প্রয়োগকৰণত সহায় কৰে

৭। চমু টোকা লিখা:

(ক) এক উন্নয়নশীল বিজ্ঞান হিচাপে শিক্ষা মনোবিজ্ঞান

উত্তৰঃ মানুহৰ প্ৰবৃত্তি আৰু ব্যবহাৰৰ উন্নয়নৰ লগে লগে এইবোৰৰ অধ্যয়নৰ ক্ষেত্ৰতো যথেষ্ট উন্নতি সাধন হৈছে। তাৰোপৰি, শিক্ষা মনোবিজ্ঞানে শিক্ষাদান কার্য অধিক আকর্ষণীয় আৰু ফলপ্ৰসু কৰি তোলে, যাৰ ফলত শিক্ষক আৰু ছাত্র উভয়ে উপকৃত হ'ব পাৰে। মে সেয়েহে, ইয়াক উন্নয়নশীল বিজ্ঞান বুলিবও পাৰি

(খ) যথার্থ বিজ্ঞান হিচাপে শিক্ষা মনোবিজ্ঞান

উত্তৰঃ শিক্ষা মনোবিজ্ঞান এক যথার্থ বিজ্ঞান। ইবহল পৰিসৰত আলোচনা নকৰে। কেৱল নির্দিষ্ট বিষয়ৰ অধ্যয়নৰ ওপৰতহে গুরুত্ব দিয়ে

(গ) প্রায়োগিক বিজ্ঞান হিচাপে শিক্ষা মনোবিজ্ঞান

উত্তৰঃ শিক্ষা মনোবিজ্ঞানে শ্রেণী কক্ষৰ ভিতৰে বাহিৰে স্কুলৰ সমগ্র শিক্ষা পৰিস্থিতিতে উদ্ভব হ'ব পৰা শিক্ষাৰ্থীৰ সমস্যাসমূহৰ নিৰীক্ষণ কৰে আৰু অন্তদর্শন কৰিব পৰা আৰু তাৰ উপযুক্ত সমাধান কৰিব পৰা এটা ক্ষমতা প্রদান কৰে

৮। মনোবিজ্ঞান আৰু শিক্ষা মনোবিজ্ঞানৰ মাজৰ চাৰিটা পাৰ্থক্য লিখা

উত্তৰঃ মনোবিজ্ঞান আৰু শিক্ষা মনোবিজ্ঞানৰ পাৰ্থক্য

(ⅰ) মনোবিজ্ঞান এটা স্বয়ংসম্পূর্ণ বিজ্ঞান। কিন্তু শিক্ষা মনোবিজ্ঞান সাধাবণ মনোবিজ্ঞানৰ এটা অংশ

(ii) মনোবিজ্ঞানে ব্যক্তিৰ আচৰণ অধ্যয়ন কৰে। কিন্তু শিক্ষা মনোবিজ্ঞানে ছাত্রল ছাত্ৰীৰ সকলো ধৰণৰ শিক্ষাগত যোগ্যতা, অভিৰুচি, বৌদ্ধিক ক্ষমতা ইত্যাদি আলোচনা কৰে

(iii) মনোবিজ্ঞানৰ জ্ঞান সকলোৰে বাবে প্রয়োজনীয়। কিন্তু শিক্ষা মনোবিজ্ঞান শিক্ষকৰ বাবে বিশেষভাবে প্রয়োজনীয়

(iv) মনোবিজ্ঞানৰ পৰিসৰ ব্যাপক। শিক্ষা মনোবিজ্ঞানৰ পৰিসৰ মনোবিজ্ঞানতকৈ। সীমিত

▶▶▶ ৰচনাধর্মী প্রশ্নোত্তৰ:

১। "শিক্ষাৰ উদ্দেশ্য স্থিৰ কৰে শিক্ষা দর্শনেহে, শিক্ষা মনোবিজ্ঞানে নহয়।"- এই কথাষাৰৰ তাৎপর্য ব্যাখ্যা কৰা

উত্তৰঃ শিক্ষাৰ উদ্দেশ্য আৰু লক্ষ্যই কিছুমান সামাজিক তত্ত্বক সামৰি লয়। ই ব্যক্তিৰ বিকাশ, সংস্কৃতি আৰু উন্নতি আৰু ৰীতি-নীতি আৰু সমাজত আৱশ্যকীয় সমলৰ অৰিহণা যোগায়। জীৱনক আদর্শপূর্ণ কৰি তুলিবলৈ শিক্ষাই ব্যক্তিক শিকনি দিয়ে। সেইদৰে সমাজত কিছুমান ৰীতি-নীতি, আচাৰ-ব্যৱহাৰৰ শিকনি দিয়ে। সেইবোৰ পুৰুষানুক্রমে সমাজত চলি থাকে। সেই সাংস্কৃতিক আদর্শসমূহ আৰু ৰীতি-নীতিবোৰ শিক্ষাৰ উদ্দেশ্য হিচাপে সমাজত উত্থাপন কৰা হয়

সাংস্কৃতিক মূল্যবোধ আৰু ৰীতি-নীতিসমূহৰ পথ প্রদর্শন কৰে দৰ্শনে। সেই কাৰণে জন ডিউবে দর্শনক শিক্ষাৰ সাধাৰণ লক্ষ্য হিচাপে অভিহিত কৰিছে; বহুতো পণ্ডিতৰ মতে, আত্মাৰ প্রকৃত স্বৰূপ কি আৰু আত্মাৰ ভৱিষ্যৎ পৰিণতি কি হ'ব পাৰে সেই সম্পৰ্কীয় আলোচনা আধ্যাত্মিক আৰু দৰ্শনৰহে বিষয়বস্তু, মনোবিজ্ঞানৰ নহয়

মধ্যযুগৰ আৰম্ভণিৰ পৰা দার্শনিকসকলে আত্মা আৰু মনৰ ভিতৰত প্রভেদ বিচাৰি নানা আলোচনা আৰু গৱেষণাত ব্যস্ত হৈ পৰিছিল। ইয়াৰ ফলত মনোবিজ্ঞান সম্পর্কে এই নতুন মতবাদৰ প্ৰৱর্তন হয়। এই মতবাদ মতে, মানসিক প্রক্রিয়াৰ পৰ্যবেক্ষণেই হ'ল মনোবিজ্ঞান। দৰ্শনৰ উদ্দেশ্য হৈছে ভৱিষ্যৎ লক্ষ্য সম্বন্ধে সামূহিকভাৱে চিন্তা কৰা। ছাত্ৰৰ ব্যক্তিত্ব বিকাশৰ বাবে কেনে শিক্ষা ব্যৱস্থাৰ প্ৰয়োজন আৰু এইক্ষেত্ৰত জীৱনৰ লক্ষ্য কিদৰে বাছি লোৱা হৈছে এই সম্বন্ধে চিন্তা কৰাটো প্রত্যক্ষ বিজ্ঞান হিচাপে শিক্ষাত এক দূৰদৰ্শী সামূহিক দৃষ্টিভংগী মনোবিজ্ঞানে আমাক দিব নোৱাৰে। এনে দার্শনিক চিন্তা কৰাটো মনোবিজ্ঞানৰ লক্ষ্য বা উদ্দেশ্য নহয়। কিন্তু শিক্ষাত এনে দার্শনিক দূৰদৃষ্টিত নির্ভুলভাবে উপনীত হ'বৰ বাবে আমাৰ বাস্তৱজ্ঞান আৰু ক্রিয়া অভিজ্ঞতা আদিৰ প্ৰয়োজন। আমাৰ ভৱিষ্যতৰ শুদ্ধ পথ বাছি লোৱা মনোবিজ্ঞানে ইয়াৰ কাৰ্যকৰী অভিজ্ঞতাৰে সহায় কৰে

মনোবিজ্ঞানৰ ওপৰত শিক্ষা যিদৰে নিৰ্ভৰশীল বর্তমান মনোবিজ্ঞানৰ প্ৰগতিও শিক্ষাৰ ওপৰত নিৰ্ভৰশীল। আধুনিক শিক্ষাই মনোবিজ্ঞানৰ বাবে নতুন চিন্তা আৰু ক্ৰিয়াৰ সমল যোগাইছে। বৰ্তমান শিক্ষাৰ সংস্কাৰ সাধনৰ ক্ষেত্রত নতুন নতুন শিক্ষা সমস্যাৰ উদ্ভৱ হৈছে

যিহেতু মনোবিজ্ঞান হ'ল মানুহৰ বহিঃব্যৱহাৰৰ পৰ্যবেক্ষণ, ই শিক্ষাৰ উদ্দেশ্য আৰু লক্ষ্যত যথেষ্ট পৰিমাণে অৰিহণা যোগোৱাত সহায় কৰে, পাঠ্যক্রমে শিক্ষা জীৱনৰ কৌশল আদিৰ জ্ঞান আহৰণ কৰাত সহায় কৰে। পাঠ্যক্ৰম শিক্ষা প্রণালী কৌশলৰ দ্বাৰাই শিক্ষাত উপনীত হ'ব পৰা যায়। গতিকে দেখা যায়, মনোবিজ্ঞানত কিছুমান শিক্ষাৰ বাস্তৱ ফালটোত সীমিত হৈ থাকে। কিন্তু আচলতে শিক্ষাৰ উদ্দেশ্য দার্শনিক তত্ত্বৰ দ্বাৰাইহে নিৰূপণ কৰা যায়, যিহেতু শিক্ষাৰ উদ্দেশ্য হৈছে সমাজৰ মাজেদি ব্যক্তিত্ব সাধন কৰা। গতিকে সমাজ আৰু ব্যক্তিৰ মাজত সমন্বয় স্থাপন কৰাটোৱেই দৰ্শনৰ উদ্দেশ্য

দৰ্শনৰ দ্বাৰাইহে ব্যক্তি, সমাজ আৰু শিক্ষাৰ মাজত সমন্বয় সৃষ্টি কৰাত সহায় কৰিব পাৰে। সেয়েহে কোৱা হয় শিক্ষাৰ উদ্দেশ্য স্থিৰ কৰে শিক্ষাৰ দৰ্শনেহে, শিক্ষা মনোবিজ্ঞানে নহয়

২। ঘটনা অধ্যয়ন পদ্ধতি কি? শিক্ষা মনোবিজ্ঞানৰ ঘটনা অধ্যয়ন পদ্ধতিয়ে আচৰণৰ সমস্যা থকা শিশু এটাক সংশোধন কৰোঁতে শিক্ষক এজনক কেনেকৈ সহায় কৰে ব্যাখ্যা কৰা

উত্তৰঃ বৰ্তমান সময়ত ব্যক্তিৰ মানসিক অৱস্থাৰ বিষয়ে জানিবৰ বাবে তেওঁৰ অতীত জীৱনৰ ঘটনাৱলীৰ ইতিহাস সম্বন্ধে জানিবলৈ চেষ্টা কৰা হয়। ইয়াকে ঘটনা অধ্যয়ন পদ্ধতি বুলি জনা যায়। ব্যক্তিৰ জীৱনৰ বিভিন্ন বাস্তৱ ক্ষেত্ৰত তেওঁৰ সমাযোজন, মনোভাব, মূল্যবোধ আৰু ব্যক্তিত্বৰ সুস্থ-অসুস্থ সংলক্ষণ গঠনৰ বিস্তৃত অধ্যয়ন এই ঘটনা অধ্যয়ন পদ্ধতিৰ যোগে কৰিব পৰা যায়। এই পদ্ধতিক বর্তমান মনোবিজ্ঞানীসকলে প্রয়াজনীয় তথ্য সংগ্ৰহৰ বাবে ব্যাপকভাবে প্রয়োগ কৰে

শিক্ষা মনোবিজ্ঞানৰ ঘটনা অধ্যয়ন পদ্ধতিৰদ্বাৰা শ্রেণী কক্ষত শিক্ষক এজনে শিক্ষার্থীৰ আচৰণক লৈ সন্মুখীন হোৱা সমস্যাসমূহক সংশোধন কৰিব পাৰে। এই পদ্ধতিৰ সহায়েৰে শিশু এটাৰ বিকাশৰ বিভিন্ন স্তৰৰ বিষয়ে জানিব পৰা যায়। সিহঁতৰ অভিজ্ঞতাৰদ্বাৰা পৰিৱেশৰ লগত কেনেকৈ সমাযোজন কৰিব পাৰে তাৰ বিষয়েও জানিব পৰা যায়। এই পদ্ধতিৰ যোগেদি শিক্ষাৰ্থীৰ অচেতন মন, আচৰণ তথা অভিজ্ঞতা সম্বন্ধে অধ্যয়ন আৰু তথ্য সংগ্ৰহ কৰিব পৰা যায়। এই পদ্ধতিৰ যোগেদি শিক্ষার্থীয়ে বৈজ্ঞানিক পৰিস্থিতিবোৰত প্ৰদৰ্শন কৰা আচৰণবোৰৰ কাৰণ আৰু তাৰ পৰিণতি আদি সম্বন্ধেও সম্যক জ্ঞান পাব পাৰি। এই পদ্ধতিৰ দ্বাৰা ব্যক্তি পাৰ্থক্যৰ বিষয়েও অধ্যয়ন কৰিব পাৰি। এনেদৰে পূৰ্বৰ ঘটনা অধ্যয়নৰ জৰিয়তে শিক্ষক এজনে শিক্ষার্থীজনক বর্তমান পৰিস্থিতিত খাপ খাব পৰা কৰি তোলে। যাৰ ফলত শিক্ষার্থীজনৰ আচৰণৰ সংশোধন ঘটে

৩। পৰীক্ষণ পদ্ধতি কাক বোলে? পৰীক্ষণ পদ্ধতিৰ ত্রুটিসমূহ লিখা

উত্তৰঃ প্রত্যক্ষ নিৰীক্ষণ কাৰ্যক নিয়ন্ত্রিত পৰিবেশত পৰিচালিত কৰা হ'লে সংপৰীক্ষণ পদ্ধতি বুলি কোৱা হয় বা পৰীক্ষা পদ্ধতি বুলি কোৱা হয়। এই ক্ষেত্ৰত নিৰীক্ষক অথবা পৰীক্ষকে পৰীক্ষণ কাৰ্যৰ বাবে প্ৰয়োজন হোৱা পৰিৱেশৰ ওপৰত সৰ্বতোপ্রকাবে প্রভাব খটুৱাব পাৰে। তেওঁ নিজ ইচ্ছা আৰু প্রয়োজন অনুসৰি পৰীক্ষা সা-সঁজুলি যোগাৰ কৰি, পৰীক্ষণীয় ব্যক্তিক নিজৰ সন্মুখত ৰাখি আৰু পৰিৱেশৰ সকলো বাহ্য প্রভাব নিয়ন্ত্রিত কৰি নিজ কাৰ্য পৰিচালনা কৰিব পাৰে। এনে কাৰ্যৰ বাবে সেয়েহে সচৰাচৰ মনোবৈজ্ঞানিক পৰীক্ষাগাৰৰ প্ৰয়োজন হয়। প্রত্যক্ষ নিৰীক্ষণ পদ্ধতিৰ দৰে যিকোনো ঠাই আৰু পৰিৱেশত এই নিয়ন্ত্রিত পৰীক্ষা কার্য চলাব নোৱাৰি। ইয়াৰ সকলো কথা আৰু ক্রিয়া নিয়ন্ত্রিত, সংযত আৰু সুপৰিকল্পিতভাৱে সমাধা কৰা হয়। সেয়ে বর্তমান মনোবিজ্ঞানীসকলে এই পদ্ধতি অধিক নিৰ্ভৰযোগ্য বুলি ভাবে আৰু ব্যাপক মানৱ আচৰণৰ পৰীক্ষণ কাৰ্য চলায়। মনোবিজ্ঞানৰ পৰীক্ষাগাৰ স্থাপন হোৱাৰ পৰা প্ৰায়োগিক দলৰ মনোবিজ্ঞানীসকলে এই পৰীক্ষা পদ্ধতিৰ ব্যাপক প্রয়োগ কৰি বৰ্তমান অধিক জনপ্ৰিয় কৰি তুলিছে। মানুহৰ দেহ আৰু তাৰ বিভিন্ন শক্তি আৰু ক্ষমতাসমূহ এই পদ্ধতি অৱলম্বনৰ দ্বাৰা বৰ্তমান ভালদৰে জানিব পৰা গৈছে। কোনো ক্ষেত্রত মনোবিজ্ঞানীসকলে কুকুৰ, মেকুৰী, এন্দুৰ, বান্দৰ আদি জন্তুবোৰৰ লগত এই পৰীক্ষাকার্য চলাই বহুতো মূল্যৱান তথ্য সংগ্ৰহ কৰিব পাৰিছে। শিক্ষা মনোবিজ্ঞানৰ বেলিকাও বর্তমান এই পদ্ধতিৰ ব্যাপক প্রয়োগ হ'বলৈ ধৰিছে। শিক্ষাৰ্থীৰ স্মৃতি, মনোযোগ, শিক্ষণ, ভাগৰ, বিস্মৃতি, বিশ্রাম আদি কেতবোৰ দেহ-মানসিক শক্তিসমূহ পৰীক্ষাগাৰত অধ্যয়ন কৰা হৈছে। এনে অভিজ্ঞতাৰ পৰা পোৱা তথ্য আৰু অভিজ্ঞতাসমূহ আধুনিক শিক্ষাৰ প্রায়োগিক দিশতো ব্যৱহাৰ কৰা হৈছে

পৰীক্ষা পদ্ধতিৰ ত্রুটি: পৰীক্ষা পদ্ধতি বর্তমান অধিক জনপ্রিয় হৈ উঠিলেও ইয়াৰ দুৰ্বলতা সমূলি নথকা নহয়। পৰীক্ষকৰ এই ক্ষেত্ৰত নিজস্বভাবে বিস্তৃত অভিজ্ঞতা নাথাকিলে পৰীক্ষণকাৰ্য সঠিক আৰু নির্ভুল হৈ উঠিব নোৱাৰে। আনহাতে, এনে অভিজ্ঞ তথা বিশেষজ্ঞ লোকৰো যথেষ্ট অভাৱ। পৰীক্ষাগাৰৰ যন্ত্ৰ-পাতি আৰু সা-সঁজুলি আদিও যথেষ্ট ব্যয়বহুল। ফলত এই পদ্ধতিৰ ব্যাপক প্রয়োগ অন্যান্য পদ্ধতিৰ দৰে সম্ভৱ নহয়

দ্বিতীয়তে, পৰীক্ষাগাৰৰ অস্বাভাৱিক আৰু নিয়ন্ত্রিত পৰিৱেশে পৰীক্ষাকৃত ব্যক্তিক ভীতিগ্রস্ত আৰু অস্বস্তিকৰ কৰি তুলিব পাৰে। ফলত তেওঁৰ মানসিক অৱস্থাৰ স্বাভাৱিক প্রয়োগ কৰাটো সম্ভৱ হৈ নুঠিব পাৰে

তৃতীয়তে, মানৱ আচৰণ আৰু মানসিক ক্ষমতা আদি ইমানেই পৰিৱৰ্তনশীল যে পৰীক্ষণ পদ্ধতিৰ দ্বাৰাও ইয়াক সঠিক আৰু চূড়ান্তভাৱে নিৰ্ণয় কৰাটো সম্ভৱ নহয়। সময় আৰু অৱস্থা বিশেষে ভিন্ন প্রক্রিয়া প্রদর্শন কৰাই মানুহৰ স্বভাৱ। সেয়ে পদার্থবিজ্ঞান বা ৰসায়ন বিজ্ঞানৰ বেলিকা পোৱা পৰীক্ষা পদ্ধতিৰ তথ্যসমূহ যেনেদৰে নির্ভুল আৰু নিৰ্ভৰযোগ্য, মনোবৈজ্ঞানিক পৰীক্ষাৰ বেলিকা সি হৈ উঠিব নোৱাৰে

 

Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)