GU BA 2nd Sem

Education

Chapter 2 Question Answer

শিক্ষণ আৰু অভিৰোচন

►► অতি চমু প্রশ্নোত্তৰ:

১। শিক্ষণ আৰু পৰিপক্কতাৰ এটা উমৈহতীয়া বৈশিষ্ট্য লিখা

উত্তৰঃ শিক্ষণ আৰু পৰিপক্কতাই ব্যক্তিৰ বিকাশত সহায় কৰে

২। কোনটো শিক্ষণৰ পদ্ধতিয়ে স্বাভাবিক প্ৰৱণতা আৰু কৃত্রিম উদ্দীপকৰ মাজত সম্বন্ধ স্থাপন কৰে?

উত্তৰঃ অনুবন্ধন পদ্ধতিয়ে

৩। শিক্ষণৰ অনুবন্ধন তত্ত্ব উদ্ভাৱন কৰা ৰাছিয়াৰ চিকিৎসকগৰাকীৰ নাম কি?

উত্তৰ: আইভান পেভলভ

৪। শিক্ষণৰ নীতিসমূহৰ উদ্ভাৱক কোন আছিল?

উত্তৰঃ থর্নডাইক

৫। পৰিপক্কতা আৰু শিক্ষণৰ মাজৰ এটা পার্থক্য লিখা

উত্তৰ: পৰিপক্কতা আমাৰ জৈৱিক বংশগতিৰ ওপৰত প্ৰতিষ্ঠিত, আনহাতে শিক্ষণ সামাজিক পৰিৱেশৰ ওপৰত প্ৰতিষ্ঠিত

৬। 'গেষ্টাল্ট' শব্দটো কোন ভাষাৰ পৰা উৎপত্তি হৈছিল?

উত্তৰঃ জার্মান ভাষাৰ পৰা

৭। অতি শিকণ মানে কি?

উত্তৰ: কোনো বিষয়ৰ শিক্ষা লাভ কৰোঁতে যদিহে লগা চেষ্টাতকৈ অধিক চেষ্টা কৰিবলগীয়া হয় তাকেই অতি শিকণ বোলে। কিন্তু এটা দিশৰ প্ৰতি সদায় লক্ষ্য ৰাখিব লাগে যাতে অতি শিকণ কাৰো বাবে বোজা হৈ নপৰে

৮। শিক্ষণৰ দুটা গুৰুত্বপূর্ণ বৈশিষ্ট্য লিখা

উত্তৰঃ শিক্ষণৰ দুটা গুৰুত্বপূর্ণ বৈশিষ্ট্য হ'ল-

 (ক) শিক্ষণ উদ্দেশ্যপ্রণোদিত

 (খ) শিক্ষণ ব্যক্তিকেন্দ্রিক ক্রিয়া

৯। প্রচেষ্টা আৰু ভুল শিক্ষণৰ দুটা বৈশিষ্ট্য লিখা

উত্তৰঃ প্রচেষ্টা আৰু ভুল শিক্ষণৰ দুটা বৈশিষ্ট্য হ'ল-

(ক) এই পদ্ধতিত শুদ্ধ প্ৰচেষ্টাৰ উদ্দেশ্যে ভুল প্রচেষ্টা ত্যাগ কৰা হয়

(খ) এই পদ্ধতিৰ মূল হ'ল পুনৰাবৃত্তি

১০। 'প্রচেষ্টা আৰু ভুল পদ্ধতি'ৰ দুটা সীমাবদ্ধতা উল্লেখ কৰা

উত্তৰঃ 'প্রচেষ্টা আৰু ভুল পদ্ধতি'ৰ দুটা সীমাবদ্ধতা -

(ক) এই পদ্ধতি নিম্নস্তৰৰ ছাত্ৰ-ছাত্ৰীৰ বাবে উপযোগী

(খ) হীন বুদ্ধিৰ ছাত্ৰ-ছাত্ৰীৰ বাবে গ্রহণযোগ্য

১১। শিক্ষণৰ অনুবন্ধন পদ্ধতিৰ দুটা বৈশিষ্ট্য লিখা

উত্তৰঃ শিক্ষণৰ অনুবন্ধন পদ্ধতিৰ দুটা বৈশিষ্ট্য হ'ল-

(ক) শিক্ষণ হৈছে স্বাভাৱিক প্রতিক্রিয়া আৰু কৃত্রিম উদ্দীপকৰ মাজৰ সংযোগ সাধনৰ ফলস্বৰূপ

(খ) এই শিক্ষণৰ বাবে বাৰম্বাৰ ক্ৰিয়াৰ প্ৰয়োজন

১২। শিক্ষণ মানে কি?

উত্তৰ: মানুহে নজনা কথা জনা বা নতুন নতুন কৌশল আয়ত্ত কৰা কার্যকে শিক্ষা বা শিক্ষণ বোলা হয়। পৰিৱেশৰ লগত খাপ খাবলৈ কৰা প্ৰচেষ্টাকে শিক্ষণ বোলা হয়

১৩। শিক্ষণৰ তিনিটা পদ্ধতি কি কি?

উত্তৰঃ শিক্ষণৰ তিনিটা পদ্ধতি হ'ল-

(ক) প্রচেষ্টা আৰু ভুল পদ্ধতি

(খ) অন্তঃদর্শন পদ্ধতি

(গ) অনুকৰণ পদ্ধতি

১৪। প্রচেষ্টা আৰু ভুল শিক্ষণ পদ্ধতি কি তত্ত্বৰ ওপৰত প্রতিষ্ঠিত?

উত্তৰঃ থর্নডাইকৰ সংযোগবাদ তত্ত্বৰ ওপৰত প্রতিষ্ঠিত

১৫। প্রচেষ্টা আৰু ভুল শিক্ষণ পদ্ধতিৰ মূল কি?

উত্তৰ: পুনৰাবৃত্তি

১৬। অনুবন্ধন শিক্ষণৰ প্ৰৱৰ্তক কোন আছিল?

উত্তৰঃ আইভান পেভলভ

১৭। শিক্ষণৰ ভিত্তি কি?

উত্তৰঃ শিক্ষণৰ ভিত্তি হ'ল- অভিৰোচন

১৮। অভিৰোচন বুলিলে কি বুজা?

উত্তৰ: কোনো উদ্দেশ্যপ্রণোদিত হ'লে মনৰ মাজত যি সক্রিয় আৰু গভীৰ অৱস্থাৰ

সৃষ্টি হয় তাকেই অভিৰোচন বোলা হয়

১৯। তলত দিয়া উক্তিকেইটাৰ শুদ্ধ আৰু অশুদ্ধ নির্ণয় কৰাঃ

(ক) ক'হলাৰ আৰু ৰাৰ্থিমাৰ সামগ্রিকতাবাদী মনোবিদ নাছিল

উত্তৰঃ অশুদ্ধ

(খ) সামগ্রিকতাবাদীসকলে শিক্ষণৰ অন্ধ প্রচেষ্টা ত্যাগ কৰিবলৈ কয়। 

উত্তৰঃ শুদ্ধ

(গ) অন্তঃদর্শন পদ্ধতিয়ে অংশসমূহক পৃথক পৃথকভাৱে বিশ্লেষণ কৰে। 

উত্তৰঃ অশুদ্ধ

(ঘ) গেষ্টাল্ট মতবাদৰ সৈতে জড়িত ব্যক্তিসকল হ'ল উইলিয়াম ৱাৰ্থিমাৰ, 'হলাৰ আৰু কাক্কা

উত্তৰঃ শুদ্ধ

(ঙ) শিক্ষণৰ গৌণ নীতি হৈছে দুটা

উত্তৰঃ অশুদ্ধ

২০। খালী ঠাই পূৰণ কৰাঃ

(ক) কৃত্রিম উদ্দীপকৰ সহায়ত সৃষ্টি কৰা স্বাভাৱিক প্রতিক্রিয়াক           বোলে

উত্তৰঃ অনুবন্ধন বাদ।

(খ) শিক্ষণ হ'ল অভিজ্ঞতাৰ মাধ্যমেৰে                পৰিৱৰ্তন প্রক্রিয়া

উত্তৰ: আচৰণৰ

(গ) গেষ্টাল্ট মনোবিজ্ঞানৰ মতে               সমগ্ৰৰ সৃষ্টিতকৈ পৃথক

উত্তৰঃ অংশসমূহ

(ঘ) বাৰ্থিমাৰ, 'হলাৰ আৰু কাক্কা               তত্ত্বৰ উদ্ভাৱক।  

উত্তৰঃ গেষ্টাল্ট বা সামগ্রিকতাবাদ

(ঙ)              তত্ত্বৰ মতে শিকণ অনুশীলনৰ ফল নহয়। 

উত্তৰঃ অনুবন্ধনবাদ

চমু প্রশ্নোত্তৰঃ

১। শিক্ষণৰ কেইটামান সংজ্ঞা উল্লেখ কৰা

উত্তৰঃ শিক্ষণৰ পাঁচটা সংজ্ঞা তলত দিয়া হ'ল-

(ক) গেইট আৰু অন্যান্য মনোবৈজ্ঞানিকৰ মতে, “অভিজ্ঞতা আৰু প্ৰশিক্ষণৰ যোগেদি হোৱা আচৰণৰ সংশোধন কার্যই হ'ল শিক্ষণ।”

(খ) স্কিনাৰৰ মতে, "আয়ত্তকৰণ আৰু সংৰক্ষণেই হ'ল শিক্ষণ।"

(গ) ক্রো আৰু ক্ৰোৰ মতে, 'অভ্যাস, জ্ঞান আৰু মনোভংগী আয়ত্তকৰণৰ লগতে নতুনভাবে কোনো কার্য সম্পাদন কৰাৰ দক্ষতাকে শিক্ষণ বোলা হয়।"

(ঘ) ৰাইবাৰ্ণৰ মতে, "শিক্ষণ হৈছে ইয়াৰ সৰলতম পৰ্যায়ত পৰিস্থিতিৰ প্ৰতি প্ৰতিক্রিয়া কৰা নাইবা ইয়াৰ উৎকৰ্ষ সাধন কৰিবলৈ পূৰ্বৰ আচৰণৰ সংশোধন কৰা কাৰ্য।"

(ঙ) কলভিনৰ মতে, “অভিজ্ঞতাৰ জৰিয়তে স্বাভাৱিক প্রতিক্রিয়াসমূহৰ ৰূপান্তৰেই হ'ল শিক্ষণ।”

২। শিক্ষণৰ উপাদানসমূহ কি কি?

উত্তৰঃ শিক্ষণৰ প্রধান উপাদান তিনিটা। সেই কেইটা হ'

(ক) মনোবৈজ্ঞানিক উপাদান: শিক্ষণৰ এটা গুৰুত্বপূর্ণ উপাদান হ'ল অভিপ্রায়। অভিপ্রায় অবিহনে শিক্ষণ সম্ভৱ নহয়। মানুহৰ যেতিয়ালৈকে ইচ্ছা জাগৃত নহয়, তেতিয়ালৈকে তেওঁ কোনো কাম উপস্থাপন কৰিব নোৱাৰিব, যিটো শিক্ষণৰ বাবে অতি প্রয়োজন

(খ) দৈহিক উপাদান: শিক্ষণৰ ক্ষেত্ৰত দৈহিক প্ৰভাৱ মন কৰিবলগীয়া। যিকোনো জীৱৰে পৰিৱেশৰ প্ৰতি দেখুওৱা প্রতিক্রিয়া নিৰ্ভৰ কৰে গ্রহণেন্দ্ৰিয়সমূহৰ সূক্ষ্ম অনুভূতি, সাধনেন্দ্ৰিয় সমূহৰ অৱস্থা আৰু সাধাৰণ ভাব-ভংগীৰ ওপৰত। যদি গ্রহণেন্দ্ৰিয়সমূহৰ কোনো ধৰণৰ ত্রুটি থাকে অৰ্থাৎ যদি লোকজন অন্ধ বা কলা হয় তেন্তেই শিক্ষণত নিশ্চয়কৈ প্রভাৱ পেলাব

(গ) পাৰিপার্শ্বিক উপাদান: দৈহিক আৰু মানসিক দিশৰ উপৰিও শিক্ষণ প্রক্রিয়া পৰিৱেশৰ ওপৰতো যথেষ্ট নিৰ্ভৰশীল। বিশেষকৈ শিশুৰ শিক্ষাৰ ক্ষেত্ৰত বৈষয়িক আৰু শিক্ষাগ্রহণ কৰিবলৈ হ'লে তাত বতাহ চলাচলৰ ব্যৱস্থা থাকিব লাগিব, উপযুক্ত পোহৰ থাকিব লাগিব। হুলস্থুলীয়া পৰিৱেশত শিক্ষা গ্রহণ সম্ভব নহয়। সেয়েহে এই ক্ষেত্ৰত স্কুল কর্তৃপক্ষ আৰু শিক্ষকসকল সচেতন হোৱাৰ প্ৰয়োজনীয়তা আছে

৩। থর্নডাইকৰ সংযোগবাদ তত্ত্বৰ বিষয়ে চমুকৈ লিখা

উত্তৰ: এডৱাৰ্ড লী থর্নডাইকে আগবঢ়োৱা শিক্ষণৰ মতবাদটোক সংযোগবাদ বা চুক্তিতত্ববাদ (Bond theory) বুলি জনা যায়। শিক্ষনত উদ্দীপক আৰু প্ৰতিক্রিয়া এই দুটাৰ মাজত সংযোগ বা চুক্তি গঢ়ি উঠে যাক সংক্ষেপে S-R তত্ব বুলি জনা যায়। সকলো ব্যক্তি বা জীৱই পৰিবেশৰ বিভিন্ন উদ্দীপকৰ প্ৰতি প্ৰতিক্রিয়া প্রকাশ কৰে। এই প্রতিক্ৰিয়াৰ পুনৰাবৃত্তিৰ ফলত দুই পক্ষৰ মাজত সংযোগ দৃঢ় হয় আৰু শিক্ষণ কার্য সম্পন্ন হয়। এই পুনৰাবৃত্তি নহ'লে সংযোগ দুৰ্বল হৈ পৰিব আৰু শিক্ষণ অভিজ্ঞতাৰ বিষয়ে পাহৰা যাব

সংযোগবাদ তত্বৰ মতে উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ মাজত সংযোগ স্থাপন হ'ব লাগে। প্রতিক্ৰিয়াৰ পৰিণতি সুখদায়ক বা দুখদায়ক দুয়োটাই হ'ব পাৰে। জীৱই উদ্দীপকৰ প্ৰতি কৰা প্ৰতিক্ৰিয়াৰ পৰিণতি সুখদায়ক হলে তেনে কাৰ্য্যৰ পুনৰাবৃত্তি কৰি সংযোগ দৃঢ়তৰ কৰি তোলা হয়। আনহাতে জীৱই উদ্দীপকৰ প্ৰতি কৰা প্ৰতিক্রিয়া দুখদায়ক হ'লে তেনে কাৰ্য্য পুনৰ কৰা নাযায় আৰু S-R সংযোগ দুর্বল হৈ শিক্ষণ বিলুপ্ত হয়। সংযোগ সাধনৰ প্রধান চর্ত হৈছে সুখদায়ক ফলাফল লাভ কৰা

৫। শিক্ষণ বুলিলে কি বুজা?

উত্তৰঃ মানুহে নজনা কথা জনা বা নতুন নতুন কৌশল আয়ত্ত কৰা কাৰ্যকে শিক্ষা বা শিক্ষণ বোলা হয়। পৰিবেশৰ লগত খাপ খাবলৈ কৰা প্রচেষ্টাকে শিক্ষণ বোলা হয়। শিক্ষণ পূর্ব অভিজ্ঞতাৰ পৰা লাভবান হোৱা এটা প্রক্রিয়া বুলিও বিবেচনা কৰা হয়। শিক্ষণ সম্বন্ধে বিভিন্ন মনোবিদে বিভিন্ন সংজ্ঞা আগবঢ়াইছে। ইয়াত তাৰে কেইটামান উল্লেখ কৰা হ'ল- স্কিনাৰে মতপোষণ কৰে যে, "শিক্ষণ আহৰণ আৰু সংৰক্ষণ দুয়োটাকে বুজায়।" গেইটৰ মতে, "শিক্ষণে অভিজ্ঞতাৰ মাজেদি আচৰণৰ পৰিৱৰ্তন সাধে।"

নানৰ মতে, "শিক্ষণ হ'ল কর্ম, বিশেষ প্রশিক্ষণৰ পৰা উদ্ভৱ হোৱা আচৰণৰ কম- বেছি পৰিমাণে বর্ধিত আৰু স্থায়ী সংশোধনৰ প্রক্রিয়া।"

ক্রো আৰু ক্ৰোৰ মতে, "শিক্ষণে জ্ঞান, অভ্যাস আৰু ভাৱ-ভংগী আয়ত্ত কৰাকে সূচায়।"

৫। শিক্ষাবিদ, মনোবিদ থর্নডাইকে বিভিন্ন জীৱ-জন্তুৰ ওপৰত শিক্ষণ সম্পর্কে কৰা পৰীক্ষাৰ পৰা শিক্ষণৰ কি কি তিনিটা মুখ্য আৰু পাঁচোটা গৌণ নীতি উল্লেখ কৰিছে?

উত্তৰ: মুখ্য নীতিকেইটা হৈছে-

(ক) পৰিণাম নীতি

(খ) প্রস্তুতিৰ নীতি

(গ) অনুশীলন নীতি

গৌণ নীতিকেইটা হৈছে-

(ক) একে উদ্দীপকৰ প্ৰতি বহু বিফল প্রতিক্রিয়া

(খ) মনোবৃত্তি বা প্রবৃত্তি নীতি

(গ) আংশিক ক্রিয়া নীতি

(ঘ) সাদৃশ্যকৰণ নীতি

(ঙ) অনুষংগমূলক সঞ্চালন নীতি

৬। স্কিনাৰৰ ক্ৰিয়াত্মক বা ফলোৎপাদনমূলক অনুবন্ধন তত্বৰ বিষয়ে লিখা

উত্তৰঃ স্কিনাৰৰ ক্ৰিয়াত্মক তত্বমতে শিক্ষাপ্রাপ্ত হোৱা আচৰণক যান্ত্রিক ক্রিয়া প্রচেষ্টা বুলিব নোৱাৰি। কোনো ফল বা পৰিণাম লাভৰ বাবেহে ব্যক্তিৰ আচৰণ পৰিবেশত সংঘটিত হয়। পেভলভৰ যান্তিৰক প্রতিৱর্ত ক্ৰিয়াৰ অনুবন্ধনমূলক শিক্ষাৰ স্কিনাবে বিৰোধিতা কৰে। শিক্ষামূলক আচৰণত ক্ৰিয়াৰ ফল লাভৰ ভাব নিহিত হৈ থাকে। এনে ফল লাভৰ আশাতহে ক্ৰিয়াৰ পুনৰাবৃত্তি ঘটে। এইদৰে আচৰণৰ অনুবন্ধন সংঘটিত হয়। উদাহৰণস্বৰূপে এজন মৃত্যুমুখী ৰোগীয়ে জীবন ৰক্ষা কৰাৰ আশাত চিকিৎসাৰ সকলো প্রচেষ্টা কৰে

এটা মেকুৰীক পৰীক্ষণ বাকচৰ ভিতৰত সুমুৱাই দি দুৱাৰ বন্ধ কৰি দিলে কিছুসময়ৰ পিছত সি ভৰিৰে কাণৰ তলত খজুৱাই দিয়ে। এনে কৰাত পূর্ব পৰিকল্পিতভাবে দুৱাৰখন খুলি দিয়া হয় আৰু মেকুৰীটো ওলাই আহে। পিছলৈ এই কাৰ্য্যৰ পুনৰাবৃত্তি কৰাৰ ফলত দেখা যায় যে মেকুৰীটোৱে জানি উঠে যে তাৰ কাণৰ তলত খুজুৱালেহে দুৱাৰ খুলি দিয়া হয়। জন্তুবোৰৰ এনে শিক্ষালব্ধ আচৰণক ক্রিয়াত্মক অনুবন্ধনৰ যোগে সংঘটিত হোৱা বুলি দাবী কৰা হয়

৭। অভিৰোচন বুলিলে কি বুজা?

উত্তৰ: কোনো উদ্দেশ্যৰ প্ৰেৰণাত যি কৰ্ম প্ৰৱণতাই দেখা দিয়ে তাক অভিপ্রায় আখ্যা দিব নোৱাৰি। এই উদ্দেশ্যৰ লগত যেতিয়া মনৰ ইচ্ছা, আকাংক্ষা, আৱেগিক অনুভূতি লগ লাগি এক মানসিক অৱস্থাৰ সৃষ্টি হয় তাকে অভিপ্রায় আখ্যা দিয়া হয়। কোনো উদ্দেশ্যপ্রণোদিত হ'লে মনৰ মাজত যি সক্ৰিয় আৰু গভীৰ অৱস্থাৰ সৃষ্টি হয় তাকেই অভিপ্রায় বোলা হয়

অভিপ্রায় সম্পর্কে বিভিন্ন মনোবিদ বিভিন্ন সংজ্ঞা দাঙি ধৰিছে। ইয়াৰ ভিতৰত- মেকডুগেলৰ মতে, “অভিপ্রায় হ'ল প্ৰাণীৰ ভিতৰত থকা জৈৱিক আৰু মানসিক অৱস্থা বিশেষ যি নেকি প্রাণীক বিশেষ আচৰণৰ সৃষ্টি কৰি তাক পৰিচালনাও কৰে।"

      গিলফোর্ডৰ মতে, "অভিপ্রায় হ'ল এনে এক বিশেষ ধৰণৰ অভ্যন্তৰীণ অৱস্থা বা উপাদান যি উদ্দেশ্যপ্রণোদিত হৈ কৰ্মৰ সক্রিয়তাক সৃষ্ট আৰু পুষ্ট কৰে।"

মানুহৰ অভিপ্রায় বহু পৰিমাণে অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰশীল। কোনো অভিপ্রেত কাৰ্যৰ পুনৰাবৃত্তি কৰি থাকিলে পিছলৈ সি অভ্যাসত পৰিণত হয়। অভিপ্রায় পূৰণ হ'লেই অভিপ্রেত কার্য সমাপ্ত হয়। অভিপ্রেত কার্য আৰম্ভ হোৱাৰ আগতে মানসিক প্রস্তুতিৰ ভাব আহে। গতিকে মানুহৰ আচৰণ আৰম্ভ কৰাৰ, বাহাল ৰখাৰ আৰু আচৰণৰ দিশ নির্ধাৰণ কৰাৰ হেতুবিলাককে অভিপ্রায় বা অভিৰোচন বোলে

▶▶▶ ৰচনাধর্মী প্রশ্নোত্তৰ:

১। পেলভৰ অনুবন্ধিত প্রতিক্রিয়া তত্ত্বটো বর্ণনা কৰা

উত্তৰঃ শিক্ষণ হ'ল নতুন অভিজ্ঞতাৰ আহৰণ, স্থায়ী সাঁচত পুৰণি অভিজ্ঞতাৰ সংৰক্ষণ, অভিজ্ঞতাৰ বিকাশ আৰু সংশোধন আৰু পুৰণি আৰু নতুন। অভিজ্ঞতাৰে সংগঠন আৰু ভাব সংযোগ। শিক্ষণে আচৰণৰ স্থায়ী পৰিৱৰ্তন আনে। শিক্ষণ অনুশীলন আৰু অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰশীল। শিক্ষণ মানে হৈছে অভিজ্ঞতাৰ যোগেদি আচৰণৰ পৰিশোধন। পৰিৱৰ্তিত পৰিৱেশৰ লগত নিজকে খাপ খুৱাই চলিবৰ কাৰণে মানুহে নিজৰ প্ৰতিক্রিয়া আৰু আচৰণৰ সাল-সলনি কৰা প্রক্রিয়াকে শিক্ষণ বুলি কোৱা হয়

পেলভ অনুবন্ধনবাদ তত্ত্বৰ জনক

১৯০৪ খ্রীষ্টাব্দত আইভান পেভলভে এই পৰীক্ষাৰ কাৰ্য হাতত লয়। তেওঁৰ অনুৱৰ্তিত প্রক্রিয়া শৰীৰ বৃত্তীয় ব্যাখ্যাৰ ওপৰত প্ৰতিষ্ঠিত। পেভলভে তেওঁৰ অনুৱৰ্তিত প্রক্রিয়া এটা কুকুৰৰ দ্বাৰা পৰীক্ষা কৰি দেখুৱাইছে। এটা ক্ষুধাতুৰ কুকুৰৰ আগলৈ খোৱাবস্তু আনিলে তাৰ স্বাভাৱিক প্রতিক্রিয়া হ'ল লেলাবতী ওলায়। কাৰণ খোৱাবস্তুৰ গোন্ধ বাবে খোৱাবস্তু জিভাৰ সংস্পৰ্শলৈ অহাৰ আগতেই লেলাৱতী ওলায়। পেভলভে এটা পৰীক্ষামূলক পৰিস্থিতিত এটা কুকুৰৰ আগত ঘণ্টা এটা বজাই লগে লগে খাদ্যবস্তু কুকুৰৰ আগত থোৱাৰ ব্যৱস্থা কৰিলে। কিছুদিন এইদৰে পুনৰাবৃত্তি কৰাৰ পাছত দেখা গ'ল যে খোৱাবস্তু দিয়াৰ আগতে অকল ঘণ্টাৰ শব্দ শুনাৰ লগে লগে কুকুৰৰ জিভাৰ পানী ওলাবলৈ ধৰিলে। অর্থাৎ এটা উদ্দীপকৰ লগত সংশ্লিষ্ট স্বাভাৱিক প্রতিক্রিয়া অন্য এটা উদ্দীপকৰ লগত সংযুক্ত হ'ল। সেইবাবে খাদ্যবস্তু নেদেখাকৈ অকল ঘণ্টাৰ শব্দতেই কুকুৰৰ জিভাৰে লেলাৱতী ওলায়। ইয়াকেই অনুবর্তিত প্রতিক্রিয়া বোলে। কিন্তু কেইদিনমান ঘণ্টা মৰাৰ লগে লগে যদি কুকুৰটোৰ আগত খোৱাবস্তু দিয়া নহয়- তেন্তে কিছুদিনৰ পাছত ঘণ্টা বাজিলেও কুকুৰৰ লেলাৱতী নোলায়

২। অন্তঃদৰ্শনৰদ্বাৰা শিক্ষণ কিদৰে ভুল আৰু প্ৰচেষ্টাৰ দ্বাৰা শিক্ষণতকৈ বেলেগ আলোচনা কৰা

উত্তৰঃ অন্তঃদর্শন বা সামগ্রিকতাবাদৰ পৃষ্ঠপোষক আছিল বাৰ্থিমাৰ, 'হলাৰ, কাফকাৰ আদি। এই পদ্ধতি মতে, শিক্ষণ কার্যত দক্ষতা আয়ত্ত কৰিবলৈ হ'লে সেই সমস্যা আৰু পৰিস্থিতিৰ এক ৰূপ উপলব্ধি কৰাৰ অত্যন্ত প্রয়োজন। কিয়নো সেই সমস্যা বা কাৰ্যৰ বিভিন্ন অংশৰ ভিতৰত থকা পাৰস্পৰিক সম্পর্ক নির্ণয় কৰিব পাৰিলেহে সেই পৰিস্থিতি আৰু সমস্যাৰ সমাধান সূত্র নিজৰ আয়ত্তলৈ আনিব পৰা যায়। বিজুলীৰ চকমকনিৰ দৰে অতি আকস্মিকভাবে এই সমস্যা সমাধানৰ উপায় আমাৰ মনলৈ আহে আৰু যেতিয়া আমি কোনো সমস্যাৰ অন্তর্নিহিত সংযোগ আৰু সমন্বয় স্বৰূপ নিৰীক্ষণ কৰি শিক্ষা লাভ কৰো। গতিকে শিক্ষণৰ ক্ষেত্ৰত কোনো নতুন পৰিস্থিতিৰ সামগ্রিক ৰূপ উপলব্ধি কৰাৰ বিষয়টো অতি তাৎপর্যপূর্ণ কথা। ইয়াক অন্তঃদর্শনেবে শিক্ষা আখ্যা দিয়া হৈছে। অন্তঃদর্শন বা সামগ্রিকতাবাদৰ পৃষ্ঠপোষক আছিল ৱাৰ্থিমাৰ, 'হলাৰ, কাক্কাৰ আদি। তেওঁলোকৰ মতে, প্রাণীয়ে যেতিয়া এটা বস্তু প্রত্যক্ষ কৰে তেতিয়া বস্তুটো খণ্ডভাবে প্রত্যক্ষ নকৰি সামগ্রিকভাৱেহে প্রত্যক্ষ কৰে

অন্তঃদর্শন পদ্ধতি, প্রচেষ্টা আৰু ভুল পদ্ধতিৰ পাৰ্থক্যসমূহ-

(ক) অন্তঃদর্শন পদ্ধতিত শিক্ষার্থীয়ে কোনো সমস্যা সামগ্রিকভাৱে পর্যবেক্ষণ কৰে। কিন্তু প্রচেষ্টা আৰু ভুল পদ্ধতিত শিক্ষার্থীয়ে কোনো সমস্যাৰ অন্তর্নিহিত অংশসমূহ পৃথকে পৃথকে নিৰীক্ষণ কৰে

(খ) অন্তঃদর্শন পদ্ধতিত প্ৰাণীৰ প্ৰতিটো আচৰণেই অর্থপূর্ণ আৰু সুপৰিকল্পিত। কিন্তু প্রচেষ্টা আৰু ভুল পদ্ধতিত প্ৰাণীৰ এটা বিশেষ আচৰণৰ বাহিৰে বাকী সকলো আচৰণ অর্থহীন

(গ) অন্তঃদর্শন পদ্ধতিত শিক্ষার্থীয়ে উদ্দেশ্যহীন যান্ত্রিক প্রচেষ্টা পৰিত্যাগ কৰে। আনহাতে প্রচেষ্টা আৰু ভুল পদ্ধতিত শিক্ষার্থীয়ে যান্ত্রিক আৰু উদ্দেশ্যহীন প্রচেষ্টা গ্রহণ কৰে

(ঘ) অন্তঃদর্শন পদ্ধতি উচ্চ বুদ্ধিসম্পন্ন শিক্ষাৰ্থীৰ ক্ষেত্ৰতহে অধিক কাৰ্যকৰী হয়। আনহাতে, প্রচেষ্টা আৰু ভুল পদ্ধতি সাধাৰণতে কম বুদ্ধিসম্পন্ন শিক্ষাৰ্থীৰ বাবেহে বেছি কাৰ্যকৰী হয়

(ঙ) অন্তঃদর্শন পদ্ধতিৰে শিক্ষা মুক্ত পৰিৱেশত সংঘটিত হয়, কিন্তু প্রচেষ্টা আৰু ভুল পদ্ধতিৰে শিক্ষা এটা বন্ধ পৰিৱেশতহে সংঘটিত হয়

(চ) অন্তঃদর্শন পদ্ধতিৰে শিক্ষণৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকল শিক্ষণ প্ৰক্ৰিয়াৰ লক্ষ্য সম্পর্কে সচেতন হয়। কিন্তু প্রচেষ্টা আৰু ভুল পদ্ধতিত শিক্ষণৰ লক্ষ্য সম্পর্কে শিক্ষার্থীসকল সম্পূর্ণ অজ্ঞ হৈ থাকে

(ছ) অন্তঃদর্শনেৰে শিক্ষণৰ ক্ষেত্ৰত মানসিক প্রক্রিয়াৰ প্ৰয়োজন হয়। কিন্তু প্রচেষ্টা আৰু ভুল পদ্ধতিৰে শিক্ষণৰ ক্ষেত্ৰত মানসিক প্ৰক্ৰিয়াৰ প্ৰয়োজন নহয়

৩। অনুকৰণ পদ্ধতিটোক শিক্ষাৰ এটা পদ্ধতি বুলি ক'ব পাৰিনে? অনুকৰণ কেইপ্ৰকাৰৰ হ'ব পাৰে লিখা

উত্তৰঃ মানৱ শিশুৱে জন্মৰ পাছৰ পৰাই পৰিৱেশৰ লগত মিলি থাকিবলৈ, অনুকৰণ কৰি শিকিবলৈ আৰম্ভ কৰে। সেয়ে অনুকৰণকো শিক্ষাৰ এটা পদ্ধতিৰূপে বিবেচনা কৰিব পাৰি। শিশুৱে জন্মৰ পাছৰেপৰা খুউব কাষতে পোৱা মাক-দেউতাক বা পৰিয়াল আন লোকসকলৰ কাৰ্যকলাপ লক্ষ্য কৰে আৰু নিজেও তেনে আচৰণ কৰিবলৈ আবস্তু কৰে

অনুকৰণ সাধাৰণতে দুই প্ৰকাৰৰ -

(ক) ইচ্ছাকৃত বা সজ্ঞান অনুকৰণ আৰু  (খ) অজানিত বা অজ্ঞান অনুকৰণ। সেয়ে অনুকৰণ বুলিলে আমি সজ্ঞান আৰু অজ্ঞান দুয়োবিষ অনুকৰণৰ সমন্বয়কে বুজো

শিক্ষার্থীসকলে বিশেষকৈ এই দুয়োধৰণৰ অনুকৰণৰ যোগেদি শিক্ষা লাভ কৰি ব্যক্তিত্ব গঢ়ি তোলে। সেয়ে শিক্ষক-শিক্ষয়িত্রীসকল সকলো ফালৰে পৰা আদর্শ স্থানীয় হস লাগে

অনুকৰণ সম্বন্ধে ভালদৰে জানিবলৈ হ'লে সজ্ঞান আৰু অজ্ঞান এই দুয়োবিধ অনুকৰণৰ বিষয়ে জানিব লাগিব

(ক) সজ্ঞান বা ইচ্ছাকৃত অনুকৰণ: এজন ব্যক্তিয়ে যেতিয়া ভাল-বেয়া, শুদ্ধ- অশুদ্ধ বিচাৰ কৰি আনক অনুকৰণ কৰে বা আনৰ কাৰ্য অনুসৰণ কৰে তেতিয়া তাক অনুকৰণ বুলি কোৱা হয়। বিশেষকৈ দৈহিক আৰু মানসিক পৰিপক্কতাৰ ওপৰত এইবিধ অনুকৰণ নিৰ্ভৰ কৰে। মাধ্যমিক স্কুল, কলেজ আদিৰ শিক্ষার্থীয়ে প্ৰধানকৈ সজ্ঞান অনুকৰণৰদ্বাৰা শিকে। শিক্ষকক শিক্ষার্থীয়ে সকলো ক্ষেত্রতে অনুকৰণ কৰে। সেয়ে শিক্ষকৰ আচাৰ-আচৰণ, চাল-চলন আদি শিক্ষার্থীৰ অনুকৰণযোগ্য হোৱা উচিত। সেয়ে শিক্ষাৰ ক্ষেত্ৰত সজ্ঞান অনুকৰণৰ এক বিশেষ ভূমিকা আছে

(খ) অজ্ঞান অনুকৰণঃ শিশু অৱস্থাত ভাল-বেয়া, শুদ্ধ-অশুদ্ধ, উচিত-অনুচিত আদি বিচাৰ কৰিব পৰা ক্ষমতা নাথাকে। সেয়ে শিশুৱে আনক যিহকে কৰা দেখে তাকে অনুকৰণ কৰে। এনে ধৰণৰ নিজৰ বিচাৰ-বিবেচনা প্রয়োগ নকৰাকৈ দেখাক দেখি কৰা অনুকৰণকে অজ্ঞান অনুকৰণ বোলে। বিশেষকৈ প্রাক্ প্ৰাথমিক আৰু প্ৰাথমিক স্তৰৰ শিক্ষাৰ্থীসকলে এনে অজ্ঞান অনুকৰণেৰেই শিকে। সেয়ে এই স্তৰত শিক্ষকসকলে অতি সাৱধান হ'ব লাগে যাতে শিক্ষাৰ্থীৰ ওপৰত কোনো বেয়া প্রভাৱ নপৰে

৪। শিক্ষণৰ কাৰ্যকাৰিতা বা দক্ষতা লাভ কৰিবলৈ কি কি বিষয়ৰ ওপৰত নিৰ্ভৰ কৰে? আলোচনা কৰা

উত্তৰঃ শিক্ষণ কালত ব্যক্তিয়ে সুফল লাভ কৰিবৰ কাৰণে কঠিন পৰিশ্ৰম কৰি নানান উপায় অৱলম্বন কৰে। কিন্তু এই সকলোবোৰকে মনোবিজ্ঞানৰ ফালৰ পৰা উপযুক্ত পদ্ধতি বুলি ক'ব নোৱাৰি। শিক্ষাৰ কাৰ্যক্ষমতা লাভ কৰিবলৈ হ'লে কিছুমান বিশেষ কথাৰ প্ৰতি লক্ষ্য কৰিব লাগে। শিক্ষণৰ এই বিষয়সমূহক প্রধানকৈ চাৰিভাগত ভাগ কৰিব পাৰি। যেনে- (ক) দেহ সম্বন্ধীয়, (খ) মানসিক অৱস্থা সম্বন্ধীয়, (গ) পৰিৱেশ সম্বন্ধীয় আৰু (ঘ) শিক্ষণ পদ্ধতি সম্বন্ধীয়। শিক্ষণৰ কর্মদক্ষতা নিৰ্ভৰ কৰা এই বিভিন্ন দিশৰ অন্তর্ভুক্ত বিষয়সমূহক তলত চমুকৈ আলোচনা কৰা হ'ল-

(i) ক্রিয়াভিত্তিক শিক্ষা (Learning by doing): হাতে-কামে কৰা প্রক্রিয়ায়। আমাৰ দেহৰ স্নায়ু আৰু পেশীসমূহক সজীব আৰু সক্রিয় কবি বাখে। ই দেহ- মনৰ অলসতা দূৰ কৰে। ফলত শিক্ষাৰ যোগে পোবা চাপ বা মানসিক প্রতিরূপ। অধিক স্থায়ী হয়। ছাত্র জীবনৰ শিক্ষণ অভিজ্ঞতা জীবনব বাস্তব অভিজ্ঞতালৈ। স্থানান্তৰিত কৰিব পাৰে

(ii) বয়স (Age): মানুহৰ শিক্ষণ ক্ষমতা বয়সৰ ওপৰতে নিৰ্ভৰ কৰে। শৈশব কালত এই ক্ষমতা সীমাবদ্ধ হৈ থাকে। সেইদৰে যৌবন অৱস্থাকে শিক্ষণৰ সোণালী যুগ বুলি কোৱা হয়। এই সময়ত দেহ-মন সতেজ হৈ থাকে। নতুন বিষয় বা নতুন বিষয়ত সহজেই শিক্ষা লাভ কৰি নিপুণতাও অর্জন কৰিব পাৰে

(iii) খাদ্য আৰু পেয় (Food and drunk): ব্যক্তিয়ে গ্রহণ কৰা আহাৰ পানীয়েও শিক্ষা ক্ষমতাৰ ওপৰত প্রভাব পেলায়। পুষ্টিকৰ খাদ্যই স্বাভাৱিকতে দেহ- মনৰ কৰ্মক্ষমতা বৃদ্ধি কৰে। ইয়াৰ অভাৱত ব্যক্তিৰ কৰ্মক্ষমতা লোপ পায়। আনহাতে, নিচাজাতীয় দ্রব্য যেনে- মদ, ভাং, কানি, আফিং, মেৰিজুৱানা আদি গ্ৰহণৰ ফলত ব্যক্তিৰ শিক্ষণ ক্ষমতা হ্রাস পায়

(iv) ক্লান্তি (Fatigue): শাৰীৰিক আৰু মানসিক ক্ৰিয়াৰ ফলত ক্লান্তি আৰু অৱসাদ অনুভৱ কৰা হয়। এনে অৱস্থাত শিক্ষণ ক্ষমতা স্বাভাৱিকভাৱে কমি আহে

(v) আগ্রহ আৰু অভিৰোচন (Interest and motivation) : শিক্ষণৰ কর্মক্ষমতা বৃদ্ধিৰ প্ৰধান কাৰণ হৈছে ব্যক্তিৰ মনৰ ইচ্ছা, আগ্রহ আৰু অভিৰোচন। অভিৰোচনে ব্যক্তিৰ মনত শিক্ষণৰ প্ৰস্তুতি আনি দিয়ে। আগ্রহে শিক্ষা বিষয় সহজে আয়ত্ত কৰাত সহায় কৰে। শিক্ষণৰ বাবে প্রয়োজন শাৰীৰিক আৰু মানসিক শক্তিৰ। আগ্ৰহ আৰু অভিৰোচনে এই শক্তি প্রদান কৰে

(vi) মানসিক স্বাস্থ্য (Mental health): শিক্ষণ হৈছে এক মানসিক ক্রিয়া। ইয়াৰ বাবে ব্যক্তিৰ সুস্থ মানসিকতাৰ প্ৰয়োজন। মানসিক অস্থিৰতা বা মানসিক অশান্তিত ভোগাসকলে শিক্ষণত ভালদৰে মনোনিৱেশ কৰিব নোৱাৰে

(vii) কৃতকার্যতা বা অকৃতকার্যতাৰ বোধ (Knowledge of success and failure): ব্যক্তিয়ে নিজ প্রচেষ্টাৰ কৃতকাৰ্যতাৰ সম্ভাব্য পৰিণতিৰ বিষয়ে জনাটো দৰকাৰ। ব্যক্তিয়ে নিজ চেষ্টাৰ দ্বাৰা কামটোত কৃতকার্যতা হ'ব বুলি জানিলেহে তাক সমাধা কৰিবলৈ উৎসাহ পায়। সেইদৰে ভুল প্ৰচেষ্টাৰ কথা জানিব পাৰিলে তাক ত্যাগ কৰে

(viii) শিক্ষণ পৰিস্থিতি (Learning condition): শিক্ষণৰ লগত তাৰ পৰিস্থিতি আৰু পৰিৱেশৰ বিশেষ সম্বন্ধ থাকে। পৰিস্থিতি ভাল হ'লে শিক্ষণ ক্ষমতা বৃদ্ধি পায়। সেইদৰে পৰিস্থিতি বেয়া হ'লে শিক্ষণত বাধাৰ সৃষ্টি কৰে। সেয়ে শিক্ষাত সুফল লাভ কৰিবলৈ হ'লে শিক্ষাৰ পৰিবেশ সৃষ্টি কৰিব লাগে

(ix) শিক্ষাৰ সাংগঠনিক অবস্থা: শিক্ষাৰ কর্মক্ষমতা শিক্ষানুষ্ঠানৰ সাংগঠনিক ব্যবস্থাৰ ওপৰত নিৰ্ভৰ কৰে। শিক্ষানুষ্ঠানৰ পাঠদানব সময় তালিকা ছাত্ৰৰ মনোদৈহিক অৱস্থা আৰু প্রয়োজন অনুযায়ী প্রস্তুত কৰিব লাগে। সাংগঠনিক ব্যৱস্থাৰ দ্বাৰা ছাত্রক অধিক স্বাধীনতা আৰু আত্মপ্রকাশৰ সুবিধা দিব লাগে। ইয়াৰ বাহিৰেও ছাত্র-শিক্ষকৰ সহযোগিতাৰ মনোভাব আদি থকাৰ প্ৰয়োজন

(x) খণ্ড আৰু অখণ্ড শিক্ষণ পদ্ধতি (Part and whole method): শিক্ষণীয় বিষয় সচৰাচৰ খণ্ড আৰু অখণ্ড পদ্ধতিৰে আয়ত্তৰ চেষ্টা কৰা হয়। বিষয়বস্তুক কেইবাটাও খণ্ডত বিভক্ত কৰি আৰু তাৰ স্মৃতি ৰক্ষাৰ বাবে কৰা ব্যৱস্থাক খণ্ড শিক্ষণ পদ্ধতি বোলা হয়। আনহাতে, শিক্ষাৰ সমস্ত বিষয়ক একলগ কৰি শিক্ষণ আৰু স্মৃতি ৰক্ষাৰ ব্যৱস্থা কৰাকে অখণ্ড পদ্ধতি বোলা হয়

৫। প্রচেষ্টা আৰু ভুল পদ্ধতিৰ শিক্ষাগত মূল্য কি? এই পদ্ধতিৰ প্ৰধান আসোঁৱাহসমূহ কি কি?

উত্তৰঃ আধুনিক শিক্ষা মনোবিজ্ঞানে শিক্ষাৰ কাৰ্যকৰী দিশত অধিক গুৰুত্ব আৰোপ কৰে। এই ব্যৱস্থা থর্নডাইকৰ প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ দ্বাৰা যথেষ্টভাৱে প্ৰভাৱিত। শিক্ষণৰ এক উদ্দেশ্য হৈছে শিক্ষণীয় বিষয়ৰ অনুশীলনৰ যোগে ব্যক্তিয়ে তাকে অভ্যাসত পৰিণত কৰা। দৈহিক ক্ৰিয়াৰ পুনৰাবৃত্তিৰে শিক্ষাৰ্থীয়ে আৰু শিক্ষা বিষয়ৰ মাজত এক দেহ-মানসিক সংযোগ স্থাপন কৰা প্রয়োজন। এনে কাৰ্যৰ যোগেদিহে চৰিত্ৰ আৰু ব্যক্তিত্বৰ সজ গুণবোৰ আৰু আচৰণসমূহ আয়ত্ত কৰিব পাৰি

ইয়াৰ উপৰি সচৰাচৰ দৈনন্দিন জীৱনৰ বহুতো সমস্যা এনে প্রচেষ্টা আৰু ভুল পদ্ধতিৰ দ্বাৰা সমাধান কৰোঁ। নেৰা-নেপেৰা চেষ্টাই কঠিন সমস্যাৰো সমাধানৰ পথ উলিয়াই দিয়ে। ইয়াৰ দ্বাৰা পোৱা শিক্ষা আৰু অভিজ্ঞতাৰ স্মৃতিও আমাৰ মনত দীর্ঘস্থায়ী হয়। বহুতৰেই ধাৰণা যে ভুল নকৰিলে প্রকৃত শিক্ষা জীৱনত পাব নোৱাৰি। আনৰ সহায় নোলোৱাকৈ কোনেও নিজে নিজে কোনো কথাৰ বাস্তব অভিজ্ঞতা লাভ কৰাত এই পদ্ধতি বিশেষ সহায়কাৰী

 যেতিয়া কোনো বিষয় আমাৰ বাবে সমস্যাৰূপে দেখা দিয়ে তেতিয়া নিৰীক্ষণ পদ্ধতিবে বিষয়বস্তুৰ বিষয়ে সামূহিকভাবে চিন্তা কৰি চোৱাটো বহুতৰ বাবেই সম্ভব নহয়। তেনে অৱস্থাত আমাক উদ্দেশ্যহীন, অন্ধ আৰু যান্ত্রিক অশুদ্ধ পন্থা ত্যাগ কৰি শুদ্ধ পন্থা গ্রহণত অজ্ঞাতে সহায় কৰে। সেইবাবে কৰ্মৰ যোগেদি শিক্ষাৰ ওপৰত বৰ্তমান আধুনিক শিক্ষাই অধিক গুৰুত্ব আৰোপ কৰে

আসোঁৱাহ: প্রচেষ্টা আৰু ভুল পদ্ধতিৰ কিছুমান আসোঁৱাহো দেখিবলৈ পোৱা যায়

প্রচেষ্টা আৰু ভুল পদ্ধতিক সমালোচনা কৰি গেষ্টাল্ট মনোবিজ্ঞানীসকলে কয় যে শিক্ষা প্রচেষ্টা আৰু ভুলেৰে পৰিচালিত এবিধ যান্ত্ৰিক আৰু গতানুগতিক কার্য বিশেষ নহয়। কিন্তু শিক্ষণৰ আৱশ্যক হোৱা ব্যক্তিৰ অন্তঃদর্শন, মানসিক সংগঠন আৰু পর্যবেক্ষণ শক্তিৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা নাই। প্রচেষ্টা আৰু ভুল পদ্ধতিৰে পোৱা শিক্ষা অভিজ্ঞতা সকলো সময়তে নিশ্চিত আৰু বিজ্ঞানসন্মত হ'ব নোৱাৰে। এনে শিক্ষা জন্তুৰ পৰ্যায়তহে অধিক প্রযোজ্য। সমস্যাৰ স্বৰূপ উপলব্ধি নকৰাকৈ কৰা অন্ধ প্ৰচেষ্টাৰ সময় আৰু শক্তিৰ অপচয় ঘটায়। যান্ত্রিক প্রচেষ্টাৰে পোৱা শৈক্ষিক দিশৰ পৰা কেতিয়াও সমর্থনযোগ্য নহয়। কিন্তু সেয়া হ'লেও এই পদ্ধতিৰ শিক্ষা ক্ষেত্ৰত প্রায়োগিকতা সম্পূর্ণ অস্বীকাৰ কৰিব নোৱাৰি। ইয়াক সম্পূর্ণ যন্ত্রচালিত বিধৰ বুলি ক'ব নোৱাৰি। ইয়াত কিছু পৰিমাণে মানসিক সংগঠন আৰু ক্রমোন্নতিৰ প্ৰয়োজন

 

Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)