GU BA 2nd Sem
Political Science
Chapter 1 Question Answer
ভাৰতীয় সংবিধানঃ প্ৰণয়ন আৰু স্বকীয়তা
►অতি চমু প্ৰশ্নাত্তৰঃ
১। ভাৰতীয় সংবিধানখন কোনে প্রস্তুত কৰিছিল?
উত্তৰঃ সংবিধান সভাই।
২। ভাৰতীয় সংবিধানৰ খচৰা সমিতিৰ সভাপতি কোন আছিল?
উত্তৰঃ ড° বি. আৰ. আম্বেদকাৰ।
৩। সংবিধান সভাৰ খচৰা সমিতিৰ সদস্য সংখ্যা কিমান আছিল।
উত্তৰঃ ৭ জন।
৪। ভাৰতীয় সংবিধান কেতিয়াৰ পৰা বলবৎ কৰা হয়?
উত্তৰঃ ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা বলবৎ কৰা হয়।
৫। সংবিধান সভাই কেতিয়া ভাৰতৰ সংবিধানখন গ্রহণ কবে?
উত্তৰঃ ১৯৪৯ চনৰ ২৬ নৱেম্বৰত।
৬। সংবিধান সভাৰ সভাপতি কোন আছিল?
উত্তৰঃ ড° বাজেন্দ্র প্রসাদ।
৭। ভাৰতীয় সংবিধানখন ৰচনা কৰোঁতে কিমান সময়ৰ প্ৰয়োজন হৈছিল?
উত্তৰঃ ২ বছৰ ১১ মাহ ১৮ দিনৰ প্ৰয়োজন হৈছিল।
৮। সংবিধান সভাৰ খচৰা সভাৰ সদস্য কিমানজন আছিল?
উত্তৰঃ ৭ জন।
৯। ভাৰতীয় সংবিধান আন কোন কোন দেশৰ পৰা গ্ৰহণ কৰা হৈছে?
উত্তৰঃ ব্রিটেইন, আমেৰিকা যুক্তৰাষ্ট্ৰ,
কানাডা, আৰু আয়াৰলেণ্ডৰ
সংবিধানৰ পৰা।
১০। ভাৰতীয় সংবিধানত কিমানটা ভাগ আছে?
উত্তৰঃ মূল সংবিধানত ২২টা, বর্তমান ২৫টা।
১১। ভাৰতীয় সংবিধানত কিমানটা অনুসূচী আছে?
উত্তৰ: মূলত সংবিধানত ৮টা, বর্তমান ১২টা।
১২। মৌলিক অধিকাৰসমূহ সংশোধন কৰিব পাৰিনে?
উত্তৰঃ পাৰি।
১৩। ভাৰতীয় মূল সংবিধানত কিমানটা অনুচ্ছেদ আছে?
উত্তৰঃ ৩৯৫টা অনুচ্ছেদ আছে।
১৪। বর্তমান সংবিধানৰ অনুচ্ছেদ কিমানটা?
উত্তৰঃ বর্তমান সংবিধানৰ অনুচ্ছেদ ৪৪৮টা।
১৫। খালী ঠাই পূৰণ কৰাঃ
(ক) ভাৰতীয় সংবিধান ১৯৪৯ চনৰ
তাৰিখে গ্রহণ কৰা হৈছে।
উত্তৰঃ ২৬ নবেম্বৰ।
(খ) ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাৰ খচৰা প্রস্তুত কৰিছিল।
উত্তৰঃ খচৰা সমিতিয়ে।
(গ) পৰিকল্পনাৰ ভিত্তিত
সাংবিধানিক সভাখন প্রতিষ্ঠা কৰা হৈছিল।
উত্তৰঃ কেবিনেট মিশ্যন পৰিকল্পনা।
(ঘ) চনত ভাৰতক সার্বভৌম,
গণতান্ত্রিক, গণৰাজ্য বুলি ঘোষণা কৰা হৈছিল।
উত্তৰঃ ১৯৪৯ চনত।
(ঙ) সংবিধানৰ সংশোধনীয়ে ঐক্য আৰু
সংহতি শব্দ দুটা প্রস্তাবনাত অন্তর্ভূক্ত কৰে |
উত্তৰঃ ৪২তম
▶▶ চমু প্রশ্নোত্তৰঃ
১। জৱাহৰ লাল নেহেৰুৱে সংবিধান সভাত উত্থাপন কৰা উদ্দেশ্য প্রস্তাৱৰ পাঁচটা মূল
দিশ আলোচনা কৰা।
উত্তৰঃ ভাৰতৰ স্বাধীনতা আন্দোলনে আগবঢ়োৱা অৱদানসমূহৰ
ভিতৰত উল্লেখযোগ্য অৱদান হ'ল সংবিধানৰ উদ্দেশ্য প্রস্তাব (Objective
Resolution)। ১৯৪৬ চনত এই প্রস্তাবটো নেহেকৱে সংবিধান সভাত দাঙি ধৰিছিল। ভাৰতীয় সংবিধানৰ
মূল নীতি আৰু আদর্শসমূহ এই উদ্দেশ্য প্রস্তাৱৰ পৰাই লোৱা হৈছে। ইয়াৰ মূল দিশসমূহ
তলত দিয়া ধৰণে উল্লেখ কৰিব পাৰি-
(ক) ভাৰতবৰ্ষক স্বাধীন সার্বভৌম গণৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰা।
(খ) সকলো ভাৰতীয় নাগৰিককে সামাজিক, বাজনৈতিক আৰু অর্থনৈতিক ন্যায় প্রদান কৰা।
(গ) সম-মর্যাদা আৰু সম-অধিকাৰ প্ৰদান কৰা।
(ঘ) সংখ্যালঘু, পিছপৰা আৰু অনুসূচিত জাতি আৰু জনজাতি সকলক ৰক্ষণাবেক্ষণ দিয়া।
(ঙ) বিশ্বশান্তি আৰু কল্যাণৰ বাবে অৰিহণা আগবঢ়োৱা।
২। ভাৰতীয় সংবিধানৰ চাৰিটা বৈশিষ্ট্য লিখা।
উত্তৰঃ ভাৰতীয় সংবিধানৰ চাৰিটা বৈশিষ্ট্য হ'ল-
(ক) ৩৯৫টা অনুচ্ছেদ, ২২টা ভাগ, ৮টা অনুসূচীৰে এখন দীর্ঘতম সংবিধান। বর্তমান ৪৪৮টা অনুচ্ছেদ, ২৫টা ভাগ আৰু ১২টা
অনুসূচী সংবিধান সংশোধনবদ্বাৰা সৃষ্টি কৰা হৈছে।
(খ) দৃঢ় আৰু নমনীয় সংবিধান (সংবিধান সংশোধনৰ দিশৰপৰা)।
(গ) সংসদীয় গণতান্ত্রিক চৰকাৰ ব্যৱস্থা।
(ঘ) মৌলিক অধিকাৰ, মৌলিক কর্তব্য, নির্দেশাত্মক নীতিবিশিষ্ট।
৩। 'গণতান্ত্রিক গণৰাজ্য'ই ভাৰতীয় সংবিধানৰ প্রস্তাবনাত কি বুজাইছে?
উত্তৰঃ ভাৰত এখন গণতান্ত্রিক গণৰাজ্য। গণৰাজ্য (Republic)
মানে হ'ল জনগণৰ (People)
শাসন, ইয়াত বংশানুক্রমে
কোনো সদস্য বা কার্যনির্বাহৰ মুৰব্বী নির্বাচিত কৰাৰ বিধান নাই। ৰাষ্ট্ৰৰ মুৰব্বী
হিচাপে ৰাষ্ট্ৰপতিক পৰোক্ষ ভোটৰদ্বাৰা নিৰ্বাচন কৰা হয়। প্রকৃত কাৰ্যপালিকাৰ
নেতৃত্ব বহন কৰা এখন মন্ত্রী পৰিষদ থাকে আৰু সংসদব সংখ্যাগৰিষ্ঠ লাভ কৰা দলৰপৰা
গঠন কৰা হয়। সংসদে অনাস্থা প্রস্তাৱৰদ্বাৰা মন্ত্রীসভাৰপতন ঘটাবও পাৰে। এই সমূহ
গণতান্ত্রিক শাসন ব্যবস্থাৰ অত্যাবশ্যকীয় বৈশিষ্ট্য। ভাৰতবৰ্ষ এখন গণতান্ত্রিক
গণৰাজ্য।
৪। ভাৰতীয় সংবিধান অন্যান্য দেশৰ সংবিধানৰ আলমত ৰচনা কৰাৰ বাবে ইয়াৰ কোনো
মৌলিকতা নাই বুলি তুমি ভাবানে?
উত্তৰঃ এই সিদ্ধান্তটো সঁচা নহয়। ভাৰতীয় সংবিধানখন ৰচনা
কৰোতে সংবিধান প্রণেতা সকলে আন আন আধুনিক ৰাষ্ট্ৰৰ সংবিধান অধ্যয়ণ কৰি তাৰ পৰা
উৎকৃষ্ট নীতি আৰু আদর্শ কিছুমান গ্রহণ কৰিছিল। কিন্তু সম্পূর্ণ অনুসৰণ কৰা নাছিল।
ভাৰতীয় পৰিস্থিতি, ভাৰতীয় সমস্যা আৰু আশা আকাংক্ষাৰ লগত খাপ খুৱাই গ্ৰহণ কৰা হৈছিল।
৫। ভাৰতীয় সংবিধান নমনীয় আৰু অনমনীয়ৰ সংমিশ্রণ। — ব্যাখ্যা কৰা।
উত্তৰঃ ভাৰতীয় সংবিধান সম্পূর্ণ নমনীয়ও নহয় অনমনীয়ও
নহয়। অর্থাৎ ভাৰতীয় সংবিধান পদ্ধতি অতি সহজ বা সম্পূর্ণ জটিল নহয়। সংবিধানৰ
কিছুসংখ্যক অনুচ্ছেদ সাধাৰণ আইন প্রণয়ন পদ্ধতিৰে সংশোধ কৰিব পাৰি। আনহাতে
কিছুসংখ্যক অনুচ্ছেদ সংসদৰ বিশেষ সংখ্যাগৰিষ্ঠ ভোটৰ সমর্থনত সংশোধন কৰিব পাৰি।
তদুপৰি কিছুসংখ্যকঅনুচ্ছেদ সংশো ধন কৰিবলৈ হ'লে সংসদৰ বিশেষ
সংখ্যাগৰিষ্ট ভোটব সমর্থনৰ উপৰিও ৰাজ্য বিধানসভাসমূহৰ কমেও আধাসংখ্যৰ সন্মতিৰ
প্ৰয়োজন হয়। গতিকে ক'ব পাৰি যে ভাৰতীয় সংবিধান নমনীয় আৰু অনমনীয়ৰ সংমিশ্রণ।
৬। ভাৰতীয় সংবিধান সংশোধন পদ্ধতিৰ তিনিটা আসোঁৱাহ উল্লেখ কৰা।
উত্তৰঃ ভাৰতীয় সংবিধান সংশোধন পদ্ধতিৰ তিনিটা আসোঁৱাহ হ'ল-
(ক) সংবিধান সংশোধনী প্রস্তাৱ উত্থাপন কৰাৰ অধিকাৰ ৰাজ্যসমূহৰ নাই।
(খ) সংসদে সাধাৰণ আইন প্রণয়ন পদ্ধতিৰেই এখন ৰাজ্যৰ নাম বা সীমাৰ পৰিবৰ্তন কৰিব
পাৰে। এই ক্ষেত্ৰত ৰাজ্যৰ সন্মতি বা অসম্মতিক গুৰুত্ব দিয়া নহয়।
(গ) জনসাধাৰণৰ সংবিধান সংশোধন প্রক্রিয়াত অংশ গ্রহণৰ অধিকাৰ নাই।
৭। ভাৰতীয় সংবিধানৰ এনে দুটা অনুচ্ছেদ উল্লেখ কৰা, যাৰ সংশোধনৰ বাবে
ৰাজ্যিক বিধানমণ্ডলসমূহৰ সন্মতিৰ প্ৰয়োজন।
উত্তৰঃ (ক) ৰাষ্ট্ৰপতিৰ নিৰ্বাচন পদ্ধতি।
(খ) কেন্দ্ৰ আৰু ৰাজ্যৰ প্ৰশাসনীয় সম্পৰ্ক
৮। সংবিধান পুনৰীক্ষণ আয়োগ কোন চনত গঠন কৰা হৈছিল। সংবিধান পুনৰীক্ষণ আয়োগৰ
সভাপতি কোন আছিল? আয়োগে সংবিধানখন সলনি কৰাৰ পৰামৰ্শ দিছিল নেকি?
উত্তৰঃ সংবিধান নৰীক্ষণ আয়োগখন ২০০০ চনত গঠন কৰা হৈছিল।
ইয়াৰ সভাপতিআছিল উচ্চতম ন্যায়ালয়ৰ অৱসৰ প্রাপ্ত ন্যায়াধাশ ডোকালায়া সলনি কৰাৰ
পৰামর্শ দিয়া নাছিল। আয়োগে এই বুলি মত দিছিল যে সংবিধানৰ এটা মূল গাঁথনি আছে আৰু
এই মূল গাঁথনি সলনি বা সংশোধন কৰাৰ কোনো প্রয়োজন নাই।
►ৰচনাধৰ্মী প্ৰশ্নোত্তৰঃ
১। ভাৰতীয় সংবিধানৰ উৎসসমূহৰ বিষয়ে আলোচনা কৰা।
উত্তৰঃ ভাৰতৰ সংবিধানখন সংবিধান সভাই ৰচনা কৰিছে।
ভাৰতীয় সংবিধানৰ ৰচকসকলেও বিভিন্ন সংবিধান আৰু বিভিন্ন উৎসৰপৰা ভাল নীতিবোৰ আমাৰ
সংবিধানত সন্নিৱিষ্ট কৰিছে। সেয়েহে বহুতে ভাৰতবৰ্ষৰ সংবিধানখনক এই দেশৰ বাবে এখন
উৎকৃষ্ট সংবিধান বুলি অভিহিত কৰিছে। তলত ভাৰতীয় সংবিধানৰ বিভিন্ন উৎসসমূহৰ বিষয়ে
আলোচনা কৰা হ'ল-
(ক) ভাৰত শাসন আইনঃ- ব্রিটেইনৰ সংসদে পৰাধীন
ভাৰতবৰ্ষৰ শাসনকার্য পৰিচালনাৰ বাবে কেইবাখনো আইন ৰচনা কৰিছিল। এইবোৰৰ ভিতৰত ১৯০৯,
১৯১৯ আৰু ১৯৩৫ চনৰ
আইনসমূহ উল্লেখযোগ্য। এই আইনসমূহৰ ভিতৰত ১৯৩৫ চনৰ ভাৰত শাসন আইনেই আছিল আটাইতকৈ
দীঘলীয়া। ইয়াৰ প্ৰভাৱ ভাৰতবৰ্ষৰ সংবিধানত বিশেষভাৱে পৰিলক্ষিত হয়। ১৯৩৫ চনৰ এই
আইনে ভাৰতবৰ্ষত যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থা, প্রদেশসমূহৰ স্বতন্ত্রতা,
ক্ষমতা বিভাজন,
দায়িত্বশীল চৰকাৰ,
ক্ষমতাশীল
আমোলাতন্ত্র, কেন্দ্রীয় চৰকাৰৰ জৰুৰী ক্ষমতা, শক্তিশালী ন্যায়পালিকা আদিৰ ব্যৱস্থা কৰিছিল।
এতেকে ১৯৩৫ চনৰ ভাৰত শাসন আইনক স্বাধীন ভাৰতৰ সংবিধানৰ ভেটি বুলি ক'ব পাৰি।
(খ) ব্রিটেইনৰ শাসন ব্যৱস্থাৰ প্ৰভাৰঃ-
ভাৰতবৰ্ষৰ সংবিধানে
কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ বাবে সংসদীয় পদ্ধতিৰ চৰকাৰৰ প্ৰৱৰ্তন কৰিছে। আমাৰ সংবিধানে
এই সম্পর্কত ব্রিটেইনর সংসদীয় শাসন ব্যবস্থাক হুবহু অনুকৰণ কৰিছে। গতিকে ভাৰতবৰ্ষৰ
সংসদীয় শাসন ব্যবস্থা হ'ল ব্রিটেইনব সংবিধানৰ প্রত্যক্ষ অবদান।
(গ) অন্যান্য সংবিধানৰ প্রভাৱঃ- ভাৰতবৰ্ষব সংবিধানৰ
ওপৰত অন্যান্য দেশব সংবিধানৰো বিশেষ প্রভাৱ থকা দেখা যায়। এইক্ষেত্রত ভাবতন
সংবিধানব ওপৰত ব্রিটেইন, আমেৰিকা, কানাডা, আয়াৰলেণ্ড আদি দেশৰ
সংবিধানৰ বিশেষ প্রভাব পৰা দেখা যায়। ভাৰতীয় সংবিধানে ন্যায়পালিকাৰ স্বাধীনতাৰ
ধাৰণাটো আমেৰিকাৰ সংবিধানৰপৰা গ্ৰহণ কৰাৰ লগতে ক্ষমতা বিভাজনৰ ক্ষেত্ৰত কানাডাৰ
সংবিধানক অনুকৰণ কৰা দেখা যায়। সেইদৰে আয়াৰলেণ্ডৰ সংবিধানৰপৰা ৰাষ্ট্ৰ পৰিচালনাৰ
নির্দেশাত্মক নীতিৰ আদৰ্শটোক গ্রহণ কৰা হৈছে। ভাৰতবৰ্ষৰ সংবিধানৰ মন্ত্রীসভা
পৰিচালিত শাসন ব্যৱস্থা হ'ল ব্রিটিছ সংবিধানৰ অৱদান।
(ঘ) সংবিধানসভাৰ আলোচনা আৰু বিতর্কঃ-
ভাৰতবৰ্ষৰ সংবিধানৰ
প্রধান উৎস হ'ল আমাৰ দেশৰ সংবিধানসভাৰ আলাপ-আলোচনা আৰু বিতর্কসমূহ আৰু এই আলোচনাসমূহে
ভাৰতবৰ্ষৰ সংবিধান ৰচনা কৰাত যথেষ্ট সহায় কৰিছে। সংবিধানসভাৰ নিৰ্দেশক্রমে
সংবিধানৰ খচৰা সমিতি গঠন কৰা হয় আৰু এই সমিতিয়ে ভাৰতীয় সংবিধানৰ খচৰা প্রস্তুত
কৰে। এই খচৰা সংবিধানৰ ভিত্তিতেই আলাপ-আলোচনা আৰু তর্ক-বিতৰ্কৰ জৰিয়তে ভাৰতবৰ্ষৰ
নতুন সংবিধান ৰচনা কৰা হয়।
(ঙ) সমালোচকৰ মন্তব্যঃ- সাংবিধানিক
বিশেষজ্ঞসকলৰ মতাদর্শই ভাৰতবৰ্ষৰ সংবিধান নির্মাতাসকলৰ ওপৰত যথেষ্ট প্রভাৱ বিস্তাৰ
কৰিছিল। এওঁলোকে আগবঢ়োৱা মতামতৰ জৰিয়তে ভাৰতীয় সংবিধানৰ মূল্যায়ন কৰিব পাৰি। এই
মতামতসমূহৰ সহায়ত ভাৰতবৰ্ষৰ সংবিধানৰ দোষ-গুণসমূহ ভালদৰে বিচাৰ কৰিব পাৰি।
সংবিধানৰ বিভিন্ন অনুচ্ছেদ অধ্যয়ন আৰু বাখ্যা কৰোঁতেও বিশেষজ্ঞসকলে দিয়া মন্তব্যই
যথেষ্ট পৰিমাণে সহায় কৰে।
(চ) ন্যায়িক সমীক্ষাঃ- ভাৰতবৰ্ষৰ সংবিধানে
ন্যায়পালিকাৰ স্বতন্ত্রতা প্রদান কৰিছে। উচ্চতম ন্যায়ালয়ক ভাৰতবৰ্ষৰ সংবিধানৰ
অভিভাৱক বুলি কোৱা হয়। উচ্চতম ন্যায়ালয়ে যিকোনো আইনৰ সাংবিধানিক বৈধতা বিচাৰ কৰিব
পাৰে। ই যিকোনো আইনক অসাংবিধানিক বা বে-আইনী বুলি ঘোষণা কৰিব পাৰে। উচ্চতম
ন্যায়ালয় হ'ল ভাৰতবৰ্ষৰ সংবিধানৰ প্রধান বাখ্যাকর্তা।
(ছ) সংবিধানৰ সংশোধনঃ- ভাৰতৰ সংবিধানখন
বহুবাৰ সংশোধন কৰা হৈছে আৰু এই সংশোধনীয়েও বহুতো ক্ষেত্ৰত সংবিধানৰ সালসলনি কৰিছে।
সংবিধান সংশোধনৰদ্বাৰা আমাৰ সংবিধানৰপৰা বহুতো অনুচ্ছেদ বাদ দিয়া হৈছে আৰু এইবোৰৰ ঠাইত কিছুমান নতুন অনুচ্ছেদ সন্নিবিষ্ট কৰা হৈছে। এই সকলো সংশোধনী
ভাৰতবৰ্ষৰ সংবিধানৰ অন্তর্ভুক্ত। গতিকে এই সংশোধনীসমূহকো ভাৰতবৰ্ষৰ সংবিধানৰ উৎস
বুলি কোৱা হয়।
(জ) আইন আৰু আধ্যাদেশঃ- সংসদে পাছ কৰা
কিছুমান আইনক সংবিধানৰ উৎস হিচাপে গণ্য কৰিব পাৰি, বিশেষকৈ সাংবিধানিক
আইনসমূহে সংবিধানত ঠাই পায় আৰু সেইবোৰক সাংবিধানিক আইনৰ মর্যাদা দিয়া হয়। সংবিধান
সংশোধনী আইনসমূহ এই শ্ৰেণীৰ আইন। এই আইনসমূহ সংবিধানৰ অংশস্বৰূপ। এইদৰে সংসদে
গ্রহণ কৰা বহুতো আইনে সাংবিধানিক আইনৰ মৰ্যাদা লাভ কৰে আৰু এইবোৰক সংবিধানৰ উৎস
বুলি বিবেচনা কৰা হয়।
২। ভাৰতীয় সংবিধানৰ মৌলিক গাঁথনি সম্পর্কে আলোচনা কৰা।
উত্তৰঃ পোনপ্ৰথমবাৰৰ কাৰণে ১৯৭২ চনত ভাৰতৰ সৰ্বোচ্চ
ন্যায়ালয়ে কেশবানন্দ ভাৰতীয় গোচৰৰ শুনানী গ্রহণ কৰাৰ পিছত গোচৰৰ ৰায় প্ৰদান কৰোঁতে
ঘোষণা কৰিছিল যে ভাৰতৰ সংবিধানৰ এটা মৌলিক গাঁথনি আছে যিটো সংশোধন কৰিব নোৱাৰি।
১৯৮০ চনৰ পৰা পুনৰ
সংবিধানৰ মূল গাঁথনিৰ বিষয়টো আলোচনাৰ কেন্দ্র হৈ পৰিছিল। ১৯৮০ চনত মিনার্ভা মিল (Minerva
Mill) গোচৰৰ শুনানী গ্রহণ কৰি গোচৰৰ ৰায়দান কৰাৰ ক্ষেত্ৰত সর্বোচ্চ আদালতে ৪২ তম
সংবিধান সংশোধনী অধিনিয়মৰ কিছুমান দফা বাতিল কৰিছিল। সংবিধান সংশোধনীৰ বিষয়টো
ন্যায়িক সমীক্ষাৰ গণ্ডীৰ ভিতৰত। গতিকে সংবিধান সংশোধনীৰ বিষয়টোরে যদি সংবিধানৰ মূল
গাঁথনিক উলংঘন কৰে তেন্তে সংশোধনী বিধেয়কক ন্যায়পালিকাই অসংবিধানৰ বুলি ৰদ কৰিব
পাৰিব। এনেদৰে মিনার্ভা মিল গোচৰত দিয়া ৰায়ৰ জৰিয়তে আইন পালিকাৰ সর্বোচ্চতাক সীমিত
কৰি ন্যায়পালিকাক শক্তিশালী কৰি তোলা হৈছিল। এনেদৰে দেখা যায় যে ভাৰতৰ সংবিধানৰ এক
মৌলিক গাঁথনি বা কাঠামো আছে যাক কোনেও উলংঘন কৰিব নোৱাৰিব।
সংবিধানৰ মৌলিক
গাঁথনিঃ- এইখিনিতে এটা প্রশ্নৰ উদ্রেক হয় যে সংবিধানৰ মৌলিক গাঁথনিৰ ভিতৰত সংবিধানৰ কি
কি অংশ সন্নিবিষ্ট হ'ব? অবশ্যে এই সন্দর্ভত বর্তমান সময়লৈকে সর্বোচ্চ আদালতৰ ফালৰ পৰা এক স্পষ্ট
ব্যাখ্যাৰ অভাব। ন্যায়াধীশসকলে নিজা নিজা মতামত এইক্ষেত্রত আগবঢ়াইছে।
ন্যায়াধীশ এইচ. এম.
মি ৰভাইৰ মতে সংবিধানৰ মৌলিক গাঁথনিৰ ভিতৰত নিম্নোক্ত বিষয়সমূহ অন্তর্ভুক্ত
—
(১) মৌলিক অধিকাৰ (Fundamental Rights)
(২) নির্ভীক আৰু নিৰপেক্ষ বিচাৰ ব্যৱস্থা (Free and independent
Judiciary)
(৩) ন্যায়িক সমীক্ষা বা পুনৰীক্ষণ (Judical review)
(৪) যুক্তৰাষ্ট্ৰীয় প্রকৃতি (Federal character)
(৫) নিকা আৰু মুক্ত নির্বাচন (Free and fair election)
ন্যায়াধীশ কৃষ্ণ
নায়াৰে উপৰি উক্ত বিষয়সমূহৰ লগতে সংসদীয় গণতন্ত্রকো (Parliamentary
democracy) সংবিধানৰ মৌলিক গাঁথনিৰ অন্তর্ভুক্ত বুলি অভিহিত কৰিছে।
ভাৰতৰ সৰ্বোচ্চ
ন্যায়ালয়ৰ প্রাক্তন ন্যায়াধীশদ্বয় ক্রমে ন্যায়াধীশ শেলাৎ (Shallet) আৰু ন্যায়াধীশ গ্র'ভাৰৰ (Grover)
মতে ভাৰতীয় সংবিধানৰ
মৌলিক গাঁথনি বুলিলে নিন্মোক্ত বিষয় তথা ধাৰণাসমূহক বুজায়, যিবোৰক সংসদে সংশোধন তথা
উলংঘন কৰিব নোৱাৰে।
এইসমূহ হৈছে —
(১) সংবিধানৰ সৰ্বোচ্চতা (Supremacy of the Constitution)
(২) গণতান্ত্রিক আৰু প্রজাতান্ত্রিক চৰকাৰ (Democratic and Republican
from of Govt.)
(৩) ৰাষ্ট্ৰীয় সার্বভৌমত্ব, ঐক্য আৰু অখণ্ডতা (Sovereignty, Unity
and integrity of the country)
(৪) ভাৰতৰ সংবিধানৰ ধৰ্মনিৰপেক্ষ আৰু যুক্তৰাষ্ট্ৰীয় প্রকৃতি (Secular
and Federal characteristics of Indian Constitution)
(৫) আইন পালিকা, কার্যপালিকা আৰু ন্যায়পালিকাৰ মাজত ক্ষমতা নিৰূপণ (Demarcation of
powers among legislative, executive and judiciary)
(৬) মুক্ত আৰু নিকা সাময়িক নির্বাচন ব্যৱস্থা (Free and fair and
periodic election)
(৭) সংবিধানৰ তৃতীয় অধ্যায়ত ব্যক্তিৰ মৰ্যাদা সুৰক্ষিত কৰাৰ অৰ্থে অন্তর্ভুক্ত
কৰা মৌলিক অধিকাৰ আৰু চতুর্থ অধ্যায়ৰ ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতিৰ
অন্তর্ভুক্ত কল্যাণকামী ৰাষ্ট্ৰ গঠনৰ ব্যৱস্থা। (The dignity of the
individual secured by Fundamental rights as contained in the part III including
the mandate to build a welfare state as mentioned in part IV)
আন এজন সর্বোচ্চ
ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ জগমোহনৰ মতে সংবিধানৰ মৌলিক গাঁথনি বুলি ক'লে প্রস্তাবনা (Preamble)
টোক বুজায়। । কিয়নো
এই প্রস্তাৱনাতেই ৰাষ্ট্ৰৰ উদ্দেশ্য, আদর্শ, লক্ষ্য তথা প্রকৃতি, সন্নিবিষ্ট হৈ থাকে।
প্ৰস্তাৱনাক আগত ৰাখিয়েই ৰাষ্ট্ৰই প্রশাসন পৰিচালনা কৰে। ৰাষ্ট্ৰ এখনৰ প্ৰশাসনৰ
সফলতা বিফলতাৰ মূল চাবি-কাঠি স্বৰূপে এই প্রস্তাৱনাটো অভিহিত কৰিব পাৰি। সেয়ে এই
প্রস্তাৱনাটোৱেই হৈছে ভাৰতৰ সংবিধানৰ মৌলিক গাঁথনি।
গতিকে সংবিধানৰ
মৌলিক গাঁথনি সম্পর্কে বিভিন্ন সময়ত ন্যায়াধীশসকলে আগবঢ়োৱা মতামতসমূহ বিশ্লেষণ
কৰি দেখা গ'ল যে সংবিধানৰ মূল গাঁথনি সম্পর্কে ন্যায়াধীশ তথা জন-সমাজত বর্তমানেও এক
সর্বগ্রহণযোগ্য সংজ্ঞা তথা ধাৰণা উদ্ভৱ হোৱা দেখিবলৈ পোৱা নাযায়। সেয়ে আমি ক'ব পাৰো যে সংবিধানৰ
মৌলিক গাঁথনি সম্পর্কে ন্যায়াধীশসকলে ব্যক্তিগত প্রচেষ্টাৰে বিভিন্ন গোচৰসমূহ
নিষ্পত্তিকৰণৰ ক্ষেত্ৰত ৰায় প্ৰদান কৰোঁতে সংবিধানৰ মৌলিক গাঁথনি সম্পর্কে নিজা
ধাৰণা আগবঢ়াইছে।
উপৰি উক্ত সকলোবিলাক
বিষয়েই ভাৰতৰ সংবিধানৰ মৌলিক গাঁথনিৰ অন্তৰ্ভুক্ত।
অৱশ্যে এই প্রসংগতে
এটা কথা উল্লেখ কৰা সমীচিন হ'ব যে কোনো এক বিষয় সংবিধানৰ মৌলিক গাঁথনিৰ
অন্তর্ভুক্ত হোৱা নোহোৱাৰ ক্ষেত্ৰত এক স্পষ্ট আৰু সঠিক সিদ্ধান্ত কোনো গোচৰৰ
ৰায়দান কৰাৰ ক্ষেত্ৰত ন্যায়ালয়ে গ্রহণ কৰিব পাৰে। সংবিধানৰ মৌলিক গাঁথনি যিহেতু
ৰাষ্ট্ৰৰ বিচাৰ বিভাগৰ দ্বাৰা স্বীকৃতি সেয়েহে কোনেও সংবিধানৰ প্রধান বৈশিষ্ট্য
তথা বুনিয়াদক আওকাণ কৰিব নোৱাৰে। এনে অৱস্থাৰ পৰিপ্ৰেক্ষিততেই ভাৰতৰ সংবিধানৰ তথা
নাগৰিকৰ অধিকাৰসমূহৰ অভিভাৱক হিচাপে উচ্চতম ন্যায়ালয়ক অভিহিত কৰা হৈছে।
Important Question Answer
(For Paid User)
Join our membership Plan
(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)