GU BA 2nd Sem
Political Science
Chapter 2 Question Answer
নাগৰিকত্ব আৰু অধিকাৰ
►অতি চমু প্রশ্নোত্তৰঃ
১। 'নাগৰিক' শব্দটোৰ উৎপত্তি কোনটো শব্দৰ পৰা হৈছে?
উত্তৰঃ 'নাগৰিক' (citizen) শব্দটো লেটিন শব্দ 'civis'
ৰ পৰা উৎপত্তি হৈছে।
২। নাগৰিকত্ব ধাৰণাৰ মাজেৰে কোনে অভিজাতন্ত্ৰৰ পোষকতা কৰিছিল?
উত্তৰঃ এৰিষ্ট’টলে।
৩। ভাৰতীয় সংবিধানৰ মৌলিক অধিকাৰ কোন দেশৰ পৰা ধাৰ কৰা হৈছে?
উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰ পৰা।
৪। ভাৰতৰ ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতিসমূহ কোন সংবিধানৰ আলমত গঢ় দিয়া হৈছে?
উত্তৰঃ আয়াৰলেণ্ডৰ সংবিধানৰ আলমত।
৫। ভাৰতীয় সংবিধানৰ মৌলিক অধিকাৰসমূহ কিমান নং অনুচ্ছেদত আছে?
উত্তৰঃ ১২ৰ পৰা ৩৫নং অনুচ্ছেদলৈ আছে।
৬। ভাৰতীয় সংবিধানৰপৰা কোনটো মৌলিক অধিকাৰ বাতিল কৰা হৈছে?
উত্তৰঃ সম্পত্তিৰ অধিকাৰ। ১৯৭৭ চনৰ ৪৪নং সংবিধান
সংশোধনী অনুসৰি ইয়াক বাতিল কৰা হৈছে।
৭। মৌলিক কর্তব্য কেতিয়া সংবিধানত সংযোজন কৰা হয়?
উত্তৰঃ ১৯৬৬ চনত। ৪২ তম সংশোধনী মতে।
৮। ভাৰতীয় সংবিধানত কেইটা মৌলিক অধিকাৰ আছে?
উত্তৰঃ ৬টা।
৯। ভাৰতীয় সংবিধানৰ কোনটো অধিকাৰ বিদেশীয়ে উপভোগ কৰিব নোৱাৰে?
উত্তৰঃ ৰাজনৈতিক অধিকাৰ।
১০। মৌলিক অধিকাৰসমূহ সংশোধন কৰিব পাৰিনে?
উত্তৰঃ পাৰি।
১১। শোষণৰ বিৰুদ্ধে অধিকাৰ কোনটো অনুচ্ছেদত আছে?
উত্তৰঃ ২৩নং অনুচ্ছেদত।
১২। শিশু শ্রমিকৰ অধিকাৰ কোনটো অনুচ্ছেদত আছে?
উত্তৰঃ ২৪নং অনুচ্ছেদত।
১৩। খালী ঠাই পূৰ কৰাঃ
(ক) মৌলিক অধিকাৰসমূহ
নহয়।
উত্তৰঃ চৰম।
(খ) ৪৪ তম সংশোধনীয়ে
অধিকাৰ বাতিল কৰে।
উত্তৰঃ সম্পত্তিৰ অধিকাৰ।
►চমু প্রশ্নোত্তৰঃ
১। এজন 'প্রজা' আৰু 'নাগৰিক'ৰ মাজত থকা পার্থক্য নির্ণয় কৰা।
উত্তৰঃ এজন প্রজা সাধাৰণতে ৰাষ্ট্ৰৰ তলতীয়া হয় আৰু
ৰাষ্ট্ৰৰ অনুগ্রহতহে বাস কৰে। শাসনৰ অধিকাৰ সমাজৰ ক্ষমতাশালী লোকসকলেহে লাভ কৰে
আৰু প্ৰজাসকলে কেনেধৰণৰ অধিকাৰ ভোগ কৰিব পাৰিব সেয়া এই শাসনাধীস্থ লোকসকলেই নির্ণয়
কৰে। কিন্তু নাগৰিকত্বৰ ধাৰণাৰ ক্ষেত্ৰত নাগৰিকসকলে নিজেই এখন ৰাষ্ট্র গঠন কৰে আৰু
এই ৰাষ্ট্ৰৰ সংবিধানে নাগৰিকসকলক কেতবোৰ মৌলিক অধিকাৰ প্ৰদান কৰাৰ লগতে তেওঁলোকৰ
দায়িত্ব আৰু কৰ্তব্যসমূহো নির্ণয় কৰে। প্ৰজাসকল সাধাৰণতে ৰাজতন্ত্ৰৰ সৈতে জড়িত আৰু
নাগৰিকসকলক আধুনিক গণতান্ত্রিক ৰাষ্ট্ৰ ব্যৱস্থাৰ সৈতে জড়িত।
২। মৌলিক অধিকাৰ বুলিলে কি বুজা?
উত্তৰঃ সাধাৰণতে সকলো দেশৰ সংবিধানে নাগৰিকৰ মানসিক আৰু
আধ্যাত্মিক তথা ৰাষ্ট্ৰীয় ঐক্যৰ বাবে কিছুমান অধিকাৰ স্বীকৃতি দিয়ে। সংবিধান
স্বীকৃত এই অধিকাৰসমূহেই হ'ল মৌলিক অধিকাৰ। উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন
ন্যায়াধীশ বি পি গজেন্দ্ৰ গদকাৰৰ মতে, মৌলিক অধিকাৰ হ'ল ৰাষ্ট্ৰৰ লগত ব্যক্তিৰ
সম্বন্ধ পৰিচালনা কৰা আইনগতভাবে বলৱৎ কৰিব পৰা অধিকাৰ।
৩। সমতাৰ অধিকাৰে কি কি দিশ সামৰি লয়?
উত্তৰঃ ভাৰতীয় সংবিধানৰ ১৪নং অনুচ্ছেদৰপৰা ১৮নং
অনুচ্ছেদলৈ ব্যাপ্ত সমতাৰ অধিকাৰত বহুতো দিশ সন্নিৱিষ্ট আছে। ১৪নং অনুচ্ছেদ মতে
ভাৰতবৰ্ষৰ সকলো লোকে জাতি, বর্ণ, ধর্ম, নির্বিশেষে আইনৰ সম অধিকাৰ লাভ কৰিব আৰু ৰাজহুৱা
সম্পদ সমভাবে ব্যৱহাৰ কৰিব পাৰিব। ১৬নং অনুচ্ছেদ মতে চৰকাৰী চাকৰি লাভৰ ক্ষেত্ৰত
যোগ্যতা অনুসাৰে সম অধিকাৰ লাভ কৰিব। ১৭নং অনুচ্ছেদ মতে, সকলো ক্ষেত্রতে অস্পৃশ্যতাক
নিষিদ্ধ কৰিছে। ১৮নং অনুচ্ছেদ মতে, সামৰিক আৰু শিক্ষা সম্পৰ্কীয় উপাধিৰ বাহিৰে
ব্যক্তিয়ে কোনো উপাধি লাভ নকৰিব।
৪। মৌলিক অধিকাৰৰ ধর্মীয় অধিকাৰে কি অধিকাৰ সামৰি লয়?
উত্তৰঃ ভাৰতীয় সংবিধানৰ ২৫, ২৬, ২৭, ২৮নং অনুচ্ছেদত ধর্মীয়
অধিকাৰসমূহ সন্নিৱিষ্ট আছে। এই অধিকাৰসমূহে ভাৰতবৰ্ষক এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ
হিচাপে স্বীকৃতি দিছে। ইয়াত সকলো লোকৰে কোনো ধর্ম গ্রহণ, পূজা-পাতল, বিশ্বাস আৰু ধৰ্ম
প্ৰচাৰৰ সুবিধা আছে। ২৮নং অনুচ্ছেদ মতে, চৰকাৰী সাহায্যৰে পৰিচালিত শিক্ষানুষ্ঠানত
ধর্মীয় শিক্ষা প্রদান কৰিব নোৱাৰিব। এনেদৰেই ধর্মীয় অধিকাৰসমূহ প্ৰদান কৰিছে।
৫। নির্দেশক নীতিৰ দোষবোৰ লিখা।
উত্তৰঃ নিৰ্দেশক নীতিবোৰৰ বহুতো দোষ আছে। তলত সেই
দোষসমূহ আলোচনা কৰা হ'ল —
(ক) নিৰ্দেশক নীতিবোৰ আদালতে বলবৎ কৰিব নোৱাৰে। যাৰ ফলত এইবোৰৰ ওপৰত চৰকাৰে
ভালদৰে গুৰুত্ব নিদিয়ে।
(খ) এই নীতিবোৰ মানি চলিবলৈ চৰকাৰ বাধ্য নহয়। সেয়েহে চৰকাৰে নিজৰ ইচ্ছামতে এই
নীতিবোৰ কাৰ্যকৰী কৰে।
(গ) আমাৰ দেশৰ বৰ্ধিত হাৰৰ জনসংখ্যাত নিৰ্দেশক নীতিবোৰ কাৰ্যকৰী কৰাৰ বাটত আন
এটা বাধাস্বৰূপে ভাৰতবৰ্ষৰ জৰিয়তে জনসংখ্যা ইমান বেছিকৈ বাঢ়ি আছে যে নিৰ্দেশক
নীতিবোৰ প্ৰয়োগ কৰাত বহুতো অসুবিধাই দেখা দিছে।
(ঘ) ভাৰতবৰ্ষৰ প্রশাসন ব্যৱস্থা নির্দেশক নীতিবোৰ কাৰ্যকৰী কৰিবৰ বাবে উপযোগী
নহয়। এইনীতিবোৰ কাৰ্যকৰী কৰিবৰ বাবে বেলেগ ধৰণৰ প্ৰশাসন মন্ত্ৰৰ প্ৰয়োজন।
(ঙ) ৰাষ্ট্ৰই অর্থনৈতিক নীতিবোৰ প্ৰয়োগ কৰাত সিমান কৃতকার্যতা লাভ কৰিব পৰা
নাই। কাৰণ ভাৰতবৰ্ষত ধনী-দুখীয়াৰ মাজত ব্যৱধান বাঢ়িয়েই আছে।
(চ) ভাৰতবৰ্ষৰ ৰাজনৈতিক দলসমূহেও নির্দেশক নীতিৰ ওপৰত সিমান গুৰুত্ব দিয়া নাই।
সেয়েহে এতিয়ালৈকে ভাৰতবৰ্ষ প্রকৃতাৰ্থত এখন কল্যাণকামী ৰাষ্ট্র হিচাপে পৰিগণিত হব
পৰা নাই |
৬। বন্দী প্রত্যক্ষীকৰণ বুলিলে কি বুজা?
উত্তৰঃ কোনো ব্যক্তিক কি কাৰণে আটক কৰা হৈছে এইটো
জানিবৰ কাৰণে আদালতে এই লেখ জাৰি কৰিব পাৰে। এই লেখৰ অৰ্থ হ'ল কোনো ব্যক্তিক সোশবীৰে
আদালতত উপস্থিত কৰা। ইয়াৰদ্বাৰা বে-আইনীভারে আটক কৰি ৰখা কোনো ব্যক্তিক আদালতে
মুক্তি দিব পাৰে বা সোনকালে তেওঁৰ বিচাৰৰ ব্যৱস্থা কৰিব পাৰে। এই লেখটো
স্বেচ্ছাচাৰী শাসকৰ বিৰুদ্ধে এটা শক্তিশালী অস্ত্র।
৭। উৎপ্রেষণৰ অধিকাৰ বুলিলে কি বুজা?
উত্তৰঃ বিচাৰৰ ক্ষমতাসম্পন্ন কোনো নিম্ন আদালত বা
ব্যক্তিয়ে যদি আইনসংগত ক্ষমতাৰ সীমা লংঘন কৰে, তেতিয়াহ'লে উৎপ্রেৰণ লেখ
জাৰি কৰি সেই বিচাৰালয়, অনুষ্ঠান বা ব্যক্তিৰ সিদ্ধান্ত বাতিল কৰি এইবোৰৰ হাতৰপৰা বিষয়টো আদালতৰ হাতত
অৰ্পণ কৰা হয়। এইক্ষেত্ৰত প্রথমে নিষেধাজ্ঞা লেখ আৰু পিছত উৎপ্রেৰণ লেখ জাৰি কৰা
হয়।
৮। কৈফয়ৎ তলবী অধিকাৰে কি বুজায়?
উত্তৰঃ কোনো ব্যক্তিয়ে যদি এটা পদ দাবী কৰে, যি পদৰ কাৰণে তেওঁৰ
যোগ্য নহয়, তেতিয়াহ'লে এই লেখৰদ্বাৰা সেই ব্যক্তিৰ দাবী বৈধ হয়নে নহয় তাৰ বিচাৰ কৰিব পাৰি।
▶▶ ৰচনাধর্মী প্রশ্নোত্তৰঃ
১। দুই প্ৰকাৰৰ নাগৰিকত্বৰ বিষয়ে আলোচনা কৰা।
উত্তৰঃ নাগৰিকত্বক দুটা ভাগত ভগাব পাৰি যেনে- জন্মগত
নাগৰিক আৰু দেশীয়কৃত নাগৰিক।
জন্মগত নাগৰিকসকলে
জন্মসূত্রে নাগৰিকত্ব লাভ কৰে। জন্মসূত্রে নাগৰিকত্ব লাভ কৰাৰ ক্ষেত্ৰত দুটা নীতি
মানি চলা হয়। ইযাৰে এটা হ'ল 'Jus Sanguinis' (তেজন সম্পৰ্ক ৰ নীতি) আৰু
আনটো হ'ল Jus Soli (জন্মস্থানৰ নীতি)। "Jus Sanguinis' এটা লেটিন শব্দ যাৰ অৰ্থ হ'ল তেজৰ অধিকাৰ। Jus
Soli হ'ল আন এটা লেটিন শব্দ যাৰ অৰ্থ হ'ল মাটিৰ অধিকাৰ। Jus Sanguinis ৰ মতে, এটা শিশুৱে তাৰ অথবা
তাইৰ জন্ম ঠাই নির্বিশেষে স্বতঃস্ফূর্তভাবে মাক-দেউতাকৰ নাগৰিকত্ব লাভ কৰে। আকৌ Jus
Soli ৰ মতে এটা শিশুৱে মাক দেউতাকৰ নাগৰিকত্ব নির্বিশেষে স্বাভাৱিকভাবে শিশুটোরে
জন্ম লাভ কৰা ঠাইখনৰ নাগৰিকত্ব লাভ কৰে। আজিকালি ভাৰতকে ধৰি বেছিভাগ দেশেই 'Jus
Sanguinis' আৰু 'Jus Soli' এই দুই নীতিৰ সংমিশ্রণ এটা মানি চলে। এইখিনিতে এইটো উল্লেখ কৰিব পাৰি যে
সাধাৰণতে 'Jus Soli' ৰ নীতিটো আন দেশত জন্ম লাভ কৰা বিদেশী কূটনীতিবিদৰ সন্তানসকলৰ ক্ষেত্ৰত
প্ৰযোজ্য নহয়।
দেশীয়কৃত নাগৰিক হ'ল সেইসকল নাগৰিক
যিসকলে কোনো এখন দেশৰ নাগৰিকত্ব গ্রহণ কৰে। এখন দেশত বাস কৰা এজন বিদেশীযে যদি
সেইখন দেশে নির্দিষ্ট কৰা কেতবোৰ চৰ্ত পূৰণ কৰিব পাৰে তেন্তে তেওঁ সেইখন দেশৰ
নাগৰিকত্ব অর্জন কৰিব। পাৰিব, কিন্তু আকৌ একে সময়তে তেওঁ তেওঁৰ পূৰ্বৰ
নাগৰিকত্ব ত্যাগ কৰিব লাগিব। বিকতবোৰ পৰিস্থিতিৰ বাবেও নাগৰিকত্ব হেৰুৱাবলগীয়াও হ'ব পাৰে, যেনে- সঠিক নিয়ম
অনুসৰণ নকৰাকৈ কোনো বিদেশী চৰকাৰৰ অধীনত চাকৰিত নিয়োজিত হ'লেও নিজৰ দেশৰ সন্মতি
নোহোৱাকৈ বিদেশী উপাধি গ্রহণ কৰিলে, দীর্ঘদিন ধৰি নিজৰ দেশত উপস্থিত নাথাকিলে,
গুৰুতৰ অপৰাধ সংঘটিত
কৰিলে, স্বেচ্ছাই নাগৰিকত্ব পৰিত্যাগ কৰিলে ইত্যাদি।
নাগৰিকত্ব হেৰুওৱাৰ
চৰ্ত আৰু পৰিস্থিতিসমূহ ৰাষ্ট্র অনুসৰি বেলেগ বেলেগ হ'ব পাৰে। গতিকে আমি ক'ব পাবো যে নাগৰিকত্ব
প্রধানতঃ দুই ধৰণে অর্জন কৰিব পাৰি। এজন ব্যক্তিয়ে স্বাভাবিকতে জন্মসূত্রে
নাগৰিকত্ব লাভ কবে (জন্মগত)। আনহাতে, কেতিয়াবা কোনো এজন ব্যক্তিয়ে আন এখন দেশৰ
নাগৰিকত্ব গ্রহণ কৰিব পাৰে (দেশীয়কৰণ)।
২। সু-নাগৰিকৰ প্রতিবন্ধকতা বা অন্তৰায়সমূহ কি
কি? আলোচনা কৰা।
উত্তৰঃ সু-নাগৰিকৰ কিছুমান
প্রতিবন্ধকতা আছে সেইবোৰ হ'ল —
(ক) নিৰক্ষৰতাঃ- নিৰক্ষৰতা সু-নাগৰিকৰ
প্রধান অন্তৰায়। অশিক্ষিত নাগৰিকে সমাজ আৰু ৰাষ্ট্ৰৰ কাম কাজত সঠিক ভাবে অংশ গ্রহণ
কৰিব নোৱাৰে। তেওঁলোকে ভাল সিদ্ধান্ত ল'ব নোৱাৰে।
(খ) উদাসীনতাঃ- উদাসীন আৰু নির্লিপ্ত
ব্যক্তিয়ে সু-নাগৰিক হ'ব নোৱাৰে। কাৰণ তেওঁলোকে ৰাষ্ট্ৰ আৰু সমাজৰ কোনো কামৰ প্ৰতি আগ্ৰহ নেদেখুৱায়।
(গ) স্বাৰ্থপৰতাঃ- সামূহিক কল্যাণৰ দিশটো
আওকাণ কৰি ব্যক্তি স্বার্থক অগ্রাধিকাৰ দিয়াটো সু-নাগৰিকৰ গুণ হ'ব নোৱাৰে। সেইবাবেই
ব্যক্তিগত স্বাৰ্থপৰতাক সু- নাগৰিকৰ এক অন্তৰায় বুলি বিবেচিত কৰা হয়।
(ঘ) পক্ষপাতিত্ব আৰু স্বজন প্রীতিঃ- পক্ষপাতিত্ব আৰু
স্বজনপ্রীতি সু-নাগৰিকৰ আন এক অন্তৰায়। পক্ষপাতিত্ব আৰু স্বজন প্রীতিৰ মনোভাবে
উপযুক্ত সিদ্ধান্ত লোৱাত বাধা দিয়ে।
(ঙ) দলীয় সংকীর্ণতা আৰু ঠেক মনোভাবঃ-
দলীয় সংকীর্ণতা আৰু
ঠেক মনোভাব। সু-নাগৰিকতাৰ এক বাধা। দলীয় সংর্কীণতকা সমাজৰ বৃহত্তৰ স্বাৰ্থক আওকাণ
কৰে।
(চ) সামাজিক কু-সংস্কাৰঃ- সমাজত প্রচলিত
অন্ধবিশ্বাস, কু-সংস্কাৰ আদিয়ে সুনাগৰিকতা অর্জনত বাধা প্রদান কৰে। অন্ধ বিশ্বাস আৰু
কুসংস্কাৰত বিশ্বাসী লোকে শুদ্ধা আৰু বিজ্ঞানসন্মত চিন্তা কৰিব নোৱাৰে।
(ছ) দৰিদ্ৰতাঃ- দৰিদ্ৰতা সমাজৰ এক অভিশাপ।
দৰিদ্রলোকে জীৱনৰ বাবে নিম্নতম প্রয়োজনীয়তা খিনি আহৰণতে ব্যস্ত থাকিব লগা হয়। ফলত
তেওঁলোকে সমাজ জীৱনত অংশ গ্রহণ কৰিবলৈ ব্যর্থ হয়। তদুপৰি দৰিদ্ৰলোকসকলক সহজতে
প্রলোভিত আৰু প্ৰৰোচিত কৰিব পাৰি।
৩। মৌলিক অধিকাৰসমূহৰ বৈশিষ্ট্য লিখা।
উত্তৰঃ ভাৰতৰ সংবিধানৰদ্বাৰা স্বীকৃত আৰু ঘোষিত মৌলিক
অধিকাৰসমূহৰ কিছুমান বৈশিষ্ট্য আছে। সেইবোৰ তলত আলোচনা কৰা হ'ল —
(ক) চৰম নহয়ঃ- ভাৰতীয় নাগৰিকসকলৰ মৌলিক
অধিকাৰসমূহ চৰম নহয়। কিছুমান সীমাবদ্ধতাৰ মাজতহে এই অধিকাৰসমূহ ভোগ কৰিব পাৰি।
নাগৰিকৰ প্ৰত্যেকটো অধিকাৰৰ ওপৰত কিছুমান বাধা-নিষেধ আৰোপ কৰা হৈছে, যাতে কোনেও এই
অধিকাৰসমূহৰ অপব্যৱহাৰ কৰিব নোৱাৰে। এজনে অধিকাৰ ভোগ কৰাৰ সময়ত আন এজনৰ অধিকাৰ
যাতে খর্ব নহয় তাৰ প্ৰতি লক্ষ্য ৰখা উচিত। জাতিৰ স্বাৰ্থতকৈ কোনো অধিকাৰ অধিক
মূল্যৱান নহয়। সেয়েহে ভাৰতীয় নাগৰিকসকলৰ অধিকাৰসমূহ সীমাহীন বা অবাধ নহয়।
(খ) বাদযোগ্যঃ- ভাৰতীয় নাগৰিকসকলৰ মৌলিক
অধিকাৰসমূহ বাদযোগ্য। অর্থাৎ এই অধিকাৰসমূহ আদালতৰদ্বাৰা বলৱৎ কৰিব পাৰি। সংবিধানত
৩২ আৰু ২২৫নং অনুচ্ছেদ মতে, মৌলিক অধিকাৰ ৰক্ষাৰ কাৰণে ক্রমান্বয়ে উচ্চতম
ন্যায়ালয় আৰু উচ্চন্যায়ালয়ৰ ওচৰত চাপিব পাৰি। এই আদালতসমূহে নাগৰিকসকলৰ মৌলিক
অধিকাৰ ৰক্ষাৰ ব্যৱস্থা কৰে।
(গ) সংশোধন কৰিব পাৰিঃ- ভাৰতীয় সংবিধানত
যিবোৰ অধিকাৰ লিপিবদ্ধ কৰা হৈছে সেইবোৰ সংশোধন কৰিব পাৰি। ভাৰতীয় সংসদে সংবিধানৰ
৩৮ ৫নং অনুচ্ছেদ অনুসৰি মৌলিক অধিকাৰসমূহ সংশোধন কৰিব পাৰে। ২৪তম সংশোধনী আইনে
সংসদক এই ক্ষমতা প্রদান কৰিছে।
(ঘ) নকাৰাত্মক আৰু সকাৰাত্মকঃ- ভাৰতীয় সংবিধানত
বিধিবদ্ধ সৰহভাগ মৌলিক অধিকাৰ নাকাৰাত্মক। সমতাৰ অধিকাৰ, স্বাধীনতাৰ অধিকাৰ আদিক
নাকাৰাত্মকভাৱে প্রকাশ কৰা হৈছে। সেইদৰে সংবিধানত কিছুমান সকাৰাত্মক অধিকাৰো আছে।
ধর্মীয় অধিকাৰ আৰু শোষণৰ বিৰুদ্ধে অধিকাৰক সকাৰাত্মকভাৱে প্ৰকাশ কৰা হৈছে।
(ঙ) অর্থনৈতিক অধিকাৰ নাইঃ- ভাৰতীয় সংবিধানত
সন্নিৱিষ্ট মৌলিক অধিকাৰসমূহ পৌৰ আৰু ৰাজনৈতিক অধিকাৰ। ইয়াত জনসাধাৰণৰ কোনো
অর্থনৈতিক অধিকাৰে ঠাই পোৱা নাই। জীৱনধাৰাৰ অধিকাৰ, চাকৰিৰ অধিকাৰ আদিয়ে আমাৰ
সংবিধানত স্বীকৃতি লাভ কৰা নাই।
(চ) জৰুৰী অৱস্থাত বলবৎযোগ্য নহয়ঃ- দেশত জৰুৰী অৱস্থা
ঘোষিত হ'লে ৰাষ্ট্ৰপতিয়ে আদেশ জাৰি কৰি মৌলিক অধিকাৰ বলবৎ কৰিবৰ কাৰণে আদালতৰ ওচৰত
আবেদন কৰাৰ অধিকাৰ বাতিল কৰিব পাৰে। ইয়াৰ ফলত নাগৰিকে মৌলিক অধিকাৰ ৰক্ষাৰ বাবে
ন্যায়ালয়ৰ ওচৰ চাপিলে ন্যায়ালয়ে নাগৰিকক সহায় কৰিব নোৱাৰে।
(ছ) সকলোৰে বাবে সকলো অধিকাৰ নহয়ঃ- ভাৰতবৰ্ষত সংবিধানত
লিপিবদ্ধ কৰা মৌলিক অধিকাৰসমূহ ভোগ কৰাৰ ক্ষেত্ৰত নাগৰিক আৰু অন্যান্য লোকসকলৰ
মাজত পার্থক্য ৰখা হৈছে। কিছুমান অধিকাৰ ভাৰতত বসবাস কৰা ভাৰতীয় নাগৰিক আৰু
বিদেশীসকলেও ভোগ কৰিব পাৰে। কিন্তু কিছুমান অধিকাৰ বিদেশীক ভোগ কৰিবলৈ দিয়া নহয়।
বিদেশীসকলক বিশেষকৈ ৰাজনৈতিক অধিকাৰ ভোগ কৰিবলৈ দিয়া নহয়। অন্যান্য প্ৰায়বোৰ
অধিকাৰ বিদেশীসকলক ভোগ কৰিবলৈ দিয়া হয়।
(জ) সাধাৰণ অৱস্থাত মৌলিক অধিকাৰৰ সংকোচঃ-
ভাৰতবৰ্ষৰ সংবিধানত
সাধাৰণ অৱস্থাতো মৌলিক অধিকাৰসমূহৰ ওপৰত বাধা-নিষেধ আৰোপৰ ব্যৱস্থা কৰা হৈছে।
স্বাধীনতাৰ অধিকাৰ ভোগ কৰাৰ ক্ষেত্ৰত চৰকাৰে যুক্তিসংগত বাধা-নিষেধ আৰোপ কৰিব
পাৰে। তদুপৰি নিবাৰক নিৰোধক আইনৰ জৰিয়তে কোনো ব্যক্তিক নির্দিষ্ট সময়ৰ বাবে আটক
কৰিব পৰাৰ ব্যৱস্থাও আছে।
(ঝ) মৌলিক অধিকাৰে কাৰ্যপালিকা আৰু বিধানমণ্ডলৰ
ক্ষমতা সীমিত কৰিছেঃ- ভাৰতবৰ্ষৰ সংবিধানত উল্লেখ কৰা মৌলিক
অধিকাৰসমূহে এই দেশৰ কাৰ্যপালিকা আৰুবিধানমণ্ডলৰ ক্ষমতা সীমিত কৰিছে। নাগৰিকৰ
আধকাৰ ৰক্ষা আৰু গণতন্ত্রৰ ভেটি সুদৃঢ় কৰিবৰ বাবে সংবিধানে এই ব্যবস্থা গ্রহণ
কৰিছে। কাৰ্যপালিকা বা বিধানমণ্ডলৰ মৌলিক অধিকাৰবিৰোধী কাৰ্যক উচ্চতম ন্যায়ালয়ে
বেআইনী বা অসাংবিধানিক বুলি ঘোষণা কৰিব পাৰে।
(ঞ) কিছুমান মানুহ আৰু কিছুমান অঞ্চলৰ বাবে মৌলিক
অধিকাৰঃ- চৰকাবে সংবিধানপ্রদত্ত মৌলিক অধিকাৰ ভোগ কৰাৰ ক্ষেত্ৰত কিছুমান লোকৰ বাবে
বাধা-নিশেধ আৰোপ কৰিব পাৰে। যেনে- সৈন্যবাহিনী আৰু আৰক্ষী বিভাগৰ লোকে সাধাৰণ
অধিকাৰৰ দৰে সকলো মৌলিক অধিকাৰ ভোগ কৰিব নোৱাৰে। তেওঁলোকে কিছুমান নীতি-নিয়মৰ
মাজতহে এই অধিকাৰসমূহ ভোগ কৰিব পাৰে। সেইদৰে চৰকাৰে কিছুমান অঞ্চলক উপদ্রুত অঞ্চল
বুলি ঘোষণা কৰিব পাৰে। সেইবোৰ অঞ্চলত মৌলিক অধিকাৰ ভোগ কৰাৰ ক্ষেত্ৰত চৰকাৰে
কিছুমান বাধা-নিষেধ আৰোপ কৰিব পাৰে।
৪। ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতিৰ কাৰ্যকাৰিতা সম্পর্কে আলোচনা কৰা।
উত্তৰঃ ভাৰতীয় সংবিধানত সংলগ্ন বাষ্ট্রৰ নির্দেশাত্মক
নীতিসমূহ কার্যকৰী কৰিবৰ বাবে কেন্দ্র আৰু বাজ্য চৰকাৰে বিভিন্ন ব্যবস্থা গ্রহণ
কৰিছে আৰু এইক্ষেত্রত সফলতাও লাভ কৰিছে। এই সন্দর্ভত এক চমু আলোচনা আগবঢ়োবা হ'ল, যাৰ জৰিয়তে বিষয়সমূহ
কাৰ্যকৰী কৰাৰ কেনে ব্যবস্থা লৈছে তাক বুজি উঠিব পৰা যাব।
(ক) জমীদাৰ প্রথা
উচ্ছেদঃ- ভাৰতীয় কৃষকসকলক শোষণ কৰা এই প্রথা অতি প্রাচীন। ভূমি নথকা কৃষকসকলে জমিদাৰৰ
অধীনত কৃষি কৰি দুর্বিসহ জীবন নির্বাহ কৰিব লগা হৈছিল। বর্তমান এই ব্যবস্থা সাধন
কৰা হৈছে আৰু কৃষক শোষণৰপৰা মুক্ত হৈছে- এয়া সম্ভৱ হৈছে নির্দেশাত্মক নীতিৰ অধীনত
কৰা আইন প্রণয়নৰ ফলশ্রুতিত।
(খ) বিনামূলীয়া শিক্ষাঃ- ৰাষ্ট্ৰৰ
নিৰ্দেশাত্মক নীতি অনুসৰি ৬ বছৰৰপৰা ১৪ বছৰলৈকে সকলো ল'ৰা-ছোৱালীয়ে বিনামূলীয়া
শিক্ষা লাভ কৰিছে।
(গ) পঞ্চবার্ষিক পৰিকল্পনাঃ- চৰকাৰে দেশৰ
অৰ্থনৈতিক উন্নয়নৰ কাৰণে পৰিকল্পিত বিভিন্ন আঁচনি গ্রহণ কৰিছে। এই পৰিকল্পনাৰ
অধীনত কৃষি উদ্যোগ, নিবনুৱা সমস্যা সমাধান ইত্যাদি খণ্ডত উন্নয়ন সাধন কৰাত যথেষ্ট সফল হৈছে।
(ঘ) গাঁও পঞ্চায়ত
স্থাপনঃ- গাঁওৰ সৰ্বতোপ্ৰকাৰৰ উন্নয়ন আৰু গাঁওৰ লোকক স্বায়ত্ত শাসনৰ লগত জড়িত কৰিবৰ
কাৰণে ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতিৰ অধীনত গাঁও পঞ্চায়ত আইন প্রণয়ন কৰি বিভিন্ন
স্তৰত গাঁও পঞ্চায়ত স্থাপন কৰিছে।
(ঙ) শোষণবিৰোধী ব্যৱস্থাঃ- সমাজৰ বিভিন্ন
ক্ষেত্ৰত যাতে কোনোধৰণৰ শোষণ নহয়, তাক প্রতিহত কৰাৰ কাৰণে চৰকাৰে ব্যৱস্থা গ্রহণ
কৰিছে। লগতে শিশু শ্ৰমিকৰ ক্ষেত্ৰতো আইন প্রণয়ণ কৰি নিষিদ্ধ কৰিছে।
(চ) কুটীৰ শিল্প আৰু ক্ষুদ্র উদ্যোগৰ সম্প্ৰসাৰণঃ-
গ্রামাঞ্চল আৰু
নিবনুৱা যুৱক- যুৱতীক লক্ষ্য হিচাপে লৈ কুটীৰ শিল্প আৰু ক্ষুদ্র উদ্যোগ স্থাপনৰ
জৰিয়তে স্বনিয়োজনৰ পথ প্রশস্ত কৰিছে। চৰকাৰে এনে শিল্প উদ্যোগৰ বাবে ৰাজ সাহায্য,
ঋণ, আর্থিক সাহায্য
প্রদান কৰি উদ্যোগীক সহায় কৰিছে।
(ছ) কৃষি উন্নয়নঃ- কম মাটি, কম কষ্ট, কম মূলধনৰপৰা অধিক
উৎপাদন সম্ভর কৰি কৃষিক্ষেত্ৰত বৈজ্ঞানিক ব্যৱস্থা গ্রহণৰ দিশ সূচল কৰি তুলিছে।
কৃষি সঁজুলি, সাৰ, কীটনাশক আদিৰ বাবে কৃষকক চৰকাৰে সাহায্য
প্রদান কৰিছে। লগতে জলসিঞ্চন ব্যৱস্থা, ফার্ম, আদিৰ প্ৰশিক্ষণৰ লগতে পৰিচালনাৰ বাবে ব্যৱস্থা
গ্রহণ কৰিছে।
(জ) ন্যায়ালয়ৰ স্বাধীনতাঃ-
কার্যপালিকা
হস্তক্ষেপৰপৰা মুক্ত কবি ন্যায়ালয়ৰ স্বাধীনতা। সুৰক্ষিত কৰি বাখিছে। লগতে সমগ্র
দেশতে একেধৰণৰ দেৱানী আইন প্রবর্তন কৰিছে।
(ঝ) ন্যায়ালয়ৰ স্বাধীনতাঃ- কাৰ্যপালিকা
হস্তক্ষেপৰপৰা মুক্ত কৰি ন্যায়ালয়ৰ স্বাধীনতা সুৰক্ষিত কৰি ৰাখিছে। লগতে সমগ্র
দেশতে একেধৰণৰ দেবানী আইন প্রবর্তন কৰিছে।
(ঞ) প্রাচীন কীৰ্তিচিহ্ন সংৰক্ষণঃ- ৰাষ্ট্ৰৰ
নিৰ্দেশাত্মক নীতিৰ আধাৰত ভাৰতৰ প্ৰাচীন কীৰ্তিচিহ্নসমূহ সুৰক্ষাৰ বাবে প্রয়োজনীয়
ব্যৱস্থাসমূহ গ্রহণ কৰিছে। এই উদ্দেশ্যেৰে আইন প্রণয়ন কৰি দৌল-দেৱালয়, মঠ-মন্দিৰ আদি
সংৰক্ষণৰ ব্যৱস্থা গ্রহণ কৰিছে।
(ট) ৰাগিয়াল বস্তু নিষিদ্ধকৰণঃ- বাগিয়াল বস্তুৰ অবাধ
প্রচলন বন্ধ কৰিবৰ বাবে চৰকাৰে আইন প্রণয়ন কৰি ইয়াক নিষিদ্ধ কৰিবৰ বাবে প্রচেষ্টা
হাতত লয়। অৱশ্যে সম্পূর্ণ সফলতা লাভ কৰিবলৈ সক্ষম হোৱা নাই যদিও কিছুমান কৰাত
সফলতা লাভ কৰিছে।
উপৰোক্ত আলোচনাৰপৰা
দেখা যায় যে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে বিভিন্ন পর্যায়ত আইন প্রণয়ন আৰু নীতি
নির্ধাৰণ কৰি নিৰ্দেশাত্মক নীতিসমূহ কাৰ্যকৰী কৰিবলৈ ব্যৱস্থা গ্রহণ কৰিছে।
Important Question Answer
(For Paid User)
Join our membership Plan
(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)