পাঠঃ২
মানৱ কংকাল
অনুশীলনীঃ
👉Download Books PDF
👉Paid Answer (For Membership User)
১। চমু উত্তৰ দিয়াঃ
(ক) মানৱ কংকালটো কিমানডাল হাড়েৰে গঠিত?
(ক) মানৱ কংকালটো কিমানডাল হাড়েৰে গঠিত?
উত্তৰঃ- মানৱ কংকালটো ২০৬ ডাল হাড়েৰে গঠিত।
(খ) মানৱ কংকালৰ লাওখোলাত কিমান টুকুৰা হাড় থাকে?
উত্তৰঃ- মানৱ কংকালৰ লাওখোলাত ২২ টুকুৰা হাড় থাকে।
(খ) মানৱ কংকালৰ লাওখোলাত কিমান টুকুৰা হাড় থাকে?
উত্তৰঃ- মানৱ কংকালৰ লাওখোলাত ২২ টুকুৰা হাড় থাকে।
(গ) লাওখোলাৰ সৰ্বোচ্চ অংশটোৰ নাম লিখা।
উত্তৰঃ- লাওখোলাৰ সৰ্বোচ্চ অংশটোৰ নাম হ'ল শীৰ্ষ।
(ঘ) অনুকপাল অস্থিৰ ডাঙৰ ৰন্ধ্ৰটোৰ নাম কি?
(ঘ) অনুকপাল অস্থিৰ ডাঙৰ ৰন্ধ্ৰটোৰ নাম কি?
উত্তৰঃ- অনুকপাল অস্থিৰ ডাঙৰ ৰন্ধ্ৰটোৰ নাম হ'ল মহাৰন্ধ্ৰ।
(ঙ) কৰ্ণকোহৰ কোনডাল হাড়ত থাকে?
(ঙ) কৰ্ণকোহৰ কোনডাল হাড়ত থাকে?
উত্তৰঃ- কৰ্ণকোহৰ মেমব্ৰেন হাড়ত থাকে।
(চ) স্কন্ধবেষ্টনী কি কি হাড়ৰ দ্বাৰা গঠিত?
উত্তৰঃ- স্কন্ধবেষ্টনী এযোৰ অংশফলক আৰু এযোৰ কণ্ঠস্থিৰ হাড়ৰ দ্বাৰা গঠিত।
(ছ) মানৱ কংকালৰ আটাইতকৈ ডাঙৰ আৰু শক্তিশালী হাড় কোনডাল?
উত্তৰঃ- মানৱ কংকালৰ আটাইতকৈ ডাঙৰ আৰু শক্তিশালী হাড় হ'ল উৰ্বস্থি।
২। শ্রোণীবেষ্টনীৰ ইন'মিনেট হাড়ৰ অংশবোৰৰ নাম লিখা।
২। শ্রোণীবেষ্টনীৰ ইন'মিনেট হাড়ৰ অংশবোৰৰ নাম লিখা।
উত্তৰঃ- শ্রোণীবেষ্টনীৰ ইন'মিনেট হাড়ৰ অংশবোৰৰ নাম হ'ল 一
(i) ইলিয়াম শিখৰ।
(ii) ইলিয়াম।
(iii) ত্রিকাস্থি।
(iv) এছিটেবুলাম।
(v) ইস্কিয়াম।
(vi) সংধান।
(vii) অবটুৰেটৰ ৰন্ধ্ৰ।
(viii) পিউবিছ।
৩। দুই মস্তক পার্শ্বাস্থিৰ মাজৰ সীৱনডালৰ নাম কি?উত্তৰঃ- দুই মস্তক পার্শ্বাস্থিৰ মাজৰ সীৱনডালৰ নাম হ'ল সমমিতাধী সীৱন।
৪। মানুহৰ দাঁত কেইধৰণৰ আৰু এটা দাঁতৰ অংশবোৰ কি কি?
৪। মানুহৰ দাঁত কেইধৰণৰ আৰু এটা দাঁতৰ অংশবোৰ কি কি?
উত্তৰঃ- মানুহৰ দাঁত দুই ধৰণৰ। এটা দাঁতৰ অংশ তিনিটা। সেয়া হ'ল দন্তশিখৰ, গুৰি আৰু মাজৰ অংশ হ'ল শৰীৰ।
৫। ৰাজহাড়ৰ প্ৰথম আৰু দ্বিতীয় কশেৰুকাৰ নাম লিখা।
উত্তৰঃ- ৰাজহাড়ৰ প্ৰথম কশেৰুকাৰ নাম হ'ল আট্'লাছ আৰু দ্বিতীয় কশেৰুকাৰ নাম হ'ল অক্সিছ।
৬। চমুটোকা লিখাঃ
(ক) কৰোটি
উত্তৰঃ- লাওখোলাৰ দুটা অংশ হ’ল কৰোটি আৰু মুখমণ্ডল। কৰোটি অংশ ৮ টুকুৰা হাড়েৰে গঠিত। মানৱ কংকালৰ কৰোটি অংশৰ ৮ টুকুৰা হাড় হ’ল― ললাটিকা অস্থি, দুডাল মস্তক পাৰ্শ্বাস্থি, দুডাল শংখাস্থি, অনুকপাল অস্থি, স্ফেনয়ড আৰু এথময়ড হাড়। কৰোটিত ললাটিকা অস্থি, দুডাল মস্তক পাৰ্শ্বাস্থি আৰু অনুকপাল অস্থিয়ে কৰোটিৰ সৰ্বোচ্চ অংশ শীৰ্ষ গঠন কৰে।
(খ) বক্ষাস্থি
উত্তৰঃ- মানৱ কংকালত বুকুৰ সোঁমাজৰ সন্মুখলৈ থকা চেপেটা আৰু দীঘল হাড়ডাল হ'ল বক্ষাস্থি। বক্ষাস্থিৰ লগত কামিহাড়বোৰ লগ হৈ এটা সজা (Ribcage) তৈয়াৰ কৰে য'ত হৃদযন্ত্র, হাওঁফাওঁ, মুখ্য ৰক্তবাহিকা আদি সুৰক্ষিত হৈ থাকে। বক্ষাস্থি হাড়ডালৰ তিনিটা অংশ আছে। এই অংশবোৰ হ'ল - ওপৰৰ ডাঙৰ অংশটো হ'ল মেনুব্রিয়াম (Manubrium), মাজৰ অংশ শৰীৰ (body) আৰু তলৰ অংশ জাইফয়ড প্ৰবন্ধ (Xyphoid process)। মেনুব্রিয়াম অংশৰ ওপৰ ফালে কণ্ঠাস্থিৰ লগত বক্ষাস্থি মুৰ দুটা দুয়োপিনে বক্ষাস্থিৰ লগত সংলগ্ন। এজন প্রাপ্তবয়স্কলোকৰ বক্ষাস্থি হাড়ডাল প্রায় ১৭ ছেঃমিঃ হয়।
(গ) ৰাজহাড়
উত্তৰঃ- মানৱ কংকালত পিঠিৰ সোঁমাজেৰে লাওখোলাৰ অনুকপাল অস্থিৰ মহাৰন্ধৰ তলৰ পৰা শ্ৰেণীবেষ্টনীলৈ থকা হাড়ডালেই হৈছে ৰাজহাড় বা মেৰুদণ্ড। মেৰুদণ্ড এডাল হাড় নহয়। ই ৩৩ টুকুৰা হাড় বা (Vertebrae) কশেৰুকাৰে গঠিত। এই কশেৰুকাবোৰ এডাল আনডালৰ ওপৰত থাকে। দুডালকৈ কশেৰুকাৰ মাজত উপাস্থিৰে গঠিত একোখন ফলক থাকে। এই অন্তৰা উপাস্থি ফলকৰ বাবেই ৰাজহাড়ডাল লৰচৰ কৰিব পাৰে। ৰাজহাড়ৰ ৩৩ টুকুৰা কশেৰুকাৰ ২৪ টুকুৰা কশেৰুকাই লৰচৰ কৰিব পাৰে, যাক মুখ্য কশেৰুকা আৰু বাকী ৯ ডোখৰ কশেৰুকাক দৃঢ় কশেৰুকা বোলে। প্রত্যেকডাল কশেৰুকাৰ মাজত একোটা ছিদ্র থাকে যাৰ মাজেৰে মেৰুৰজ্জু (Spinal Cord) মগজুৰ লগত সংলগ্ন। ৰাজহাড়ৰ প্ৰথম কশেৰুকা টুকুৰাক আল্লাছ (Atlas) আৰু দ্বিতীয় টুকুৰাক এক্সিছ (Axis) বোলে। ৰাজহাড়ডাল চাৰিটা ভাঁজযুক্ত ইংৰাজী 'S' আখৰৰ দৰে।
(ঘ) প্রগতাস্থি
উত্তৰঃ- মানৱ কংকালত বাহু গঠন কৰা হাড় দুডাল হৈছে প্ৰগতাস্থি। প্ৰগতাস্থি হাড় দুডাল দীঘল। এই হাড়ৰ তিনিটা অংশ আছে। এই অংশসমূহ হ'ল 一 ওপৰ মূৰ, তলৰ মূৰ আৰু দুই মূৰৰ মাজৰ দণ্ড। প্ৰগতাস্থিৰ ওপৰ মূৰত মস্তক, গ্ৰীবা, বৃহৎ স্ফীতি, ক্ষুদ্ৰ স্ফীতি আৰু দুই স্ফীতিৰ মাজত বাইছেপীয় খাঁজ থাকে। প্ৰগতাস্থিৰ ওপৰৰ মূৰত থকা অৰ্ধগোলাকাৰ আৰু মসৃণ মস্তকৰ দ্বাৰা হাড়ডাল অংশফলকৰ গ্লিনয়ড গুহিকাত সংলগ্ন। প্ৰগতাস্থি হাড়ডালৰ তলৰ মূৰ বহল আৰু চেপেটা। প্ৰগতাস্থিৰ তলৰ দুই মূৰৰ দুয়োকাষে দুটা অধি-অস্থিকন্দ আছে। ইয়াৰে মানৱ কংকালৰ ভিতৰফালে থকাটো মধ্য়মা অধি-অস্থিকন্দ আৰু বাহিৰৰ ফালে থকাটো পাৰ্শ্ব অধি-অস্থিকন্দ।
(ঙ) লাওখোলাৰ অগ্রপৃষ্ঠ।
উত্তৰঃ- লাওখোলাৰ অগ্ৰপৃষ্ঠত ললাটিকা অস্থি, নাসিকা অস্থি, জংভিকা, চিবুকাস্থি, কপোলাস্থি, সীৰকা অস্থি, চক্ষুকোটৰ, অশ্ৰুঅস্থি, ৰাইনিয়ন, গ্লেবেলা, নেছিয়ন, ললাট-নাসিকা সীৱন, অন্তৰা-নাসিকা সীৱন, অন্তৰা-জংভিকা সীৱন, ললাট-জংভিকা সীৱন, কপোল-ললাটিকা সীৱন, কপোল-জংভিকা সীৱন আৰু নাসিকা জংভিকা সীৱন এই অংশত দেখা যায়।
অতিৰিক্ত প্ৰশ্নোত্তৰঃ
১। মানৱ কংকালত জন্মতে কিমানজাল হাড় থাকে?
উত্তৰঃ- ২৭০ ডাল।
২। লাওখোলাৰ অংশ কেইটা আৰু কি কি?
উত্তৰঃ- লাওখোলাৰ অংশ দুটা। সেয়া হ'ল 一 কৰোটি আৰু মুখমণ্ডল।
৩। কৰোটি আৰু মুখমণ্ডল কিমান টুকুৰা হাড়েৰে গঠিত?
উত্তৰঃ- কৰোটি অংশ ৮ টুকুৰা আৰু মুখমণ্ডল ১৪ টুকুৰা হাড়েৰে গঠিত।
৪। সীৱন কি?
উত্তৰঃ- লাওখোলাৰ হাড়ৰ মাজৰ জোৰাক সীৱন বোলে।
৫। ললাটিকা স্ফীতি কাক বোলে?
উত্তৰঃ- ললাটিকা অস্থিৰ দুয়োকাষে থকা দুই স্ফীতিকে ললাটিকা স্ফীতি বোলে।
৬। মুখমণ্ডলৰ আটাইতকৈ ডাঙৰ আৰু শক্তিশালী হাড় ডালৰ নাম কি?
উত্তৰঃ- চিবুকাস্থি।
৭। ব্ৰেগমা কি?
উত্তৰঃ- কৰোটি অংশত ললাটিকা সীৱন আৰু সমমিতাধী সীৱন লগ লগা বিন্দুটোকে ব্ৰেগমা বোলে।
৮। লেম্বডা কি?
উত্তৰঃ- কৰোটি অংশত অনুকপাল সীৱন আৰু সমমিতাধী সীৱন লগ লগা বিন্দুক লেম্বডা বোলে।
৯। জংভিকা কাক বোলে?
উত্তৰঃ- নাকৰ বিন্ধাৰ দুয়োপিনে আৰু চকু কোটৰৰ তলৰ অংশত থকা হাড় দুডালক জংভিকা বোলে।
১০। মানুহৰ দাঁত কেই প্ৰকাৰৰ আৰু কি কি?
উত্তৰঃ- মানুহৰ দাঁত দুই প্ৰকাৰৰ। সেয়া হ'ল অস্থায়ী দাঁত বা গাখীৰ দাঁত আৰু স্থায়ী দাঁত।
১১। নৱজন্মগত দাঁত কাক বোলে?
উত্তৰঃ- যিবোৰ কেঁচুৱাৰ এমাহ বয়সৰ ভিতৰত দাঁত গজে সেইবোৰক নৱজন্মগত দাঁত বোলে।
Answered by 一 Mampi Kakati
**********
0 Comments