Class 11 Anthropology
Chapter 3
জীৱজগতৰ শ্ৰেণীকৰণ


অনুশীলনীঃ


১। চমু উত্তৰ দিয়াঃ

(ক) জীৱজগতৰ কোনবিধ প্রাণী (স্পেছিছ) ৰ বিষয়ে নৃতত্ত্বত অধ্যয়ন কৰা হয়?

Answer: Anthropos.

(খ) অসম তথা উত্তৰ-পূৰ্বাঞ্চলত পোৱা বনমানুহ বিধৰ নাম কি?

Answer:  গিবন।


(গ) আফ্রিকাত পোৱা দুই প্ৰকাৰৰ বনমানুহৰ নাম লিখা?

Answer: চিম্পাঞ্জী আৰু গৰিলা।


(ঘ) এছিয়াত পোৱা দুবিধ বনমানুহৰ নাম লিখা?

Answer: গিবন আৰু ওৰাংওটান।


(ঙ) বনমানুহ কেইপ্ৰকাৰ আৰু কি কি?

Answer: বনমানুহ চাৰি প্ৰকাৰৰ। ইয়াৰ প্ৰকাৰ সমূহ হল―

১। ওৰাংওটান।

২। গিবন।

৩। গৰিলা।

৪। চিম্পাঞ্জী।


২। গিবনৰ শাৰীৰিক বৈশিষ্ট্যবোৰ উল্লেখ কৰা।

Answer: গিবনৰ শৰীৰক বৈশিষ্ট্যবোৰ হ’ল―

১। গিবনৰ উচ্চতা প্ৰায় ১২ ছেন্টিমিটাৰ।

২। গিবনৰ শাৰীৰক ওজন ৫ কিলোগ্ৰামৰ পৰা ৭ কিলোগ্ৰাম হয়।

৩। মগজুৰ ধাৰণ ক্ষমতা মাত্ৰ ৭৬-৯০ ঘন ছেন্টিমিটাৰ।

৪। গিবনৰ গৰ্ভধাৰণৰ সময় প্ৰায় ৩০ সপ্তাহ।

৫। নাকৰ হাড় বহল, চেপেটা তথা ইয়াৰ প্ৰস্থ বেছি।


৩। চিম্পাঞ্জীৰ চাৰিটা শাৰীৰিক বৈশিষ্ট্য কি কি?

Answer: চিম্পাঞ্জীৰ চাৰিটা শৰীৰক বৈশিষ্ট্য হ’ল―

১। মতা চিম্পাঞ্জীৰ গড় উচ্চতা ৫ ফুট আৰু মাইকীৰ ৪ ফুট।

২। কাণ ডাঙৰ আৰু কাণৰ লতি নাই।

৩। কৰোটিৰ উচ্চতা বৰ কম। অধ্যাক্ষি সীৰলু দুডাল লগ-লগা যদিও গৰিলাৰ দৰে প্ৰকট নহয়।

৪। ছালৰ বৰণ বগা, ক’লা আৰু মুগা হয়।


৪। প্লেটিৰাইন বান্দৰ আৰু কেটেৰাইন বান্দৰৰ পাৰ্থক্য সমূহ বৰ্ণনা কৰা।

Answer: প্লেটিৰাইন বান্দৰ আৰু কেটেৰাইন বান্দৰৰ পাৰ্থক্য সমূহ তলত দিয়া হৈছে―

প্লেটিৰাইনকেটাৰাইন
১। নাকৰ বিন্ধা সন্মুখলৈ অৱস্থিত।১। নাকৰ বিন্ধা তলমুৱা।
২। নাকৰ বিন্ধা দুটাৰ মাজৰ ব্যৱধান বেছি।২। নাকৰ বিন্ধা দুটা ওচৰা-উচৰিকৈ অৱস্থিত আৰু
 এখন নাসিকা পটৰদ্বাৰা বিন্ধা দুটা পৃথক হৈ 
থাকে।
৩। দাঁতৰ সূত্ৰ ২:১:৩:৩।৩। দাঁতৰ সূত্ৰ ২:১:২:৩।
৪। কেইটামান আঙুলিত বক্ৰ নখ আছে।৪। আটাইবোৰ আঙুলিতে চেপেটা নখ আছে।
৫। নেজ পৰিগ্ৰাহী।৫। নেজ পৰিগ্ৰাহী নহয়।
৬। নিতম্বৰ তলপিনে কাষ্ঠকটি নাথাকে।৬। নিতম্বৰ তলপিনে কাষ্টকটি থাকে।
৭। বৃদ্ধাংগুলি দীঘল।৭। বৃদ্ধাংগুলি বহু চুটি।
৮। গালত নোম নাথাকে।৮। গালত নোম থাকে।

৫। স্তন্যপায়ী প্রাণীৰ লক্ষণসমূহ উল্লেখ কৰা।

Answer: স্তন্যপায়ী প্ৰাণীৰ লক্ষণসমূহ হৈছে―

১। শৰীৰ নোমেৰে আবৃত।

২। উষ্ণ ৰক্তীয় প্ৰাণী।

৩। হাওঁফাঁওৰ দ্বাৰা উশাহ-নিশাহ লয়।

৪। মাকৰ স্তন পান কৰি পোৱালীয়ে পৰিপুষ্টি লাভ কৰে।

৫। আলজিভা আছে।

৬। বহি:কৰ্ণ আছে।

৭। আঙুলিত বক্ৰ নখ বা খুৰা থাকে।

৮। ক্ল’য়েকা নাই।

৬। প্রাইমেটৰ বৈশিষ্ট্যসমূহ বর্ণনা কৰা।

Answer: প্ৰাইমেটৰ বৈশিষ্ট্যসমূহ―

১। মগজু তুলনামূলকভাৱে ডাঙৰ আৰু জটিল।

২। চকুৰ কোটৰ হাড়েৰে আবৃত।

৩। প্ৰাইমেটৰ এটা বিশেষ লক্ষণ হ’ল ত্রিবিম দৃষ্টি।

৪। পাকস্থলী সৰল।

৫। দাঁত চাৰিধৰণৰ― আগদাঁত, কুকুৰ দাঁত, প্ৰাক-জামুদাঁত আৰু জামুদাঁত।

৬। প্ৰহস্ত নাইবা পদ অথবা উভয়ৰে  বৃদ্ধাংগুলি প্ৰতিমুখী। সেই কাৰণে ইহঁতে প্ৰহস্ত বা পদ অথবা উভয়ৰ দ্বাৰা গছৰ ডালত খামুচি ধৰিব পাৰে।

৭। বক্ৰনখৰ সলনি আটাইকেইটা আঙুলিত নাইবা কেইটামান আঙুলিত নখ আছে।

৮। গৰ্ভধাৰণৰ সময় দীঘলীয়া।

৯। ঘ্ৰাণশক্তি কম।

১০। বিভিন্ন পাৰিপাৰ্শ্বিক অৱস্থাত ইহঁতে নিজকে খাপ খুৱাই ল’বলৈ সক্ষম হয়।


৭। হ'মিনিডিৰ প্ৰধান লক্ষণসমূহ কি কি?

Answer: হ’মিনিডিৰ প্ৰধান লক্ষণসমূহ হৈছে―

১। দুখন ভৰিৰ ওপৰত ভৰ দি সম্পূৰ্ণ পোন হৈ খোজকাঢ়িব পাৰে।

২। মগজুৰ পৰিমাণ অধিক আৰু জটিল।

৩। জীৱনকাল দীৰ্ঘতৰ তথা শৰীৰৰ বৃদ্ধি প্ৰাপ্তিৰ সময় দীৰ্ঘতৰ।

৪। শৰীৰত নোম কম।

৫। স্পৰ্শনোম নাই।

৬। ওপৰ ওঁঠৰ মধ্যাংশত মধ্যমা ৰেখা থাকে।

৭। হাততকৈ ভৰিৰ দৈৰ্ঘ্য বেছি।

৮। পদ তথা প্ৰহস্তৰ আঙুলি ভাজযুক্ত নহয়, অৰ্থাৎ পোন।

৯। পেনিছ হাড় নাই।

১০। ৰাজহাড় চাৰিটা ভাজযুক্ত।

৮। কেটাৰাইন বান্দৰৰ দাঁতৰ সূত্ৰ লিখা।

Answer: কেটৰাইন বান্দৰৰ দাঁতৰ সূত্ৰ ২:১:২:৩।

৯। ওৰাং উটানৰ ভৌগোলিক বিস্তাৰ সম্পৰ্কে লিখা।

Answer: ওৰাং উটানৰ বিষয়ে বিশদ বিৱৰণ তলত সজাই লিখা হ’ল:

ভৌগোলিক বিস্তাৰ:

বৰ্তমান সময়ত জীৱিত ওৰাং উটান কেৱল বৰ্ণিঅ’ আৰু সুমাত্ৰা দ্বীপতহে দেখা যায়। অৱশ্যে, ইহঁতৰ জীৱাশ্মৰ অৱশেষ অধ্যয়ন কৰিলে জনা যায় যে অতীতত ইহঁতৰ বিস্তৃতি বৰ্ণিঅ’, সুমাত্ৰা, জাভা আৰু দক্ষিণ-পূব এছিয়াৰ মূল ভূ-খণ্ডৰ পৰা উত্তৰ চীন দেশলৈকে আছিল।

খাদ্যভ্যাস:

ওৰাং উটানৰ প্ৰধান আহাৰ হ’ল বিভিন্ন গছৰ পাত আৰু ফল-মূল।

ওৰাং উটানৰ শাৰীৰিক আৰু আচৰণগত বৈশিষ্ট্য:

১. হাতৰ দৈৰ্ঘ্য: ইহঁতৰ হাতৰ দৈৰ্ঘ্য ভৰিৰ দৈৰ্ঘ্যতকৈ যথেষ্ট বেছি। থিয় হৈ থকা অৱস্থাত ইহঁতৰ আঙুলিৰ আগবোৰে গুলফাস্থি (গোৰোহা) স্পৰ্শ কৰিব পাৰে।

২. আঙুলিৰ গঠন: ইহঁতৰ আঙুলিবোৰ দীঘল আৰু চেপেটা নখযুক্ত। বুঢ়া আঙুলিটো বিপৰীতমুখী (opposable) আৰু অতি চুটি। আঙুলিৰ দৈৰ্ঘ্যৰ ক্ৰম হ’ল: ৩ > ৪ > ২ > ৫ > ১ (মধ্যমা আঙুলি আটাইতকৈ দীঘল)।

৩. উচ্চতা: ওৰাং উটানৰ গড় উচ্চতা প্ৰায় ১২৫ চেন্টিমিটাৰ বা ৪ ফুটতকৈ কিছু বেছি। অৱশ্যে, কিছুমান মতা ওৰাং উটানৰ উচ্চতা ১.৫ মিটাৰ পৰ্যন্ত হ’ব পাৰে।

৪. ওজন: মতা ওৰাং উটানৰ গড় ওজন প্ৰায় ৭৫ কিলোগ্ৰাম, যদিও ই ৯০ কিলোগ্ৰামতকৈও বেছি হ’ব পাৰে। ইয়াৰ বিপৰীতে, মাইকী ওৰাং উটানৰ ওজন সাধাৰণতে ৪১ কিলোগ্ৰামতকৈ কম হয়।

৫. মুখমণ্ডলৰ আকৃতি: কৰোটিৰ তুলনাত মুখমণ্ডল যথেষ্ট ডাঙৰ। মুখমণ্ডলৰ পাৰ্শ্বভাগ ইংৰাজী 'S' আখৰটোৰ দৰে দেখিবলৈ পোৱা যায়, যাক 'চিইনগনেথাছ' (prognathous) বুলি কোৱা হয়।

৬. মগজুৰ ক্ষমতা: মতা ওৰাং উটানৰ মগজুৰ আয়তন গড় হিচাপে ৪১৬ ঘন চেন্টিমিটাৰ।

৭. চলন আৰু বাসস্থান: ইহঁত প্ৰধানকৈ বৃক্ষবাসী প্ৰাণী। মাটিত নামিলে ইহঁতে হাত-ভৰিৰ ওপৰত ভৰ দি লাহে লাহে খোজ কাঢ়ে। ৰাতি হ’লে ইহঁতে গছৰ ডাল-পাত ব্যৱহাৰ কৰি বাহ সাজি জিৰণি লয়।

ওৰাং উটানৰ এই বিশেষ শাৰীৰিক গঠনবোৰে ইহঁতক গছত উঠি ফুৰিবলৈ আৰু জীয়াই থাকিবলৈ বিশেষভাৱে সহায় কৰে।


১০। “মানুহ প্রাইমেটৰ অন্তৰ্ভুক্ত" -যুক্তি দর্শোৱা।

Answer: স্তন্যপায়ী প্ৰাণীৰ অন্তৰ্ভুক্ত 'প্ৰাইমেট' (Primate) বৰ্গৰ প্ৰাণীসমূহৰ কিছুমান উমৈহতীয়া শাৰীৰিক আৰু জৈৱিক বৈশিষ্ট্য আছে। মানুহৰ ক্ষেত্ৰত ভৰিৰ বৃদ্ধাংগুলি অন্যান্য প্ৰাইমেটৰ দৰে বিপৰীতমুখী (opposable) নহয় যদিও, অন্যান্য দিশত মানুহৰ লক্ষণসমূহ প্ৰাইমেটৰ সৈতে যথেষ্ট সাদৃশ্যপূৰ্ণ।

  • প্ৰাইমেট বৰ্গৰ প্ৰাণীসমূহৰ মূল বৈশিষ্ট্যসমূহ তলত সজাই লিখা হ’ল:
  • মগজুৰ গঠন: প্ৰাইমেটৰ মগজু তুলনামূলকভাৱে যথেষ্ট ডাঙৰ আৰু জটিল গঠনৰ হয়।
  • দৃষ্টিশক্তি: ইহঁতৰ চকুৰ কোটৰসমূহ হাড়েৰে আবৃত থাকে। ইয়াৰ উপৰিও, 'ত্ৰিবিম দৃষ্টি' (stereoscopic vision) বা গভীৰতা পৰিমাপ কৰিব পৰা দৃষ্টিশক্তি ইহঁতৰ এক বিশেষ লক্ষণ।
  • পাচনতন্ত্ৰ: ইহঁতৰ পাকস্থলীৰ গঠন অতি সৰল প্ৰকৃতিৰ।
  • দাঁতৰ বিন্যাস: প্ৰাইমেটৰ দাঁতৰ গঠন চাৰিটা ভিন্ন প্ৰকাৰৰ— আগদাঁত (incisors), কুকুৰ দাঁত (canines), প্ৰাক-জামুদাঁত (premolars) আৰু জামুদাঁত (molars)।
  • প্ৰজনন আৰু বিকাশ: এই বৰ্গৰ প্ৰাণীৰ গৰ্ভধাৰণৰ সময়সীমা তুলনামূলকভাৱে দীঘলীয়া হয়।
  • ঘ্ৰাণশক্তি: অধিকাংশ প্ৰাইমেটৰ ঘ্ৰাণশক্তি বা গোন্ধ লোৱাৰ ক্ষমতা তুলনামূলকভাৱে কম।
  • জীৱনকাল: অন্যান্য স্তন্যপায়ী জীৱৰ তুলনাত প্ৰাইমেটৰ জীৱনকাল সবাতোকৈ দীঘল হয়।