Chapter 7
(Ecology)
উত্তৰঃ- কোনো এক নিৰ্দিষ্ট পৰিৱেশত বৰ্তি থকা জীৱ-কুল আৰু সিহঁতৰ চৌপাশৰ পৰিৱেশৰ মাজত থকা আন্তঃসম্পৰ্কৰ অধ্যয়নকেই বাস্তৱবিদ্যা বা ইক'লজী (Ecology) বুলি কোৱা হয়। এই ইক'লজী শব্দটো গ্ৰীক ভাষাৰ 'ঐক'ছ' (Oikos) আৰু 'ল'গ'ছ' (Logos) শব্দৰ পৰা উৎপত্তি হৈছে। বাস্তৱবিদ্যা হৈছে পৰিস্থিতি তন্ত্ৰৰ মূল একক, য'ত জৈৱিক আৰু অজৈৱিক কাৰকসমূহে পৰস্পৰৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰি এক সামগ্ৰিক অৱস্থা সৃষ্টি কৰে।
২। প্রাকৃতিক পৰিৱেশ মানে কি বুজা।
উত্তৰঃ- প্ৰকৃতিক নিজৰ শক্তিৰে সজাই-পৰাই লোৱা পৰিৱেশটোৱেই হ’ল প্ৰাকৃতিক পৰিৱেশ।
৩। খাদ্যশৃঙ্খল বুলিলে কি বুজা?
উত্তৰঃ- কোনো এক প্ৰাকৃতিক পৰিৱেশত বসবাস কৰা জীৱ-জন্তু আৰু গছ-গছনিয়ে বিশেষ প্ৰক্ৰিয়াৰে এক বান্ধোনত বা সম্পৰ্কত আবদ্ধ হৈ থাকে; এনে প্ৰক্ৰিয়াক শৃংখল বুলি কোৱা হয়। যেতিয়া এনে জৈৱিক আৰু অজৈৱিক পদাৰ্থসমূহৰ মাজত ভক্ষণৰ ভিত্তিত এক শৃংখল সৃষ্টি হয়, তাকেই খাদ্য শৃংখল বোলা হয়।
৪। পাৰিস্থিতিক সমতা বুলিলে কি বুজা?
উত্তৰঃ- জৈৱিক আৰু অজৈৱিক পাৰিপাৰ্শ্বিক উপাদানসমূহৰ মাজত অতি সু-সংহত সম্পৰ্ক থাকে। এই সম্পৰ্কৰ ফলতে উপাদানসমূহৰ মাজত এক প্ৰকাৰ সমতা স্থাপন হয়, তাকে পাৰিস্থিতিক সমতা বোলা হয়।
৫। ফাইট'শ্লেংকটন কি?
উত্তৰঃ- ফাইটো’প্লাংকটন হৈছে সাগৰৰ প্ৰাথমিক উৎপাদন-খাদ্য শৃংখলৰ ভিত্তি গঠন কৰা জীৱ। WHO য়ে অণুবীক্ষণিক, এককোষী জীৱৰ সন্ধান কৰে।
৬। সমাজ বিজ্ঞানীৰ দৃষ্টিত পৰিৱেশৰ বিভিন্ন উপাদানসমূহ আলোচনা কৰা।
উত্তৰঃ- সমাজ বিজ্ঞানীৰ দৃষ্টিত পৰিৱেশৰ বিভিন্ন উপাদানসমূহ হ’ল— বায়ুমণ্ডল, জলবায়ু, ভূ-মণ্ডল,জীৱমণ্ডল।
উত্তৰঃ- যিবিলাক জৈৱিক আৰু ভৌতিক কাৰকে জীৱৰ উদবৰ্তন, বৃদ্ধি আৰু বৰ্ধনত প্ৰভাৱ পেলায় তাকে পৰিৱেশ বোলে।
৮। পৰিস্থিতি বিজ্ঞান কি?
উত্তৰঃ- কোনো এটা পৰিৱেশৰ জীৱ সমূহৰ আৰু এইবিলাকৰ চাৰিওফালে পৰিৱেশৰ বিষয়ে কৰা অধ্যয়নকেই পৰিস্থিতি বিজ্ঞান বুলি কোৱা হয়।
Additional Question Answer:
১। ''Ecology' শব্দটো কোন দুটা শব্দৰ সংমিশ্ৰণত সৃষ্টি হোৱা?
উত্তৰঃ ''Ecology'' শব্দটো ''oikos'' আৰু ''logos'' শব্দ দুটাৰ সংমিশ্ৰণত সৃষ্টি হৈছে।
২। পৰিস্থিবিদ্য়া বা বাস্তৱবিদ্য়া কাক বোলে?
উত্তৰঃ জীৱৰ বাসস্থানৰ বিষয়ে কৰা অধ্য়য়নক পৰিস্থিতিবিদ্য়া বা বাস্তৱবিদ্য়া বোলে।
৩। পৰিস্থিতিবিদ্য়া শব্দটো প্ৰথম কোনে ব্য়ৱহাৰ কৰিছিল?
উত্তৰঃ আৰনাছ হেকেল।
৪। Eco-system শব্দটো প্ৰথমে কোনে ব্য়ৱহাৰ কৰিছিল?
উত্তৰঃ A.G Tensly।
৫। Environment শব্দটো কি ভাষাৰ শব্দৰ পৰা আহিছে ?
উত্তৰঃ ফৰাচী ভাষাৰ শব্দ Environer পৰা আহিছে।
৬। পৰিৱেশ সুৰক্ষা আইন কিমান চনত গঠন হৈছিল?
উত্তৰঃ ১৯৮৬ চনত।
(For Paid User)
(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)
**********
New Update 2026
