Chapter 12

কঁঠালৰ নৰিয়া

 

    👉Text Book PDF
    👉MCQ Online Exam
    👉Short Question Answer

১। চমু উত্তৰ দিয়া –


( ক ) মইনাহঁতৰ পেটত ভাতৰ ঠাই কিয় নাছিল ? 


উত্তৰঃ পকা কঠাল খাই পেট ভৰি থকা বাবে ।


( খ ) সমাজিকৰ নগৰ কেনেকুৱা আছিল ? 


উত্তৰঃ ছায়া – মায়া সমাজিকৰ নগৰখন আঁচৰিত আছিল । তাৰ সকলাে কথাই বিপৰীত । 


( গ ) ধানপুৰীয়া কঁঠাল মানে কি ? 


উত্তৰঃ এপুৰা ধানৰ পৰিমাণৰ সমান আকাৰৰ কঁঠাল । অর্থাৎ বৰ ডাঙৰ কঁঠাল ।


( ঘ ) নিহালি গাত লৈ পাতৰ আঁৰত কোনে কান্দিছিল ? 


উত্তৰঃ  নিহালি গাত লৈ পাতৰ আঁৰত বৰ পেটাল কঁঠালবােৰে কান্দিছিল ।


( ঙ ) বেজৰ পৰা দৰৱ – জাতি কোনে আনিছিল ?


উত্তৰঃ  বেজৰ পৰা দৰৱ – জাতি  আনিছিল । 


( চ ) কঁঠালৰ গাত কেতিয়া খহু-খজুৱতি হৈছিল ?


 উত্তৰঃ কঁঠালৰ গাত  আহাৰ মাহত খহু-খজুৱতি হৈছিল  । 


( ছ ) ষাঁঠ মানে কি ?


উত্তৰঃ ষাঠ মানে আমতি বা অম্বুবাচী ।


২। বেজজনে কঁঠালক কি বুলি জৰা ফুকা কৰিছিল ? 


উত্তৰঃ “ হৰ , বিষ হৰ , কঁঠালৰ খহুৰ খজুৱতি পানী হৈ পৰ । ” বুলি জৰা – ফুকা কৰিছিল । 


৩। ষাঁঠ কেতিয়া লাগে ? যাঁঠ লাগিলে আমি কি কি ভক্ষণ কৰোঁ লিখা । 


উত্তৰঃ আহাৰ মাহৰ বসুমতী ৰজস্বলা হােৱা চাৰিদিন অম্বুবাচী বা ষাঁঠ লগা বুলি কোৱা হয় । যাঁঠ লাগিলে আমি পকা কঁঠাল , আম , জামু , লেতেকু , আনাৰস , কল আদি ফলৰ লগতে দৈ , কোমল চাউল আদি ভক্ষণ কৰোঁ । 


৪। “ সিফেৰি পুণ্য বলে বিষাে নিব হৰি । ”― কথাষাৰৰ তাৎপর্য বুজাই লিখা । 


উত্তৰঃ ‘ সিফেৰি শূণ্য ’ বুলি ষাঁঠ লগা সময়ত পকা কঁঠালবােৰ গুৰু ভকতসকলৰ সেৱাত লগাৰ কথা কৈছে । মানুহে বেমাৰ – আজাৰ , দুখ – দুর্গতি , অপায় – অমংগলৰ পৰা হাত সাৰিবলৈ পুণ্যৰ কাম কৰে । গতিকে পকা কঁঠালবােৰেও যদি ষাঁঠৰ সময়ত গুৰু – ভকতৰ সেৱাত লাগি পূণ্য অর্জন কৰে , তেনেহলে সিহঁতৰো বিষ – যন্ত্রণা , খহু – খজুৱতিৰ উপশম ঘটিব । 


৫। কেতিয়া গছত কঁঠাল ডাল ভৰি পকি থাকে ? 


উত্তৰঃ বাৰিষাৰ বতৰত ।


৬। কঁঠালৰ বিসংগতি কেতিয়া দূৰ হয় লিখা । 


উত্তৰঃ বাৰিষাৰ বতৰত মানুহে পকা কঁঠাল খাই আশীর্বাদ দিলে কঁঠালৰ বিসংগতি দূৰ হয় । 


৭। কবিতাটিৰ মাজেৰে অসমীয়া সংস্কৃতিৰ ( কামৰূপীয়া সংস্কৃতিৰ) কেনে আচাৰ প্ৰকাশ পাইছে তােমাৰ নিজৰ ভাষাত লিখা । 


উত্তৰঃFOR STUDENTS 



৮। ধানপুৰীয়া কঁঠালটোৱে নিজৰ অৱস্থাৰ কথা মইনাহঁতক কি বুলি কৈছিল ? 


উত্তৰঃ ধানপুৰীয়া কঁঠালটোৱে কৈছিল যে সিহঁত পাতৰ আঁৰত থকা অকলশৰীয়া পহুৰ নিচিনা । আহাৰ মহীয়া বৰষুণে সিহঁতৰ গাত খহু কৰিছে । সিহঁতৰ ভিতৰবােৰ পকা , বাহিৰত গােটেই গাত হে খহু খজুৱতী । বিষ – যন্ত্রণাত সিহঁ তৎ নােহােৱা অৱস্থা হৈছে । গতিকে মইনাই সিহঁতক বিহলঙনী বেজৰ ওচৰলৈ লৈ যাব লাগে ।


৯। ব্যাখ্যা কৰা –


( ক ) “ মানুহ জাতিয়ে খাই আশীর্বাদ দিয়ে । কঁঠালৰ বিসংগতি দূৰ কৰি নিয়ে । ” 


উত্তৰঃ উক্ত কবিতাফাঁকি কবি মুক্তিনাথ বৰদলৈদেৱে ৰচনা কৰা , আমাৰ পাঠ্যপুথিত সন্নিবিষ্ট “ কঠালৰ নৰিয়া ” নামৰ কবিতাটোৰ পৰা তুলি লোৱা হৈছে । 

কঁঠালৰ বিসংগতি কেনেকৈ দূৰ হ’ল তাকে এই কবিতাফাঁকিৰ জৰিয়তে কোৱা হৈছে । নৰিয়া হােৱা কঁঠালবােৰক বিহলঙনী বেজে নৰিয়াৰপৰা উপশম পাবলৈ হ’লে ষাঁঠৰ সময়ত গুৰু – ভকতৰ সেৱাত লাগিবলৈ উপদেশ দিছিল । সেইটো কাম কৰিলে হােৱা পুণ্যৰ বলতে কঁঠালৰ নৰিয়া ভাল হ’ব আৰু বছৰি বছৰি গছত কঁঠালাে লাগিব ৷ বেজৰ উপদেশমতে কঁঠালবোৰে গুৰু ভকতৰ সেৱাত লগাত সিহঁতৰ খজুৱতি নাইকিয়া হ’ল আৰু গছত কঁঠালবােৰ ডাল ভৰি পকি থকা হ’ল । মানুহবােৰে সেই পকা কঁঠাল খাই কঁঠালক আশীর্বাদ দিয়ে । সেই আশীর্বাদৰ ফলতে কঁঠালৰ বিসংগতি দূৰ হয় । 


১০। বাক্য সাজা –


 লালকাল , নৰ – মনিচ , বিসংগতি , জৰা- ফুকা , নিহালি , ছায়া – মায়া , চাটি ফুটি , দৰৱ – পাতি ।

উত্তৰঃ লালকাল :-সি স্কুলৰ পৰা আহি এতিয়া লালকাল দি টোপনি গৈছে । 

নৰ-মনিচ :-কোঠা খন দেখিলে তাত কোনাে নৰ – মনিচে বাস কৰা যেন নালাগে । 

বিসংগতি :- সি কামটো সম্পৰ্ণ নকৰাত বৰ্তমান  বিসংগতিযে দেখা দিছে । 

জৰা-ফুকা :-  জৰা – ফুকাত কেতিয়াও বিশ্বাস কৰিব নলাগে । 

নিহালি :- তাৰ গা বেয়া , সেয়েহে এই গৰমতাে নিহালি লৈ শুইছে ।

ছায়া-মায়া :- কালি সন্ধিয়া সি কোঠাৰ একোণত ছায়া – মায়া কিবা এটা দেখা পাই ভয়তে চিঞৰি দিছিল । 

চাটি-ফুটি :- মূৰৰ বিষত সি গােটেই ৰাতিটো চাটি – ফুটি কৰি থকা বাবে মােৰ অলপাে টোপনি নহ’ল ৷ 

দৰৱ – পাতি :- ডাক্তৰৰ পৰামর্শ নােলােৱাকৈ দৰৱ – পাতি ব্যৱহাৰ কৰা উচিত নহয় । 


১২। ‘ বি ’ উপসর্গযুক্ত চাৰিটা শব্দ লিখা । 


উত্তৰঃ বিকাৰ , বিনাশ , বিপৰীত , বিকশিত । 


১৩। শব্দার্থ লিখা –


নৰিয়া , পাটী , সমাজিক , যতন , বৰপেটাল , নিহালি , চাটি-ফুটি , বেজ , খহু , বিহলঙনী , মিনতি , বিসংগতি । 


উত্তৰঃ নৰিয়া      ―     ৰোগ । 


         পাটী         ―     শয্যা , বিছনা । 


         সমাজিক    ―     সপােন , স্বপ্ন । 


          যতন        ―     যত্ন , চেষ্টা । 


          নিহালি      ―     লেপ ।


          বৰপেটাল   ―     ডাঙৰ পেটৰ । 


          চাটি-ফুটি   ―     ছটফটনি । 


          বেজ         ―     বৈদ্য , কবিৰাজ ,চিকিৎসক ।


          খহু           ―      ফেঁহা , ফোহােৰা । 


          বিহলঙনী   ―      এবিধ ঢেকীয়া জাতিৰ বন । 


          মিনতি      ―       প্রার্থনা , কাকূতি । 


          বিসংগতি   ―      অসুবিধা , বেমেজালি ।

 


Check by - Mukesh Borah