Chapter 16 

অসমৰ লােকবাদ্য

 

    👉Text  Book PDF
    👉MCQ Online Exam
    👉Short Question Answer

১। চমু উত্তৰ দিয়া –

( ক ) সাধাৰণ অৰ্থত ‘ সংগীত ’ শব্দটোৱে কি বুজায় ? 

উত্তৰঃ গীত আৰু বাদ্যযন্ত্রৰ সমাহাৰক বুজায় । 


( খ ) অসমত কাৰ ৰাজত্বকালত বাদ্যযন্ত্রৰ পয়ােভৰ বৃদ্ধি পাইছিল ? 

উত্তৰঃ স্বৰ্গদেউ ৰুদ্ৰসিংহ আৰু শিৱসিংহৰ ৰাজত্বকালত ।


( গ ) বাদ্যযন্ত্রক কেইটা শ্ৰেণীত ভাগ কৰা হয় আৰু কি কি ? 

উত্তৰঃ বাদ্যযন্ত্রক চাৰিটা শ্ৰেণীত ভাগ কৰা হয় । সেই কেইটা হৈছে – তত , ঘন , সুষিৰ আৰু আনন্ধ। 


( ঘ ) স্বৰমণ্ডলত কেইডাল তাঁৰ যুক্ত হৈ থাকে ?

উত্তৰঃ  স্বৰমণ্ডলত কেইডাল তাঁৰ যুক্ত হৈ থাকে ২১ ডাল ।


( ঙ ) সচৰাচৰ টোকাৰী বাদ্য কেতিয়া বজোৱা হয় ? 

উত্তৰঃ সচৰাচৰ বৈৰাগী নাম আৰু দেহ বিচাৰৰ নাম গাঁওতে টোকাৰী বাদ্য বজোৱা হয় ।


( চ ) একেবাৰে সৰু তালবিধৰ নাম কি ? 

উত্তৰঃ একেবাৰে সৰু তালবিধৰ নাম খুঁটিল । 


( ছ ) তিৱাসকলে বাঁহীক কি বুলি কয় ? 

উত্তৰঃ তিৱাসকলে বাঁহীক ‘ পাংচি ’ বুলি কয় ।


( জ ) মিচিংসকলে গগনাক কি নামেৰে অভিহিত কৰে ? 

উত্তৰঃ মিচিংসকলে গগনাক ‘ গুংগাং ’ নামেৰে অভিহিত কৰে ।


( ঝ ) তিনিবিধ ঢােলৰ নাম লিখা । 

উত্তৰঃ তিনিবিধ ঢােলৰ নামজয়টেল , ঢেপাটোল আৰু বৰটোল ।


( ঞ ) চাহ জনগােষ্ঠীৰ পাঁচবিধ বাদ্যৰ নাম উল্লেখ কৰা । 

উত্তৰঃ চাহ জনগােষ্ঠীৰ পাঁচবিধ বাদ্য হৈছে ঢাক , ঢােল , মাদল ঢােলক আৰু ধুমৰ্চা । 


 ২। আদিম যুগত কেনেধৰণৰ বাদ্যৰ ব্যৱহাৰ আছিল ? 

উত্তৰঃ আদিম যুগত চামৰাৰে তৈয়াৰী মাদল জাতীয় বাদ্য আৰু হাড় , বাঁহ বা কাঠেৰে তৈয়াৰী বাঁহী আদি বাদ্যযন্ত্রৰ ব্যৱহাৰৰ কথা জনা যায়।ইয়াৰ পিছৰ যুগত বীণা , একতাৰা বা দোতাৰা আদি উদ্ভৱ হৈছিল বুলি হৰপ্পা , মহেঞ্জোদাৰাে আদিৰ ভগ্নাৱশেষৰ পৰা প্ৰমাণ পােৱা গৈছে ।  ৰামায়ণ আৰু মহাভাৰততাে সেই যুগত বেণু , শংখ , ভেৰী , ঘণ্টা , মৃদংগ , দুন্দুভি আদি বাদ্যৰ ব্যৱহাৰৰ কথা উল্লেখ আছে । 


৩। অতীতত ব্যৱহৃত বাদ্যযন্ত্র প্রমাণ আমি কেনেদৰে পাব পাৰো ? উদাহৰণসহ উল্লেখ কৰা । 

উত্তৰঃ অতীতত ব্যৱহৃত বাদ্যযন্ত্রৰ প্রমাণ আমি প্রাচীন ধর্মীয় পুথি , ৰজা মহাৰজাৰ দিনৰ ফলি , ভগ্নাৱশেষ , মঠ – মন্দিৰ আদিৰ গাত খােদিত শিল্প , প্রাচীন বুৰঞ্জী আদিৰ পৰা পাব পাৰাে । উদাহৰণ হিচাপে প্রথমে হৰপ্পা আৰু মহেঞ্জোদাৰোৰ কথাই ক’ব পৰা যায় । ইয়াৰ ভগ্নাৱশেষবােৰৰ পৰা সিন্ধু সভ্যতাৰ সময়ত বীণা , একতাৰা বা দোতাৰাৰ ব্যৱহাৰ হােৱা বুলি প্রমাণ পােৱা হৈছে । সেইদৰে প্রাচীন অসমত যে ঢােল – তালৰ ব্যৱহাৰ আছিল সেই কথাটো ভূতি বৰ্মাৰ ফলিত থকা ঢােল – তাল বজোৱা মানুহৰ মূৰ্তিৰ পৰা বুজা যায় । তেজপুৰ , শিৱসাগৰত থকা বিভিন্ন মন্দিৰ লগতে কামাখ্যা মন্দিৰ আদিৰ বিভিন্ন মূৰ্তিৰ ক্ষেত্ৰত তাল , বাঁহী , বীণা , কালি , ঢােল , ডম্বৰু আদি বজোৱা পুৰষ স্ত্রীৰ বিভিন্ন ভংগীৰ দৃশ্য দেখা যায় । ‘ৰামায়ণ’ আৰু ‘মহাভাৰত’ মহাকাব্য দুখনতাে বেণু , শংখ , ভেৰী , মৃদংগ , ঘণ্টা, দুন্দুভি আদিৰ উল্লেখ আছে । ‘ কালিকা পুৰাণ ’ , মাধৱ কন্দলীৰ ৰামায়ণ ’ , হৰিহৰ বিপ্ৰৰ বিব্ৰুবাহনৰ যুদ্ধ ’ , মাধৱদেৱে ৰচনা কৰা বৰগীত সমূহতাে  শিক্ষা , শংখ , বেণু আদি বাদ্যযন্ত্র ব্যৱহাৰৰ উল্লেখ পােৱা যায় ।


৪। তত বাদ্য কাক বােলে ? তিনিবিধ তত বাদ্যৰ উদাহৰণ দিয়া । 


উত্তৰঃ তাঁৰৰ দ্বাৰা সুৰ সঞ্চাৰ কৰা বাদ্যক তত বাদ্য বােলে । তিনিবিধ তত বাদ্য হৈছে বীণ , টোকাৰী আৰু দোতাৰা । 


৫। ঘনবাদ্য বুলিলে কি বুজা উদাহৰণ সহ লিখা । 


উত্তৰঃ যিবিলাক বাদ্য বিবিধ ধাতু বাঁহ বা কাঠেৰে নির্মিত সেইবিলাক বাদ্য ঘন বাদ্য বুলি কোৱা হয় । ভােৰতাল , বৰকাঁহ , খুঁটিতাল , নূপুৰ, টকা , জুনুকা , টিলিঙা খঞ্জৰী আদিক ঘন বাদ্য বােলে । 


৬। কেনেধৰণৰ বাদ্যক সুষিৰ শ্ৰেণীৰ বাদ্যৰ অন্তর্ভুক্ত কৰা হয় ? উদাহৰণ দিয়া । 

উত্তৰঃ মুখেৰে ফু দি বজোৱা বাদ্যবােৰক সুষিৰ শ্ৰেণীৰ বাদ্যৰ অন্তর্ভুক্ত কৰা হয় । পেঁপা , শংখ , বাঁহী , কালি , গগনা , সুতুলি আদি সুষিৰ বাদ্যৰ উদাহৰণ । 


 ৭। আনদ্ধ বাদ্য কাক বােলে ? উদাহৰণসহ বর্ণনা কৰা । 

উত্তৰঃ মাটি , কাঠ , বাঁহ বা ধাতুৰ খােলা চামৰাৰে বন্ধ কৰি সজা ঢােলজাতীয় বাদ্যক আনদ্ধ বাদ্য বােলে । উদাহৰণ হিচাপে আমি নাগাৰাৰ কথাকে ক’ব পাৰাে । নাগাৰ এটা মাটিৰ খােলাৰে তৈয়াৰী বাদ্য । খােলাটোৰ মুখৰ পৰা তললৈ ডিম্বাকৃতিৰ আৰু শেষৰ ভাগ বন্ধ । মুখত জন্তুৰ চাল এখন বৰতিৰে তুলৰপৰা আঁটি বন্ধ থাকে । হাত আৰু মাৰিৰে কোবাই এই বাদ্য বজোৱা হয় । আন কিছুমান আনদ্ধ বাদ্য হৈছে — ডগৰ , ঢাক , মাদল , মৃদংগ , খােল , জয়ঢােল , ঢেপাঢােল , বৰঢােল ইত্যাদি । 


 ৮। শংকৰদেৱে কেনেদৰে খােল বাদ্য সজাইছিল ? 

উত্তৰঃ শংকৰদেৱে নিজে জোখ দি কপিলীৰ জগন্নাথ কুমাৰৰ দ্বাৰা মাটিৰে ডিমা সাজি শালমৰাৰ মুচিয়াৰৰ হতুৱাই খােল ছােৱাইছিল । 


 ৯। তুমি দেখা বাদ্যযন্ত্রসমূহৰ এখন তালিকা প্রস্তুত কৰা । 

উত্তৰঃ মই দেখা বাদ্যযন্ত্রসমূহৰ তালিকা তলত উল্লেখ কৰা হ’ল— 


তত বাদ্য ― টোকাৰী , একতাৰা , দোতাৰা , বীণ , গীতাৰ , মেণ্ডোলিন , তানপুৰা , চেতাৰ ।

ঘনবাদ্য – বৰকাঁহ , খুঁটিতাল , ঘণ্টা , নূপুৰ , জুনুকা , টকা , ভােৰতাল। 

সুষিৰ বাদ্য ― বাঁহী , সুতুলি , গগনা , শংখ , পেঁপা আৰু কালি ।

আমদ্ধ বাদ্য — বৰঢােল , নাগাৰা , ডগৰ , খােল আৰু মাদল আৰু তবলা । 


 ১০। অসমৰ কলা কৃষ্টিত বিভিন্ন বাদ্যযন্ত্রসমূহ কেনেধৰণৰ ভূমিকা পালন কৰিছে বহলাই লিখা । 

উত্তৰঃ FOR STUDENTS 


 ১১। অসমত বসবাস কৰা কেইটিমান জন জাতিৰ নাম উল্লেখ কৰি তেওঁলােকে ব্যৱহাৰ কৰা কিছুমান বাদ্যযন্ত্রৰ নাম লিখা । 

উত্তৰঃ অসমত বসবাস কৰা কেইটিমান জনজাতি হৈছে — মিচিং , বড়াে , কাৰ্বি আৰু ডিমাছা । তেওঁলােকে ব্যৱহাৰ কৰা কেইবিধ বাদ্যযন্ত্র হৈছে— 


মিচিং – লেলং , লুপি , ৰামতাল , দেওঘণ্টা , দেন্দুন , কুলি , দুম্পাক , ঢােলুকী । 

বড়াে ― চেৰ্জা , চিফুং , খাম , ৰামতাল , জথা । 

কার্বি ― চেং , চেংবুৰুপ , মুৰিতংপ , পাংচে , চেংচ। 

ডিমাছা ― মুৰি , খ্রাম , চুপিন , মুৰিটিছা , খ্রাম ডুবুং।


 ১২। খালী ঠাই পূৰ কৰা –


( ক ) স্বৰ্গদেউ ____ আৰু___ দিনতেই অসমত বাদ্যযন্ত্রৰ পয়ােভৰ বৃদ্ধি হৈছিল । 


উত্তৰঃ স্বৰ্গদেউ ৰুদ্ৰসিংহ আৰু শিৱসিংহৰ দিনতেই অসমত বাদ্যযন্ত্র পয়ােভৰ বৃদ্ধি হৈছিল ।


( খ ) একতাৰাক _____ বুলিও কয় । 


উত্তৰঃ একতাৰাক লাউটোকাৰী বুলিও কয় ।


( গ ) খুঁটিতালক কাৰ্বিসকলে ____বুলি কয় । 


উত্তৰঃ খুঁটিতালক কাৰ্বিসকলে চেংচ বুলি কয় ।


( ঘ ) জয়ঢােলক _____বুলিও নামকৰণ কৰা হয় । 


উত্তৰঃ জয়ঢােলক দেৱঢােল বুলিও নামকৰণ কৰা হয় । 


( ঙ ) শিঙা ____ আৰু _____ৰ শিঙৰ দ্বাৰা বনােৱা হয় । 


উত্তৰঃ শিঙা ম’হ আৰু মেথােনৰ শিঙৰ দ্বাৰা বনােৱা হয় । 


( চ ) কুকিসকলৰ মাজত বৰকাঁহ আৰু সৰু কাঁহক্রমে ___আৰু নামেৰে _____জনা যায় । 


উত্তৰঃ কুকিসকলৰ মাজত বৰকাঁহ আৰু সৰুকাঁহ ক্রমে দাপি আৰু দাকলে নামেৰে জনা যায় । 


১৩। চমু টোকা লিখা –


         তাল , কালিবাদ্য , মৃদংগ , ঢােল , টোকাৰী । 


উত্তৰঃ তাল :- তাল এবিধ ঘন বাদ্য । অসমত সৰুৰ পৰা ডাঙৰ আকাৰলৈকে বহুবিধ তাল পােৱা যায় । কাঁহ ধাতুৰে তাল সজা হয় । সচৰাচৰ বৰগীত গাওঁতে আৰু বিহুৰ বাদ্যৰূপে ইয়াৰ ব্যৱহাৰ কৰে । একেবাৰে সৰুতাল বিধক খুঁটিতাল বােলে । এইবিধ তাল ওজাপালি গীতৰ অনুষ্ঠানত বজোৱা হয় । ইয়াক কাৰ্বিসকলে ‘ চেংচ ’ বুলি কয়। 


কালিবাদ্য :- কালিবাদ্যক সুষিৰ বাদ্যৰ ভিতৰত ধৰা হয় । ইয়াক পিতলেৰে তৈয়াৰ কৰা হয় । মুখখন পেঁপাৰ দৰে অপেক্ষাকৃত বহল । ক্রমে সৰুৰ পৰা ডাঙৰ শৰীৰটোত সাত আঠটা ফুটা কৰা হয় । অসমত ব্যৱহৃত কালিৰ ভিতৰত জয়কালি , বীৰকালি , যােৰ কালি আদিৰ নাম পােৱা যায় । অসমৰ বিশেষকৈ মঙলদৈ , গােৱালপাৰা আদি অঞ্চলত পৰম্পৰাগতভাৱে বিয়া – সবাহত কালিয়াৰ আনুষ্ঠানিক পৰিৱেশন অপৰিহার্য । 


মৃদংগ :- মৃদংগ আনদ্ধ বাদ্যৰ শাৰীত পৰে । মৃদংগ মাটিৰে তৈয়াৰ কৰা হয় যদিও পৰৱৰ্তী কালত ইয়াক কাঠেৰেও তৈয়াৰ কৰিবলৈ লােৱা হৈছে।মৃদংগ সাধাৰণতে প্রায় ডেৰ হাত দীঘলকৈ সাজে । বাওঁফালৰ মুখখন বাৰ বা তেৰ আঙুলি ব্যাসৰ আৰু সোঁফালে বাওঁফালতকৈ আধা আঙুলি কম হয় । দুয়ােটা মুখ চামৰাৰে চোৱাই মধ্যভাগত ঘূর্ণ দি বজোৱা হয় । গায়ন – বায়ন আৰু অংকীয়া নাট আদিত মৃদংগ বাদ্য সংগত কৰা হয় । 


ঢােল :- ঢােল আনদ্ধ বাদ্যৰ শ্রেণীভুক্ত । অসমৰ জনজীৱনত ঢােলৰ ভূমিকা অতিকৈ গুৰুত্বপূর্ণ । ঢােল বহু প্রকাৰৰ দেখা যায় । যেনে — জয়ঢােল ,চেপাঢােল , বৰঢোল , ওজাৰ ঢােল ইত্যাদি । 


জয়ঢোল সাধাৰণতে ওজাপালি আৰু দেওধনি নাচৰ বাবে অতি আৱশ্যকীয় বাদ্য । জয়ঢােলক ‘ দেৱ ঢােল ’ বুলিও নামকৰণ কৰা হয় । ঢেপাঢােল আৰু বৰঢােল বজোৱা অনুষ্ঠানে দৰঙীয়া কৃষ্টিত এক বিশেষ অৰিহণা যােগাই আহিছে । এই প্রতিবিধ ঢােলৰ আকাৰ আৰু আকৃতি ভিন্ন যদিও কাঠ , ছাগলীৰ ছাল আদিৰ সহায়ত নির্মাণ প্রণালী একে । 


টোকাৰী :- টোকাৰী বাদ্যৰ শ্ৰেণীত পৰে । ই অসমৰ এবিধ প্রাচীন লােকবাদ্য । আম বা চাম কাঠৰ খােলা এটাত সাধাৰণতে গুইৰ ছালেৰে ছােৱাই তাঁৰ সংযােগ কৰি এই বাদ্য তৈয়াৰ কৰা হয় । সচৰাচৰ বৈৰাগী নাম আৰু দেহ বিচাৰৰ নাম গাওঁতে টোকাৰী বাদ্যটি সংগত কৰা হয় । 


১৪। ‘ ক ’ অংশৰ লগত ‘ খ ’ অংশ মিলােৱা –


‘ ক ’ অংশ--------------- ‘ খ ‘ অংশ

ভূতি বর্মা--------------জিকিৰ-জাৰী

দোতাৰা----------------আলি – আই-লৃগাং

গােৱালপাৰা------------- বুডু

মিচিং------------------------বৰগংগা অঞ্চল

ডিমাছা---------------------কালিয় বাদন

উত্তৰঃ 

‘ ক ’ অংশ-----------------‘ খ ‘ অংশ

ভূতি বর্মা------------------বৰ গংগা অঞ্চল

দোতাৰা-------------------জিকিৰ – জাৰী

গােৱালপাৰা-------------- কালিয় বাদন 

মিচিং------------------------আলি – আই – লৃগাং ডিমাছা

ডিমাছা -------------------বুডু


 ১৫। তলত উল্লেখ কৰা ব্যক্তিসকলে ৰচনা কৰা একোখনকৈ গ্রন্থৰ নাম লিখা । 


       বাল্মিকী , বেদব্যাস , হৰিহৰ বিপ্ৰ , শ্ৰীমন্ত শংকৰদেৱ , শ্রীমাধৱদেৱ । 


উত্তৰঃ বাল্মিকী                ―            ৰামায়ণ ।


         বেদব্যাস               ―           মহাভাৰত । 


         হৰিহৰ বিপ্ৰ           ―           বব্ৰুবাহনৰ যুদ্ধ । 


         শ্ৰীমন্ত শংকৰদেৱ     ―          গুণমালা । 


         শ্ৰীমাধৱদেৱ           ―          নামঘােষা । 


১৬। সমার্থক শব্দ লিখা –


            উন্নত , নমুনা , উদ্ভৱ , সঞ্চাৰ , বাদ্য । 


উত্তৰঃ উন্নত :- ওখ , মহৎ , ডাঙৰ , শ্রীবৃদ্ধিযুক্ত । 


         নমুনা :- আৰ্হি , চানেকি । 


         উদ্ভৱ :- উৎপত্তি , জন্ম । 


         সঞ্চাৰ :- বিস্তাৰ , গমন , চলন । 


         বাদ্য :- বাজনা । 


 ১৭। সন্ধি ভাঙা –


           সংগীত , সংস্কৃতি , যথােচিত , উদ্ধাৰ , ৰামায়ণ , জগন্নাথ 


উত্তৰঃ সংগীত :- সম্ + গীত । 

সংস্কৃতি :- সম্ + + কৃতি । 

 যথােচিত :- যথা + উচিত । 

  উদ্ধাৰ :- উৎ + হাৰ । 

 ৰামায়ণ :- ৰাম + অয়ন । 

  জগন্নাথ :- জগৎ + নাথ । 


১৮। কি প্রত্যয় যোগ হৈছে দেখুওৱা — 


          ঢুলীয়া , কালীয়া , মুখিয়াল , অসমীয়া 


উত্তৰঃ ঢুলীয়া         ―       ঢােল + ঈয়া ( পাৰ্গত অর্থত ) 


         কালীয়া       ―       কালি + ঈয়া ( পাৰ্গত অর্থত ) 


         মুখীয়াল      —       মুখ + ইয়াল ( আছে অর্থত ) 


         অসমীয়া     ―       অসম + ঈয়া ( সম্বদ্ধ অর্থত ) 


 ১৯। শব্দার্থ লিখা –


      স্বকীয় , উদ্ভৱ , শৈলী , নমুনা , সৌধ , বাণ বাটি , সমন্বয় ব্যাস । 


উত্তৰঃ স্বকীয়       ―      নিজা , আপােনাৰ । 

উদ্ভৱ        ―      উৎপত্তি , জন্ম । 

শৈলী         ―      প্রণালী । 

নমুনা        ―      চানেকি , আই । 

 সৌধ         ―      প্রাসাদ , অট্টালিকা । 

বাণবাটি     ―     এবিধ কাঁহৰ ধাতুৰে তৈয়াৰ বাটি । 

সমন্বয়       ―      মিলন , সম্বন্ধ । 

ব্যাস          ―     গােটা বস্তুৰ পথালি জোখ।


 


Check by - Mukesh Borah