অম্লশূল (ACIDITY)
অম্লশূলৰ (ACIDITY) কাৰণ কি ?
👉সময়মতে আহাৰ গ্ৰহণ নকৰিলে,তামৰ পাত্ৰত বহু সময় বস্তু ৰাখি খালে, হঠাৎ ঋতু পৰিবৰ্ত্তন হ'লে, ঠাণ্ডা লাগিলে, কোষ্ঠকাঠিন্য হ'লে, অজীর্ণ হ'লে, অম্ল বেছি হ'লে, সময়মতে আহাৰ গ্ৰহণ নকৰিলে,গুৰুপাকী উত্তেজক খাদ্য খালে, খালি পেটত চাহ বা কফি খালে, বহু সময় লঘোনে থাকিলে এই ৰোগ হয়। বৃক্কত পাথৰ হ'লেও এই ৰোগ হ'ব পাৰে।সহজলভ্য বন-দৰবৰ গুণ উদ্বেগ, উত্তেজনা, মানসিক ভাবে অধিক চিন্তাও অন্যতম কাৰণ।
অম্লশূলৰ (ACIDITY) লক্ষণ কি?
👉শৌচ কঠিন, পেটত বায়ু জমা আৰু আহাৰ খোৱাৰ এক ডেৰ ঘন্টাৰ পিচত বিষ অনুভৱ হয়।টেঙা টেঙা উগাৰ আহে। পেটত জ্বলা-পোৰা আৰু বিষ হয়। অৰুচি ভাব হয়।কলিজা পোৰে আৰু অধিক পিয়াহ লাগে। ৰক্তহীনতা আৰু শৰীৰ দুৰ্বল হয়। কেতিয়াবা বমি ভাব হয় অথবা বমি হয়। ঘনাই শৌচ কৰিব লাগে।
অম্লশূলৰ (ACIDITY) হলে কেতিয়া চিকিৎসকৰ লগত পৰামৰ্শ কৰিব লাগে ?
👉যদি লক্ষণ অধিক দিনৰ পৰা থাকে, বা তীব্ৰ আৰু অব্যাহত থাকে, তেন্তে চিকিৎসকৰ পৰামৰ্শ ল'ব।
------------------------
অম্লশূলৰ (ACIDITY)পৰা মুক্তি পাবলৈ কি কৰা উচিত?
👉 ২ চামুচ হালধিৰ ৰস সামান্য চেনিৰ লগত মিহলাই খাব লাগে।
👉 কাজিনেমুৰ ৰস গৰম পানীৰ লগত মিহলি কৰি ৰাতিপুৱা খালি পেটত খোৱাৰ উপৰিও ৰাতি আহাৰ খোৱাৰ এক ডেৰ ঘণ্টাৰ পিচত খালে এই ৰোগ নাশ হয়।
👉 আধা কাপ বিশুদ্ধ গৰুৰ গাখীৰত ৬০ গ্রাম পিঁয়াজৰ ৰস মিহলি কৰি নিতৌ তিনিবাৰকৈ একেৰাহে দহদিন খালে অম্লপিত্ত ৰোগ ভাল হয়।
👉ভীমকল পিটিকি চেনি আৰু ইলাচিৰ লগত খালে অম্লশূল ৰোগ ভাল হয়।
👉মিঠা আনাৰস আৰু আমলখিৰ ৰস এক তোলা (১২ গ্রাম) কৈ এটা পাত্ৰত লৈ তাত শক্কৰ মিহলাই কাপোৰেৰে চেকি তাত দুটা লং পিহি ৰাতিপুৱা খালি পেটত খাব লাগে।
👉 মৌৰ লগত আমলখিৰ ৰস এই ৰোগত সৰ্বশ্রেষ্ঠ প্রাকৃতিক দৰব।
👉ভীমকলৰ ডিল উপকাৰী। ইয়াত চেনি আৰু ইলাচি দি খালে ভাল ফল পোৱা যায়।
👉ডাব নাৰিকলৰ পানী খালে পেটৰ জ্বলা-পোৰা আৰু বিষ নাইকিয়া
👉 গাজৰৰ ৰস খোৱা ভাল। মূলাৰ তৰকাৰীও উপকাৰী।
👉 কাজিনেমুৰ ৰস গৰম পানীৰ লগত মিহলি কৰি ৰাতিপুৱা খালি পেটত খোৱাৰ উপৰিও ৰাতি আহাৰ খোৱাৰ এক ডেৰ ঘণ্টাৰ পিচত খালে এই ৰোগ নাশ হয়।
👉 আধা কাপ বিশুদ্ধ গৰুৰ গাখীৰত ৬০ গ্রাম পিঁয়াজৰ ৰস মিহলি কৰি নিতৌ তিনিবাৰকৈ একেৰাহে দহদিন খালে অম্লপিত্ত ৰোগ ভাল হয়।
👉ভীমকল পিটিকি চেনি আৰু ইলাচিৰ লগত খালে অম্লশূল ৰোগ ভাল হয়।
👉 ২ চামুচ হালধিৰ ৰস সামান্য চেনিৰ লগত মিহলাই খাব লাগে।
--------------------------------
অম্লশূল হলে কি খাব লাগে ?
👉পদিনা, ভেঁকুৰি, আঙুৰ, খেজুৰী আদি উপকাৰী। পিঁয়াজ, লং, কেৰেলা, কল, গাজৰ, মূলা, তুলসী, জিলমিল শাক, ছাগলীৰ গাখীৰ, মিচিৰি, মাখন আদি সুপথ্য। আমলখি, শিলিখা, জনি উপকাৰী।
অম্লশূল হলে কি খাব নালাগে ?
👉ৰ'দত অধিক সময় থকা আৰু স্ত্রী-সঙ্গম কৰা উচিত নহয়। অৰহৰ মাহ, টেঙা জাতীয় বস্তু, মাদকদ্রব্য, বিড়ি, চিগাৰেট, আদা, অধিক নিমখ আৰু তিল খোৱা বেয়া।
------------------------------
অম্লশূল অতিসাৰৰ পৰা মুক্তি পাবলৈ কেনে ধৰণৰ ব্য়ায়্য়াম কৰিব লাগে ?
অম্লশূল আৰু অতিসাৰৰ পৰা মুক্তি পাবলৈ কিছু সহজ ব্যায়াম সহায় কৰিব পাৰে। তলত কেইটামান ব্যায়ামৰ উল্লেখ কৰা হৈছে:
👉হাঁটা (Walking): দৈনিক ২০-৩০ মিনিট হাঁটিলে পাচনৰ স্বাস্থ্যে সহায় কৰে আৰু জ্বলাই কমায়।
👉পেটৰ ঘূৰণি (Abdominal Twists): মাটিত বহি পা দুটা সোজা কৰি মূৰ বাওঁ আৰু সোঁফালে ঘূৰাই। এই ব্যায়াম পেটৰ মাসলক শক্তিশালী কৰে।
👉কেট-কাউ স্ট্ৰেচ (Cat-Cow Stretch): হাত আৰু হাঁটুতে দাঁড়িয়ে, মূৰ ওপৰলৈ উঠাই আৰু তললৈ নামাই। ইয়াৰে পাচন প্ৰক্ৰিয়া উন্নত হয়।
***