অৰুচি
(ANOREXIA OR LOSS OF APPETITE)
অৰুচি (ANOREXIA ) ৰোগ কি ?
👉ভোক নালাগিলে, আহাৰৰ প্ৰতি অনিচ্ছা হ'লেই অৰুচি বোলা হয়। অৰুচি সাধাৰণতে উপসর্গহে।
অৰুচি (ANOREXIA )ৰোগৰ কাৰণ কি ?
👉কোষ্ঠকাঠিন্য, যকৃতৰ দুর্ব্বলতা, অধিক ভোজন, দূষিত পদার্থ খোৱা, অপৰিষ্কাৰ পানী খোৱাৰ কাৰণে এই ৰোগ হয়। কফি, চাহ, মাদকদ্রব্য সেবন আৰু পেটত ক্রিমি হ'লেও অৰুচি হয়।
অৰুচি (ANOREXIA )ৰোগৰ লক্ষণ কি কি ?
👉সময়ত ভোক নালাগে, পেট ওফন্দি পৰে, কোনো খাদ্যতে সোৱাদ পোৱা নাযায়। অলপতে ভাগৰ লাগে, জিভা ডাঠ অর্থাৎ মলিয়ন হয়।
------------------------------------
অৰুচি (ANOREXIA )ৰোধ কৰিবলৈ কি কৰিব পাৰি ?
👉পানীত নেমুৰ ৰস মিহলি কৰি খাব লাগে।
👉৪ চামুচ পদিনাৰ ৰস ১ চামুচ মৌৰ সৈতে মিহলাই খালে উপকাৰ হয়।
👉আমলখিৰ ৰস নিয়মীয়াকৈ খোৱা উচিত।
👉গৰম পানীৰ লগত ত্রিফলা মিহলাই কিছুদিন খালেই অৰুচি নাশ
👉পানীত নেমুৰ ৰস মিহলি কৰি খাব লাগে।
👉৪ চামুচ পদিনাৰ ৰস ১ চামুচ মৌৰ সৈতে মিহলাই খালে উপকাৰ হয়।
👉আমলখিৰ ৰস নিয়মীয়াকৈ খোৱা উচিত।
👉গৰম পানীৰ লগত ত্রিফলা মিহলাই কিছুদিন খালেই অৰুচি নাশ
👉তিনিটা জালুক পিহি তাত সামান্য খোৱা নিমখ মিহলি কৰি দিনটোত তিনিবাৰকৈ তিনিদিন খালে অৰুচি সম্পূর্ণ আৰোগ্য হয়।
👉মানকচুৰ পাতত অলপ মিঠাতেল লৈ ধান খেৰৰ জুইৰ ওপৰত তাক সেকদি সেয়া জিভাত ঘঁহিলে জিভাৰ অৰুচি গুচে।
👉আদা কাটি নিমখৰ লগত সানি পানীত গৰম কৰি তাত চেকি পানীখিনি খালে মুখৰ বা জিভাৰ অৰুচি নাইকিয়া হয় আৰু ভোক লাগে।
👉 মূলাৰ কেঁচা পাতৰ ৰস উপকাৰী। পৰিমাণ ২৫ গ্রাম।
👉 ক'লানিমখ মৌজোল আৰু ডালিম মিহলি কৰি মুখত কিছু সময় ৰাখিব লাগে।
অৰুচি (ANOREXIA ) হলে কি খাব লাগে ?
👉মহানিম, মানিমুনি, পদিনা, তুলসী, কালমেঘ, শিলিখা, নহৰু, হালধি, ঔ টেঙা, কলডিল, ভেঁকুৰি, তেঁতেলি, আঙুৰ, ঘেঁহুৰ কেঁচা পাতৰ ৰস, ধনীয়া, লং, আম, আনাৰস, তৰমুজ, পকা বেল, মিচিমি, পুৰণা চাউলৰ ভাত আৰু আদা উপকাৰী।
অৰুচি (ANOREXIA) হলে কি খাব নালাগে ?
👉টান বস্তু, শুকান বস্তু, সহজে হজম নোহোৱা বস্তু খোৱা নিষেধ। মলমূত্ৰৰ বেগ ৰোধ কৰিব নালাগে। অপৰিষ্কাৰ পানী, বাহী খাদ্য খোৱা বেয়া। জুইৰ ওচৰত আৰু ৰ'দত বেছি সময় থাকিব নালাগে।
-------------------------------
অৰুচি পৰা মুক্তি পাবলৈ কেনে ধৰণৰ ব্য়ায়্য়াম কৰিব লাগে ?
👉অজীৰ্ণৰ পৰা মুক্তি পাবলৈ কিছুমান সহজ ব্যায়াম কৰাটো উপকাৰী হ’ব পাৰে। এইবোৰ ব্যায়ামে পাচন প্ৰক্ৰিয়া উন্নত কৰিব পাৰে আৰু পেটৰ অস্বস্তি কমাব পাৰে। তলত কিছু ব্যায়ামৰ উল্লেখ কৰা হৈছে:
👉বৃদ্ধৰ চৰ্চা (Walking): দৈনিক ২০-৩০ মিনিটৰ Walking কৰিলে পাচনত সহায় কৰে আৰু পেটৰ অস্বস্তি কমায়।
👉পেটৰ চক্ৰ (Abdominal Twists): পেটৰ চক্ৰ কৰিবলৈ স্থিতিশীল অৱস্থাত বহি পেটৰ পৰা দাই আৰু সোঁফালে চক্ৰাবৰণ কৰিব।
👉কেটেলবেল বা তলাবোৰত শ্ৰোত: সোজা হৈ মাটিত শোৱাত ১-২ মিনিট সময় দিয়ক। ইয়াৰ দ্বাৰা পেটৰ মাংসপেশী শিথিল হয়।
👉নিতম্বৰ টান (Hip Stretch): পেটৰ কাৰণে নিতম্বৰ ওপৰলৈ আৰু তললৈ টান দিয়া। ইয়াৰ দ্বাৰা পাচন সঠিক হয়।
👉যোগব্যায়াম: কিছু সহজ যোগ , যেনে পৱনমুক্তাসন (Wind-Relieving Pose) আৰু শিশুৰ পোজ (Child’s Pose) বিশেষকৈ উপকাৰী।
👉শ্বাস ক্ৰিয়া: দীঘলকৈ শ্বাস লোৱাটো শিথিল কৰাৰ বাবে সহায়ক। ধীৰে ধীৰে শ্বাস লোৱাৰ সময়ত পেটৰ মাংসপেশী শিথিল কৰক।
***