জালোদৰ বা পেটৰ শোথ

 (ASCITES)


জালোদৰ বা পেটৰ শোথ (ASCITES) কাৰণ কি ?

👉পেটত অধিক পানী জমা হয় কাৰণেই এই ৰোগক জলোদৰ বোলা হয়। যকৃতৰ বিকাৰ, প্লীহা, হৃদয়, যক্ষ্মা আদি বিভিন্ন ৰোগৰ কাৰণে এই ৰোগ উৎপন্ন হয়।


জালোদৰ বা পেটৰ শোথ (ASCITES) লক্ষণ কি?

👉পেটত পানী জমা হয়, খোৱা-বোৱাত অৰুচি হয়, হাত আদি ফুলি উঠে, উশাহ লওঁতে কষ্ট হয়, পেটত বিষ হয়, প্রস্রাব কম হয় আৰু শৌচ কেতিয়াবা কঠিন হয়।


জালোদৰ বা পেটৰ শোথ (ASCITES)  পৰা মুক্তি পাবলৈ কি কৰা উচিত ?

👉 বগা পনৌনৌৱা আৰু আদা ১০ গ্রামকৈ ভালদৰে বটি লৈ পুৰণি গুৰৰ সৈতে খালে জলোদৰ ৰোগ ভাল হয়।

👉 বেলপাতৰ ৰস ২৫ গ্রামত ৮ গ্রাম জালুক আৰু ৮ গ্রাম মৌ মিহলি কৰি খালে সকলো প্ৰকাৰৰ শোথ ৰোগ নাশ হয়।

👉 মাইকী মানুহৰ প্ৰসৱৰ সময়ত জৰায়ুত পানী জমা হ'লে দিনে ৩/৪ টাকৈ নাচপতিখালে পানী ওলাই যায়।

👉 কেঁচা পিঁয়াজ দিনে দুটাকৈ খালে প্রস্রাব বৃদ্ধি আৰু পেটত জমা হোৱা পানী কম হয়।

👉 এক গিলাচ পানীত এক চামুচ নহৰুৰ বস মিহলাই কেইদিন মান একেৰাহে খালেই যথেষ্ট উপকাৰ পোৱা যায়।

👉 ২৫ গ্রাম কেৰেলাৰ বস পানীত মিহলি কৰি দিনে তিনিবাৰকৈ খালে ভাল ফল পোৱা যায়। 

👉 অপৰাজিতাৰ পাতৰ বস নাইবা ফলৰ বস খাব লাগে।

👉 বেলপাতৰ ৰস ৩/৪ চামুচ অলপ জালুকৰ গুড়া আৰু এক চামুচ মৌজোল মিহলি কৰি এনেদৰে দিনে ২ বাৰকৈ কেইদিনমান খালেই শোথ বোগী যথেষ্ট উপকৃত হয়।

👉 মহাভূঙ্গবাজৰ বস গাখীৰৰ সৈতে (২০ গ্রামকৈ) খাব লাগে।

👉 ২০০ গ্রাম পানী আৰু ২৫ গ্রাম বুত সিজাই তাৰ পৰিমাণ আধা হ'লে তাক চেকি খাব লাগে।

👉  পিপলি গুড়াৰ লগত গাখীৰ মিহলাই খাব লাগে।



জালোদৰ বা পেটৰ শোথ (ASCITES) হলে  কি খাব লাগে ?
 
👉কলীয়া তুলসীৰ পাত আৰু গুটি, দুপৰীয়া টেঙাৰ পাত, দেবোণ, পদিনা, ঢেকীয়া, মানকচু, ভেদাইলতা, হালধি, কালজিৰা, খুতুবা শাক, মৌ, চজিনা, আঠিয়া কল, ব্রাহ্মী, শতমূল, ধুন্দুলী, মহানিমৰ পাত, বেতৰ গাঁজ, শুকুতা, চিৰতা, যষ্টিমধু, শিঙি মাছ, কাছ আদি সুপথ্য। কেঁচা মূলা সিজাই খাব লাগে। পালেংশাক উপকাৰী।


 জালোদৰ বা পেটৰ শোথ (ASCITES) হলে  কি খাব নালাগে ?

👉নিমখ খোৱা বেয়া। দৈ, খিচিৰী, পিঠা, ভোল, মাহ,হজম নোহোৱা বস্তু, আচাৰ, তেঁতেলি, নতুন চাউলৰ ভাত, মছলা আদি খোৱা অত্যন্ত বেয়া। চজিনাৰ ফুল খাব নালাগে।



জালোদৰ বা পেটৰ শোথ (ASCITES)পৰা মুক্তি পাবলৈ কেনে ধৰণৰ ব্য়ায়্য়াম কৰিব লাগে ?




👉জালোদৰ (Ascites) পৰা মুক্তি পাবলৈ ব্যায়ামৰ উদ্দেশ্য হৈছে অন্ত্ৰ আৰু পাচলিৰ স্বাস্থ্য় উন্নত কৰা। যদিও চিকিৎসকক দেখা কৰাটো অতি গুৰুত্বপূর্ণ, তলত কিছু সহায়ক ব্যায়াম উল্লেখ কৰা হৈছে:

পৰিসৰ হাঁটা: ধীৰে-ধীৰে হাঁটাটো ভাল। ইয়াৰে ব্লাড চাৰ্কুলেশন উন্নত হয় আৰু শারীৰিক স্বাস্থ্য় বাঢ়ে।

পেটৰ ষ্ট্ৰেচিং: পেটৰ পেশীসমূহক ষ্ট্ৰেচ কৰি শিথিল কৰিবলৈ সহায়ক। শোথ কমাবলৈ সহায় কৰিব পাৰে।

পূৰ্ণৰূপে শুয়া: শুই থকা অৱস্থাত ভৰিৰ সোঁত চাৰা (leg raises) অথবা শিৱলিৰ (knee tucks) ব্যায়াম কৰিব পাৰে।

যোগাসন:"ভুজঙ্গাসন" (Cobra Pose) আৰু "পশ্চিমোত্তানাসন" (Seated Forward Bend) য’ত পেটৰ পেশীসমূহ শিথিল হয়।

পৰিস্কাৰ শ্বাসক্ৰিয়া: গভীৰ শ্বাস লোৱা আৰু শ্বাস ছাড়ি পৰা যোগ ব্যায়াম কৰাটো শিথিল কৰি শাৰীৰিক আৰু মানসিক চাপ কমায়।


***