অতিসাৰ বা পেটচলা (Diarrhea)
অতিসাৰ বা পেটচলা (Diarrhea) কাৰণ কি ?
👉অধিক ভোজন, অধিক বৰফ খোৱা, খাদ্যবস্তুভালকৈ চোবাই নোখোৱা, কেঁচা বস্তু অধিক খোৱা, হজম শক্তিহীন, বিৰুদ্ধ আৰু নিষিদ্ধ ভোজন কৰা, অপৰিস্কাৰ পানী বা খাদ্য খোৱা,মানসিক অশান্তি, হাইজা বা ক্রিমি আদিত, অধিক বৰফ খোৱা, মানসিক অশান্তি, অনিদ্রা আদি হ'লেও এই ৰোগ হয়।
অতিসাৰৰ (Diarrhea) লক্ষণ কি ?
👉ৰোগী লাহে লাহে দুর্ব্বল আৰু নিস্তেজ হৈ যায়। শৌচ বগা আৰু দুৰ্গন্ধযুক্ত হয়। ঘনাই ঘনাই বা এবাৰ পনীয়া শৌচ হয়। পেটৰ বিষ হয়। প্রায়ে বমি হয়। শৌচ বগা আৰু দুৰ্গন্ধযুক্ত হয়। শৰীৰ ঠাণ্ডা হয় আৰু অধিক পিয়াহ লাগে। ছালৰ স্থিতাৱস্থা নাথাকে। শিশুৰতালু বহি যায়।
অতিসাৰৰ (Diarrhea)পৰা কিমান সময়ত আৰোগ্য হ'ব পাৰে ?
👉সাধাৰণতে, এটি সৰু পেটচলা ১-২ দিনত আৰোগ্য হয়। কিন্তু কেতিয়াবা ইয়াৰ অধিক সময় লাগিব পাৰে।
অতিসাৰৰ সময়ত কেতিয়া চিকিৎসকৰ লগত পৰামৰ্শ কৰিব লাগে ?
👉যদি পেটচলা ২-৩ দিনৰ পৰা অব্যাহত থাকে, বা শুকনো মুখ, মূৰ নচিত হোৱা, বা তীব্ৰ পেটৰ বিষ থাকে, তেন্তে চিকিৎসকৰ লগত পৰামৰ্শ কৰা উচিত।
----------------------------------
অতিসাৰ(Diarrhea)ৰোধ কৰিবলৈ কি কৰিব পাৰি ?
👉 শতমূলৰ আলুৰ ৰস ২৫ মিঃলিঃ আৰু ১ চামুচ মৌ মিহলি কৰি দিনে ২ বাৰকৈ খাব লাগে।
👉 নাড়ীৰ চাৰিওফালে ৩ বা ৪ টা আমলখি খুন্দি প্রলেপ দিব লাগে।
👉 ৫/৬ টা শিলিখা আৰু সম পৰিমাণৰ পিপলি খুন্দি একেলগে খোৱা ভাল।
👉 কূটজ গছৰ ছালৰ ৰস ৫০ গ্রাম মৌৰ সৈতে মিশ্ৰণ কৰি দিনে দুবাৰকৈ ২ দিন খালে ৰোগ ভাল হয়।
👉আমলখি খুন্দি নাড়ীৰ চাৰিওফালে দি মাজত আদা এডোখৰ খুন্দি বাখিলে অতিপাত অতিসাৰ ৰোগো সহজে আৰোগ্য হয়।
👉 শিলিখা আৰু পিপলি সমপৰিমাণৰ লৈ ১০০ গ্রাম পানীত গৰম কৰি খাব লাগে।
👉কুমলীয়া কাজিনেমু ১ টা জুইত পুৰি তাত সামান্য নিমখ আৰু মিঠাতেল দি পিটিকা কৰি খুৱাব লাগে।
👉ধঁপাত তিতাৰ কোঁহ ৯ টা + ২১ টা জালুক পিহি খুৱাব লাগে।
👉 ২ চামুচ পদিনাৰ ৰসত অলপ মৌ দি খুৱাব লাগে।
👉বাতি শোৱাৰ আগতে মুখত কেঁচা ধনীয়াৰ পাত লৈ চুহি থাকিলে উপকাৰ হয়। ধনীয়া পাতৰ ৰসত ক'লা নিমখ মিহলি কৰি খালে ৰোগীয়ে যথেষ্ট আৰাম পায়।
👉আধা কাপ গৰম পানীত এচামুচ আদাৰ ৰস দি খালে উপকাৰ হয়।
👉 ৫/৬ খিলা জামুৰ পাত খুন্দি তাৰ ৰসত অলপ ছাগলীৰ গাখীৰ মিহলাই দিনে দুবাৰকৈ খুৱালে সৰু ল'ৰা-ছোৱালীৰ পেটচলা ৰোগ সহজে ভাল হয়।
👉ভীম কল আৰু দৈ পিটিকা কৰি খাব লাগে।
👉টা শুকান আমলখি পিহি গুড়া কৰি তাত ক'লা নিমখ মিহলাই ঠাণ্ডা পানীৰ সৈতে খালে অতিসাৰ ৰোগ ভাল হয়।
👉 আধা কাপ মিঠা আমৰ ৰসত ২৫ গ্রাম দৈ আৰু আদাৰ ৰস এচামুচ মিহলাই দিনে দুবাৰকৈ খালে পেটচলা ৰোগ আৰোগ্য হয়।
👉৩ টা মধুৰী-কোঁহ দিনে ২ বাৰকৈ ২ দিন খালে পেটচলা ৰোগ ভাল হয়।
👉 ৫ টা তেঁতেলীৰ গুটি পিহি গুড়া কৰি তাত চাৰি গ্রাম মাখন মিহলাই দিনে ২ বাৰকৈ কেইদিনমান ব্যবহাৰ কৰিলে অতিসাৰ ভাল হয়।
👉পিপলি গছৰ ছালৰ ১০ মিঃ লিঃ ৰসৰ লগত সম পৰিমাণৰ মিচিৰি বনদবব।
👉সহজলভ্য কা-দৰবৰ গুণ মিহলাই তাক পিহি পানীৰ লগত দিনে ২ বাৰকৈ পেটচলা ৰোগত তেজ পৰা ৰোগীয়ে খালে তেজ পৰা বন্ধ হয়।
👉বাতি শোৱাৰ আগতে মুখত কেঁচা ধনীয়াৰ পাত লৈ চুহি থাকিলে উপকাৰ হয়। ধনীয়া পাতৰ ৰসত ক'লা নিমখ মিহলি কৰি খালে ৰোগীয়ে যথেষ্ট আৰাম পায়।
👉সুমথিৰা টেঙাৰ ৰস আধা কাপৰ লগত ছাগলীৰ গাখীৰ ১০ চামুচ মিহলাই খুৱালে সৰু ল'ৰা-ছোৱালীৰ পেটচলা বোগ সহজে ভাল হয়।
👉অধিক ভোজনৰ কাৰণে পেটচলা হ'লে দুটা গোলনেমুৰ ৰসত অলপ পানী মিহলাই খাব লাগে।
👉১ টা পকা বেলৰ শাহ দৈৰ লগত মিহলাই খালে উপকাৰ পোৱা যায়।
---------------------------------
অতিসাৰ বা পেটচলা (Diarrhea)হলে কি খাব নালাগে ?
👉নাৰিকল, বগৰী, উৰহী, তিয়হ, বেঙেনা, আলু, লাউ, কোমোৰা, জ্বলা-পোৰা বস্তু খোৱা নিষেধ। অপৰিষ্কাৰ পানী খাব নালাগে। জলকীয়া, মছলা আদি সহজে হজম নোহোৱা বস্তু খোৱা বেয়া। ঘিউ বা ঘিউত ৰন্ধা খাদ্য খোৱা বেয়া। চর্বি অপথ্য।
অতিসাৰ বা পেটচলা (Diarrhea) হলে কি খাব লাগে ?
👉ভেদাই লতা, পালেং শাক, চিৰতা তিতা, মহানিমৰ পাত, টেঙেচি টেঙা, ডালিম, মানিমুনি, খেজুৰী, অমিতাৰ আঠা, মধুৰীৰ কুঁহি পাত, মাটি কান্দুৰি, টুবুকী লতাৰ শিপাৰ ৰস, সৰু মাছৰ জোল, অমৰা, আদাৰ ক্বাথ সুপথ্য। পৰিষ্কাৰ পানী বা নেমুৰ পানী যথেষ্ট পৰিমাণে খাব লাগে। ডাব নাৰিকলৰ পানী, দাইল সিজোৱা পানী সুপথ্য।
👉অতিসাৰৰ পৰা মুক্তি পাবলৈ কিছু সহজ আৰু সৰল ব্যায়াম সহায়ক হব পাৰে।
হাঁটা (Walking): দৈনিক ১৫-২০ মিনিট হাঁটিলে পাচনত সহায় হয় আৰু শৰীৰৰ দ্ৰৱ্যৰ সমতা বঢ়ায়।
কেট-কাউ স্ট্ৰেচ (Cat-Cow Stretch): হাত আৰু হাঁটুতে দাঁড়িয়ে, মূৰ ওপৰলৈ উঠাই আৰু তললৈ নামাই। ইয়াৰ ফলত পাচনৰ চক্র উন্নত হয়।
শ্বাস-প্ৰশ্বাসৰ ব্যায়াম: দীঘলকৈ শ্বাস ল'ব আৰু ধীৰে ধীৰে নিঃশ্বাস দিয়ক। মানসিক চাপ কমোৱাৰ লগতে পাচন প্ৰক্ৰিয়াকো উন্নত কৰে।
লেগ ৰেইজ (Leg Raises): মাটিত পিঠিত পৰা অৱস্থাত পা দুটা সোজা কৰি ওপৰলৈ উঠাওক। ইয়াৰে পেটৰ মাসলৰ শক্তি বঢ়ায়।
***