ফোঁহা
(ABSCEWSS)
ফোঁহা (ABSCEWSS) হোৱাৰ কাৰণ কি কি?
👉 ছাল অপৰিষ্কাৰ হ'লে আৰু তেজৰ দোষত ফোঁহা হোৱা দেখা যায়।
ফোঁহা (ABSCEWSS) হোৱাৰ লক্ষণ কি কি?
👉ই ছালৰ ৰোগ। দেহৰ ভিতৰতো হ'ব পাৰে। ছাল প্রথমে ৰঙা পৰে। উখহি ফুলি উঠে আৰু বিষ হয়। পকিলে পুঁজ বাহিৰ হয়।
ফোঁহা (ABSCEWSS) পৰা কিদৰে বাচিব পাৰি?
👉দেহৰ কোনো অঙ্গত ফোঁহা হ'লে নহৰু ২/৩ ফুটা খুন্দি কিছু সময় প্রলেপ দিলে ফোঁহা সহজে শুকায়।
👉ফোঁহা উঠি বিষ হ'লে দুপৰীয়া টেঙাৰ পাত খুন্দি প্রলেপ দিলে ফোঁহা বহি যায় আৰু বেদনা লাঘৱ হয়।
👉জেতুকা পাতৰ ৰসেৰে ফোঁহা ধুলে ফোঁহা শুকায়।
👉সৰু সোণবৰীয়ালৰ পাত ৫ টা খুন্দি ফোঁহাৰ মুখত দিলে ফোঁহা বহি যায় আৰু ফোঁহাৰ মূৰটো ভাঙি প্রলেপ দিলে ফোঁহা সহজে পকে।
👉বগা বাহকৰ ৪/৫ খন পাত খুন্দি তাত অলপ চেনি মিশ্ৰণ কৰি ফোঁহাত প্রলেপ দিলে ফোঁহা বহি যায় আৰু তেজ পুঁজ বাহিৰ হয়।
👉বিশল্যকৰণীৰ পাত খুন্দি ফোঁহাত প্ৰলেপ দিলে যিকোনো প্রকাৰ ঘা অতি সহজে শুকায়।
👉সিজুৰ কেঁচা ঠাৰি থেতেলিয়াই ফোঁহাত প্রলেপ দিলে ফোঁহা বহি বা ফাটি যায় আৰু বিষকোপ নাইকিয়া হয়।
👉 চকুত ফোঁহা উঠিলে চজিনাৰ এঠা বা গোলাপ জল দিব লাগে।
👉পচতীয়াৰ পাত ৪/৫ খিলা খুন্দি ফোঁহাত প্রলেপ দিলে ফোঁহা সহজে পকি পুঁজ আদি বাহিৰ হৈ সহজে শুকায় আৰু বিষ কমে।
👉 ২/৩ খিলা বেলৰ পাত আৰু ২ টা জালুক ভালদৰে পিহি ফোঁহাত প্রলেপ দিলে ফোঁহা বহি যায়।
👉ফোঁহা পকিলে সোনকালে শুকুৱাবলৈ হ'লে কুঁহুমীয়া পানীৰে ধুই চিৰতাৰ পাতৰ ৰস নাইবা মহানিমৰ পাতৰ ৰসেৰে ফোঁহা ধুই ইয়াৰ পাত খুন্দি প্রলেপ দিব লাগে।
ফোঁহা (ABSCEWSS) হলে কি খাব লাগে?
👉তিতা বস্তু, পূৰাকল, খুতুৰা শাক, শিলিখা, মণ্ড, বুট, তিতা ফুল, হালধিৰ ৰস উপকাৰী। তদুপৰি ৰক্ত বিকাৰত যি পথ্য দিয়া হৈছে সেই পথ্য ব্যৱহাৰ কৰিব পাৰি।
ফোঁহা (ABSCEWSS) হলে কি খাব নালাগে?
👉 টেঙা বস্তু, সহজে হজম নোহোৱা বস্তু, ধূমপান, মাদকদ্রব্য খোৱা বেয়া।
***