আমবাত বা এলার্জি

(ALARGI)



আমবাত বা এলার্জি (ALARGI) হোবাৰ কাৰণ কি ?

👉খাদ্য খোৱাৰ কাৰণে আৰু তেজৰ দোষত এই ৰোগ সাধাৰণতে হয়। বিৰুদ্ধ ভোজন কৰিলেও এই ৰোগ হ'ব পাৰে। ফুল, ফল, ধূলি-মাকতি আদিৰ যোগেদিও এলার্জী হোৱা দেখা যায়।


আমবাত বা এলার্জি(ALARGI)পৰা মুক্ত পাবলৈ কি কৰিব লাগে ?

👉এফুটা নহৰু খুন্দি তাত ভেদাইলতাৰ পাতৰ ৰস ৮ চামুচ মিহলাই খাব লাগে।

👉 পচতীয়াৰ পাত খুন্দি প্রলেপ দিব লাগে আৰু পাতৰ ৰস ২০ মিঃলিঃ খাব লাগে।

👉 ভেদাই লতাৰ ৮/১০ খিলা পাত খুন্দি সানিব লাগে।

👉গাৰ ছালৰ য'তে-ত'তে হ'ব পাৰে। ছাল প্রথমে ৰঙা পৰে, খজুৱাই আৰু চকলা চকল বান্ধে, কেতিয়াবা গাত বিজবিজোৱাৰ দৰে লাগে।

👉 আদাৰ ৰস ২০ মিঃলিঃ ২/৩ বছৰীয়া পুৰণি গুৰৰ সৈতে খাব লাগে।

👉 তুলসী পাতৰ ৰস আৰু কেঁচা হালধিৰ ৰস মিহলাই খোৱা ভাল। ২ চামুচকৈ মিশ্ৰণ কৰি খাব লাগে।

👉 পূৰৈ শাকৰ ৰস উলিয়াই আমবাত হোৱা ঠাইত সানিলে ভাল ফল পোৱা যায়।

👉 কেঁচা হালধি নিতৌ ৫০ গ্রামকৈ গুৰৰ লগত ১০/১৫ দিন খাব লাগে।

👉 ইউক্লিপটাচ পাত ৪/৫ খিলা মোহাৰি সানিলে ভাল হয়।

👉 দুবৰি বন আৰু কেঁচা হালধি খুন্দি সানিব লাগে আৰু সমপৰিমাণৰ বস (২৫ মিঃলিঃ) খালে যথেষ্ট উপকাৰ পোৱা যায়।


আমবাত বা এলার্জি (ALARGI) হলে কি খাব লাগে ?

👉লঘু আহাৰ কৰিব লাগে। ভেদাইলতা তৰকাৰী কৰি খোৱা ভাল। তিতা বস্তু খাব পাৰি। কেঁচা হালধিৰ ৰস অতি উপকাৰী।


আমবাত বা এলার্জি (ALARGI) হলে কি খাব নালাগে ?

👉বিজলুৱা বস্তু, মাটি কঠাল, কঠাল, যিকোনো বেঙেনা, মাটি মাহ, মাদকদ্রব্য, ধূমপান, উৰহী, বৰা চাউল, বিৰুদ্ধ ভোজন, তিয়হ খাব নালাগে। যিবিলাক বস্তু ব্যৱহাৰ কৰাৰ ফলত বা খোৱাৰ কাৰণে এলাৰ্জী হয় তেনে বস্তু ব্যৱহাৰ কৰিব নালাগে।


***