গাৰ ছাল সোতোৰা পৰা




গাৰ ছাল সোতোৰা পৰা ৰ কাৰণ কি কি ?

👉দেহত খাদ্যপ্ৰাণ 'গ' ৰ অভাৱ হ'লেই যিকোনো বয়সতে গাৰ ছাল সোতোৰা পৰিব পাৰে। গাৰ ছাল সাধাৰণতে বয়সস্থ লোকৰহে সোতোৰা পৰা দেখা যায়। দেহত পানীৰ পৰিমাণ কমিলেও গাৰ ছাল সোতোৰা পৰিব পাৰে।


গাৰ ছাল সোতোৰা মূল লক্ষণ কি কি?

👉গাৰ ছালৰ স্বাভাৱিক ৰং নাথাকে। ছাল সোতোৰা- সোতোৰ হৈ পৰে।


গাৰ ছাল সোতোৰা পৰা কিদৰে বাচিব পাৰি?

👉সুমথিৰা টেঙাৰ ৰস ২০ গ্রামকৈ নাইবা গোলনেমুৰ ২০ গ্ৰাম ৰস দৈনিক নিয়মীয়াকৈ কিছুদিন খাব লাগে।

👉জেতুকা পাতৰ ৰস সানিলেও উপকাৰ পোৱা যায়।

👉কেঁচা আমলখি ৮/১০ টা বটি গা, মূৰ, হাত, ভৰি আদিত ঘঁহি আমলখিৰ ৰসেৰে গা ধুলে গাৰ ছাল নিমজ হয়। এনেদৰে কিছুদিন ব্যৱহাৰ কৰিলে অকালতে চুলি পকাও কমে আৰু আয়ুস বৃদ্ধি হয়।

👉 কেঁচা হালধি খুন্দি গাত ঘঁহিলে আৰু ৰস ২০ গ্রামকৈ ৰাতিপুৱা খালে গাৰ ছাল সোতোৰা পৰা কমি ছাল নিমজ হয়।

👉পকা আমৰ ৰস গাখীৰৰ লগত খাব লাগে।


গাৰ ছাল সোতোৰা পৰা হলে  কি খাব লাগে?

👉 সুমথিৰা টেঙা, চকলা টেঙা, কাঁটাখুটুৰা, আমলখি, আপেল, ৰবাব টেঙা, নেমু, চজিনাৰ পাত, কেঁচা জলকীয়া, বন্ধাকবি, মূলা শাক, মধুৰীআম, বিলাহী, দৈ, মৌ সুপথ্য। পানী বা ফলৰ ৰস যথেষ্ট পৰিমাণে খাব লাগে।


গাৰ ছাল সোতোৰা পৰা হলে  কি খাব লাগে?

👉সহজে হজম নোহোৱা আৰু নিৰস বস্তু খাব নালাগে। গাৰ ছালত বেছিকৈ বতাহ লাগিবলৈ দিব নালাগে। ধূমপান কৰা আৰু মাদকদ্রব্য খোৱা বেয়া। গৰম পানীৰে গা ধুব নালাগে।


***