ৰক্তবিকাৰ
(BLOOD POISONING)
👉বিভিন্ন কাৰণত তেজত থকা হিমোগ্ল'বিনৰ পৰিৰ্মাণ হ্রাস হোৱাৰ কাৰণে ৰক্ত বিকাৰ হয়। শৌচ-প্ৰস্ৰাৱ জোৰেৰে বন্ধ কৰিলেও এই ৰোগ হয়। বিষাক্ত খাদ্য খোৱাৰ কাৰণেও হ'ব পাৰে।
ৰক্তবিকাৰ (BLOOD POISONING) লক্ষণ কি ?
👉ছাল নিস্তেজ হয়, শৰীৰ দুৰ্বল হয় আৰু বিভিন্ন ৰোগে দেখা দিয়ে।
ৰক্তবিকাৰ(BLOOD POISONING)পৰা কিমান সময়ত আৰোগ্য হ'ব পাৰে?
👉 কেইডোখৰমান কেঁচা হালধি পিহি (২০ গ্রাম) এবাতি পানীত এৰাতি তিয়াই ৰাখি ৰাতিপুৱা সেই পানী খালে তেজ পৰিষ্কাৰ হয়।
👉কলীয়া কচুৰ ঠাৰি পাতত দি বা সিজাই খালে তেজ পৰিষ্কাৰ হয়।
👉পানীৰ লগত বা চাহৰ লগত গুৰ মিহলি কৰি খালে তেজ বিশুদ্ধ-হয়।
👉শাঁওলতাৰ ৰস ২৪ গ্রামকৈ ৰাতিপুৱা খালে ৰক্ত বিকাৰ নাশ হয়।
👉নিয়মীয়াকৈ ১ টা সুমথিৰা টেঙাৰ ৰস খাব লাগে।
👉নেমুৰ ৰস গৰম পানীৰ লগত মিহলি কৰি ৰাতিপুৱা খালে ৰক্ত বিকাৰ দূৰ হয় অৰ্থাৎ তেজ পৰিষ্কাৰ হয়।
👉 একাপ আমৰ ৰসত (পকা আম) ২ কাপ গাখীৰ, এক চামুচ আদাৰ ৰস মিহলি কৰি তাত সামান্য চেনি দি নিতৌ এবাৰকৈ খালে তেজ পৰিষ্কাৰ হয়।
👉৬০ গ্রাম তিতা কেৰেলাৰ ৰস একাপ পানীত মিহলি কৰি কিছুদিন খালে তেজ বিশুদ্ধ হয়।
ৰক্তবিকাৰ (BLOOD POISONING) হলে কি খাব লাগে ?
👉কলীয়া কচুৰ ঠাৰি, তিতাকেৰেলা, কৰ্দ্দৈ, তুলসীৰ পাত, শেৱালি ফুল, হালধি, অর্জুন গছৰ ছালৰ ৰস উপকাৰী। চিৰতা, চেঙা মাছ, মধুৰি আম, কুচিয়া খোৱা ভাল। বগা বাহকৰ পাতৰ ৰস সুপথ্য। যথেষ্ট ঠাণ্ডা পানী খাব লাগে।
ৰক্তবিকাৰ (BLOOD POISONING) হলে কি খাব নালাগে ?
👉কফি, ভেজালম'হৰ দৈ, বিড়ি, ধপাত, মাদকদ্রব্য, খাদ্য খোৱা বেয়া।
***